ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ডিব্ৰুগড় ৰেল ষ্টেচন
ডিব্ৰুগড় ৰেল ষ্টেচন (Dibrugarh Railway Station) অসমৰ ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত। ই লামডিং-ডিব্ৰুগড় শাখাৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (DBRT)ৰ পিছতেই ডিব্ৰুগড় ৰেল ষ্টেচন (DBRG) ঐতিহাসিক নগৰৰ দ্বিতীয় ৰেল ষ্টেচন।
-
পাটবাউসী সত্ৰ
পাটবাউসী সত্ৰ ( Paatbauxi Satra) পাটবাউসী সত্ৰ বৰপেটা সত্ৰৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ এখন বৈষ্ণৱ সত্ৰ। ইয়াতেই শংকৰদেৱে প্ৰায় উনৈশ বছৰ কাল থাকি নানা শাস্ত্ৰ ৰচনা কৰিছিল।
-
পাপুমপাৰে জিলা
পাপুমপাৰে জিলা (Pron:/ˌpæpəm ˈpæɹɪ or ˈpɑ:ɹeɪ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলা অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনবহুল জিলা৷ জিলাখনৰ সদৰ ঠাই য়ুপিয়াত অৱস্থিত৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনজাতিৰ৷
-
পৰ্যটন
বিভিন্ন ঠাই দৰ্শণ আৰু আমোদ-প্ৰমোদৰ বাবে পৰিভ্ৰমণ কৰা কাৰ্য্যই হৈছে পৰ্য্যটন। অসম তথা ভাৰতবৰ্ষত বৰ্তমান বিভিন্ন পৰ্য্যটন ক্ষেত্ৰ গঢ়ি উঠিছে।
-
মাকাও
মাকাও(মেকাও নামেও পৰিচিত) গণপ্ৰজাতন্ত্ৰী চীনৰ দুটা বিশেষ প্ৰশাসনিক অঞ্চলৰ এটা। আনটো হল হংকং। মাকাও পাৰ্ল ব-দ্বীপৰ পশ্চিমাংশত হংকঙৰ পূবত অবস্থিত। ইয়াৰ উত্তৰত গুয়াংডং প্ৰদেশ আৰু দক্ষিণ আৰু পূবত দক্ষিণ চীন সাগৰ। মাকাওৰ অৰ্থনীতি বহুলাংশে পৰ্যটন আৰু জুয়া-ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল।
-
মু'ঙ মাও
মু'ঙ মাও (Möng Mao; টাই-নোৱা: ᥛᥫᥒᥰ ᥛᥣᥝᥰ; চীনা: 勐卯;ছান: မိူင်းမၢဝ်း;মান ভাষা: မိုင်းမော; ) এখন জনগোষ্ঠীয় টাই ৰাষ্ট্ৰ আছিল যিয়ে কেইবাখনো সৰু টাই ৰাজ্য বা মুখীয়াল পদ নিয়ন্ত্ৰণ কৰিছিল, যি বৰ্তমানৰ ম্যানমাৰ, চীন, অসমত পৰে।
-
হাবুং
হাবুং ( 𑜉𑜢𑜤𑜂𑜫: 𑜑𑜡;𑜈𑜤𑜂𑜫,Habung) পৌৰাণিক কামৰূপৰ আৰু চুতীয়া ৰাজ্যৰ এটা বৃহৎ অঞ্চল আৰু পাছলৈ আহোম ৰাজ্যৰ এক মু'ঙ (প্ৰদেশ) আছিল৷ হাবুং প্ৰদেশ বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত অৱস্থিত আছিল য'ত চুতীয়া ৰজা সকলে হাবুঙীয়া ব্ৰাহ্মণ সকলক ভূমি দান কৰিছিল।
-
ৰূপসী বিমানবন্দৰ
ৰূপসী বিমানবন্দৰ অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এটা বিমানবন্দৰ। বিমানবন্দৰটো ধুবুৰী চহৰৰ পৰা প্ৰায় ২৩ কিঃমিঃ দূৰত্বত অৱস্থিত। এই বিমানবন্দৰটোত এটা একক অন্তঃদেশীয় টাৰ্মিনেল (domestic terminal) আছে। বিমানবন্দৰটোৰ ব্যস্ততম সময়ত যাত্ৰী পৰিচালনাৰ সক্ষমতা কম।
-
অজন্তা গুহাসমূহ
অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ গভীৰ খাড়া গিৰিখাতৰ শিল কাটি খনন কৰা প্ৰায় ৩০টা গুহা-স্তম্ভ। এইসমূহত পোৱা ছবি আৰু ভাস্কৰ্য সেইসময়ৰ বৌদ্ধ ধৰ্মীয় শিল্পৰ উৎকৃষ্ট নিদৰ্শন। অজন্তাৰ দেৱালৰ চিত্ৰসমূহত বুদ্ধৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ কাহিনী বৰ্ণিত হৈছে।
-
অভয়াপুৰী
অভয়াপুৰী (IPA: ˌəbɑːjəˈpʊərɪ or ˌəbeɪjəˈpʊərɪ) (Abhayapuri) অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো গুৱাহাটীৰ পশ্চিমে ২০০ কিমি পশ্চিমে অৱস্থিত৷
-
ইছলামাবাদ
ইছলামাবাদ হৈছে পাকিস্তানৰ ৰাজধানী। ই ফেডাৰেল ইছলামাবাদ টেৰিটৰীৰ অন্তৰ্গত। ই পাকিস্তনৰ নৱম বৃহৎ চহৰ, ইয়াৰ জনসংখ্যা দুই নিযুততকৈও অধিক। আনহাতে ৫ নিযুতকৈও অধিক জনসংখ্যাৰে ইছলামাবাদ ৰাৱলপিণ্ডি মহানগৰীয় এলেকা হৈছে পাকিস্তানৰ তৃতীয় বৃহত্তম অঞ্চল।
-
ইলোৰা গুহাসমূহ
ইলোৰা গুহাসমূহ (Ellora Caves) বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ সাংস্কৃতিক কলাৰ একটি মিশ্ৰ কেন্দ্ৰ। ইলোৰা মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ চহৰৰ পৰা ৩০ কিলোমিটাৰ (১৮.৬ মাইল) দূৰত্বত অৱস্থিত এটা প্ৰত্নতাত্ত্বিক নিদৰ্শন।
-
ঘিলামৰা
ঘিলামৰা অঞ্চলটো অসমৰ লখিমপুৰ জিলাৰ পূব প্ৰান্তত অৱস্থিত
-
চাংলাং জিলা
চাংলাং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ উত্তৰে টিৰাপ জিলা আৰু দক্ষিণে লোহিত জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলাৰ পিছতে এই জিলা অৰুণাচল প্ৰদেশৰ ভিতৰত সৰ্বাধিক জনবসতিপূৰ্ণ জিলা৷
-
টাৱাং
টাৱাং (Tawang) অৰুণাচল প্ৰদেশৰ এখন পৰ্যটনথলী। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 3,048 মিটাৰ উচ্চতাত থকা এই ঠাইখন ৰাজ্যখনৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত। টাৱাঙক চীনে মাজে সময়ে দক্ষিণ তিব্বতৰ অন্তৰ্গত বুলি দাবী কৰে। এসময়ত টাৱাং, কামেং জিলাৰ সদৰ আছিল কিন্তু পিছলৈ টাৱাং জিলাৰ সদৰ হিচাবে ঘোষণা কৰা হয়।
-
দমন আৰু দিউ
দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ১১২ বৰ্গ কিলোমিটাৰ মাটিকালিৰে ই ভাৰতৰ ক্ষুদ্ৰতম প্ৰশাসনিক অঞ্চল। এই অঞ্চল ভৌগোলিক ভাবে খামবৎ উপসাগৰে পৃথক কৰা দুখন জিলা দমন আৰু দিউৰে গঠিত। ইয়াৰ সীমাত গুজৰাট আৰু আৰৱ সাগৰ অৱস্থিত। ১৫ শতিকাৰ পৰায়ে এই অঞ্চল পৰ্তুগীজ সকলৰ অধীন আছিল।
-
পাছিঘাট
পাছিঘাট উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত পূব ছিয়াং জিলাৰ সদৰ ঠাই৷ এই নগৰখন সাগৰ পৃষ্ঠৰ পৰা ১৫৫ মিটাৰ উচ্চতাত হিমালয় পৰ্বতমালাৰ একাংশ জুৰি অৱস্থিত৷ পাছিঘাট অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰাচীনতম নগৰ বুলি জনা যায়৷
-
পূব কামেং জিলা
পূব কামেং জিলা (East Kameng district ) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখনৰ আন্তৰাষ্ট্ৰীয় সীমা তিব্বতত আৰু অন্য অংশ অৰুণাচলৰ জিলা পশ্চিম কামেং, পাপুমপাৰে আৰু কুৰুং কুমেইৰ সীমান্ত স্পৰ্শ কৰিছে৷ এই জিলাৰ সদৰ ঠাই চেপ্পা আৰু জিলাৰখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ৷
-
মাকুম
মাকুম (IPA: mɑːkəm) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ। 'মাকুম' শব্দটো চীনা শব্দৰ পৰা উৎপত্তি হোৱা যাৰ অৰ্থ "meeting point। " প্ৰকৃততে এই অঞ্চলতে অসমৰ তিনিখন প্ৰধান চহৰ তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা লগ হোৱাৰ বাবে ইয়াৰ নাম মাকুম হৈ পৰে। আন এটা জনশ্ৰুতি অনুসৰি মাকুম এখন ইতিহাস প্ৰসিদ্ধ ঠাই।
-
মানস নদী
মানস নদী বা মানাহ নদী (ইংৰাজী: Manas River) ভাৰতৰ পূৱ প্ৰান্তৰ ৰাজ্য অসমৰ এখন উল্লেখযোগ্য নদী। যোগিনীতন্ত্ৰমতে প্ৰাচীন কামৰূপ ৰাজ্যক যি চাৰিটা পীঠত ভাগ কৰা হৈছিল তাৰে ৰত্নপীঠ আৰু কামপীঠৰ মধ্যৱৰ্তী সীমা আছিল মানাস (মানস)। মানস নদী দক্ষিণ ভুটান আৰু ভাৰতৰ সীমামুৰীয়া অঞ্চলৰ এটা জলপ্ৰবাহ।
-
অসমৰ নদীসমূহৰ তালিকা
অসমৰ বুকুত নদী, উপনৈ, জান, জুৰি, লুইতৰ পৰা বৰাকলৈ, দিখৌৰ পৰা সোৱণশিৰিলৈ এই নদ-নদী বোৰ অসমৰ মানুহৰ সভ্যতা-সংস্কৃতিৰ বাবে বৰ মূল্যবান। অসমৰ সৰু-বৰ বহুত নৈত পানীৰদ্বাৰা ভালে মান জলসিঞ্চন আৰু খোৱা পানী যোগান আঁচনি কাৰ্য্যকৰি কৰা হৈছে। বৰ্ত্তমান বহুত নদ-নদী অতি অৱহেলিত অৱস্থাত আছে।
-
উদয়পুৰ, ত্ৰিপুৰা
উদয়পুৰ (/ˈuːdaɪˌpʊə/) ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ তৃতীয় বৃহৎ নগৰাঞ্চল। পূৰ্বতে ইয়ক ৰঙামাটি বুলি জনা গৈছিল। ত্ৰিপুৰাৰ মাণিক্য ৰাজবংশৰ ৰাজত্বকালত চহৰখন ৰাজ্যখনৰ ৰাজধানী আছিল। এই চহৰখন ত্ৰিপুৰ সুন্দৰী মন্দিৰৰ বাবে বিখ্যাত যাক ত্ৰিপুৰেশ্বৰী মন্দিৰ বুলিও জনা যায়।
-
এথেন্স
এথেন্স গ্ৰীচৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। ভূমধ্যসাগৰীয় এক উল্লেখযোগ্য উপকূলীয় নগৰীয়া অঞ্চল, এথেন্স আটিকা অঞ্চলৰ ৰাজধানী আৰু ইউৰোপীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ ৰাজধানী। ইয়াৰ নগৰীয়া অঞ্চলৰ জনসংখ্যা ৩৬ লাখতকৈ অধিক আৰু ইউৰোপীয় সংঘৰ অষ্টম বৃহত্তম নগৰীয়া অঞ্চল।
-
ক’হিমা জিলা
ক’হিমা জিলা (pron:/ˈkəʊhɪˌmɑː or kəʊˈhiːmə/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাখনৰ মূল অধিবাসীসকল আংগামী নগা জনজাতিৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডৰ মুঠ এঘাৰখন জিলাৰ ভিতৰত ডিমাপুৰৰ পিছতে ক’হিমা দ্বিতীয় জনবসতিপূৰ্ণ জিলা৷
-
ছিডনী
ছিডনী (Sydney) হৈছে নিউ চাউথ ৱেলছ ৰাজ্যৰ ৰাজধানী চহৰ আৰু অষ্ট্ৰেলিয়াৰ আটাইতকৈ জনবহুল চহৰ। অষ্ট্ৰেলিয়াৰ পূব উপকূলত অৱস্থিত এই মহানগৰখনে ছিডনী বন্দৰক আগুৰি আছে আৰু পশ্চিমে ব্লু মাউণ্টেন, উত্তৰে হকছবেৰী, দক্ষিণ আৰু দক্ষিণ-পশ্চিমে ৰয়েল নেচনেল পাৰ্ক আৰু মেকাৰ্থাৰৰ ফালে প্ৰায় ৭০ কিলোমিটাৰ (৪৩.৫ মাইল)…
-
টিৰাপ জিলা
টিৰাপ জিলা (Tirap district, Pron:/tɪˈɹæp/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত এখন অন্যতম জিলা। এই জিলাৰ সীমান্তত নাগালেণ্ড আৰু অসম ৰাজ্য আৰু ম্যানমাৰ দেশ অৱস্থিত। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ন’কটে জনজাতিৰ। তেওঁলোক মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী।
-
পশ্চিম এছিয়া
পশ্চিম এছিয়া ( দক্ষিণ-পশ্চিম এছিয়া বুলিও জনা যায়) এছিয়াৰ পশ্চিম অঞ্চলত থকা দেশসমূহক বুজায়। বেছিভাগ শিক্ষাবিদ, ৰাষ্ট্ৰসংঘৰ সংস্থা আৰু অন্যান্য প্ৰতিষ্ঠানে দিয়া সংজ্ঞা অনুসৰি এই উপ-অঞ্চলত আনাতোলিয়া, আৰব উপদ্বীপ, ইৰাণ, মেছ’পটেমিয়া, আৰ্মেনিয়ান হাইলেণ্ড, লেভেণ্ট, চাইপ্ৰাছ দ্বীপ, চিনাই উপদ্বীপ…
-
পশ্চিম ছিয়াং জিলা
পশ্চিম ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই আল' (পূৰ্বৰ আলং)৷ জিলাখনত ব্যৱহৃত মূল ভাষাসমূহ হৈছে আদি আৰু গাল’৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী আদি, মেম্বা আৰু খাম্বা জনজাতিৰ৷
-
বিহপুৰীয়া (নগৰ)
বিহপুৰীয়া (Bihpuria) (বিহপুৰীয়া গাঁও হিচাপেও পৰিচিত) অসমৰ লখিমপুৰ জিলাৰ এখন নগৰ। ১৯৬২ চনতে অসম চৰকাৰৰ দ্বাৰা নগৰ ঘোষিত হোৱা বিহপুৰীয়া নগৰ সমিতিৰ অধীনস্থ অঞ্চলত ১৪টা নগৰ সমিতি ৱাৰ্ড আছে (২০১১ চনৰ তথ্য অনুসৰি)।
-
বৰ্ষাৰণ্য
বৰ্ষাৰণ্য (Rain Forest) হৈছে সেইবোৰ অৰণ্যাঞ্চল যিবোৰত বছৰটোৰ সকলো সময়তে মাত্ৰাধিক বৰষুণ হয়। এনে অৰণ্য নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছেৰে বিশেষকৈ চিৰসেউজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। বৰ্ষাৰণ্যত ১৮০-২২০ ফুট পৰ্যন্ত উচ্চতাৰ গছ দেখিবলৈ পোৱা যায়।