পাপুমপাৰে জিলা (Pron:/ˌpæpəm ˈpæɹɪ or ˈpɑ:ɹeɪ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলা অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনবহুল জিলা৷ জিলাখনৰ সদৰ ঠাই য়ুপিয়াত অৱস্থিত৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনজাতিৰ৷১
ইতিহাস
১৯৯৯ চনত নামনি সোৱণশিৰি জিলাৰ একাংশ পৃথক কৰি পাপুমপাৰে জিলা সৃষ্টি কৰা হৈছিল৷২
ভৌগোলিক অৱস্থান
পাপুমপাৰে জিলাৰ সদৰ ঠাই য়ুপিয়া (Yupia)৷ এই জিলাৰ মুঠ মাটিকালি ২,৮৭৫ বৰ্গ কিলোমিটাৰ৷৩ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ এই জিলাতে অৱস্থিত৷
মহকুমা
পাপুমপাৰে জিলাখন চাৰিটা মহকুমাত বিভক্ত: বালিজানম, দৈমুখ, কিমিন আৰু চাগালি (Sagalee)৷৪ ইয়াৰোপৰি জিলাখন পোন্ধৰটা প্ৰশাসনিক বৃত্তত বিভক্ত- বালিজান (Balijan), ইটানগৰ (Itanagar), নাহৰলগুণ (Naharlagun), দৈমুখ (Doimukh), তৰু (Toru), চাগালি (Sagalee), লেপ’ৰিয়াং (Leporiang), মেনিগ’ (Mengio), কিমিন (Kimin), বান্দৰদেৱা (Banderdewa), তাৰাচ’ (Tarasso), কাকৈ (Kakoi), গুমত’ (Gumto), পৰাং (Parang), আৰু চংদুপ’তা (Sangdupota)৷৫
এই জিলাৰ অৰুণাচল বিধানসভাৰ তিনিটা সমষ্টি আছে: ইটানগৰ, দৈমুখ আৰু চাগালি৷৬ এই সকলোবোৰ অঞ্চল পশ্চিম অৰুণাচল লোক সভা সমস্টিৰ অন্তৰ্ভুক্ত৷ ৭
ইটানগৰ ৰাজধানী কমপ্লেক্স পৃথক সহউপায়ুক্তই পৰিচালনা কৰে৷৫ ইয়াৰ অন্তৰ্ভুক্ত প্ৰশাসনিক বৃত্ত তিনিটা: ইটানগৰ, নাহৰলগুণ আৰু বান্দৰদেৱা৷৮ ২০১৩ চনৰ জানুৱাৰী মাহত অৰুণাচল প্ৰদেশ চৰকাৰে এই ৰাজধানী কমপ্লেক্সৰ গঠনত অনুমোদন জনায়৷৯ বৰ্তমান এই অঞ্চলটো পৃথক জিলাৰ দৰে পৰিচালনা কৰা হয়৷১০ ১১
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলাৰ মুঠ জনসংখ্যা ১৭৬,৩৮৫ জন৷১২ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৪৷১২ পাপুমপাৰে জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৬১ জন৷ ১২ ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৪৪.৫৭%৷১২ পাপুমপাৰেৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫০ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৮২.১৪%৷১২
পাপুমপাৰে জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি (Nyishi) জনজাতিৰ লোক৷ তেওঁলোক পৰম্পৰাগতভাৱে দনী প’ল’ৰ অনুগামী৷১৩
জৈববৈচিত্ৰ্য
১৯৭৮ চনৰ পাপুম পাৰে জিলাৰ ১৪০ বৰ্গ কিলিমিটাৰ আগুৰি ইটানগৰ বন্যপ্ৰাণী অভয়াৰণ্য (Itanagar Wildlife Sanctuary) সৃষ্টি কৰা হয়৷১৪
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
- ↑ Srivastava, Dayawanti et al. (ed.). (2010). India 2010: A Reference Annual. Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), ভাৰত চৰকাৰ. পৃ. 1113. ISBN 978-81-230-1617-7
- ↑ Papum Pare district: Subdivision & Blocks. papumpare.nic.in
- ↑ (16 June 2014). District Census Handbook, Papum Pare. Government of India. পৃ. 9
- ↑ Papum Pare district: Constituencies. papumpare.nic.in
- ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
- ↑ Itanagar Capital Complex. itanagar.nic.in. District Administration Itanagar Capital Complex
- ↑ (2013-01-16). Arunachal to get four new districts. timesofindia
- ↑ (2014). State Profile of Arunachal Pradesh. Ministry of Micro, Small and Medium Enterprises, Government of India. পৃ. 12-15
- ↑ Districts. arunachalpradesh.gov.in. Government of Arunachal Pradesh
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ papumpare.nic.in/
- ↑ Indian Ministry of Forests and Environment. Protected areas: Arunachal Pradesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাপুমপাৰে জিলা” প্ৰবন্ধৰ সংশোধন ৩৮১৭২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।