টাৱাং (Tawang) অৰুণাচল প্ৰদেশৰ এখন পৰ্যটনথলী। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 3,048 মিটাৰ উচ্চতাত থকা এই ঠাইখন ৰাজ্যখনৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত। টাৱাঙক চীনে মাজে সময়ে দক্ষিণ তিব্বতৰ অন্তৰ্গত বুলি দাবী কৰে।১২ এসময়ত টাৱাং, কামেং জিলাৰ সদৰ আছিল কিন্তু পিছলৈ টাৱাং জিলাৰ সদৰ হিচাবে ঘোষণা কৰা হয়।
ভূগোলিক বিৱৰণ
টাৱাং সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ ফুট উচ্চতাত অৱস্থিত। গুৱাহাটীৰ পৰা দূৰত্ব প্ৰায় ৫৫৫ কিঃমিঃ আৰু তেজপুৰৰ পৰা প্ৰায় ৩২০ কিঃমিঃ।
জলবায়ু
বাৰ্ষিক বৃষ্টিপাত বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ= ১৪৮.০০ মিঃমিঃ।৩
| মাহ | বৃষ্টিপাত |
|---|---|
| জানুৱাৰী | ১৯.৬০ মিমি |
| ফেব্ৰুৱাৰী | ৪.০০ মিমি |
| মাৰ্চ | ১৬.০০ মিমি |
| এপ্ৰিল | ৩০৫.৮০ মিমি |
| মে' | ১৮৫.৭০ মিমি |
| জুন | ২৬০.০০ মিমি |
| জুলাই | ৩০২.০০ মিমি |
| আগষ্ট | ৩২৩.৮০ মিমি |
| চেপ্তেম্বৰ | ৩৫১.৩০ মিমি |
| অক্টোবৰ | ১৩.৪০ মিমি |
| নৱেম্বৰ | নাই |
| ডিছেম্বৰ | নাই |
| মুঠ | ১,৮২৮ মিমি |
উষ্ণতা
- সৰ্ব্বোচ তাপমাত্ৰা = ২৩ ডিগ্ৰি চেঃ
- সৰ্ব্বনিম্ন তাপমাত্ৰা = -৪ ডিগ্ৰি চেঃ
ইতিহাস
স্থানীয় লোকসকলে বিশ্বাস কৰে যে, টাৱাং নামটো টাৱাং ধৰ্মশালাৰ পৰা লোৱা। টা মানে ঘোঁৰা আৰু ৱাং মানে বাছিলোৱা। আদিতে টাৱাং মন্পা লোকসকলৰ বাসস্থান আছিল। ৫ম দালাই লামাৰ ইচ্ছা অনুসৰি, মৰেক লামা লডৰে গায়ষ্ঠেই টাৱাং মনেষ্ট্ৰিটো ১৬৮১ চনত স্থাপন কৰিছিল। ১৯১৪ চনত তিব্বত আৰু ভাৰতৰ মাজত নতুন আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণ কৰা হৈছিল। ১৯৩৫ চনত ইণ্ডো-ভাৰতীয় নিৰ্ধাৰণ কৰা হয় আৰু তিব্বত চৰকাৰে টাৱাঙক ভাৰতৰ হাতত গতাই দিয়ে। ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ পাছত টাৱাং আৰু সমগ্ৰ অৰুণাচল প্ৰদেশ চীনৰ শাসনলৈ গুছি গৈছিল, কিন্তু কিছু অজ্ঞাত কাৰণত চীনা সৈন্যই সমগ্ৰ অঞ্চল হঠাতে এৰি গুছি যায়। সেইকাৰণে চীনে মাজে-সময়ে দাবী কৰি থকা দেখা যায়।৪
দালাই লামাৰ পদাৰ্পণ
১৯৫৯ চনত টেনজিং গিয়াত্ ছো চীনা কাৰাগাৰৰ পলাই আহি টাৱাঙত উপস্থিত হয়। তেওঁ কিছুদিন মনেষ্ট্ৰীত থাকি ১৮ এপ্ৰিলত তেজপুৰলৈ আহে।৫ ২০০৩ চনত তেখেতে কৈছিল যে অৰুণাচল প্ৰদেশ প্ৰকৃততে তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ অংশ কিন্তু ২০০৮ চনত তেওঁ কথাৰ সুৰ সলনি কৰি ভাৰতৰে অংশ বুলি কয়।৬ শেহতীয়াকৈ দালাই লামাই ২০০৯ চনৰ ৮ নৱেম্বৰত পুনৰ টাৱাঙলৈ আহিছিল। নেপাল, ভূটান আদি কৰি বিভিন্ন স্থানৰ প্ৰায় ৩০,০০০ মানুহ উক্ত সমাবেশনত গোট খাইছিল।৭
পৰ্যটন
in the Tawang Monastery.]]
টাৱাঙলৈ আহিবলৈ হ'লে অৰুণাচল চৰকাৰৰ বিশেষ অনুমতি বা ইনাৰ লাইন পাৰ্মিট লৈহে প্ৰবেশ কৰিব পাৰি।৮ কলিকতা, গুৱাহাটী নতুন দিল্লী আৰু তেজপুৰত এনে অনুপতি পত্ৰ লাভ কৰাৰ শাখা কাৰ্যালয় আছে। তুষাৰপাতৰ ঋতুত টাৱাঙলৈ দেশ-বিদেশৰ অসংখ্য পৰ্যটক অহা দেখা যায়। টাৱাঙৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। অক্টোবৰ পৰা মাৰ্চ মাহলৈ ইয়াত আটাইতকৈ বেছি ভিৰ পৰিলক্ষিত হয়। টাৱাঙলৈ শোণিতপুৰ জিলাৰ বালিপৰা, ছেলা পাছ হৈ যাব পাৰি। ২০০৮ চনৰ জুন মাহৰ পৰা অৰুণাচল চৰকাৰৰ দ্বাৰা গুৱাহাটীৰ পৰা টাৱাঙলৈ দৈনিক হেলিকপ্টাৰ চলাচল আৰম্ভ কৰা হয়।
বাহ্যিক সংযোগ
- Tawang Travel information
- District website
- Popular Places to Visit in Tawang with Photos
- East India Hill Stations - Tawang
তথ্যসূত্ৰ
- ↑ Maxwell, Neville. (1970). India's China War. Pantheon. পৃ. 65. ISBN 9780224618878
- ↑ J Michael Cole. (November 27, 2012). China’s New Passport Sparks Controversy. The Diplomat
- ↑ MONTHLY RAINFALL IN TAWANG. DC Office Tawang District
- ↑ India's China War by Neville Maxwell (Anchor Books, 1972),pp.384–502
- ↑ Richardson (1984), p. 210
- ↑ (Jun 4, 2008). Tawang is part of India: Dalai Lama. THE TIMES OF INDIA
- ↑ Zarir Hussain. (November 10, 2009,). Thousands flock to see Dalai Lama in Indian state. The China Post
- ↑ MONTHLY RAINFALL IN TAWANG. DC Office Tawang District
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাৱাং” প্ৰবন্ধৰ সংশোধন ৪১৯৬২৭ (২৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।