বোকা চাউল নামনি অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ কোমল চাউল। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে। কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ললে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। ২০১৮ চনত এই চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰে।১২
উৎপাদন
নামনি অসমৰ ঘাইকৈ নলবাৰী, বৰপেটা, গোৱালপাৰা, কামৰূপ, দৰং, ধুবুৰী, চিৰাং, বাক্সা, বঙাইগাঁও, কোকৰাঝাৰ জিলাত৩ বোকা চাউলৰ খেতি কৰা হয়। প্ৰধানকৈ শালি ধান হিচাপে বোকা চাউলৰ খেতি কৰা হয়। এই খেতি জুন মাহত আৰম্ভ হয় আৰু ডিচেম্বৰ মাহলৈ এই ধান চপোৱা হয়। ১৭ শতিকাত মোগলৰ সৈতে যুঁজ দিয়া আহোম সৈন্যৰ বাবে ই আছিল দেহৰ শক্তিদায়ী ইন্ধন।
ভৌগোলিক স্বীকৃতি
২০১৬ চনত নলবাৰীৰ লটাছ প্ৰগ্ৰেচীভ চেণ্টাৰ আৰু গুৱাহাটীৰ চেণ্টাৰ ফৰ এনভাৰমেণ্ট এডুকেচনে বোকা চাউলৰ ভৌগোলিক স্বীকৃতিৰ বাবে আবেদন কৰিছিল। ২০১৮ চনৰ আগষ্ট মাহত বোকা চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰিলে।৪
পুষ্টি আৰু ব্যৱহাৰ
কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ললে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে বোকা চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। কোমল হোৱাৰ পিছত গুৰ, দৈ, গাখীৰ, কল আদিৰ লগত ইয়াক খোৱা হয়। অসমীয়া সকলে বোকা চাউলক জলপান হিচাপে খায়। মাঘ বিহুৰ ই অন্যতম বিহুৰ খাদ্য।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱপ্ৰযুক্তিবিদ্যা বিভাগে এই চাউলৰ ওপৰত গৱেষণা কৰি ইয়াৰ পুষ্টিতত্ত্ববোৰ চিহ্নিত কৰিছে। তেওঁলোকৰ গৱেষণাৰ মতে কোমল চাউলত ১০.৭৩ শতাংশ ফাইবাৰ আৰু ৬.৪ শতাংশ প্ৰটিন থাকে আৰু এই ধানৰ প্ৰজাতিত মাত্ৰ ৪ পৰা ৫ শতাংশহে এমায়ল'জ থাকে।
তথ্যসূত্ৰ
- ↑ (2018-08-11). ‘The rice that needs no cooking’: magic rice variety from Assam gets GI tag
- ↑ ভৌগোলিক চিহ্ন প্ৰাপ্ত অসমৰ যাদুকৰী চাউল–কোমল চাউল বা বোকা চাউল: — বিকাশপেডিয়া
- ↑ (2018-08-10). Boka Saul of Assam "That Needs No Cooking" Gets GI Tag » Northeast Today
- ↑ Soft rice grown in Assam in line for GI tag
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোকা চাউল” প্ৰবন্ধৰ সংশোধন ৩০৩৫৯০ (১০ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।