মাকাও(মেকাও নামেও পৰিচিত) গণপ্ৰজাতন্ত্ৰী চীনৰ দুটা বিশেষ প্ৰশাসনিক অঞ্চলৰ এটা। আনটো হল হংকং। মাকাও পাৰ্ল ব-দ্বীপৰ পশ্চিমাংশত হংকঙৰ পূবত অবস্থিত।১ ইয়াৰ উত্তৰত গুয়াংডং প্ৰদেশ আৰু দক্ষিণ আৰু পূবত দক্ষিণ চীন সাগৰ। মাকাওৰ অৰ্থনীতি বহুলাংশে পৰ্যটন আৰু জুয়া-ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ওপৰি আয়ৰ প্ৰধান উৎস যন্ত্ৰাংশ উৎপাদন।
ইতিহাস


1870.]]
ষোড়শ শতিকাৰ মাজৰ পৰা ১৯৯৯ চন পৰ্যন্ত মাকাও পৰ্তুগীজ শাসনাধীন আছিল। ই চীনৰ শেষ ইউৰোপীয় কলনী।২৩ পৰ্তুগীজ ব্যৱসায়ী সকল ১৫৫০ চনৰ ফালে মাকাওত প্ৰথম বসতি স্থাপন কৰিছিল। ১৫৫৭ চনত চীনৰ সম্ৰাটে মাকাওক বাণিজ্য বন্দৰ হিচাপে পৰ্তুগালক অনুমতি দিছিল। ১৮৮৭ চন পৰ্যন্ত মাকাও চীনা প্ৰশাসনৰ অধীনত পৰ্তুগাল শাসিত আছিল। ১৮৮৭ চনত মাকাও পৰ্তুগীজ কলনীত ৰূপান্তৰিত হয়। ১৯৯৯ চনৰ ২০ ডিচেম্বৰত মাকাওৰ সাৰ্বভৌমত্ব চীনক হস্তান্তৰ কৰা হয়। চীনা-পৰ্তুগীজ যৌথ ঘোষণা আৰু মাকাওৰ মৌলিক নীতি অনুসাৰি ২০৪৯ চন পৰ্যন্ত এটি বিশেষ সাৰ্বভৌম ক্ষমতা ভোগ কৰিব।৪
চিত্ৰমালা
.]]
, the goddess of mercy.]]

and Holy Mary.]]
তথ্যসূত্ৰ
- ↑ Macau Yearbook 2007, 475
- ↑ Fung, 5
- ↑ (18 December 1999). Macau and the end of empire. BBC News
- ↑ Content of Basic Law of Macau. University of Macau
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাকাও” প্ৰবন্ধৰ সংশোধন ৫৩১৩৯৭ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।