মালাপ্পুৰম (মালাপুৰম বুলিও কোৱা হয়) ১ হৈছে ভাৰতৰ কেৰালাৰ এখন পৌৰ চহৰ। লগতে ই ভাৰতৰ কেৰালাৰ মালাপ্পুৰম জিলাৰ সদৰ ঠাই।২৩ ২০১১ চনৰ লোকপিয়ল অনুসৰি মালাপ্পুৰম পৌৰসভাৰ মাটি-কালি 33.61 sqkm আৰু ইয়াৰ জনসংখ্যা ৬৮,১২৭ জন। ১৯৭০ চনত এই জিলাৰ প্ৰথমখন পৌৰসভা গঠন কৰা হৈছিল। মালাপ্পুৰমে মালাপ্পুৰম জিলাৰ প্ৰশাসনিক সদৰ হিচাপে কাম কৰে। ৪০টা নিৰ্বাচনী ৱাৰ্ডত বিভক্ত এই চহৰখনৰ জনবসতিৰ ঘনত্ব ২০২৭ sq km। ২০১১ চনৰ লোকপিয়ল অনুসৰি মালাপ্পুৰম মহানগৰ অঞ্চলটো কেৰালাৰ চতুৰ্থ বৃহত্তম নগৰীয়া অঞ্চল। ইয়াৰ স্থান কোচি, কালিকট আৰু ত্ৰিছুৰৰ পিছতেই। প্ৰায় ৩০ লাখ জনসংখ্যাৰে ই ভাৰতৰ ২৫ তম বৃহত্তম নগৰীয়া অঞ্চল।৪ ২০২০ চনৰ জানুৱাৰী মাহত ইকনমিষ্ট ইণ্টেলিজেন্স ইউনিটে (ইআইইউ) চলোৱা এক সমীক্ষা অনুসৰি ই দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰ। ২০১৫ চনৰপৰা ২০২০ চনৰ ভিতৰত ইয়াৰ নগৰীয়া বিকাশৰ হাৰ আছিল ৪৪.১%।৫৬ মালাপ্পুৰম চহৰখন কালিকটৰপৰা ৪৭ কিলোমিটাৰ দক্ষিণ-পূবত আৰু পালক্কাডৰপৰা ৯০ কিলোমিটাৰ উত্তৰ-পশ্চিমত অৱস্থিত।৭ সমগ্ৰ বাসিন্দাক বিনামূলীয়া ৱাই-ফাই সংযোগ প্ৰদান কৰা ই ভাৰতৰ প্ৰথমটো পৌৰ সংস্থা।৮৯ আন্তঃৰাষ্ট্ৰীয় মানক সংস্থাৰ প্ৰমাণ-পত্ৰ লাভ কৰা মালাপ্পুৰম ভাৰতৰ প্ৰথমটো পৌৰ সংস্থাও।১০ ই ৰাজ্যখনৰ প্ৰথমখন অভিযোগমুক্ত পৌৰসভাও।১১
নামকৰণ
মালাপ্পুৰম শব্দৰ অৰ্থ মালায়ালমত "পাহাৰৰ ওপৰত।" এই নামটো মালাপ্পুৰমৰ ভৌগোলিক অৱস্থানৰপৰা আহিছে।১২১৩ জিলাখনৰ মধ্যভাগৰ অঞ্চলটোত কেইবাখনো ওখ-নিখ পাহাৰ আছে। ইয়াৰ ভিতৰত আৰিমব্ৰা পাহাৰ, আম্মিনিক্কাদন পাহাৰ, উৰাকাম পাহাৰ, চেৰিয়াম পাহাৰ, পাণ্ডালুৰ পাহাৰ আৰু চেক্কুন্নু পাহাৰ আদি উল্লেখযোগ্য। এই সকলোবোৰ পশ্চিম ঘাট পৰ্বতমালাৰপৰা আঁতৰত অৱস্থিত।১৪ অৱশ্যে নাৰিকল গছেৰে আবৃত্ত বালিচহীয়া উপকূলীয় সমভূমিভাগ এই পাহাৰীয়া প্ৰকৃতিৰ এক ব্যতিক্ৰম।১৫১৬১৭
ইতিহাস
প্ৰাচীন কালৰেপৰা মালাপ্পুৰম এখন সামৰিক আৰু প্ৰশাসনিক সদৰ আছিল। অৱশ্যে চহৰখনৰ প্ৰাচীন ইতিহাসৰ বেছিভাগেই লিপিবদ্ধ হোৱা দেখা নাযায়। তথাপি ইয়াত কিছুমান প্ৰাগঐতিহাসিক ধ্বংসাৱশেষ পোৱা যায়। বিশেষকৈ উৰাকাম, মেলমুৰি, পোনমালা আৰু ভেংগৰাৰ দৰে চহৰখনৰ কিছুমান অংশত শিল কাটি বনোৱা গুহা পোৱা গৈছে।১৮ ভেলিয়াংগাড়ী, কুট্টিলাংগাড়ী, পল্লীপুৰম আদি নামৰ অঞ্চলসমূহে মালাপ্পুৰমৰ জৈন আৰু বৌদ্ধ ইতিহাসৰ কথা সোঁৱৰাই দিয়ে। লক্ষণীয়ভাৱে মালাপ্পুৰমৰ উৰাকাম পাহাৰত সমুদ্ৰপৃষ্ঠৰপৰা ২০০০ ফুট উচ্চতাত অৱস্থিত ১৫০০ বছৰ পুৰণি জৈন মন্দিৰটোৱে এই কথা নিঃসন্দেহে প্ৰমাণ কৰে।১৯ সংগম যুগত এৰানাদান মালাপ্পুৰম চেৰা সাম্ৰাজ্যৰ অধীনত আছিল। পাট্টাৰ কাডাভ, পানাক্কাড আদি ঠাই সম্ভৱতঃ পাট্টাৰ আৰু পানাৰসকলে তাত বসবাস কৰাৰ ফলতেই গঢ় লৈ উঠিছিল। কিন্তু সংগম যুগত বা সংগমৰ পৰৱৰ্তী যুগত মানুহৰ জীৱন আৰু সংস্কৃতিৰ বিষয়ে আৰু কোনো সবিশেষ তথ্য পোৱা নাযায়।২০
ওচৰৰ ভাল্লুভানাডৰ ভেল্লোডীসকল আৰু নেডুংগানাডৰ নেডুংগাড়ীসকলৰ দৰেই এৰানাডও এৰাডীসকল নামৰ এটা সামান্থন নায়াৰ জনগোষ্ঠীয়ে শাসন কৰিছিল। এৰানাডৰ শাসকসকলক এৰাল্পপাদ বা এৰাডী উপাধিৰে জনা গৈছিল। মালাপ্পুৰমত পোৱা পুৰাতাত্ত্বিক ধ্বংসাৱশেষসমূহৰ ভিতৰত জামোৰিন ৰাজত্বকালৰ পূব শাখাৰ প্ৰসাদৰ ভগ্নাৱশেষো আছে। মালাপ্পুৰম এৰানাড অঞ্চলত জামোৰিনসকলৰ সামৰিক সদৰ আছিল। জামোৰিনসকলৰ মালাপ্পুৰমৰ ওপৰত প্ৰভুত্ব আছিল। তেওঁলোকৰ সেনাপতি পাৰা নাম্বিয়ে প্ৰাথমিক অৱস্থাত মালাপ্পুৰমৰ ডাউনহিলত (কোট্টাপ্পাড়ী) সদৰ কাৰ্যালয় স্থাপন কৰি এই অঞ্চল শাসন কৰিছিল।২১ পৰৱৰ্তী জামোৰিনসকলৰ পূৰ্বপুৰুষ পূৰ্বৰ মালাপ্পুৰমৰ শাসকসকলৰ সবিশেষ ভাস্কৰ ৰবি বৰ্মনৰ (১০০০ খ্ৰীষ্টাব্দ) ইহুদী তাম্ৰলিপি আৰু বীৰ ৰাঘৱ চক্ৰৱৰ্তীৰ (১২২৫ খ্ৰীষ্টাব্দ) কোট্টায়াম তাম্ৰলিপিত পোৱা যায়। চহৰখনৰ পৰৱৰ্তী ইতিহাস জামোৰিনৰ শাসনৰ ইতিহাসৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।২২
ঔপনিৱেশিক যুগত মালাপ্পুৰম ইউৰোপীয় আৰু ব্ৰিটিছ সৈন্যৰ সদৰ আছিল। পিছলৈ ই ১৮৮৫ চনত গঠিত পূৰ্বৰ মালাপ্পুৰম বিশেষ বাহিনী বুলি জনাজাত মালাবাৰ বিশেষ আৰক্ষীৰ (এম.এছ.পি) সদৰলৈ ৰূপান্তৰিত হয়।২৩ ব্ৰিটিছসকলে নিজৰ সৈন্য নিয়োগ কৰিবলৈ কাডালুণ্ডি নদীৰ পাৰত মালাপ্পুৰমৰ পাহাৰৰ শিখৰত হাইগ বেৰেক স্থাপন কৰিছিল। এসময়ত ইয়াত টিপু চুলতানৰ এটা দুৰ্গ আছিল। মূল বেৰেকসমূহ এতিয়া মালাপ্পুৰম চিভিল ষ্টেচন হিচাপে জিলা প্ৰশাসনৰ কাৰ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছে।২৪২০ মালাপ্পুৰম পূৰ্বৰ মালাবাৰ জিলাৰ পাঁচটা ৰাজহ সংমণ্ডলৰ এটাৰ সদৰ আছিল। বাকীকেইটা থালাছেৰী, কোজিকোড, পালক্কাড আৰু ফ'ৰ্ট কোচিনত অৱস্থিত আছিল।২৫ কালিকটৰ জিলা ব'ৰ্ডৰ উপৰি মালাবাৰ জিলাৰ কাম-কাজ পৰিচালনা কৰিবলৈ গঠন কৰা স্থানীয় ব'ৰ্ডসমূহৰ ভিতৰত মালাপ্পুৰম তালুক ব'ৰ্ড অন্যতম আছিল। থালাছেৰী, পালক্কাড আৰু মানান্থাভাড়ীৰ (ৱায়ানাড) লগতে ইয়াৰ নিজা নামৰ সংমণ্ডলৰ অধিকাৰক্ষেত্ৰ আছিল।২৬ চহৰখনৰ ভেলিয়াংগাড়ীত ১০০ বছৰতকৈও অধিক পূৰ্বে ১৯১৬ চনত নিৰ্মাণ কৰা এটা পুৰণি কুঁৱাৰ বেৰত এতিয়াও মালাপ্পুৰম তালুক ব'ৰ্ডৰ শিলালিপি দেখিবলৈ পোৱা যায়।২৭২৮ মালাবাৰ জিলাৰ সংমণ্ডল ৰাজহ দণ্ডাধীশ আৰু সহকাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়সমূহো মালাপ্পুৰমত অৱস্থিত আছিল।২৯
কোট্টাকুন্নু পাহাৰীয়া কেন্দ্ৰ
মালাপ্পুৰম চহৰৰ মাজ-মজিয়াত কোট্টাকুন্নু পাহাৰীয়া কেন্দ্ৰটো অৱস্থিত। এই অঞ্চলটো কালিকটৰ শাসক জামোৰিনসকলৰ সামৰিক সদৰ থকাৰ সময়ত ইয়াত নিৰ্মাণ কৰা দুৰ্গটোৰপৰাই কোট্টাকুন্নু নামটো আহিছে। এই অঞ্চলৰ ভৌগোলিক গুৰুত্বৰ বাবেই ইয়াত মালাপ্পুৰম দুৰ্গ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ চৌপাশেই মালাপ্পুৰম চহৰখন গঢ় লৈ উঠিছিল।
ভূগোল
ভূ-প্ৰকৃতি
মালাপ্পুৰম ৰাজ্যখনৰ মধ্যভাগত অৱস্থিত। নামটোৱে বুজোৱাৰ দৰেই ই সেউজীয়া সৰু সৰু পাহাৰেৰে আবৃত। চহৰখনৰ মাজেৰে কেইবাখনো নিৰ্মল পানীৰ জুৰি বৈ গৈছে। কেৰালাৰ অন্যতম প্ৰধান নদী কাডালুণ্ডি পুঝা চহৰখনৰ কাষেৰে বৈ গৈছে।৩০ চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত সুন্দৰ অভিলেখ থকা ৰাজ্যখনৰ কেইখনমান মাত্ৰ পৌৰসভাৰ ভিতৰত মালাপ্পুৰম অন্যতম। পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ ৰক্ষণাবেক্ষণৰ বাবে ২০১১ চনত ৰাজ্য চৰকাৰে ইয়াক দ্বিতীয় শ্ৰেষ্ঠ পৌৰসভা হিচাপে স্বীকৃতি দিছিল।৩১ তদুপৰি ২০১৯ চনত ভাৰত চৰকাৰৰ স্বচ্ছতা উৎকৃষ্টতা বঁটাতো ই দ্বিতীয় পুৰস্কাৰ লাভ কৰে।৩২ আন জিলা সদৰসমূহৰ বিপৰীতে উত্তৰ-দক্ষিণৰ লগতে পশ্চিম-পূবৰ যাতায়াতৰ ক্ষেত্ৰতো মালাপ্পুৰমৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথৰ জৰিয়তে জিলাখনৰ সকলোৱে চহৰখনলৈ সহজে অহা-যোৱা কৰিব পাৰে।৩৩
জলবায়ু
চহৰখনৰ জলবায়ু প্ৰায় একেই। ইয়াৰ ক্ৰান্তীয় মৌচুমী জলবায়ু (কোপেন এম) সাধাৰণতে গৰম আৰু আৰ্দ্ৰ প্ৰকৃতিৰ। অৱশ্যে দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ সময়ত ইয়াত সাধাৰণতে প্ৰচুৰ বৰষুণ হয়। ছেপ্টেম্বৰৰপৰা মাৰ্চ মাহলৈকে বতৰ যথেষ্ট আকৰ্ষণীয় হোৱাৰ বাবে এই সময়ছোৱাই মালাপ্পুৰম ভ্ৰমণৰ বাবে সৰ্বোত্তম সময়। প্ৰাকৃতিক পৰিৱেশৰ বাবেই মালাপ্পুৰম এখন নিৰ্মল বতাহৰ চহৰ। ২০১০ বৰ্ষৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ তথ্য অনুসৰি, চালফাৰ ডাই অক্সাইড (SO2), নাইট্ৰ'জেন ডাই অক্সাইড (NO2) আৰু পিএম১০-ৰ (PM10) বাবে নিৰীক্ষণ কৰা ১৮০খন চহৰৰ ভিতৰত মালাপ্পুৰম এনে দুখন চহৰৰ ভিতৰত অন্যতম আছিল যিয়ে সকলো বায়ু প্ৰদূষকৰ বাবে নিম্ন প্ৰদূষণৰ (অৰ্থাৎ মানকৰ তুলনাত ৫০% তলত) মাপকাঠী পূৰণ কৰিছিল।
জনগাঁথনি
২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি চহৰখনৰ মুঠ জনসংখ্যা আছিল ১,০১,৩৮৬ জন। ইয়াৰে ৪৮,৯৫৭ জন পুৰুষ আৰু ৫২,৪২৯ গৰাকী মহিলা। ০ৰপৰা ৬ বছৰ বয়সৰ জনসংখ্যা আছিল ১৪,৬২৯ জন। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা আছিল ক্ৰমে ৫,৩২৩ আৰু ৭৭ জন। ২০১১ চনত মালাপ্পুৰমত ১৯,৭৮৫টা পৰিয়াল আছিল।৩৪ চহৰখনৰ জনসংখ্যাৰ ৭৪.৮৩% মুছলমান হোৱাৰ বিপৰীতে হিন্দু আৰু খ্ৰীষ্টানসকলে বাকী ২৫% গঠন কৰে।৩৫
পৌৰ প্ৰশাসন
| পৌৰসভাৰ বিষয়াসকল | |
|---|---|
| পৌৰপতি | অধিবক্তা ভি. ৰিনিশা (আইইউএমএল)৩৬ |
| উপ-পৌৰপতি | জিতেশ জি অনিল (আইএনচি)৩৬ |
| নিৰ্বাচিত প্ৰতিনিধিসকল | |
| বিধানসভাৰ সদস্য (মালাপ্পুৰম এলএচি) | পি. উবাইদুল্লা (আইইউএমএল)৩৭ |
| সংসদৰ সদস্য (মালাপ্পুৰম এইচপিচি) | ই. টি. মহম্মদ বছিৰ (আইইউএমএল)৩৮ |
চহৰখন মালাপ্পুৰম পৌৰসভাৰদ্বাৰা পৰিচালিত হয় আৰু ইয়াৰ মুৰব্বী হৈছে এজন পৌৰপতি। প্ৰশাসনিক কাম-কাজৰ সুবিধাৰ্থে চহৰখনক ৪০টা ৱাৰ্ডত ভাগ কৰা হৈছে। এই ৱাৰ্ডসমূহৰপৰাই পৌৰ পৰিষদৰ সদস্যসকলক পাঁচ বছৰৰ বাবে নিৰ্বাচন কৰা হয়। ৪০টা ৱাৰ্ডৰ কাউঞ্চিলৰসকলে পৌৰপতি আৰু উপ-পৌৰপতিক নিৰ্বাচন কৰে। বৰ্তমান পৌৰসভাখন ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ (ইউডিএফ)দ্বাৰা পৰিচালিত। ২০২৫ চনৰপৰা ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ (আইইউএমএল) ভি. ৰিনিশা পৌৰপতি হিচাপে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ (আইএনচি) জিতেশ জি. অনিল উপ-পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩৯ পৌৰসভাৰ কাম-কাজসমূহ ছটা বিভাগত ভাগ কৰা হৈছে: সাধাৰণ প্ৰশাসন, আভিযান্ত্ৰিক, ৰাজহ, স্বাস্থ্য, নগৰ পৰিকল্পনা আৰু কল্যাণ। এই সকলোবোৰ বিভাগ পৌৰ সচিবৰ নিয়ন্ত্ৰণত কাম কৰে, যি প্ৰশাসনিক মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
জিলা সদৰ হোৱাৰ বাবে মালাপ্পুৰমত চিভিল ষ্টেচন অঞ্চলটো অন্তৰ্ভুক্ত হৈ আছে। ইয়াত জিলাখনৰ প্ৰশাসনিক আৰু অন্যান্য চৰকাৰী কাৰ্যালয় যেনে জিলা দণ্ডাধীশৰ কাৰ্যালয়, জিলা কোষাগাৰ, আঞ্চলিক পৰিবহণ কাৰ্যালয়, গড়কাপ্তানি বিভাগৰ সংমণ্ডল কাৰ্যালয়, জিলা পঞ্চায়ত কাৰ্যালয়, নগৰ পৰিকল্পনা কাৰ্যালয়, পাঠ্যপুথি ভঁৰাল, জিলা চিকিৎসা কাৰ্যালয় আদি অৱস্থিত। চহৰখনত জিলা আৰক্ষী কাৰ্যালয়, মালাবাৰ বিশেষ আৰক্ষীৰ সদৰ কাৰ্যালয় আৰু শিক্ষা উপ-সঞ্চালকৰ কাৰ্যালয়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ জিলা পৰ্যায়ৰ কাৰ্যালয় আছে।
মালাপ্পুৰম পৌৰসভাৰ নিৰ্বাচন ২০২০
| ক্ৰমিক নং৪০ | মিত্ৰজোঁট | প্ৰতীক | কাউঞ্চিলৰৰ সংখ্যা |
|---|---|---|---|
| ০১ | ইউডিএফ | ২৫ | |
| ০২ | এলডিএফ | ১৪ | |
| ০৩ | নিৰ্দলীয় | ০১ |
আৰক্ষী
১৯২৭ চনত স্থাপিত মালাপ্পুৰম আৰক্ষী থানাখনে চহৰখন আৰু ইয়াৰ আশে-পাশে থকা উপ-নগৰসমূহত আইন-শৃংখলা ৰক্ষাৰ দায়িত্ব পালন কৰে। ইয়াৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত মালাপ্পুৰম, মেলমুৰি, কোডুৰ, কুট্টিলাংগাড়ী, পোনমালা আৰু পানাক্কাড ৰাজহ গাঁওসমূহ অন্তৰ্ভুক্ত। আৰক্ষী থানাখনৰ পৰিসৰৰ ভিতৰত মালাপ্পুৰম পৌৰসভা, কুট্টিলাংগাড়ী পঞ্চায়ত, কোডুৰ পঞ্চায়ত আৰু পোনমালা পঞ্চায়ত পৰে। কেৰালা আৰক্ষীৰ মালাপ্পুৰম মহকুমাৰ অধীনত এই অঞ্চলৰ আইন-শৃংখলা ৰক্ষা কৰা হয় আৰু ইয়াৰ মুৰব্বী হৈছে এজন আৰক্ষী উপ-অধীক্ষক। মালাপ্পুৰম আৰক্ষী মহকুমাত এৰানাড তালুকৰ অঞ্চলসমূহ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত মালাপ্পুৰম, ভেংগৰা, মাঞ্জেৰী আৰু কোট্টাক্কাল আৰক্ষী থানাৰ লগতে যান-বাহন আৰু মহিলা গোটো আছে।
ইয়াৰ উপৰি মহিলাসকলৰ সুবিধাৰ্থে মালাপ্পুৰম আৰক্ষী সংমণ্ডলৰ অধীনত ২৪ ঘণ্টা ঘাইপথ আৰক্ষীৰ পহৰাৰ লগতে বিশেষ পিংক পেট্ৰ'ল (ডায়েল-১৫১৫) সেৱাৰ ব্যৱস্থা আছে। ৪১
মালাপ্পুৰমত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু কেইবাটাও বিশেষ গোট আছে। ইয়াৰ ভিতৰত জিলা অপৰাধ শাখা, বিশেষ শাখা, অপৰাধ ৰেকৰ্ড ব্যুৰ', নিচাযুক্ত দ্ৰব্য কোষ, জিলা সদৰ শিবিৰ আৰু ৰাজ্যখনৰ অন্যতম পুৰণি সশস্ত্ৰ আৰক্ষী বেটেলিয়ান মালাবাৰ বিশেষ আৰক্ষী উল্লেখযোগ্য।
প্ৰস্তাৱিত মালাপ্পুৰম পৌৰ নিগম

মালাপ্পুৰম কেৰালাৰ একমাত্ৰ ১০ লাখতকৈ অধিক জনসংখ্যাৰ নগৰীয়া অঞ্চল যি এতিয়াও পৌৰ নিগমলৈ উন্নীত হোৱা নাই। অৱশ্যে বৃহত্তৰ মালাপ্পুৰম অঞ্চলৰ স্থানীয় সংস্থাসমূহক অন্তৰ্ভুক্ত কৰি মালাপ্পুৰম পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ এক দাবী উত্থাপন হৈ আহিছে।৪২ প্ৰস্তাৱিত মালাপ্পুৰম পৌৰ নিগমত অন্তৰ্ভুক্ত অঞ্চলসমূহ হ'ল:
- মালাপ্পুৰম পৌৰসভা
- মাঞ্জেৰী পৌৰসভা
- আনাক্কায়াম, এখন উপ-নগৰীয়া পঞ্চায়ত
- পুক্কোট্টুৰ, এখন উপ-নগৰীয়া পঞ্চায়ত
- ত্ৰিক্কালংগ'ড, এখন উপ-নগৰীয়া পঞ্চায়ত
- মোৰায়ুৰ, এখন উপ-নগৰীয়া পঞ্চায়ত
- কোডুৰ, এখন উপ-নগৰীয়া পঞ্চায়ত
- কুট্টিলাংগাড়ী, এখন উপ-নগৰীয়া পঞ্চায়ত
মালাপ্পুৰম পৌৰ নিগমত তলত দিয়া স্থানীয় সংস্থাসমূহকো অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে:
- কোট্টাক্কাল পৌৰসভা
- পোনমালা
- ওথুক্কুংগল
- উৰাকাম
- কান্নামংগলম
- পাৰাপ্পুৰ
- ভেংগৰা
- মাকৰাপাৰাম্বা
শিক্ষা

চহৰখনত বিদ্যালয় পৰ্যায়ৰপৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে কেইবাখনো শিক্ষানুষ্ঠান আছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় বিদ্যালয়, মালাপ্পুৰম, জৱাহৰ নৱোদয় বিদ্যালয়, মালাপ্পুৰম আৰু মালাবাৰ স্পেচিয়েল পুলিচ এইছএছএছ উল্লেখযোগ্য। ১৯৭২ চনত আৰম্ভ হোৱা জিলাখনৰ আটাইতকৈ পুৰণি মহাবিদ্যালয় চৰকাৰী মহাবিদ্যালয়, মালাপ্পুৰম,৪৩ ১৯৮৭ চনত আৰম্ভ হোৱা কলেজ অৱ এপ্লাইড চাইন্স মালাপ্পুৰম৪৪ আৰু ২০১৫ চনত আৰম্ভ হোৱা চৰকাৰী মহিলা মহাবিদ্যালয়, মালাপ্পুৰমে৪৫ উচ্চ শিক্ষা প্ৰদান কৰে। চৰকাৰী টিটিআই, মালাপ্পুৰম,৪৬ এমচিটি টিটিআই৪৭ আৰু ফাজফাৰী টিটিআই৪৮ হৈছে শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান। জিলাখনৰ দুখন আইন মহাবিদ্যালয়ৰ ভিতৰত অন্যতম এমচিটি কলেজ অৱ লিগেল ষ্টাডিজ এই চহৰতে অৱস্থিত।৪৯ উচ্চতৰ মাধ্যমিক শিক্ষাৰ আঞ্চলিক সঞ্চালকালয়৫০ আৰু ৰাজ্যিক মুক্ত বিদ্যালয়ৰ আঞ্চলিক কাৰ্যালয় (মালাবাৰ)৫১ চহৰখনৰ চিভিল ষ্টেচনৰ ভিতৰত অৱস্থিত।
ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডত জিলাখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজ্যখনৰ দুখন প্ৰধান বিশ্ববিদ্যালয় এই জিলাতে অৱস্থিত। ১৯৬৮ চনত কেৰালাৰ দ্বিতীয়খন বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা হোৱা তেনহিপালম কেন্দ্ৰিক কালিকট বিশ্ববিদ্যালয়,৫২ আৰু ২০১২ চনত তিৰুৰত প্ৰতিষ্ঠা হোৱা থুনচাথ এজুথাচান মালায়ালম বিশ্ববিদ্যালয় ইয়াত অৱস্থিত।৫৩ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ (এএমইউ) তিনিটা অফ-কেম্পাছ কেন্দ্ৰৰ ভিতৰত অন্যতম এএমইউ মালাপ্পুৰম চৌহদ চেৰুকাৰাত অৱস্থিত, যিটো এএমইউয়ে ২০১০ চনত প্ৰতিষ্ঠা কৰিছিল।৫৪৫৫ পানাক্কাডত ইংৰাজী আৰু বিদেশী ভাষা বিশ্ববিদ্যালয়ৰ এটা অফ-কেম্পাছ পৰিচালিত হয়।৫৬ জিলাখনৰ থাভানুৰত কেৰালা কৃষি বিশ্ববিদ্যালয়ৰ এটা উপ-কেন্দ্ৰ আৰু তিৰুনাভায়াত শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়ৰ এটা উপ-কেন্দ্ৰ আছে। দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ সদৰ কাৰ্যালয় তিৰুৰংগাড়ীৰ চেম্মাডত অৱস্থিত। মালাপ্পুৰমৰ ইনকেল গ্ৰীনছে ঔদ্যোগিক ক্ষেত্ৰৰ লগতে এখন শৈক্ষিক ক্ষেত্ৰও প্ৰদান কৰে।৫৭ মাঞ্জেৰীত থকা এৰানাড নলেজ চিটি ৰাজ্যখনৰ ভিতৰতে এক ব্যতিক্ৰমী প্ৰকল্প।৫৮ কুট্টিপ্পুৰমৰ এমইএছ আভিযান্ত্ৰিক মহাবিদ্যালয় কেৰালাৰ স্ব-বিত্তীয় খণ্ডৰ অধীনত প্ৰতিষ্ঠিত প্ৰথমখন আভিযান্ত্ৰিক মহাবিদ্যালয়। ভাৰতপুঝা নদীৰ কাষেৰে ১.৬ কিলোমিটাৰতকৈও অধিক বিয়পি থকা ই এখন নগৰীয়া চৌহদ। ১৯৬৩ চনত থাভানুৰত প্ৰতিষ্ঠা হোৱা কেচিএইটি ৰাজ্যখনৰ একমাত্ৰ কৃষি আভিযান্ত্ৰিক প্ৰতিষ্ঠান। কোট্টাক্কালৰ সমীপৰ পোট্টিপ্পাৰাত থকা চৰকাৰী আয়ুৰ্বেদ মানসিক ৰোগ গৱেষণা প্ৰতিষ্ঠান কেৰালাৰ একমাত্ৰ চৰকাৰী আয়ুৰ্বেদিক মানসিক চিকিৎসালয়। ই দেশৰ ৰাজহুৱা খণ্ডৰ অধীনত এনে ধৰণৰ প্ৰথমখন চিকিৎসালয়ো। কেৰালা চৰকাৰে কোট্টাক্কালত আয়ুৰ্বেদ বিশ্ববিদ্যালয় নামৰ আনখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দিছে।
২০১৯-২০ বৰ্ষৰ বিদ্যালয়ৰ পৰিসংখ্যা অনুসৰি কেৰালাৰ ভিতৰতে সৰ্বাধিক বিদ্যালয় আৰু সৰ্বাধিক ছাত্ৰ-ছাত্ৰী এই জিলাতেই আছে। জিলাখনত ৮৯৮খন নিম্ন প্ৰাথমিক বিদ্যালয়,৫৯ ৩৬৩খন উচ্চ প্ৰাথমিক বিদ্যালয় আছে।৬০ ইয়াৰ উপৰি ইয়াত ১২০খন চিবিএছই আৰু ৩খন আইচিএছই বিদ্যালয় আছে।
সংবাদ মাধ্যম


মালায়লা মনোৰমা, মাতৃভূমি, মধ্যমম, চন্দ্ৰিকা, দেশাভিমানী, সুপ্ৰভাতম আদি দৈনিক কাকতসমূহৰ ছপাশাল চহৰখনত আৰু ইয়াৰ আশে-পাশে আছে। দ্য হিন্দু কাকতৰো মালাপ্পুৰমত এটা সংস্কৰণ আৰু ছপাশাল আছে। ধৰ্ম আৰু সংস্কৃতিৰ ওপৰত আধাৰিত কেইবাখনো মাহেকীয়া, পষেকীয়া আৰু সাপ্তাহিক আলোচনীও ইয়াৰপৰা প্ৰকাশ পায়। প্ৰায় সকলো মালায়ালম টিভি চেনেল আৰু বাতৰিকাকতৰে আপ হিলত কাৰ্যালয় আছে। ইয়াত কেইবাটাও স্থানীয় কেবল টিভি চেনেল আছে, যেনে এমচিভি, এচিভি আদি। পৌৰসভাৰ টাউন হলৰ কাষৰ আপ হিলত মালাপ্পুৰম প্ৰেছ ক্লাবো অৱস্থিত। জিলাখনত দূৰদৰ্শনৰ প্ৰধান সম্প্ৰচাৰ কেন্দ্ৰটো মালাপ্পুৰমত অৱস্থিত। ভাৰত চৰকাৰৰ প্ৰসাৰ ভাৰতী ৰাষ্ট্ৰীয় জনসেৱা সম্প্ৰচাৰকৰ জিলাখনত এফএম কেন্দ্ৰ আছে, যিয়ে ১০২.৭ মেগাহাৰ্টজত সম্প্ৰচাৰ কৰে। কোনো ব্যক্তিগত এফএম কেন্দ্ৰ নথকাৰ পিছতো মালাপ্পুৰম ভাৰতৰ সৰ্বাধিক ৰেডিঅ' শ্ৰোতা থকা দহখন চহৰৰ ভিতৰত অন্যতম।৬১ ইয়াত এটা মাল্টিপ্লেক্স আৰু চাৰিটা একক চিনেমা হল আছে য'ত মালায়ালম, তামিল, ইংৰাজী আৰু হিন্দী ভাষা ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়। কেৰালাৰ অন্যতম পুৰণি চলচ্চিত্ৰ মঞ্চ ৰশ্মি ফিল্ম ছ'চাইটি মালাপ্পুৰমৰে হয়। ২০১১ চনৰ মাৰ্চ মাহত মালাপ্পুৰমৰ ৭২ তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল।৬২ ভাৰত চৰকাৰৰ প্ৰসাৰ ভাৰতী ৰাষ্ট্ৰীয় জনসেৱা সম্প্ৰচাৰকৰ জিলাখনত এটা এফএম কেন্দ্ৰ (এআইআৰ মাঞ্জেৰী এফএম) আছে, যিয়ে ১০২.৭ মেগাহাৰ্টজত সম্প্ৰচাৰ কৰে। কোনো ব্যক্তিগত এফএম কেন্দ্ৰ নথকাৰ পিছতো মালাপ্পুৰম, পোন্নানি আৰু তিৰুৰ ভাৰতৰ সৰ্বাধিক ৰেডিঅ' শ্ৰোতা থকা দহখন চহৰৰ ভিতৰত অন্যতম।৬১
ক্ৰীড়া
ৰ সময়ত মালাপ্পুৰম জিলা ক্ৰীড়া প্ৰকল্প ষ্টেডিয়াম]]
কেৰালাৰ অন্যান্য স্থানৰ দৰেই ইয়াতো স্থানীয় লোকসকলৰ মাজত ফুটবল আটাইতকৈ জনপ্ৰিয় খেল। মালাপ্পুৰমৰ একেবাৰে মাজ-মজিয়াত কোট্টাপ্পাড়ী ফুটবল ষ্টেডিয়াম অৱস্থিত।৬৩ মালাপ্পুৰম জিলা ক্ৰীড়া প্ৰকল্প ষ্টেডিয়াম মাঞ্জেৰীৰ পাইয়াণ্ডত অৱস্থিত। ২০১৩-১৪ বৰ্ষৰ ইণ্ডিয়ান ফেডাৰেচন কাপৰ গ্ৰুপ পৰ্যায়ৰ খেল আয়োজনৰ বাবে জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ লগতে ইয়াকো অন্যতম ষ্টেডিয়াম হিচাপে নিৰ্বাচিত কৰা হৈছিল। এই ষ্টেডিয়ামত 'বি' আৰু 'ডি' গ্ৰুপৰ খেলসমূহ অনুষ্ঠিত হৈছিল। ইএমএছ ষ্টেডিয়ামৰ লগতে ই ২০২৩ ইণ্ডিয়ান চুপাৰ কাপও আয়োজন কৰিছিল।৬৪ ভাৰতীয় আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাত মালাবাৰ স্পেচিয়েল পুলিচ এইছএছএছ অন্যতম শ্ৰেষ্ঠ সফল দল।৬৫ দিল্লীত অনুষ্ঠিত ৫৩ তম আৰু ৫৫ তম সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাতো ই ৰানাৰ্ছ-আপ হৈছিল।৬৬
উল্লেখযোগ্য ব্যক্তি
ভাষাৰ পিতৃস্বৰূপ বুলি গণ্য কৰা থুনচাথ এজুথাচানৰ জন্ম মালাপ্পুৰমত হৈছিল]]
লগতে চাওক
- মালাপ্পুৰমৰ প্ৰশাসন
- মালাপ্পুৰমত শিক্ষা
- মালাপ্পুৰমৰ ইতিহাস
- মালাপ্পুৰমৰ উল্লেখযোগ্য ব্যক্তিসকলৰ তালিকা
- মালাপ্পুৰমৰ যাতায়াত
- মালাপ্পুৰম মহানগৰ অঞ্চল
- মালাপ্পুৰম জিলা
- জিডিপি অনুসৰি ভাৰতৰ সৰ্ববৃহৎ চহৰসমূহ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (২ জুন ২০১৫). Revised List of Classification Cities for HRA of central government employees - Govt. Employees India
- ↑ DTPC Malappuram · Malappuram Tourist Places. DTPC malappuram
- ↑ Welcome to Malappuram · Website of the District Administration, Malappuram · India
- ↑ Trends of urbanisation in Kerala. ভাৰতৰ লোকপিয়ল
- ↑ (৮ জানুৱাৰী ২০২০). 3 of world's 10 fastest-growing urban areas are in Kerala: Economist ranking
- ↑ (৯ জানুৱাৰী ২০২০). Malappuram is world's fastest-growing city; Kozhikode, Kollam also in top 10. Newindianexpress.com
- ↑ malappuram Web
- ↑ (৩০ জুলাই ২০১৫). Malappuram of Kerala to log on to free Wi-Fi. Thehindu.com
- ↑ (২২ আগষ্ট ২০১৫). Malappuram Municipality To Be India's First To Offer Free Wi-Fi Connectivity. thelogicalindian.com
- ↑ ষ্টাফ ৰিপৰ্টাৰ. (২৪ ফেব্ৰুৱাৰী ২০১৪). First-in-India ISO tag for Malappuram. দ্য হিন্দু
- ↑ আব্দুল লতিফ, নাহা. (২ নৱেম্বৰ ২০১৪). Malappuram aims to be complaint-free. দ্য হিন্দু
- ↑ (৩০ জুন ২০১৪). Malappuram, The Hill Top Town. nativeplanet.com
- ↑ (২৪ মাৰ্চ ২০১৩). Cultural counterpoint. দ্য ফাইনেঞ্চিয়েল এক্সপ্ৰেছ
- ↑ আকাশ সিং. (৭ মে' ২০১৮). Hilly areas of Malappuram. নেটিভ প্লেনেট
- ↑ District Profile. spb.kerala.gov.in
- ↑ (৩০ জুন ২০১৪). Malappuram, The Hill Top Town - Nativeplanet
- ↑ (২৪ মাৰ্চ ২০১৩). Cultural counterpoint
- ↑ History of Malappuram. censusindia.gov.in
- ↑ Oorakam Mala. Cpreecenvis.nic.in
- ↑ (২০১১). DISTRICT CENSUS HANDBOOK. লোকপিয়ল সঞ্চালকালয়, কেৰালা. পৃ. ১৫
- ↑ লোগান, উইলিয়াম. MALABAR MANUAL: With Commentary by VED from VICTORIA INSTITUTIONS. ভিক্টোৰিয়া ইনষ্টিটিউচন, আৰাধনা, দেৱৰকোভিল ৬৭৩৫০৮
- ↑ খণ্ড দ্বাদশ-এ. (২০১১). DISTRICT CENSUS HANDBOOK MALAPPURAM. লোকপিয়ল সঞ্চালকালয়, কেৰালা. পৃ. ১৫
- ↑ চি.এ., ইনেছ. (১৯০৮). Madras District Gazetteers: Malabar and Anjengo. চৰকাৰী প্ৰেছ, মাদ্ৰাজ. পৃ. ৩৭১
- ↑ Malappuram British History
- ↑ (১৯৫৩). 1951 census handbook - Malabar district. মাদ্ৰাজ চৰকাৰ. পৃ. ১
- ↑ চি.এ., ইনেছ. (১৯০৮). Madras District Gazetteers: Malabar and Anjengo. চৰকাৰী প্ৰেছ, মাদ্ৰাজ. পৃ. ৩৭৩
- ↑ (২২ জানুৱাৰী ২০১৬). Celebrating centenary of a public well. দ্য হিন্দু
- ↑ ഈ തെളിനീരിന് നൂറ്റാണ്ടിന്റെ നിറവ്. Deshabhimani.com
- ↑ চি.এ., ইনেছ. (১৯০৮). Madras District Gazetteers: Malabar and Anjengo. চৰকাৰী প্ৰেছ, মাদ্ৰাজ. পৃ. ৪১৬
- ↑ Malappuram District Profile. মালাপ্পুৰম
- ↑ শিৱৰামাকৃষ্ণন, কে. চি. (৪ আগষ্ট ২০১১). Re-visioning Indian Cities: The Urban Renewal Mission. ছেজ পাব্লিছিং ইণ্ডিয়া. ISBN 9788132119470
- ↑ Amrut Cities--Municipal Corporations of Raigarh, Ambikapur, and Kumbakonam Bag Top Swachhata Excellence Awards. pib.gov.in
- ↑ (২০১৩). Work Study Report on Police Department 2013. পি এণ্ড এ আৰ (এআৰ-সপ্তম) বিভাগ, কেৰালা চৰকাৰ. পৃ. ৭৭
- ↑ Census of India: Malappuram. Censusindia.gov.in
- ↑ Malappuram District Religion Data - Hindu/Muslim
- ↑ Local Self Government Department · Local Self Government Department. Lsgkerala.gov.in
- ↑ P Ubaidulla: The Hon'ble MLA of Kerala (15th Kla). Niyamasabha.nic.in
- ↑ কেন্দ্ৰ, ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান. Digital Sansad. Sansad.in
- ↑ (২৬ ডিচেম্বৰ ২০২৫). UDF assumes power in 11 municipalities in Malappuram. দ্য হিন্দু
- ↑ Malappuram Municipality election 2020. lbtrend
- ↑ മലപ്പുറം ജില്ലാ പോലീസ്. Matappurampolice.gov.in
- ↑ (১৬ মে' ২০১৪). Proposed Malappuram Municipal Corporation. timesofindia.indiatimes.com
- ↑ History – Govt college Malappuram. Gcmalappuram.ac.in
- ↑ History. casmalappuram.ihrd.ac.in
- ↑ About us. gwcmalappuram.com
- ↑ আৰ্কাইভ কপি
- ↑ Home | MCT Training College. Mcttrainingcollege.in
- ↑ Fazfari Educational Complex| FAZFARI TTI. Fazfari.org
- ↑ MCT Law College Address
- ↑ contacts. dhsekerala.gov.in
- ↑ SCOLE Kerala
- ↑ The University of Calicut. uoc.ac.in
- ↑ Malayalam University. malayalamuniversity.edu.in
- ↑ Aligarh Muslim University Malappuram Off-centre. amu.ac.in
- ↑ Universities in Malappuram district. malappuramtourism.org
- ↑ (১৭ জানুৱাৰী ২০১৪). Eflu to start courses in Malappuram campus on January-31. The Times of India
- ↑ (২৮ জুন ২০১৬). Inkel Greens beckons firms to Malappuram. The Hindu Businessline
- ↑ Eranad knowledge city. eku.edu.in
- ↑ LP schools in Malappuram. sametham.kite.kerala.gov.in
- ↑ UP schools in Malappuram. sametham.kite.kerala.gov.in
- ↑ Top Ten Towns with Highest Radio Listenership
- ↑ (১৫ মাৰ্চ ২০১১). Rasmi film fete concludes. দ্য হিন্দু
- ↑ (২৯ ডিচেম্বৰ ২০১৪). Where Malappuram learned to play football. Newindianexpress.com
- ↑ (১৩ ডিচেম্বৰ ২০১৩). Federation Cup 2013-14 to kickoff on January 14. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (১০ জানুৱাৰী ২০১২). MSP HSS emerges champion. দ্য হিন্দু
- ↑ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া. (১ অক্টোবৰ ২০১২). Dynamo Kyiv down fighting MSP Malappuram to win Subroto Cup. বিজনেছ ষ্টেণ্ডাৰ্ড ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালাপ্পুৰম” প্ৰবন্ধৰ সংশোধন ৬৪০১৫১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।