অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বিহপুৰীয়া (নগৰ)

বিহপুৰীয়া (Bihpuria) (বিহপুৰীয়া গাঁও হিচাপেও পৰিচিত) অসমৰ লখিমপুৰ জিলাৰ এখন নগৰ। ১৯৬২ চনতে অসম চৰকাৰৰ দ্বাৰা নগৰ ঘোষিত হোৱা বিহপুৰীয়া নগৰ সমিতিৰ অধীনস্থ অঞ্চলত ১৪টা নগৰ সমিতি ৱাৰ্ড আছে (২০১১ চনৰ তথ্য অনুসৰি)।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ৪০১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিহপুৰীয়া (Bihpuria) (বিহপুৰীয়া গাঁও হিচাপেও পৰিচিত) অসমৰ লখিমপুৰ জিলা জিলাৰ এখন নগৰ। ১৯৬২ চনতে অসম চৰকাৰৰ দ্বাৰা নগৰ ঘোষিত হোৱা বিহপুৰীয়া নগৰ সমিতিৰ অধীনস্থ অঞ্চলত ১৪টা নগৰ সমিতি ৱাৰ্ড আছে (২০১১ চনৰ তথ্য অনুসৰি)।

বিহপুৰীয়া নামৰ উৎপত্তি

বিহপুৰীয়া বুলিলে কেৱল একে নামৰ নগৰখনকে নুবুজাই এক বিস্তীৰ্ণ অঞ্চল বুজোৱা হয়। সবল ঐতিহাসিক প্ৰামাণ্যৰ অভাৱৰ হেতু এই নামৰ উৎপত্তি সম্পৰ্কে জনশ্ৰুতিৰ ওপৰত ভিত্তি কৰি কেইবাটাও মতবাদ আছে। এক জনশ্ৰুতি অনুসৰি এই অঞ্চলৰ পূৰ্বৰ লোকসকল বিহু উৎসৱৰ নাম গোৱাত পটু আছিল বাবেই ইয়াৰ নাম বিহুপুৰীয়া আৰু পৰৱৰ্তী কালত তাৰ পৰাই বিহপুৰীয়া হ'লগৈ। ১ অষ্টাদশ শতিকাৰ আৰম্ভনিতে যেতিয়া মোৱামৰীয়াসকলে প্ৰভাৱ বিস্তাৰ কৰিছিল। মোৱামৰীয়াসকলৰ এটা অংশ বৰ্তমানৰ বিহপুৰীয়া অঞ্চলৰ এক আদিমবাসী গোট হিচাপেও জনা যায়, আৰু শক্তিমন্ত এই জনগোটৰ মাজত কেইবাজনো 'বীৰপুৰুষ'ৰ জন্ম হোৱা বাবে এই অঞ্চলৰ নাম বীৰপুৰ হয়গৈ। এই বীৰপুৰ নামেই মুখবাগৰি বিহপুৰ বা বিহপুৰীয়া হয় বুলি একাংশৰ মত। ১ আন এক মতবাদ মতে অষ্টাদশ শতিকাৰ মাজভাগতে ডফলাসকলে এই অঞ্চলত উপদ্ৰৱ কৰাত আহোম স্বৰ্গদেউৱে ইয়ালৈ সেনা পঠিয়ায়। ডফলাক দমন কৰি সেনা গড়গাঁৱলৈ ঘূৰি যায়। যুঁজৰ পিছত মোৱামৰীয়াসকল আৰু ডফলাসকলৰ মাজত মিত্ৰতা হয়। ডফলাসকলে পিছত যুঁজৰ বাবে প্ৰয়োজনীয় বিহকাঁড়ৰ বাবে বিহৰ-পুৰীয়া তৈয়াৰ কৰি মোৱামৰীসকলক দিছিল। এই ভিত্তিতেই এই স্থানৰ নাম বিহপুৰীয়া বুলি সকলোৱে উল্লেখ কৰে। ২ ইয়াৰ প্ৰমাণ হিচাপে বিহপুৰীয়া নগৰৰ সমীপতে ডফলা পথাৰ গাওঁখন আছে। মোৱামৰীসকলে ডফলাৰ লগত তেওঁলোকৰ মিত্ৰতাৰ চিনস্বৰূপে বিহপুৰীয়াৰ উপকন্ঠত ডফলাৰ কটকী ৰখাৰ ব্যৱস্থা কৰা ঠাইখিনি বৰ্তমান কটকীবৰী হিচাপে জনা যায়। ১

বৰ্তমানৰ বিহপুৰীয়া নগৰৰ দক্ষিণ প্ৰান্তত সোনোৱাল কছাৰী আৰু ঠেঙাল কছাৰী গাঁওসমূহ আছে। কালিকাপুৰাণত উল্লেখ থকামতে সোনোৱালসকলৰ আদি বাসস্থান সৌমাৰপীঠৰ উত্তৰ-পূৱৰ কুকুৰী বেবেজীয়া। প্ৰাচীন কালত ইয়াত বিশ্বপুৰ নামৰ কছাৰী ৰজাৰ নগৰ থকাৰ পৰাই ঠাইডোখৰৰ নাম বিহপুৰ বা বিহপুৰীয়া হয় বুলিও ঠাৱৰ কৰা হয়। ৩ ১

ভৌগোলিক অৱস্থান

বিহপুৰীয়াৰ ভৌগোলিক অৱস্থান হৈছে (অক্ষাংশ আৰু দ্ৰাঘিমাংশ)। ৪ সাগৰ পৃষ্ঠৰ পৰা বিহপুৰীয়াৰ গড় উচ্চতা হৈছে ১০২ মিটাৰ.

জনসংখ্যা

২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি বিহপুৰীয়া নগৰৰ জনসংখ্যা আছিল ১০,৮৬৭। ইয়াৰে পুৰুষৰ শতকৰা হাৰ ৫৭% আৰু মহিলাৰ ৪৭%। বিহপুৰীয়াৰ সাক্ষৰতাৰ হাৰ ৭৭% (পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮২% আৰু মহিলাৰ ৭৩%)। সাক্ষৰতাৰ হাৰ ৰাষ্ট্ৰীয় হাৰ ৫৯। ৫% তকৈ ওপৰত আছিল। সেই একে লোকপিয়লৰ তথ্য অনুসাৰে বিহপুৰীয়াৰ ৬ বছৰৰ তলৰ শিশু মুঠ জনসংখ্যাৰ ১১%।

ৰাজনৈতিক

বিহপুৰীয়া তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।৫

বিহপুৰীয়াৰ বৈশিষ্ট্যমূলক স্থানসমূহ

বিহপুৰীয়া নগৰৰ দাঁতিকাষৰীয়া ঠাইসমূহত বিভিন্ন ধৰণৰ পৌৰাণিক থান আছে। ইয়াৰ ভিতৰত বিহপুৰীয়াৰ বদতিঘাটৰ সমীপত মহাপুৰুষ শংকৰদেৱে এবাৰ পদাৰ্পণ কৰা চাঙিনীথান অৱস্থিত। ৬ নগৰৰ সমীপতে পূৱডিক্ৰং পঞ্চায়তৰ অন্তৰ্গত নাহৰআটি গাঁৱত শংকৰদেৱৰ অন্যতম শিষ্য শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ থান অৱস্থিত। এই থানৰ অন্যতম আকৰ্ষণ বিন্দু হৈছে এই থানত থকা বান্দৰ। এই থানৰ উপৰিও ঐতিহাসিক বৃহৎ আকাৰৰ কন্দলী পুখুৰীৰ অন্যতম পৰ্যটন স্থল। পৌৰাণিক মতবাদ অনুসৰি এই পুখুৰীত এখন সোণৰ নাও আছিলি। যিখন নাও ডিক্ৰং নদীয়ে সেই পুখুৰীৰ পাৰ খঢ়হাই সেই সোণৰ নাওখন লৈ যায় আৰু যি স্থানেৰে এই নাওৱে গতি কৰিলে সেই স্থানত এটা জানৰ সৃষ্টি হল। যিটো জান বৰ্তমান নাওজান নামেৰে বিখ্যাত।

শৈক্ষিক প্ৰতিষ্ঠানসমূহ

বিদ্যালয়সমূহ

  • বিহপুৰীয়া ১ নং নগৰ নিম্ন বুনিয়াদী বিদ্যালয় (স্থাপিত: ১৯৪৭ চন)
  • বিহপুৰীয়া সদৰ প্ৰাথমিক বিদ্যালয়
  • বিহপুৰীয়া মজলীয়া বিদ্যালয়
  • বিহপুৰীয়া কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয় (স্থাপিত: ১৯৩৭ চন)
  • বিহপুৰীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • শংকৰদেৱ শিশু নিকেতন
  • বিহপুৰীয়া জাতীয় বিদ্যালয়
  • বিমলা প্ৰসাদ চলিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • অসম অন্ধ শিশু বিদ্যালয়
  • জৱাহৰ নৱোদয় বিদ্যালয়, বিহপুৰীয়া
  • বিহপুৰীয়া উদবাস্তু উচ্চ মাধ্যমিক বিদ্যালয় (বাংলা মাধ্যম)
  • জ্ঞান সৌৰভ জাতীয় বিদ্যালয় (লাহলিয়াল)৭

মহাবিদ্যালয়সমূহ

  • বিহপুৰীয়া মহাবিদ্যালয়
  • পূব-ডিক্ৰং মহাবিদ্যালয়
  • বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়
  • লখিমপুৰ পলিটেকনিক

তথ্যসূত্ৰ

  1. ↑ ধৰ্মেশ্বৰ কটকী. (২০২১). বিহপুৰীয়াৰ ইতিবৃত্ত (গ্ৰন্থ: স্মৃতিগ্ৰন্থ, শতজান, অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন, বিহপুৰীয়া). সম্পাদনা সমিতি, অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন, বিহপুৰীয়া. পৃ. ১৩-১৮
  2. ↑ কিৰণ চন্দ্ৰ গগৈ. (২০০৯). বিহপুৰীয়া: নামৰ উৎপত্তি আৰু উন্নতিৰ অগ্ৰগতি (গ্ৰন্থ: লক্ষীমপুৰ দৰ্পণ). অৰিয়েন্ট. পৃ. ৮২-৮৪
  3. ↑ মাণিক চন্দ্ৰ গগৈ. (২০১৭). বিহপুৰীয়া: নামৰ আদিকথা আৰু স্বাধীনতাৰ প্ৰাক-কালৰ লোহিত ডিক্ৰং অঞ্চলৰ সংক্ষিপ্ত বিৱৰণ (গ্ৰন্থ: লোহিত প্ৰৱাহ, লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ স্মৃতিগ্ৰন্থ). লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিহপুৰীয়া. পৃ. ২৫-৩৩
  4. ↑ Falling Rain Genomics, Inc - Bihpuria
  5. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
  6. ↑ শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক. (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃ. ১
  7. ↑ Schools in Bihpuria. Assam. SchoolsWorld.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিহপুৰীয়া (নগৰ)” প্ৰবন্ধৰ সংশোধন ৬৩০৫২৬ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।