অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ক’হিমা জিলা

ক’হিমা জিলা (pron:/ˈkəʊhɪˌmɑː or kəʊˈhiːmə/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাখনৰ মূল অধিবাসীসকল আংগামী নগা জনজাতিৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডৰ মুঠ এঘাৰখন জিলাৰ ভিতৰত ডিমাপুৰৰ পিছতে ক’হিমা দ্বিতীয় জনবসতিপূৰ্ণ জিলা৷

হালনাগাদ: ৭ মাৰ্চ ২০২৪ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

ক’হিমা জিলা (pron:/ˈkəʊhɪˌmɑː or kəʊˈhiːmə/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাখনৰ মূল অধিবাসীসকল আংগামী নগা জনজাতিৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডৰ মুঠ এঘাৰখন জিলাৰ ভিতৰত ডিমাপুৰৰ পিছতে ক’হিমা দ্বিতীয় জনবসতিপূৰ্ণ জিলা৷১

ইতিহাস

ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বে ক’হিমা ’নাগা হিলছ ডিষ্ট্ৰিক্ট’ৰ অন্তৰ্ভুক্ত আছিল আৰু এই জিলাৰ সদৰ ঠাই আছিল ক’হিমা৷ ২

১৯৬১ চনৰ এক ডিচেম্বৰত নাগালেণ্ডৰ অন্যতম জিলা হিচাপে ক’হিমা জিলাৰ প্ৰতিষ্ঠা হয়৷৩ ১৯৭৩ চনত এই জিলাৰ পৰাই ফেক আৰু ৱখা জিলা আৰু ১৯৯৭ চনত ডিমাপুৰ জিলা সৃষ্টি কৰা হয়৷৪৫ অৱশেষত ২০০৩ চনৰ পেৰেণ জিলাৰ সৃষ্টিয়ে ক’হিমা জিলাৰ বৰ্তমানৰ ৰূপ দিয়ে৷৬

প্ৰশাসন

ক’হিমা জিলাৰ মূল প্ৰশাসনিক বিষয়া হ’ল উপায়ুক্ত (deputy commissioner)৷ প্ৰতিটো প্ৰশাসনিক চাৰ্কোলৰ তত্বাবধানৰ বাবে তেওঁৰ অধীনত বিভিন্ন সংযোজিত ডেপুটি কমিশ্যনাৰ (additional deputy commissioners) আৰু মহকুমা বিষয়া (sub-division officers; SDOs) থাকে৷৭ ইয়াৰ উপৰিও ক’হিমাৰ এটা জিলা নাগৰিক উন্নয়ন পৰিষদ (District Urban Development Agency) আছে৷ ৮

ক’হিমা জিলাখন আঠটা প্ৰশাসনিক চাৰ্কোল (administrative circles) ত বিভক্ত কৰা হৈছে- Tseminyu, Tsogin, Chiephobozou, Botsa, কেজ’চা (Kezocha), জখমা (Jakhama), Kohima Sadar আৰু Sechu-Zubza৷ এই চাৰ্কোলসমূহ চাৰিটা গ্ৰাম্য উন্নয়ন বিভাগ (Rural Development Blocks) ত বিভক্ত- ক’হিমা(Kohima Sadar আৰু Sechu-Zubza), Chiephobozou (Chiephobozou, Botsa আৰু কেজ’চাৰ কিছু অংশ), জখমা (জখমা আৰু কেজ’চাৰ বাকী অংশ) আৰু Tseminyu (Tseminyu আৰু Tsogin).৩

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি ক’হিমাৰ মুঠ জনসংখ্যা ২৬৭,৯৮৮ ৷ ইয়াৰে ৪৫% লোক চহৰ অঞ্চলত বাস কৰে৷ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৭৬৷ ক’হিমাৰ প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯২৮ গৰাকী৷ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৮৫%৷১

ক’হিমাৰ মূল অধিবাসী হৈছে আংগামী নগা আৰু ৰেংমা নগা জনজাতিৰ লোকসকল৷

ভাষা

ভৌগোলিক অৱস্থান

তথ্যসূত্ৰ

  1. ↑ (2011). District Census 2011. Census2011.co.in
  2. ↑ (18 February 2015). Brief industrial profile of Kohima district, Nagaland state. Government of India Ministry of MSME
  3. ↑ (16 June 2014). District Census Handbook. Census of India 2011
  4. ↑ (8 June 2016). Know Your Districts: Phek - The Morung Express. The Morung Express
  5. ↑ (2010). About Wokha. Wokha Dist Administration
  6. ↑ (17 October 2017). Nagaland: Know Your Districts - An overview -III - The Morung Express. The Morung Express
  7. ↑ (July 2017). Hierarchy of administrative officers at deputy commissioner's office, Kohima. National Informatics Centre, Kohima District Centre
  8. ↑ (July 2006). Kohima CDP Revised. Government of Nagaland. পৃ. 67

সম্পৰ্কিত শ্ৰেণী

নাগালেণ্ডৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক’হিমা জিলা” প্ৰবন্ধৰ সংশোধন ৪১০১৬৭ (৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।