অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চান্দেল জিলা

চান্দেল জিলা (Pron:/ˌtʃænˈdɛl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ নচৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ পিছতেই চান্দেল মণিপুৰৰ আটাইতকৈ জনবসতিপূৰ্ণ জিলা৷

হালনাগাদ: ৭ মাৰ্চ ২০২১ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

চান্দেল জিলা (Pron:/ˌtʃænˈdɛl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ নচৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ পিছতেই চান্দেল মণিপুৰৰ আটাইতকৈ জনবসতিপূৰ্ণ জিলা৷১

ইতিহাস

১৯৭৪ চনৰ ১৩ মে’ তাৰিখে তেংন’পল (Tengnoupal) নামেৰে এই জিলাৰ স্ৰৃষ্টি কৰা হয়৷ ১৯৮৩ চনত জিলাখনৰ সদৰ ঠাই চান্দেললৈ অনা হয় আৰু পৰৱৰ্ত্তী কালত জিলাখনক চান্দেল নামেৰেই অভিহিত কৰা হয়৷ চান্দেল নামটো প্ৰকৃততে Chamdil শব্দৰ পৰা অহা৷ আনাল ভাষা (Anāl (Pakan) language) ত এই নামৰ অৰ্থ: cham = 'simple', আৰু dil = 'trousers'৷

ভৌগোলিক অৱস্থান

এই জিলাৰ প্ৰশাসনৰ মূল কেন্দ্ৰ চান্দেল নগৰ৷ মণিপুৰ আৰু ম্যানমাৰৰ মাজৰ বেহা-বেপাৰৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ ম’ৰে নগৰ (Moreh town) জিলাখনৰ দক্ষিণ দিশত অৱস্থিত৷ জিলাখনৰ বাণিজ্যৰ অন্য এক উল্লেখযোগ্য কেন্দ্ৰস্থলী হৈছে চ’কপিকাৰং নগৰ (Chakpikarong town)৷ এই নগৰৰ মাজেদি চ’কপি নদী (Chakpi) বৈ গৈছে৷

অৰ্থনীতি

২০০৬ চনত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ ২৫০ খন জিলাৰ ভিতৰত চান্দেল জিলাকো অন্তৰ্ভুক্ত কৰে৷২ ভাৰতৰ Backward Regions Grant Fund Programme (BRGF) ৰ পৰা পুঁজি লাভ কৰা মণিপুৰৰ তিনিখন জিলাৰ ভিতৰত চান্দেল জিলা অন্যতম৷২

মহকুমা

চান্দেল জিলাখনক তিনিটা মহকুমাত বিভক্ত কৰা হৈছে:

  • চান্দেল (Chandel)
  • চ’কপিকাৰং (Chakpikarong)
  • খেঞ্জয় (Khengjoy)

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি চান্দেল জিলাৰ জনসংখ্যা ১৪৪,০২৮ জন৷১ ভাৰতৰত মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ দিশৰ পৰা এই জিলাৰ স্থান ৬০২৷১ এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৪৩ জন৷১ ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল ২১.৭২%৷ ১ চান্দেলৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩২ গৰাকী৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৭০.৮৫%।১

ভাষাসমূহ

চান্দেল জিলাৰ সদৰ ঠাই চান্দেলৰ মূল ব্যৱহৃত ভাষা Anāl (Pakan), Lamkang আৰু মেইতেই ভাষা৷ এই নগৰৰ সংখ্যাগৰিষ্ঠ লোক Anāl, Lamkang, Moyon আৰু Monsang জনজাতিৰ৷৩ ৪

জিলাখনত ব্যৱহৃত অন্যান্য ভাষাসমূহ হ’ল:

  • উত্তৰ-পশ্চিম কুকী-চীন (Kuki-Chin) ভাষাসমূহ
    • Aimol ভাষা
    • Anal ভাষা
    • Zou ভাষা
    • Thadou ভাষা
    • Lamkang ভাষা
    • Chothe ভাষা
    • Purum ভাষা
    • Moyon ভাষা
    • Namfau ভাষা
    • Monsang ভাষা
    • Tarao ভাষা
  • Zeme ভাষা
  • Maring ভাষা
  • বড়ো ভাষা

জৈৱবৈচিত্ৰ্য

১৯৮৯ চনত এই জিলাৰ ১৮৫ বৰ্গ কিলোমিটাৰ জুৰা এটা অঞ্চল Yangoupokpi-Lokchao বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্ভুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হয়৷৫

তথ্যসূত্ৰ

  1. ↑ (2011). District Census 2011. Census2011.co.in
  2. ↑ Ministry of Panchayati Raj. (September 8, 2009). A Note on the Backward Regions Grant Fund Programme. National Institute of Rural Development
  3. ↑ M. Paul Lewis. (2009). Aimol: A language of India. Ethnologue: Languages of the World. SIL International
  4. ↑ M. Paul Lewis. (2009). Anal: A language of India. Ethnologue: Languages of the World. SIL International
  5. ↑ Indian Ministry of Forests and Environment. Protected areas: Manipur

সম্পৰ্কিত শ্ৰেণী

মণিপুৰৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চান্দেল জিলা” প্ৰবন্ধৰ সংশোধন ২৬৬৬৭৭ (৭ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।