বোম্বে প্ৰেচিডেঞ্চি বা বোম্বে প্ৰদেশ ( Bombay Presidency বা Bombay Province; ১৮৪৩–১৯৩৬) ভাৰতৰ এটা প্ৰশাসনিক উপখণ্ড (প্ৰদেশ) আছিল, যাক বোম্বে এণ্ড সিন্ধ বুলিও কোৱা হয়। ইয়াৰ ৰাজধানী আছিল সাতটা দ্বীপৰে নিৰ্মিত বোম্বে চহৰ। বেছিন সন্ধিৰ জৰিয়তে কোংকন অঞ্চলত মূল ভূ-খণ্ড অধিগ্ৰহণ কৰা হৈছিল। পুনা প্ৰেচিডেঞ্চিখনৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল।১
বোম্বে প্ৰদেশৰ সূত্ৰপাত হৈছিল মুম্বাই চহৰখনৰ পৰা, যিখন ২৭ মাৰ্চ ১৬৬৮-ত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে ৰাজকীয় চনদ যোগে ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিল। বোম্বে ১৬৬১ চনৰ ১১ মে'ত দ্বিতীয় চাৰ্লছে পৰ্তুগালৰ চতুৰ্থজনৰ কন্যা ৰাজকুমাৰী কেথেৰিন ডি ব্ৰাগাঞ্জাৰ সৈতে তেওঁৰ বিবাহ চুক্তিৰ জৰিয়তে যৌতুক হিচাপে লাভ কৰিছিল। ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কেম্বে উপসাগৰৰ চুৰাটৰপৰা পশ্চিম ভাৰতৰ মুখ্য কাৰ্যালয় ১৬৮৭ চনত তুলনামূলকভাৱে সুৰক্ষিত বম্বে বন্দৰলৈ স্থানান্তৰিত কৰে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাষ্ট্ৰীয়কৰণ কৰাৰ পাছত, প্ৰদেশখন পিটছ ইণ্ডিয়া আইনৰ মাধ্যমেৰে ব্ৰিটিছ ভাৰতৰ অন্যান্য অংশৰ সৈতে প্ৰত্যক্ষ শাসনৰ অধীনলৈ অনা হ’ল। এংলো-মাৰাথা যুদ্ধৰ পিছত পেছোৱাৰ সম্পূৰ্ণ প্ৰভুত্ব আৰু গাইকোৱাড়ৰ প্ৰভাৱৰ অধিকাংশ ভূমি ১৮১৮ চনলৈ বোম্বে প্ৰদেশত সংযুক্ত কৰাৰ জৰিয়তে কোম্পানীটোৱে বৃহৎ ভূ-খণ্ড অধিগ্ৰহণ কৰি লৈছিল। ১৮৪৩ চনত হায়দৰাবাদৰ যুদ্ধত তালপুৰ বংশক পৰাস্ত কৰি কোম্পানীয়ে সিন্ধক নিজৰ অধীনলৈ আনে।
বম্বে প্ৰদেশে বৰ্তমানৰ গুজৰাট ৰাজ্য, মহাৰাষ্ট্ৰ ৰাজ্যৰ পশ্চিমৰ দুই তৃতীয়াংশ অঞ্চল, কোংকন, দেশ আৰু কাণ্ডেশ বিভাগকে ধৰি আৰু উত্তৰ-পশ্চিম কৰ্ণাটককো সামৰি লৈছিল; ইয়াৰ উপৰি পাকিস্তানৰ সিন্ধ প্ৰদেশ (১৮৪৭–১৯৩৫) আৰু এডেন অৰ্থাৎ বৰ্তমানৰ য়েমেনো (১৮৩৯–১৯৩২) অন্তৰ্ভুক্ত হৈ আছিল।২ প্ৰেচিডেঞ্চিৰ জিলা আৰু প্ৰদেশসমূহ পোনপটীয়াকৈ ব্ৰিটিছ শাসনৰ অধীনত আছিল। আনহাতে দেশীয় ৰাজ্যৰ অভ্যন্তৰীণ প্ৰশাসন স্থানীয় শাসকৰ হাতত আছিল। প্ৰেচিডেঞ্চিয়ে অৱশ্যে পলিটিকেল এজেণ্টৰ জৰিয়তে দেশীয় ৰাজ্যৰ প্ৰতিৰক্ষা আৰু তেওঁলোকৰ সৈতে ব্ৰিটিছ সম্পৰ্ক প্ৰবন্ধন কৰিছিল। বেংগল প্ৰেচিডেঞ্চি আৰু মাদ্ৰাচ প্ৰেচিডেঞ্চিৰ লগতে বম্বে প্ৰেচিডেঞ্চি দক্ষিণ এছিয়াত ব্ৰিটিছ ক্ষমতাৰ তিনিটা প্ৰধান কেন্দ্ৰ আছিল।৩
টোকা
1. A regiment made up of European soldiers.
প্ৰসংগ
Attribution
গ্ৰন্থপঞ্জী
- (1881). Handbook of the Bombay Presidency: With an account of Bombay city. John Murray, London
- (1880). The Bombay University Calendar for the Year 1880-81. Thacker & Co., Bombay
- James Douglas. (1900). Glimpses of old Bombay and western India, with other papers. Sampson Low, Marston & Co., London
বাহ্যিক সংযোগ
- View historical, early 20th century, photographs of Bombay at the University of Houston Digital Library
- Coins of the Bombay Presidency
তথ্যসূত্ৰ
- ↑ Pinney, Christopher. (22 November 2004). 'Photos of the Gods': The Printed Image and Political Struggle in India. Reaktion Books. ISBN 9781861891846
- ↑ Jerry DuPont. (2001). The Common Law Abroad: Constitutional and Legal Legacy of the British Empire. Wm. S. Hein Publishing. পৃ. 563. ISBN 978-0-8377-3125-4
- ↑ Bulliet, Richard W.; Bulliet, Richard; Crossley, Pamela Kyle. (1 January 2010). The Earth and Its Peoples: A Global History. Cengage Learning. পৃ. 694. ISBN 978-1-4390-8475-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোম্বে প্ৰেচিডেঞ্চি” প্ৰবন্ধৰ সংশোধন ৫৩০৫০৯ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।