অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চাংলাং জিলা

চাংলাং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ উত্তৰে টিৰাপ জিলা আৰু দক্ষিণে লোহিত জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলাৰ পিছতে এই জিলা অৰুণাচল প্ৰদেশৰ ভিতৰত সৰ্বাধিক জনবসতিপূৰ্ণ জিলা৷

হালনাগাদ: ১৪ জানুৱাৰী ২০২২ ৩১২ শব্দ · ২ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

চাংলাং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ উত্তৰে টিৰাপ জিলা আৰু দক্ষিণে লোহিত জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলাৰ পিছতে এই জিলা অৰুণাচল প্ৰদেশৰ ভিতৰত সৰ্বাধিক জনবসতিপূৰ্ণ জিলা৷১

ইতিহাস

এই জিলাখন ১৯৮৭ চনৰ ১৪ নৱেম্বৰত টিৰাপ জিলাৰ একাংশ লৈ সৃস্টি কৰা হৈছিল৷২

ভৌগোলিক অৱস্থান

চাংলাং জিলাৰ মুঠ মাটিকালি ৪৬৬২ বৰ্গ কিলোমিটাৰL৩

এই জিলা ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা জিলাসমূহৰ ভিতৰত অন্যতম৷ জিলাখনৰ প্ৰধান উপত্যকা অঞ্চল হৈছে দিহিং উপত্যকা৷

অৰ্থনীতি

জিলাখনৰ অৰ্থনীতি বহুলাংশে নিৰ্ভৰ কৰে দিহিং নৈৰ জলসম্পদৰ ওপৰত৷ এই নৈৰ মাছ তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু ডিব্ৰুগড়লৈ চালান দিয়া হয়৷

প্ৰশাসনিক বিভাগ

চাংলাং জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ পাঁচটা সমষ্টি আছে- বৰডুমচা (Bordumsa), মিআও (Miao), নামপং (Nampong), দক্ষিণ চাংলাং (Changlang South) আৰু উত্তৰ চাংলাং (Changlang North)৷ এই সকলোবোৰ অঞ্চল পূব অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷৪ চাংলাং জিলাত পাঁচাটা মহকুমা, পাঁচটা ব্লক আৰু পোন্ধৰটা চাৰ্কোল আছে৷

চাংলাং জিলাৰ পাঁচটা মহকুমা হৈছে- চাংলাং (Changlang), মানমাও (Manmao), জয়ৰামপুৰ (Jairampur), বৰডুমচা (Bordumsa) আৰু মিআও (Miao)৷

চাংলাং মহকুমা (চাংলাং ব্লক) চাৰিটা চাৰ্কোলত বিভক্ত- চাংলাং (Changlang; জনসংখ্যা: ১৪,৭১৮), খিমিয়াং (Khimiyang; জনসংখ্যা: ৩,৫০৬), নামট’ক (Namtok; জনসংখ্যা: ৩,০৮৫) আৰু য়াটডাম (Yatdam)।

মানমাও (Manmao) মহকুমা (মানমাও ব্লক)-ৰ অন্তৰ্গত চাৰ্কোল তিনিটা হৈছে- মানমাও (Manmao; জনসংখ্যা: ৩,৮১৪ ), ৰেণুক (Renuk) আৰু লিংগ’ক-লংটয় (Lyngok-Longtoi)৷

জয়ৰামপুৰ মহকুমা (নামপং ব্লক)-ৰ অন্তৰ্গত চাৰ্কোল তিনিটা হ’ল- নামপং (Nampong; জনসংখ্যা: ৪,৪২৪), জয়ৰামপুৰ (Jairampur; জনসংখ্যা: ৭,৮৩৬) আৰু ৰিমা-পুতক (Rima-Putak)।

বৰডুমচা মহকুমা (বৰডুমচা-দিয়োং ব্লক)-ৰ মাত্ৰ দুটা চাৰ্কোল আছে- বৰডুমচা (জনসংখ্যা: ২৫,৩৬৯) আৰু দিয়োং (জনসংখ্যা: ২৮,৯০৭ জন)৷

মিআও মহকুমা (খগম-মিআও ব্লক)-ৰ অন্তৰ্গত চাৰ্কোল তিনিটা হৈছে- মিআও (জনসংখ্যা: ২০,২৬৬), খাৰচাং (Kharsang; জনসংখ্যা: ৯,৫০৯) আৰু বিজয়নগৰ (Vijoynagar; জনসংখ্যা: ৩,৯৮৮)৷

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি চাংলাং জিলাৰ জনসংখ্যা ১,৪৭,৯৫১ জন৷৫ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত চাংলাং জিলাৰ স্থান ৫৯৮৷ এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩২ জন৷ ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৭.৯৬%৷ এই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৪ জন৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৬১.৯%।৫

এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক টুট্চা (Tutsa), টাংছা (Tangsa), নকটে (Nocte), চাকমা (Chakma), চিংফৌ (Singpho) আৰু লিচু (Lisu) জনজাতিৰ৷ ইয়াত কিছুসংখ্যক তিব্বতীয়, হাজং আৰু বড়ো লোকেও বাস কৰে৷৬৭

ভাষা

এই জিলাত ব্যৱহৃত ভাসাসমূহ চীন-তিব্বতীয় মূলৰ৷৮

জৈৱবৈচিত্ৰ্য

এই জিলাৰ মিআও নগৰত নামডফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত৷

তথ্যসূত্ৰ

  1. ↑ District Census 2011. Census2011.co.in
  2. ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
  3. ↑ Srivastava, Dayawanti et al. (ed.). (2010). India 2010: A Reference Annual. Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), ভাৰত চৰকাৰ. পৃ. 1113. ISBN 978-81-230-1617-7
  4. ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
  5. ↑ (2011). District Census 2011. Census2011.co.in
  6. ↑ Tibetans in Miao Elect Settlement Officer . Tibet.net (24 October 2003)
  7. ↑ Choepheling Tibetan Settlement, Miao, Arunachal Pradesh, India
  8. ↑ M. Paul Lewis. (2009). Galo: A language of India. SIL International

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাংলাং জিলা” প্ৰবন্ধৰ সংশোধন ৩১০৯৮৩ (১৪ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।