অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভাৰতৰ পাৰ্বত্য ৰেলপথ

দাৰ্জিলিং হিমালয়ান ৰেল, নীলগিৰি পাৰ্বত্য ৰেল আৰু কালকা-ছিমলা ৰেল একত্ৰিতভাৱে ভাৰতৰ পাৰ্বত্য ৰেলপথ (Mountain Railways of India ) নামেৰে ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান তালিকাত অন্তৰ্ভুক্ত। ঊনবিংশ শতাব্দী আৰু বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত ব্ৰিটিছ শাসনকালত ভাৰতত পাঁচটি পাৰ্বত্য ৰেলপথ আৰম্ভ হৈছিল।

হালনাগাদ: ২৬ জুলাই ২০২৪ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দাৰ্জিলিং হিমালয়ান ৰেল, নীলগিৰি পাৰ্বত্য ৰেল আৰু কালকা-ছিমলা ৰেল একত্ৰিতভাৱে ভাৰতৰ পাৰ্বত্য ৰেলপথ (Mountain Railways of India ) নামেৰে ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান তালিকাত অন্তৰ্ভুক্ত১। ঊনবিংশ শতাব্দী আৰু বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত ব্ৰিটিছ শাসনকালত ভাৰতত পাঁচটি পাৰ্বত্য ৰেলপথ আৰম্ভ হৈছিল। এইসমূহ বৰ্তমান ভাৰতীয় ৰেলৰ দ্বাৰা পৰিচালিত। এই পাঁচটাৰ মাজত তিনিটা উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলত অৱস্থিত। এইসমূহ হ’ল দাৰ্জিলিং হিমালয়ান ৰেল (১৮৮১), কালকা-ছিমলা ৰেল (১৮৯৮) আৰু কাংড়া উপত্যকা ৰেল (১৯২৪)। অৱশিষ্ট দুটাৰ মাজত এটা হ’ল দক্ষিণ ভাৰতৰ পশ্চিমঘাটৰ নীলগিৰি পাৰ্বত্য ৰেল আৰু আনটো মহাৰাষ্ট্ৰৰ মাথেৰন পাহাৰী ৰেল। এই পাঁচটা ৰেলপথৰ মাজৰ তিনিটাক "দুৰ্গম পাৰ্বত্য অঞ্চলত বাধাবিপত্তি সত্ত্বেও সাহসী আৰু অনবদ্য ইঞ্জিনিয়াৰিং দক্ষতাত কাৰ্যকৰী ৰেলপথ স্থাপনৰ নিদৰ্শন" হিচাপে ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়। ১৯৯৯ চনত দাৰ্জিলিং হিমালয়ান ৰেলে স্বীকৃতি পায়, ইয়াৰ পাছত ২০০৫ চনত নীলগিৰি পাৰ্বত্য ৰেল আৰু ২০০৮ চনত কালকা-ছিমলা ৰেল সম্প্ৰসাৰিত তালিকাত অন্তৰ্ভুক্ত হয়। এইসমূহক "ভাৰতৰ পাৰ্বত্য ৰেলপথ" নামেৰে (ii) আৰু (iv) শ্ৰেণীত এছিয়া -পেছিফিক অঞ্চলৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয়। চতুৰ্থ পাৰ্বত্য ৰেলপথ মাথেৰন ৰেলৰ দাবীটো বৰ্তমান আন্তৰ্জাতিক সংস্থাৰ ওচৰত অনুমোদনৰ অপেক্ষাত আছে২।

তথ্যসূত্ৰ

  1. ↑ Mountain Railways of India. World Heritage: Unesco.org
  2. ↑ Mountain Railways of India. Unesco

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰভাৰতৰ পৰ্যটনস্থলীভাৰতৰ ৰেল পৰিবহণভাৰতৰ পাৰ্বত্য ৰেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ পাৰ্বত্য ৰেলপথ” প্ৰবন্ধৰ সংশোধন ৪২৬৮৩৫ (২৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।