অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কুমেৰু

পৃথিবীৰ দক্ষিণ ভাগে অৱস্থিত যি স্থানত পৃথিৱীৰ আহ্নিক গতিৰ অক্ষ ভূপৃষ্ঠকে ছেদ কৰে, সেই স্থান হল পৃথিৱীৰ কুমেৰু বা দক্ষিণ মেৰু বা ভৌগোলিক দক্ষিণ মেৰু। কুমেৰু এন্টাৰ্কটিকা মহাদেশত অৱস্থিত পৃথিৱীৰ দক্ষিণতম বিন্দু। এই স্থান পৃথিৱীৰ উত্তৰ প্ৰান্তত অৱস্থিত সুমেৰুৰ ঠিক বিপৰীতে অবৱস্থিত।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৪ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
NASAই প্ৰকাশ কৰা এণ্টাৰ্কটিকা আৰু কুমেৰুৰ চিত্ৰ, ২০০৫ চন
NASAই প্ৰকাশ কৰা এণ্টাৰ্কটিকা আৰু কুমেৰুৰ চিত্ৰ, ২০০৫ চনছবি: Dave Pape · Public domain

পৃথিবীৰ দক্ষিণ ভাগে অৱস্থিত যি স্থানত পৃথিৱীৰ আহ্নিক গতিৰ অক্ষ ভূপৃষ্ঠকে ছেদ কৰে, সেই স্থান হল পৃথিৱীৰ কুমেৰু বা দক্ষিণ মেৰু বা ভৌগোলিক দক্ষিণ মেৰু। কুমেৰু এণ্টাৰ্কটিকা মহাদেশত অৱস্থিত পৃথিৱীৰ দক্ষিণতম বিন্দু। এই স্থান পৃথিৱীৰ উত্তৰ প্ৰান্তত অৱস্থিত সুমেৰুৰ ঠিক বিপৰীতে অবৱস্থিত। পৃথিৱীৰ কুমেৰুত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থায়ী গৱেষণাগাৰ আমুণ্ডচেন-স্কট কুমেৰু কেন্দ্ৰ অৱস্থিত।

ভূগোল

পৃথিৱীৰ দক্ষিণ গোলাৰ্ধৰ যি স্থানত পৃথিৱীৰ আহ্নিক গতিৰ অক্ষই ভূপৃষ্ঠক ছেদ কৰে, সেই স্থানটি হ'ল পৃথিৱীৰ ভৌগোলিক দক্ষিণ মেৰু বা কুমেৰু। এই স্থানৰ ভৌগোলিক স্থানাঙ্ক ৯০° দক্ষিণ। এই স্থানৰ দ্ৰাঘিমা অসংজ্ঞাত হোৱা বাবে ০° বুলি ধৰা হয়। কুমেৰুত সমস্ত দিশ উত্তৰ দিশে নিৰ্দেশ কৰে। এই কাৰণে কুমেৰুত মূল মধ্যৰেখাৰ সাপেক্ষে দিক নিৰ্ণয় কৰা হয়। ১

পূৰ্বে কুমেৰু পৃথিবীৰ দক্ষিণ গোলাৰ্ধৰ সমুদ্ৰত অৱস্থান কৰিলেও মহাদেশীয় প্ৰৱাহৰ ফলত বৰ্তমান এণ্টাৰ্কটিকাত অৱস্থিত। এণ্টাৰ্কটিকাৰ এই স্থানটি সমুদ্ৰপৃষ্ঠৰ পৰা ২,৮৩৫ মিটাৰ বা ৯,৩০১ ফুট ওপৰত ২,৭০০ মিটাৰলৈকে বৰফে ঢকা মালভূমিত অৱস্থিত। সেয়ে এই স্থানেৰ ভূপৃষ্ঠ সমুদ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ১০০ মিটাৰৰ সমান উচ্চ। এই স্থানৰ পৰা আটাইতকৈ নিকটৱৰ্তী সমুদ্ৰ ১৩০০ কিলোমিটাৰ দূৰত তিমি উপসাগৰ। ২ মেৰুৰ বৰফ মূল মধ্যৰেখাৰ পৰা ৩৭° ৰ পৰা ৪০° লৈ,পশ্চিমৰ পৰা ৱেডেল সাগৰৰ দিশে বছৰত ১০ মিটাৰ কৈ প্ৰৱাহিত হৈছে।

সময়

যেহেতু কুমেৰুত সূৰ্যোদয় আৰু সূৰ্যাস্ত বছৰত একবাৰেই হয় তথা পৃথিবীৰ সকলো দ্ৰাঘিমা ৰেখা এই বিন্দুত আহি মিলিত হয়, সেইহেতু কুমেৰুক কোনো নিৰ্দিষ্ট সময় অঞ্চলত অন্তৰ্ভুক্ত কৰা নাযায়। কিন্তু প্ৰায়োগিক তথা প্ৰত্যাহ্যিক ব্যৱহাৰৰ বাবে আমুণ্ডচেন-স্কট কুমেৰু কেন্দ্ৰই নিউজিলেণ্ডৰ সময়ৰ সাহায্য লয়।

জলবায়ু

মাৰ্চৰ পৰা ছেপ্টেম্বৰ পৰ্যন্ত কুমেৰুত সূৰ্য দেখিবলৈ পোৱা নাযায়। মাত্ৰ মে'ৰ পৰা জুলাই মাহত সামান্য পোহৰৰ ৰেঙনি দেখিবলৈ পোৱা যায়। ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ সম্পূৰ্ণ গ্ৰীষ্মকাল সূৰ্য দিগন্তৰ ওপৰত অৱস্থান কৰে ঘড়িৰ কাঁটাৰ বিপৰীত দিশে ঘূৰে বুলি কোৱা হয়। দিগন্তৰ ওপৰত সূৰ্য থাকিলেও আকাশৰ তলৰ ফালেই দেখা যায়, ডিচেম্বৰ মাহত সৰ্ব্বোচ্চ ২৩.৫° ওপৰলৈ উঠে। অধঃপাতিত সূৰ্যালোক বৰফৰ দ্বাৰা প্ৰতিফলিত হয়। সূৰ্য্যৰ পৰা প্ৰাপ্ত উষ্ণতাৰ অভাৱ আৰু প্ৰায় ২,৮০০ মিটাৰ উচ্চতাৰ কাৰণে কুমেৰুত পৃথিৱীৰ অন্যতম শীতলতম জলবায়ু দেখা কৰা যায়।

কুমেৰুত বছৰৰ মাজত ডিচেম্বৰ আৰু জানুৱাৰী মাহত আটাইতকৈ বেচি তাপমাত্ৰা থাকে গড় -২৫.৯ ডিগ্ৰী চেলচিয়াছ। মাৰ্চৰ শেষৰ ফালে সূৰ্যাস্ত আৰু ছেপ্টেম্বৰৰ আৰম্ভণিতে সূৰ্যোদয়ৰ সময়ত তাপমাত্ৰা নামি -৪৫ ডিগ্ৰী চেলচিয়াছ হয়। শীতকালত গড় তাপমাত্ৰা -৫৮ ডিগ্ৰী চেলচিয়াছ। ২০১১ চনৰ, ২৫ ডিচেম্বৰত সৰ্বকালীন সৰ্বোচ্চ তাপমাত্ৰা আছিল -১২.৩ ডিগ্ৰী চেলচিয়াছ আৰু ১৯৮২ খ্ৰীষ্টাব্দৰ ২৩ জুনত সৰ্বকালীন সৰ্বনিম্ন -৮২.৮ ডিগ্ৰী চেলচিয়াছ।৩ বুলি জনা যায়।

কুমেৰুৰ জলবায়ু শুষ্ক। বাতাহৰ আপেক্ষিক আদ্ৰতা শূন্যৰ সমান। বৃষ্টিপাত প্ৰায় কেতিয়াও হোৱা নাই বুলিবই পাৰি। কিন্তু প্ৰচণ্ড গতিবেগত প্ৰৱাহিত বতাহত তুষাৰপাত হয় তথা প্ৰতি বছৰ ২০ চেমি হাৰত তুষাৰ জমা হয়।৪

তথ্যসূত্ৰ

  1. ↑ "Moving the South Pole", NASA Quest
  2. ↑ Amundsen-Scott South Pole Station, National Science Foundation, Office of Polar Programs
  3. ↑ Your stay at Amundsen-Scott South Pole Station, National Science Foundation Office of Polar Programs
  4. ↑ Initial environmental evaluation – development of blue-ice and compacted-snow runways, National Science Foundation Office of Polar Programs, April 9, 1993

সম্পৰ্কিত শ্ৰেণী

ভূগোল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমেৰু” প্ৰবন্ধৰ সংশোধন ৪৫৫৫০৬ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।