অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মেহাৰী ইউনিয়ন

মেহাৰী বাংলাদেশৰ ব্ৰাহ্মণবাৰিয়া জিলাৰ অন্তৰ্গত কছবা উপজিলাৰ এখন ইউনিয়ন। ২০১৭ চনত বাংলাদেশ চৰকাৰে মেহাৰী ইউনিয়নক ভিক্ষাৰী-মুক্ত ঘোষণা কৰিছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মেহাৰী বাংলাদেশৰ ব্ৰাহ্মণবাৰিয়া জিলাৰ অন্তৰ্গত কছবা উপজিলাৰ এখন ইউনিয়ন। ২০১৭ চনত বাংলাদেশ চৰকাৰে মেহাৰী ইউনিয়নক ভিক্ষাৰী-মুক্ত ঘোষণা কৰিছিল।১

আয়তন

মেহাৰী ইউনিয়নৰ আয়তন হৈছে ৫,৪৫০ একৰ২ (২২.০৬ বৰ্গ কিমি)।৩

ৰাজহুৱা তথ্য

২০১১ চনৰ লোকপিয়ল অনুসৰি, মেহৰী ইউনিয়নৰ মুঠ জনসংখ্যা হৈছে ২৬,৩৩৫জন; ইয়াৰ ভিতৰত, ১২,১৭৯ গৰাকী পুৰুষ আৰু ১৪,১৫৬ গৰাকী মহিলা। মুঠ পৰিয়ালৰ সংখ্যা হৈছে ৫,০১৮।৩ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ১,১৯৪জন।৪ এই ইউনিয়নৰ গাওঁ-আধাৰিত জনসংখ্যা উল্লেখ কৰা হৈছে:

ৱাৰ্ড নংগাঁৱৰ নামজনসংখ্যা (২০১১)৫
১নং ৱাৰ্ডঈশান নগৰ১,২৫০ জন
যমুনা১,৮৮৭ জন
২নং ৱাৰ্ডমেহাৰী৩,৭১৮ জন
৩নং ৱাৰ্ডবল্লভপুৰ১,৩৯০ জন
৪নং ৱাৰ্ডশিমৰাইল সাতপাৰা৩,২৯৬ জন
৫নং ৱাৰ্ডশিমৰাইল মধ্যপাৰা৩,৯৪৪ জন
৬নং ৱাৰ্ডশিমৰাইল উত্তৰপাৰা২,৯২৬ জন
৭নং ৱাৰ্ডখেওড়া২,০০০ জন
বামুটিয়া৬৪৩ জন
৮নং ৱাৰ্ডপুৰকুইল৬৫০ জন
বাহাৰআটা১,০১২ জন
খেওড়া পশ্চিমপাৰা১,৬৯৭ জন
৯নং ৱাৰ্ডচৌবেপুৰ২,৫৬৫ জন

ইতিহাস

বিশ্বাস কৰা হয় যে বঙ্গৰ সেন ৰাজবংশৰ সময়ত মিহিৰ চন্দ্ৰ নামৰ এজন ব্যৱসায়ী এই অঞ্চলত বাস কৰিছিল। গতিকে গাওঁখনৰ মানুহে তেওঁৰ ঘৰটোক "মিহিৰ বাড়ী" বুলি মাতিছিল। পিছত, "মিহিৰ বাড়ী" নামটো (মিহিৰ বাড়ী>মেহাৰ বাড়ী>মেহৰী) মেহৰীলৈ সলনি হয়।

আন কথা অনুসৰি, এটা সময়ত, মেহৰী, বৰ্ণী আৰু কালচাৰ নামৰ তিনিখন গাঁৱৰ লোক একেটা পৰিয়ালৰ আছিল। মেহেৰ খাঁ, বৰুণ খাঁ আৰু কালন খাঁ নামৰ এই পৰিয়ালটোৰ তিনিজন লোকৰ নামে ক্ৰমে মেহৰী, বৰ্ণী আৰু কালচাৰ, এই তিনিখন গাঁৱৰ নাম দিয়া হৈছে।

মেহাৰী গাঁৱত অৱস্থিত এটা পৰম্পৰাগত কালী মন্দিৰৰ নামেৰে তদানীণ ইউনিয়ন পৰিষদৰ অধ্যক্ষ লালু গোচাই এই ইউনিয়নটোৰ নাম দিছিল।

অৱস্থান আৰু সীমা

কছবা উপজিলাৰ উত্তৰ-পশ্চিমত মেহাৰী ইউনিয়ন অৱস্থিত। এই ইউনিয়নৰ:—

  • পূবত: কছবা পশ্চিম ইউনিয়ন আৰু খাড়েৰা ইউনিয়ন।
  • পশ্চিমত: নবীনগৰ উপজিলাৰ লাউৰ ফতেপুৰ ইউনিয়ন আৰু কুমিল্লা জিলাৰ মুৰাদনগৰ উপজিলাৰ আন্দিকোট ইউনিয়ন।
  • উত্তৰত: মুলগ্ৰাম ইউনিয়ন আৰু নবীনগৰ উপজিলাৰ কাইতলা দক্ষিণ ইউনিয়ন।
    • উত্তৰ-পূবত: বাদৈৰ ইউনিয়ন।
  • দক্ষিণত: কুটি ইউনিয়ন।

প্ৰশাসনিক গাঁথনি

মেহাৰী ইউনিয়ন হৈছে কছবা উপজিলাৰ অধীনত ২নং ইউনিয়ন পৰিষদ। এই ইউনিয়নৰ প্ৰশাসনিক কাৰ্যসমূহ কছবা থানাৰ অধীনত আছে। ই বাংলাদেশৰ নেচনেল এচেম্বলীৰ ২৪৬তম আসনৰ (ব্ৰাহ্মণবাড়িয়া-৪) অংশ।

এই ইউনিয়নৰ গাওঁবোৰ হৈছে:

  • পুৰকুইল
  • মেহাৰী
  • খেওড়া
  • যমুনা
  • বাহাৰ আটা
  • ঈশান নগৰ
  • চৌবেপুৰ
  • বামুটিয়া
  • শিমৰাইল
  • বল্লভপুৰ

কাৰ্যালয়

সংঘৰ কাৰ্যালয়টো ১ নং ৱাৰ্ডৰ 'ঈশান নগৰ' গাঁৱত অৱস্থিত।৬ ইউনিয়ন পৰিষদৰ কাৰ্যালয়টো L-ৰ আকৃতিৰ এটা দুমহলীয়া অট্টালিকা।

শিক্ষা ব্যৱস্থা

২০১১ চনৰ লোকপিয়ল অনুসৰি, মেহৰী ইউনিয়নৰ সাক্ষৰতাৰ হাৰ হৈছে ৪৭.৪%।৩

শিক্ষানুষ্ঠানসমূহ

মাদ্ৰাছা

  • পুৰকুইল গাউছিয়া হাবিবিয়া ফাযিল মাদ্ৰাছা
  • মেহাৰী ওবাদিয়া ফাযিল মাদ্ৰাছা
  • চৌবেপুৰ আলহাজ্ব শাহ আলম দাখিল মাদ্ৰাছা
  • শিমৰাইল সাতপাৰা দাখিল মাদ্ৰাছা

হাই স্কুল

  • খেওৰা মা আনন্দময়ী উচ্চ বিদ্যালয়
  • শিমৰাইল উচ্চ বিদ্যালয়

চৰকাৰী প্ৰাথমিক বিদ্যালয়

  • মেহাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • খেওৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • খেওৰা পূৰ্ব চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • যমুনা চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • ঈশান নগৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • চৌবেপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শিমৰাইল সাতপাৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শিমৰাইল চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শিমৰাইল আলী আফছাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শিমৰাইল আলী আফসাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শান্তি নগৰ উত্তৰ শিমৰাইল চৰকাৰী প্ৰাথমিক
  • বল্লভপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • বি.এম.ডাঃ এলাহি বক্স চৰকাৰী প্ৰাথমিক বিদ্যালয়

খাল আৰু নদী

  • ৰাজাৰ খাল৭
  • অদেৰ খাল৭
  • বড় খাল৭

বজাৰ

  • খেওড়া বজাৰ
  • যমুনা বজাৰ
  • পুৰকুইল মোড়
  • মেহাৰী বজাৰ
  • শিমৰাইল বজাৰ

উল্লেখযোগ্য ব্যক্তিত্ব

  • মা আনন্দময়ী (১৮৯৬-১৯৮২) – হিন্দু আধ্যাত্মিক সন্ধানী। তেওঁৰ জন্ম খেওড়া গাঁৱত হৈছিল।

ৰাজহুৱা প্ৰতিনিধি

  • বৰ্তমানৰ অধ্যক্ষ: মোঃ আলম মিয়া।৮

পূৰ্বৱৰ্তী অধ্যক্ষগণ:

নংনামগ্ৰামকাৰ্যকাল
১বাবু লালু গোসাইমেহাৰী১৯৬৬ – ১৯৭১
২মোঃ খোৰশেদ আলমশিমৰাইল১৯৭২ – ১৯৭৬
৩মোঃ আজিজ ভূইয়াপুৰকুইল১৯৭৭ – ১৯৮১
৪মোঃ আবদুৰ ৰহিমযমুনা১৯৮২ – ১৯৮৬
৫মোঃ ছালাম প্ৰফেসৰমেহাৰী১৯৮৭ – ১৯৯১
৬মোঃ মাহফুজুৰ ৰহমানশিমৰাইল১৯৯২ – ১৯৯২
৭মোঃ শৰীফ সামসুল হকখেওড়া১৯৯৩ – ১৯৯৭
৮মোঃ মোবাৰক হোসেনশিমৰাইল১৯৯৮ – ২০০৩
৯মোঃ আলম মিয়া (১ম)শিমৰাইল২০০৩ – ২০১১
১০মোঃ মোস্তফা কামালশিমৰাইল২০১১ – ২০১৬
১১মোঃ আলম মিয়া (২য়)শিমৰাইল২০১৬ – বৰ্তমান

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ বিশেষ অৰ্জন - কসবা উপজেলা. জাতীয় তথ্য বাতায়ন (kasba.brahmanbaria.gov.bd). বাংলাদেশ চৰকাৰ
  2. ↑ Md Abu Russel Chowdhury
  3. ↑ ইউনিয়ন পৰিসংখ্যান সংক্ৰান্ত জাতীয় তথ্য (National data on union statistics). web.archive.org
  4. ↑ ব্ৰাহ্মণবাড়িয়া জেলাৰ তথ্য উপাত্ত (Data of Brahmanbaria district). web.archive.org
  5. ↑ মেহাৰী ইউনিয়ন:গ্ৰামভিত্তিক লোকসংখ্যা (মেহাৰী ইউনিয়ন: গাওঁ-আধাৰিত জনসংখ্যা). mehariup.brahmanbaria.gov.bd. বাংলাদেশ চৰকাৰ
  6. ↑ মেহাৰী ইউনিয়ন: এক নজৰে মেহাৰী ইউপি (মেহৰি ইউনিয়ন: মেহাৰী ইউপি এট এ গ্লান্স ). mehariup.brahmanbaria.gov.bd. বাংলাদেশ চৰকাৰ
  7. ↑ মেহাৰী ইউনিয়ন: খাল ও নদী (মেহাৰী ইউনিয়ন: খাল আৰু নদী). mehariup.brahmanbaria.gov.bd. বাংলাদেশ চৰকাৰ
  8. ↑ মেহাৰী ইউনিয়ন: চেয়াৰম্যান. mehariup.brahmanbaria.gov.bd. বাংলাদেশ চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

ব্ৰাহ্মণবাড়িয়া জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেহাৰী ইউনিয়ন” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৬৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।