অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পাছিঘাট

পাছিঘাট উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত পূব ছিয়াং জিলাৰ সদৰ ঠাই৷ এই নগৰখন সাগৰ পৃষ্ঠৰ পৰা ১৫৫ মিটাৰ উচ্চতাত হিমালয় পৰ্বতমালাৰ একাংশ জুৰি অৱস্থিত৷ পাছিঘাট অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰাচীনতম নগৰ বুলি জনা যায়৷

হালনাগাদ: ১ আগষ্ট ২০২৬ ৩৭৬ শব্দ · ২ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

পাছিঘাট উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত পূব ছিয়াং জিলাৰ সদৰ ঠাই৷ এই নগৰখন সাগৰ পৃষ্ঠৰ পৰা ১৫৫ মিটাৰ উচ্চতাত হিমালয় পৰ্বতমালাৰ একাংশ জুৰি অৱস্থিত৷ পাছিঘাট অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰাচীনতম নগৰ বুলি জনা যায়৷১

ইতিহাস

ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ত আবৰ পাহাৰ আৰু উত্তৰৰ সমগ্ৰ অঞ্চলৰ প্ৰাশাসনৰ সুবিধাৰ্থে ১৯১১ চনত পাছিঘাট নগৰ প্ৰতিষ্ঠা কৰা হয়৷ ইয়াৰ পূৰ্বে পাছিঘাট আদি জনজাতিৰ বিভিন্ন গাঁৱৰ সমষ্টি আছিল৷ ওঠৰশ শতিকাৰ পৰা চলি অহা এংলো-আবৰ যুদ্ধ সমূহে পাছিঘাটক প্ৰশাসনিক কেন্দ্ৰ হিচাপে বিকাশ কৰাৰ প্ৰয়োজনীতা আনি দিছিল৷ ১৯১২ চনৰ অন্তিমখন এংলো-আবৰ যুদ্ধ সংঘটিত হয়৷

ভৌগোলিক অৱস্থান

পাছিঘাটৰ ভৌগোলিক অৱস্থান .২ এই নগৰখন সাগৰপৃষ্ঠৰ পৰা ১৫৩ মিটাৰ উচ্চতাত অৱস্থিত৷ পাছিঘাটৰ জলবায়ু সেমেকা অৰ্ধনাতিশীতোষ্ণ (humid subtropical)৷ পাছিঘাটৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ অংশটোৰ নাম দিহাং বা ছিয়াং৷

অৰ্থনীতি

পাছিঘাটৰ সংখ্যাগৰিষ্ঠ লোকৰ জীৱিকাৰ মূল উপায় কৃষি৷ অঞ্চলটোত উৎপাদিত প্ৰধান শস্য ধান৷ তাৰোপৰি পাছিঘাটত কেইবাখনো বৃহৎ চাহবাগান আছে৷

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি পাছিঘাটৰ জনসংখ্যা ২৪,৬৫৬ জন৷ ৩৪ ইয়াৰে ৫০.৬৩% পুৰুষ আৰু ৪৯.৩৭% মহিলা৷ পাছিঘাটৰ গড় সাক্ষৰতাৰ হাৰ ৭৯.৬% ৷ ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮৫.৩৩% আৰু মহিলাৰ ৭৩.৭৪%৷ পাছিঘাটৰ মুঠ জনসংখ্যাৰ ১২% ছবছৰৰ অনুৰ্ধৰ৷

নগৰখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷

সংস্কৃতি

পাছিঘাফৰ অদি লোকসকলে নানা উৎসৱ যেনে চওলুং (Solung), আৰান (Aran), ইতুৰ (Etor) আদি উদযাপন কৰে৷ ইয়াৰে চওলুং আদিসকলৰ প্ৰধান উৎসৱ৷ এই উৎসৱৰ মূলত: আদিসকলৰ দেৱী Kiine-Naane ৰ আৰাধনাৰ বাবে পালন কৰা হয়৷

যাতায়ত

পাছিঘাট ১৫ নং ঘাইপথেদি অসমৰ গুৱাহাটী, লখিমপুৰ আৰু ইটানগৰৰ লগত সংযুক্ত৷ তাৰোপৰি ডিব্ৰুগড়ৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি ফেৰীৰে উৰিয়ামঘাটলৈ যাত্ৰা কৰাৰ সুবিধা আছে৷ উৰিয়ামঘাটৰ পৰা পাছিঘাট মাথোঁ ৩২ কিমি দুৰত্বত অৱস্থিত৷ পাছিঘাটৰ নিকটতম ৰে’লৱে ষ্টেচনটো মুৰ্কংচেলেকত অৱস্থিত৷৫ অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবহণ সেৱা (Arunachal Pradesh State Transport Services) য়ো বিভিন্ন অঞ্চললৈ নিয়মীয়া বাছ সেৱা আগবঢ়ায়৷ ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা পাছিঘাটৰ পৰা গুৱাহাটীলৈ নিয়মীয়া বিমানসেৱাও আৰম্ভ হৈছে৷

পৰ্য্যটন

  • দায়িং এৰিং বন্যপ্ৰাণী অভয়াৰণ্য (Daying Ering Wildlife Sanctuary) পাছিঘাটৰ এখন উল্লেখযোগ্য বনাঞ্চল৷
  • পাংগিন (Pangin) পাছিঘাটৰ পৰা ৬০ কিমি দুৰত্বত অৱস্থিত৷ এই অঞ্চলত কেইবাবিধো আপুৰুগীয়া উদ্ভিদ পোৱা যায়৷ i
  • ব’ডাক (Bodak) এখন বনভোজৰ বাবে জনপ্ৰিয় ঠাই৷
  • কেকাৰ মনিয়াং (Kekar Monying) ঐতিহাসিক স্থান য’ত ১৯১১ চনত আদি জনজাতিৰ ব্ৰিটিছৰ সৈতে সংঘৰ্ষ হৈছিল৷
  • কমছিং (Komsing) ঐতিহাসিক গাওঁ
  • ক’মলিঘাট (Komlighat) ঐতিহাসিক ব্ৰিটিছ শাসিত নগৰ কিন্তু ছিয়াং নদীয়ে গতি সলাই পেলোৱাৰ ফলত বৰ্তমান চাপৰি অঞ্চল৷
  • পাছিঘাট বৌদ্ধ মন্দিৰ (Pasighat Buddhist Temple) পাছিঘাটৰ একমাত্ৰ বৌদ্ধ মন্দিৰ৷
  • পূব ছিয়াং জিলা সংগ্ৰহালয় (East Siang District Museum)
  • আদি বানে কেবাং প্ৰধান কাৰ্যালয় (Adi Baane Kebang Headquarters) আদি জনজাতিৰ সাংস্কৃতিক অনুষ্ঠান৷
  • গমচি (Gomsi) ঐতিহাসিক স্থান৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pasighat: Oldest town of Arunachal Pradesh . All India Radio
  2. ↑ Falling Rain Genomics, Inc - Pasighat
  3. ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
  4. ↑ ORGI. Census of India Website: Office of the Registrar General & Census Commissioner, India. censusindia.gov.in
  5. ↑ Solace to suffering humanity would surface from Arunachal, believes Shankaracharya. ANI

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাছিঘাট” প্ৰবন্ধৰ সংশোধন ৬২২২১৩ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।