অভয়াপুৰী (IPA: ˌəbɑːjəˈpʊərɪ or ˌəbeɪjəˈpʊərɪ) (Abhayapuri) অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো গুৱাহাটীৰ পশ্চিমে ২০০ কিমি পশ্চিমে অৱস্থিত৷
ইতিহাস
ঐতিহাসিক বিজনী ৰাজ্যৰ ৰাজধানী অভয়াপুৰী নগৰৰ পূবদিশত ডুমুৰীয়া নামৰ ঠাইখন আছিল বুলি জনা যায়৷ ৰজা বিজিত নাৰায়ণে ১৬৭১ চনত এই ৰাজধানী প্ৰতিষ্ঠা কৰিছিল৷ কিন্তু ১৮৯৭ চনৰ ভূমিকম্পত ই ধ্বংসপ্ৰাপ্ত হয় আৰু দেওঁহাটীলৈ ইয়াক স্থানান্তৰ কৰা হয়৷ ৰাজবংশৰ ৰাণী অভেয়াশ্বৰীৰ নামেৰে নগৰখনৰ নাম অভয়াপুৰী ৰখা হৈছিল৷
ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজাসকল
- বিজিত নাৰায়ণ (চন্দ্ৰ নাৰায়ন)
- জয় নাৰায়ণ
- শিৱ নাৰায়ণ
- বিজয় নাৰায়ণ
- মুকুন্দ নাৰায়ণ
- হৰিদেৱ নাৰায়ণ
- ইন্দ্ৰ নাৰায়ণ
- অমৃত নাৰায়ণ
- কুমুদ নাৰায়ণ
- যোগেন্দ্ৰ নাৰায়ণ
- ভৈৰবেন্দ্ৰ নাৰায়ণ
ভৌগোলিক বিৱৰণ
অভয়াপুৰী গুৱাহাটীৰ পৰা ২০০ কি: মি: আৰু জিলা সদৰ বঙাইগাঁৱৰ পৰা ২১ কি: মি: দূৰত্বত অৱস্থিত ৷ দেৱদাৰু গছেৰে পৰিবেষ্টিত বাবে ই দেৱদাৰু নগৰী বুলিও জনাজাত ৷
আন্ত:গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি, অভয়াপুৰীৰ মুঠ জনসংখ্যা ১৪,৬৭১ জন৷১ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ অভয়াপুৰীৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷
যাতায়ত ব্যৱস্থা
অভয়াপুৰী নগৰৰ পৰা ৭ কি: মি: দূৰত্বত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩১ (খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল ৷ উত্তৰ পূব সীমান্ত ৰেলপথৰ নিউবঙাইগাওঁ কামাখ্যা শাখা ৰেলপথে (গোৱালপাৰা হৈ) অভয়াপুৰীক চুই গৈছে ৷ ২ নং ৰাজ্যিক ঘাইপথ নগৰখনৰ সোঁমাজেদি পাৰ হৈ গৈছে৷
শিক্ষা
অভয়াপুৰীত ভালেসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল- বিদ্যালয়-
- অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
- যোগেন্দ্ৰ নাৰায়ণ সোৱৰণী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
মহাবিদ্যালয়-
ৰাজনীতি
অভয়াপুৰী বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷২
উল্লেখযোগ্য ঠাই
- ৰাম ৰজাৰ ঘৰ- মোগল ৰাজত্বৰ সৈতে আহোমৰ শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰাজস্থানৰ অম্বাৰ ৰাজত্বৰ ৰামসিংহই খন্দোৱা পুখুৰী
- লালমাটি-দুৰামাৰি গণেশ মন্দিৰ- ঐতিহাসিক মন্দিৰ
- লুঙাই পাহাৰ শিৱমন্দিৰ
উল্লেখযোগ্য ব্যক্তি
তথ্যসূত্ৰ
- ↑ Population Finder. Censusindia.gov.in
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভয়াপুৰী” প্ৰবন্ধৰ সংশোধন ৪৪২২৯৫ (১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।