ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ (Bhimbetka rock shelters) ভাৰতৰ মধ্য প্ৰদেশৰ ৰাইছেন জিলাত অৱস্থিত। মধ্য প্ৰদেশৰ ভীমবেটকাত (ভীমবৈঠক) প্ৰস্তৰ যুগৰ গুহাচিত্ৰ আৱিষ্কাৰ হৈছে। এই ভাৰতৰ সবাতোকৈ পুৰণা সভ্যতাৰ নিদৰ্শন। ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ সম্পৰ্কে ইউনেস্কো অভিলেখনত কোৱা হৈছে যে "এই স্থানটি প্ৰাকৃতিক শিলাসমূহৰ মাজত প্ৰস্তৰ চিত্ৰকলাৰ এক অসাধাৰণ ভাণ্ডাৰ।" মধ্যভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ বিন্ধ্য পৰ্বতমালাৰ পাদদেশত এই প্ৰস্তৰক্ষেত্ৰ অৱস্থিত। ১৮৯৩ হেক্টৰ এলাকাত পাথৰৰ আধাৰৰ উপৰত এই প্ৰস্তৰক্ষেত্ৰ প্ৰসাৰিত। মূল অঞ্চলটোৰ মাটিকালি ১০,২৮০ হেক্টৰ। ১৯৫৭ চনত এই প্ৰস্তৰক্ষেত্ৰ আৱিষ্কৃত হয়। ইয়াত পাঁচটা প্ৰস্তৰক্ষেত্ৰৰ অংশত মেচ'লিথিক যুগৰপৰা ঐতিহাসিক যুগ পৰ্যন্ত চিত্ৰকলা ৰক্ষিত আছে। পাৰ্শ্বৱৰ্তী ২১টা অঞ্চলৰ লোক ঐতিহ্যত এই চিত্ৰকলাৰ প্ৰভাৱ সুস্পষ্ট। এই ক্ষেত্ৰসমূহ ১০০,০০০ খ্ৰী:পূ: ৰপৰা ১০০০ খ্ৰীষ্টাব্দৰ মধ্যৰৰ্তী বিভিন্ন সময়ত নিৰ্মিত হয়। প্ৰাচীনকালৰ চিকাৰী লোকসকলৰ অৰ্থনীতিৰ লগত সম্পৰ্কযুক্ত এই চিত্ৰকলাত মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক প্ৰদৰ্শিত হৈছে। ২০০৩ চনত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে ইয়াক এক অনন্য সাংস্কৃতিক সম্পত্তিৰূপে বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰে।১২
বাহ্যিক সংযোগ
- UNESCO World Heritage: Rock Shelters of Bhimbetka
- 360° external view
- Prehistoric Art of Bhimbetka
- Bhimbetka Gallery by A. N. Maheshwari
- Bhimbetka article by Upinder Singh
- MP Tourism Destination Bhimbetka
- Pre-historic Paintings of Bhimbetka by L. L. Kamat
- Interactive Panaromic Images of Bhimbetka
- The Rock Art of Central India
তথ্যসূত্ৰ
- ↑ Buddhist Monuments at Sanchi. UNESCO
- ↑ Bhimbetka (India). Unesco
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ” প্ৰবন্ধৰ সংশোধন ৪২৬৮৫২ (২৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।