আইজল জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম। জিলাখনৰ উত্তৰে ক’লাশিব জিলা, পশ্চিমে মামিত জিলা, দক্ষিণে চাৰছিপ জিলা, দক্ষিণ-পশ্চিমে লুংলে জিলা আৰু পূবে ছাম্ফাই জিলা। জিলাখনৰ মাটিকালি হৈছে ৩,৫৭৭ বৰ্গ কিলোমিটাৰ (১,৩৮১ বৰ্গমাইল)। জিলাখনৰ মুখ্য কাৰ্যালয় মিজোৰামৰ ৰাজধানী আইজল চহৰ। ২০১১ চনৰ হিচাপত ই মিজোৰামৰ আটাইতকৈ জনবহুল জিলা (তেতিয়া ৮ খনৰ ভিতৰত এতিয়া ১১ খন)।১
যাতায়াত
পথ পৰিবহণ
আইজল ৰাষ্ট্ৰীয় ঘাইপথ ৫৪ ৰ দ্বাৰা শিলচৰৰ সৈতে, ৰাষ্ট্ৰীয় ঘাইপথ ৪০ ৰ দ্বাৰা আগৰতলাৰ সৈতে আৰু ৰাষ্ট্ৰীয় ঘাইপথ ১৫০ ৰ মাধ্যমত ইম্ফলৰ সৈতে সংযুক্ত। তদুপৰি মিজোৰাম ষ্টেট ৰোড ট্ৰান্সপোৰ্টেশন (এমএসটি)ৰ বাছসমূহ আইজল চহৰৰ পৰা উত্তৰ-পূবৰ অন্যান্য ৰাজ্য, মিজোৰামৰ আন আন জিলা আৰু আইজলৰ গাঁওসমূহলৈ চলাচল কৰে।২ আইজল চহৰত হালধীয়া আৰু বগা ৰঙৰ টেক্সিসমূহ ব্যাপকভাবে পোৱা যায়; মাৰুতি গাড়িসমূহও ব্যাপকভাৱে ব্যৱহৃত হয় টেক্সি হিচাপে। বে-চৰকাৰি মালিকানাধীন নীলা আৰু বগা ৰঙৰ মিনি বাছসমূহ নিয়মিত সেৱা প্ৰদান কৰে।
ৰে'লপথ
আইজল জিলাত কোনো ধৰণৰ ৰে'ল যোগাযোগ নাই। ওচৰৰ ৰে'ল জংশন হ'ল ২৫৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত অসমৰ লামডিং জংশন।
আকাশীপথ
লেংপুই বিমানবন্দৰ, আইজল চহৰৰ পৰা ৩২ কিলোমিটাৰ দূৰত্বত অৱস্থিত।৩ কলকাতা আৰু গুৱাহাটিৰ পৰা নিতৌ আৰু মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা সপ্তাহত তিনিদিন উৰাজাহাজ চলাচল কৰে।
তথ্যসূত্ৰ
- ↑ About District. aizawl.nic.in
- ↑ MIZORAM STATE TRANSPORT BUS SERVICE TIMING. transport.mizoram.gov.in
- ↑ AAI to handle Mizoram's Lengpui airport. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইজল জিলা” প্ৰবন্ধৰ সংশোধন ৫১৫৩৮৬ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।