বিভিন্ন ঠাই দৰ্শণ আৰু আমোদ-প্ৰমোদৰ বাবে পৰিভ্ৰমণ কৰা কাৰ্য্যই হৈছে পৰ্য্যটন। অসম তথা ভাৰতবৰ্ষত বৰ্তমান বিভিন্ন পৰ্য্যটন ক্ষেত্ৰ গঢ়ি উঠিছে।
বিশ্ব পৰ্যটন দিৱস
১৯৮০চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭চেপ্তেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে। বিশ্ব পৰ্যটন দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য। ১৯৭০ চনৰ ২৭চেপ্তেম্বৰত বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল। ১৯৯৭চনৰ পৰা প্ৰতি বছৰে একোটা নতুন বিষয়-বস্তু (থিম) লৈ বিশ্ব পৰ্যটন দিৱস উদ্যাপন কৰি অহা হৈছে। বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই থিম যুগুত কৰা হয়।
ভাৰতবৰ্ষৰ বিভিন্ন পৰ্য্যটন স্থান
অসমৰ বিভিন্ন পৰ্য্যটন স্থান
মূল প্ৰবন্ধ: অসমৰ পৰ্যটনস্থলসমূহৰ তালিকা
মঠ মন্দিৰ
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য
মূল প্ৰবন্ধ: অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
- মানস ৰাষ্ট্ৰীয় উদ্যান
- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
- ওৰাং ৰাষ্ট্ৰীয় উদ্যান
- নামেৰি ৰাষ্ট্ৰীয় উদ্যান
- পবিতৰা অভয়াৰণ্য
- গৰমপানী অভয়াৰাণ্য
- লাওখোৱা অভয়াৰাণ্য
- বৰনদী অভয়াৰাণ্য
- সোণাই-ৰূপাই অভয়াৰণ্য
- পাভৈ অভয়াৰাণ্য
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰ্যটন” প্ৰবন্ধৰ সংশোধন ৩৮৫৪০৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।