ইছলামাবাদ হৈছে পাকিস্তানৰ ৰাজধানী। ই ফেডাৰেল ইছলামাবাদ টেৰিটৰীৰ অন্তৰ্গত। ই পাকিস্তনৰ নৱম বৃহৎ চহৰ, ইয়াৰ জনসংখ্যা দুই নিযুততকৈও অধিক। আনহাতে ৫ নিযুতকৈও অধিক জনসংখ্যাৰে ইছলামাবাদ ৰাৱলপিণ্ডি মহানগৰীয় এলেকা হৈছে পাকিস্তানৰ তৃতীয় বৃহত্তম অঞ্চল।১২৩ নগৰখন পাকিস্তানৰ অতি প্ৰয়োজনীয় ৰাজনৈতিক কেন্দ্ৰ স্বৰূপ। কেপিটেল ডেভেলপমেণ্ট অথ'ৰিটিৰ সহযোগত চহৰখন ইছলামাবাদ মেট্ৰ'পলিটান কৰ্প'ৰেচন পৰিচালনা কৰে। ইছলামাবাদ দেশৰ উত্তৰ-পূৱত অৱস্থিত। ই উত্তৰে ৰাৱলপিণ্ডি জিলা আৰু মাৰগালা হিলছ্ নেচনেল পাৰ্কৰ মাজত অৱস্থিত। ঐতহাসিকভাবে এই অঞ্চলটো পঞ্জাব আৰু খেইবাৰ পাখটুংখাৱাৰ অন্তৰ্গত আছিল।৪ ১৯৬০ চনত কৰাচীৰ পৰা পাকিস্তানৰ ৰাজধানী স্থানান্তৰ কৰিবৰ বাবে ইছলামাবাদৰ গঠন কৰা হৈছিল। নগৰসমূহৰ প্ৰধান পৰিকল্পনা অনুসৰি ইছলামাবাদক আঠটা ভাগত ভাগ কৰা হৈছে, প্ৰশাসনিক, ডিপ্ল'মেটিক এনক্লেভ, আৱাসিক এলেকা, শৈক্ষিক বিভাগ, উদ্যোগিক বিভাগ, ব্যৱসায়িক এলেকা, আৰু গ্ৰামীন আৰু সেউজ এলেকা। মাৰগালা হিলছ্ নেচনেল পাৰ্ক আৰু ছাকাৰপাৰিয়ান পাৰ্ককে ধৰি বহু উদ্যান আৰু অৰণ্যৰ বাবে অঞ্চলটো বিখ্যাত।৫
চহৰখনত দক্ষিণ এছিয়াৰ আটাইতকৈ বৃহৎ মঠ, ফৈছাল মঠৰ দৰে বহুতো কীৰ্তিচিহ্ন আছে।৬ ই পৃথিৱীৰ চতুৰ্থ বৃহত্তম মঠ। ইয়াত থকা অন্য কীৰ্তিচিহ্ন কিছুমান হৈছে, পাকিস্তানৰ ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন আৰু ডেমক্ৰেটিক স্কোৱাৰ।৭৮৯ ইছলামাবাদৰ মানৱ উন্নয়নৰ সূচাংকৰ হাৰ অতি উচ্চ, ই বেলজিয়ামৰ সমপৰ্যায়ৰ।১০ ই পাকিস্তানৰ আটাইতকৈ ব্যয়বহুল নগৰ, আৰু নগৰখনৰ জনসংখ্যা গৰিষ্ঠ সংখ্যক লোকেই মধ্য আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোক।১১১২ কোয়েইড-ই আজাম বিশ্ববিদ্যালয় আৰু এনইউএছটিকে ধৰি নগৰখনত মুঠ ১৬খন বিশ্ববিদ্যালয় আছে।১৩ পাকিস্তানৰ ভিতৰত ইছলামাবাদতেই সকলোতকৈ কম অপৰাধ সংঘটিত হয়, অপৰাধ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ বিভিন্ন স্থানত প্ৰায় ১৯,০০টা চিচিটিভি কেমেৰা লগোৱা আছে।১৪১৫
নামকৰণ
ইছলামাবাদ নামটো ইছলাম আৰু আবাদ শব্দ দুটাৰ পৰা গঠন কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে ইছলামৰ নগৰ। ইছলাম এটা আৰবিক শব্দ, ই ইছলামক বুজায় আৰু আবাদ হৈছে পাৰ্ছিয়ান শব্দ, ই বসবাস কৰা ঠাই বা নগৰ বুজায়।১৬
যমজ চহৰ আৰু ভগ্নী নগৰ
ইছলামাবাদৰ যমজ চহৰ আৰু ভগ্নী নগৰসমূহ হৈছে:
- আমান, জৰ্ডান১৭
- বেইজিং, চীন১৮
- ছিউল, দক্ষিণ কোৰিয়া১৯
- জাকাৰ্টা, ইণ্ডোনেছিয়া ১৯৮৪, ২০১০ চনৰ পৰা পুনৰ আৰম্ভ হৈছে২০
- আবু ধাবি, সংযুক্ত আৰৱ আমিৰাত২১
পৰিবহণ
ইছলামাবাদ সমগ্ৰ বিশ্বৰ সৈতে ইছলামাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যোগেৰে সংযোজিত। এই বিমানবন্দৰ ইছলামাবাদৰ নিকটৱৰ্ত্তী ফতেহ জংগত অৱস্থিত। ইয়াৰ পূৰ্বে বেনজিৰ ভুট্ট' ইণ্টাৰনেচনেল এয়াৰপৰ্ট আছিল ইছলামাবাদৰ প্ৰধান বিমানবন্দৰ। সেই বিমানবন্দৰক পূৰ্বতে ইছলামাবাদ বিমানবন্দৰ বোলা হৈছিল।২২ ই পাকিস্তানৰ তৃতীয় বৃহৎ বিমানবন্দৰ আৰু ই ইছলামাবাদৰ বাহিৰৰ চাকালা, ৰাৱলপিণ্ডিত অৱস্থিত।২৩ ২০০৪-২০০৫ বৰ্ষত বেনজিৰ ভুট্ট' ইণ্টাৰনেচনেল এয়াৰপৰ্টে প্ৰায় ২.৮৮ নিযুত যাত্ৰীক ২৩,৪৩৬খন বিমানেৰে সেৱা আগবঢ়াইছিল।২৪ বৰ্তমান সেই বিমানবন্দৰ পাকিস্তান বায়ুসেনাৰ অন্তৰ্গত।
তথ্যসূত্ৰ
- ↑ (1998). Population size and growth of major cities. Pakistan Bureau of Statistics
- ↑ Frantzeskakis, J. M. Islamabad, a town planning example for a sustainable city
- ↑ (7 August 2012). Islamabad's population touches two-million mark. The Dawn News
- ↑ Islamabad. Islamabad.net
- ↑ Capital Development Authority. www.visitislamabad.net
- ↑ J. Gordon Melton, Martin Baumann. (21 September 2010). Religions of the World: A Comprehensive Encyclopedia of Beliefs and Practices. ABC-CLIO. পৃ. 1972. ISBN 978-1598842036
- ↑ Leslie Noyes Mass. (15 September 2011). Back to Pakistan: A Fifty-Year Journey. Rowman & Littlefield Publishers. পৃ. 170. ISBN 978-1442213197
- ↑ Ravi Kalia. (21 April 2011). Pakistan: From the Rhetoric of Democracy to the Rise of Militancy. Routledge. পৃ. 83. ISBN 978-0415670401
- ↑ (2013-08-29). National Monument: Structure reflects history of Pakistan - The Express Tribune. The Express Tribune
- ↑ www.statpak.gov.pk/depts/fbs/statistics/pslm_pro
- ↑ Hetland, Atle. (2014-03-23). Islamabad — a city only for the rich?. DAWN.COM
- ↑ G-12, a sector housing rich, poor alike. The Nation
- ↑ HEC, Pakistan. HEC University Rankings by Category
- ↑ (2016-06-06). Safe City Project gets operational: Islooites promised safety - The Express Tribune. The Express Tribune
- ↑ Crime rate in Islamabad drops, claim police. The Nation
- ↑ Adrian Room. (13 December 2005). Placenames of the World. McFarland & Company. পৃ. 177. ISBN 978-0786422487
- ↑ Greater Amman Municipality-Official website. Twin city agreements
- ↑ Beijing International-Official website. Sister cities
- ↑ Fazal Sher - Daily Times. Islamabad, Seoul to be made sister cities
- ↑ www.dailytimes.com.pk/default.asp?page=2010\01\2
- ↑ Twin towns of Minsk. © 2008 The department of protocol and international relations of Minsk City Executive Committee
- ↑ Geo News. PM names Islamabad Airport as Benazir Bhutto International Airport
- ↑ United Impex. International Air Ports in Pakistan
- ↑ A-Z World Airports. Islamabad – Benazir Bhutto International Airport (ISB/OPRN)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইছলামাবাদ” প্ৰবন্ধৰ সংশোধন ৪২৪৭৮৬ (৪ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।