অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দমন আৰু দিউ

দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ১১২ বৰ্গ কিলোমিটাৰ মাটিকালিৰে ই ভাৰতৰ ক্ষুদ্ৰতম প্ৰশাসনিক অঞ্চল। এই অঞ্চল ভৌগোলিক ভাবে খামবৎ উপসাগৰে পৃথক কৰা দুখন জিলা দমন আৰু দিউৰে গঠিত। ইয়াৰ সীমাত গুজৰাট আৰু আৰৱ সাগৰ অৱস্থিত। ১৫ শতিকাৰ পৰায়ে এই অঞ্চল পৰ্তুগীজ সকলৰ অধীন আছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৪১৫ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ১১২ বৰ্গ কিলোমিটাৰ মাটিকালিৰে ই ভাৰতৰ ক্ষুদ্ৰতম প্ৰশাসনিক অঞ্চল। এই অঞ্চল ভৌগোলিক ভাবে খামবৎ উপসাগৰে পৃথক কৰা দুখন জিলা দমন আৰু দিউৰে গঠিত। ইয়াৰ সীমাত গুজৰাট আৰু আৰৱ সাগৰ অৱস্থিত। ১৫ শতিকাৰ পৰায়ে এই অঞ্চল পৰ্তুগীজ ভাষা সকলৰ অধীন আছিল। ১৯৬১ চনত ভাৰত চৰকাৰে এই অঞ্চল নিজৰ অধীনলৈ আনে। এই অঞ্চল কলি সম্প্ৰদায়ৰৰ লোকে ৰাজত্ব কৰিছিল।১২

২০১৯ চনত ভাৰত চৰকাৰে দমন আৰু দিউক দাদৰা আৰু নগৰ হাভেলীৰ লগত একত্ৰীকৰণ কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ আঁচনি গ্ৰহণ কৰিছে।৩

ইতিহাস

৪৫০ বছৰতকৈ অধিক কাল আৰৱ সাগৰৰ উপকূলীয় দমন আৰু দিউ অঞ্চল, গোৱা আৰু দাদৰা আৰু নগৰ হাভেলী পৰ্তুগীজ ভাৰতৰ অন্তৰ্ভুক্ত আছিল। ১৯৬১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে অপাৰেচন বিজয়ৰ জৰিয়তে গোৱা, দমন আৰু দিউ ভাৰত গণৰাজ্যত অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ পৰ্টুগালে ভাৰতৰ এই অন্তৰ্ভুক্তিক স্বীকৃতি জনোৱা নাছিল।

১৯৮৭ চনলৈ গোৱা, দমন আৰু দিউ এখন কেন্দ্ৰীয় শাসিত অঞ্চল আছিল। তাৰপিছত গোৱায়ে ৰাজ্যৰ মৰ্যাদা লাভ কৰে। দমন আৰু দিউ দুয়ো অঞ্চল দুটা জিলাৰে গঠিত। দুয়ো অঞ্চল পথেৰে ৬৫০ কিঃমিঃ দূৰত্বত অৱস্থিত।

জন-গাঁথনি

শিক্ষা

২০১১ চনৰ লোকপিয়ল মতে দমন আৰু দিউৰ সাক্ষৰতা হাৰ ৮৭.১%। ৪ তাৰে পুৰুষ সাক্ষৰতা হাৰ ৯১.৫% আৰু মহিলাৰ হাৰ ৭৯.৫%

লিংগ অনুপাত

২০১১ চনৰ লোকপিয়ল মতে দমন আৰু দিউত ভাৰতৰ ভিতৰতে আটাইতকৈ কম লিংগ অনুপাত। প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে দমন আৰু দিউত ৬১৮ গৰাকী মহিলা আছে।৫ দমন জিলাত এই অনুপাত ০.৫৩৩ আৰু এই অনুপাত ভাৰতৰ জিলাসমূহৰ ভিতৰত সৰ্বনিম্ন।

ধৰ্ম

চেইণ্ট পলছ গীৰ্জা, দিউ
চেইণ্ট পলছ গীৰ্জা, দিউছবি: Shakti · CC BY-SA 3.0

হিন্দু ধৰ্ম দমন আৰু দিউৰ মুখ্য ধৰ্ম। ইছলাম ইয়াৰ দ্বিতীয় আৰু খ্ৰীষ্টান ধৰ্ম তৃতীয়।

ভাষা

গুজৰাটী ভাষা দমন আৰু দিউৰ মুখ্য ভাষা। ইয়াৰ মুখ্য অধিবাসী দমনীয়া সকল গুজৰাটী ভাষা কয়। গুজৰাটীৰ লগতে, হিন্দী আৰু ইংৰাজী বহুলভাবে ব্যৱহাৰ হয়।

ঔপনিবেশিক কালৰ চৰকাৰী ভাষা পৰ্তুগীজ এতিয়া কেৱল কিছুমান লোকৰ মাজত সীমিত। ইয়াৰ প্ৰায় ১০,০০০-১২,০০০ লোকে দমন দিউ পৰ্তুগীজ ভাষা কয়।

ইয়াৰ বিদ্যালয় সমূহত তিনিটা ভাষা শিকোৱা হয়:৬

প্ৰথম ভাষা: গুজৰাটী

দ্বিতীয় ভাষা: হিন্দী

তৃতীয় ভাষা: ইংৰাজী

প্ৰশাসন

ভাৰতীয় সংবিধান মতে দমন আৰু দিউৰ শাসন কাৰ্য ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত এজন প্ৰশাসকে পালন কৰে। তেওঁক শাসন কাৰ্যত সহায়ৰ বাবে অন্যায় বিষয়া সমূহ থাকে। বৰ্তমান ইয়াৰ প্ৰশাসক প্ৰফুল খোদা পেটেল।

জিলা

  • দিউ জিলা, মাটিকালি ৪০ কিঃমিঃ২, মুখ্য জনবহুল অঞ্চল দিউ চহৰ
  • দমন জিলা, মাটিকালি ৭২ কিঃমিঃ২, মুখ্য জনবহুল অঞ্চল দমন চহৰ

যাতায়ত

দমন আৰু দিউ স্থলপথেৰে সু-সংযোজিত। দমন ভাপিৰ পৰা ১২ কিঃমিঃ, চুৰতৰ পৰা ১২৫ কিঃমিঃ আৰু মুম্বাইৰ পৰা ১৯৫ কিঃমিঃ নিলগত অৱস্থিত। পশ্চিম ৰে'ল সংমণ্ডলৰ অধীনৰ ভাপি ৰে'ল ষ্টেচন দমনৰ আটাইতকৈ কাষৰ ৰে'ল ষ্টেচন। দিউ বিমানবন্দৰ ব্যৱসায়িক সেৱা আগবঢ়ায় আৰু দমন বিমানবন্দৰ ভাৰতীয় ততটৰক্ষকৰ বৈমাণিক ঘাটি।

দিও ডেলৱাদা ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৯ কিঃমিঃ নিলগত।৭৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ward. (1998). Gujarat–Daman–Diu: A Travel Guide. Orient Longman Limited. ISBN 9788125013839
  2. ↑ Singh, K. S.; Solanki, B. R.; Sinha, N. K. (1994). Daman and Diu. Popular Prakashan. ISBN 9788171547616
  3. ↑ Dutta, Amrita Nayak. (10 July 2019). There will be one UT less as Modi govt plans to merge Dadra & Nagar Haveli and Daman & Diu. The Print
  4. ↑ census 2011
  5. ↑ Ranking of States and Union territories by population size: 1991 and 2001. Government of India (2001). Census of India. পৃ. 5–6
  6. ↑ (15 July 2015). 51st REPORT OF THE COMMISSIONER FOR LINGUISTIC MINORITIES IN INDIA. nclm.nic.in. Ministry of Minority Affairs. পৃ. 125
  7. ↑ About Daman. U.T. Administration of Daman & Diu
  8. ↑ HOW TO REACH DIU. MakeMyTrip

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দমন আৰু দিউ” প্ৰবন্ধৰ সংশোধন ৩৮৫২০১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।