অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, Jorhat) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বনপালন বিদ্যাৰ গৱেষণা কেন্দ্ৰ। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ যোৰহাট জিলাত অৱস্থিত।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৯৭ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, Jorhat) হৈছে উত্তৰ-পূব ভাৰতৰ বনপালন বিদ্যাৰ গৱেষণা কেন্দ্ৰ। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ যোৰহাট জিলাত অৱস্থিত। পূৰ্বতে ইয়াৰ নাম ইনষ্টিটিউট অফ ৰেইন এণ্ড মইষ্ট ডেচিডিউয়াচ ফৰেষ্ট ৰিচাৰ্চ (Institute of Rain and Moist Deciduous Forest Research, IRMDER) আছিল। উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ১৯৮৮ চনত ইয়াক স্থাপন কৰা হৈছিল১। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মণিপুৰ, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বনাঞ্চলসমূহ ইয়াৰ অন্তৰ্গত। বৰ্তমান ছিক্কিমৰ বনাঞ্চলো ইয়াৰ অন্তৰ্গত। ২০০৪ চনত বাঁহ গছৰ গৱেষণাৰ বাবে ইয়াৰ আন এটা শাখা মিজোৰামৰ আইজলত স্থাপন কৰা হৈছে১।

ইতিহাস

ভাৰতৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে দেৰাডুনত ১৯৭৬ চনত ৰিজনেল চেণ্টাৰ অফ ফ’ৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউট, ডেৰাডুন (Regional Centre of Forest Research Institute, Dehra Dun) নামৰ প্ৰতিষ্ঠানটো গঢ় লৈ উঠিছিল। ইয়াৰ সহায়ক হিচাবে উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ১৯৮৮ চনত যোৰহাটত বৰ্ষা বন অনুসন্ধান সংস্থান, যোৰহাট স্থাপন কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাৰ বনাঞ্চলসমূহ ইয়াৰ অন্তৰ্গত। ২০০৪ চনত বাঁহ গছৰ গৱেষণাৰ বাবে ইয়াৰ আন এটা শাখা মিজোৰামৰ আইজলত স্থাপন কৰা হৈছে।

জনাদেশ (Mandates)

  1. Conservation of forest ecosystem with emphasis on natural regeneration
  2. Management of shifting cultivation areas
  3. Management of community forests
  4. Planting practices for eco-restoration
  5. Conservation and sustainable management of Bamboos and Rattans১

বৈশিষ্ট্যসমূহ

বাঁহ মিশ্ৰিত কেন্দ্ৰ (Bamboo Composite Centre)

Indian Plywood Industries Research and Training Institute (IPIRTI), Bangalore ৰ পৰা পোৱা প্ৰযুক্তিবিদ্যাৰ সহায়ত এই প্ৰতিষ্ঠানটোত এটা বাঁহ মিশ্ৰিত কেন্দ্ৰ স্থাপন কৰা হৈছে২। উৎকৃষ্ট মানদণ্ডৰ বাঁহৰ উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে ইয়াত কেইবাটাও যন্ত্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰৰ মূল উদ্দেশ্য হৈছে যে বাঁহৰ উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত স্থানীয় নিবনুৱা যুৱকক প্ৰশিক্ষণ দিয়া। ইয়াৰ উপৰিও এই বিভাগটোৱে বাঁহৰ সদ্ব্যৱহাৰ আৰু সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। ইয়াত স্থাপিত হোৱা কেইটামান যন্ত্ৰৰ নাম হৈছে:

  • Cross Cutting Machine
  • Splitting Machine
  • Sliver Making Machine
  • Squire Stick Making Machine
  • Round Stick Making Machine
  • Polishing Machine
  • Bamboo Tray and Mat Broad Making Hot Press
  • Resin Kettle
  • Industrial Oven

RFRI BAMBUSETUM

২০০২ চনত এই বিভাগটো প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ অধীনত ১ হেক্টৰ মাটিত ৩৯ বিধ প্ৰজাতিৰ বাঁহ গছৰ খেতি আৰম্ভ কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰত-উপমহাদেশৰ বিভিন্ন বিলুপ্তিপ্ৰায়, দুৰ্লভ প্ৰজাতিৰ বাঁহ গছ ও আছে৩। বাঁহ গছৰ প্ৰজাতিবোৰ হৈছে:

  • Bambusa affinis
  • B. assamica
  • B. balcooa
  • B. bambos
  • B. glauscens
  • B. khasina
  • B. multiplex
  • B. nutans
  • B. pallida
  • B. polymorpha
  • B. pseudopallida.
  • B. tulda.
  • B. tulda (var.nal)
  • B. vulgaris
  • B. wamin
  • Dendrocalamus asper
  • D. giganteous
  • D. hamiltonii
  • D. longispathus
  • D. sp (var .mota kako)
  • D. sikkmensis
  • D. strictus
  • Gigantochloa macrostachya
  • Guadua angustifolia
  • Melocanna baccifera
  • Ochlandra travoncorica
  • Oxytenanthera albociliata
  • Phyllostachys mannii
  • P. pubescens
  • Pseodosasa japonica
  • Schizostachyum fuchsianum ( poisonous)
  • S. polymorphum
  • S. pergracile
  • Sessa fortunii
  • Teinostachyum dullooa
  • Thyrostachys oliveri
  • T. regia

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ About Rain Forest Research Institute, Jorhat. Government of India
  2. ↑ বাঁহ মিশ্ৰিত কেন্দ্ৰ. Government of India
  3. ↑ RFRI BAMBUSETUM. Government of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ গৱেষণা প্ৰতিষ্ঠানসমূহযোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট” প্ৰবন্ধৰ সংশোধন ৩৮৫৫৫৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।