অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৰ্ষাৰণ্য

বৰ্ষাৰণ্য (Rain Forest) হৈছে সেইবোৰ অৰণ্যাঞ্চল যিবোৰত বছৰটোৰ সকলো সময়তে মাত্ৰাধিক বৰষুণ হয়। এনে অৰণ্য নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছেৰে বিশেষকৈ চিৰসেউজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। বৰ্ষাৰণ্যত ১৮০-২২০ ফুট পৰ্যন্ত উচ্চতাৰ গছ দেখিবলৈ পোৱা যায়।

হালনাগাদ: ২৪ মে’ ২০২০ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বৰ্ষাৰণ্য (Rain Forest) হৈছে সেইবোৰ অৰণ্যাঞ্চল যিবোৰত বছৰটোৰ সকলো সময়তে মাত্ৰাধিক বৰষুণ হয়। এনে অৰণ্য নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছেৰে বিশেষকৈ চিৰসেউজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। বৰ্ষাৰণ্যত ১৮০-২২০ ফুট পৰ্যন্ত উচ্চতাৰ বৃক্ষ দেখিবলৈ পোৱা যায়। অধিক বৰষুণৰ বাবে এনে অৰণ্যবোৰত বৰষুণৰ পানী বাষ্পীকৰণ হৈ পুনৰ অৰণ্যভূমিত আবৃত কৰি ৰাখে আৰু সেয়ে বৰ্ষাৰণ্যত আৰ্দ্ৰতাৰ পৰিমাণ বেছি হয়। সাধাৰণতে একোখন বৰ্ষাৰণ্যত বছৰি ২৩০ দিন পৰ্যন্ত বৰষুণ হয়। বৰ্ষাৰণ্যৰ পাত, জলীয় বাষ্প আৰু দৈনিক জলচক্ৰৰ প্ৰভাৱত বৰষুণৰ পৰিমাণ বছৰি ৮০ ইঞ্চি বা তাতোকৈ বেছি হয়।১ বৰ্ষাৰণ্য এখনত বৰষুণৰ সৰ্বোচ্চ পৰিমাণ ৩৫০ ছেণ্টিমিটাৰ। একেদৰে বৰ্ষাৰণ্যত তাপমাত্ৰাৰ সৰ্বোচ্চ পৰিমাণ ৩৫ ডিগ্ৰি আৰু সৰ্বনিম্ন ১ ডিগ্ৰি ছেলছিয়াছ। সমগ্ৰ বিশ্বৰে মুঠ ৮৫ খন দেশত বৰ্ষাৰণ্যৰ উপস্থিতি দেখা গৈছে। বৰ্ষাৰণ্য থকা বিশ্বৰ প্ৰধান কেইটামান অঞ্চল হৈছে আফ্ৰিকা, ইণ্ডোনেছিয়া, দক্ষিণ-পূব এছিয়া, লেটিন আমেৰিকা, জাইৰে আৰু প্ৰশান্ত মহাসাগৰৰ উপদ্বীপবোৰ।২

বৰ্ষাৰণ্যৰ স্তৰ

বৰ্ষাৰণ্যৰ উদ্ভিদসমূহৰ তলত দিয়া ধৰণে চাৰিটা প্ৰধান স্তৰ থাকে।১

  1. ভূমিসংলগ্ন স্তৰ (Herb Layer): এই স্তৰ অৰ্থাৎ অৰণ্যৰ ভূমিভাগ বিভিন্ন ঢেঁকীয়াজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ কচু, বেত, ঘাঁহ আৰু পাতাবাহাৰৰ দৰে ৰঙীণ গছেৰে পৰিপূৰ্ণ হৈ থাকে।
  2. নিম্ন স্তৰ (Understory Layer): ভূমিসংলগ্ন স্তৰৰ ওপৰত একে উচ্চতাৰ গছ দেখা পোৱা যায়।
  3. মধ্য স্তৰ (Canopy Layer): নিম্ন স্তৰৰ ওপৰতো একে উচ্চতাৰ গছ-গছনি পৰিলক্ষিত হয়।
  4. শীৰ্ষস্তৰ (Emergent Layer): এই স্তৰৰ উদ্ভিদসমূহ আটাইতকৈ ওখ।

বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য

দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা অঞ্চলৰ আমাজন বৰ্ষাৰণ্যখন বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য।

অসমৰ বৰ্ষাৰণ্যসমূহ

অসমৰ ক্ৰান্তীয় চিৰসেউজ অৰণ্য সমূহ হৈছে-

  1. জয়পুৰ সংৰক্ষিত বনাঞ্চল, ডিব্ৰুগড়
  2. দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰুগড় আৰু তিনিচুকীয়া
  3. ডিৰাক সংৰক্ষিত বনাঞ্চল, তিনিচুকীয়া
  4. পবা সংৰক্ষিত বনাঞ্চল, ধেমাজি

বাহ্যিক সংযোগ

  • Butler, R. A. (2005) A Place Out of Time: Tropical Rainforests and the Perils They Face. Published online: Rainforests.mongabay.com
  • Richards, P. W. (1996). The tropical rain forest. 2nd ed. Cambridge University Press ISBN 0-521-42194-2
  • Whitmore, T. C. (1998) An introduction to tropical rain forests. 2nd ed. Oxford University Press. ISBN 0-19-850147-1

তথ্যসূত্ৰ

  1. ↑ নামচাঙৰ অন্তেষপুৰ (ডিচেম্বৰ ২০১২), সৌম্যদ্বীপ দত্ত, বনফুল প্ৰকাশন, ISBN 978-81-909523-6-1, পৃষ্ঠা ১৯-২০
  2. ↑ শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, পৃষ্ঠা ২৭, প্ৰান্তিক, ১৬-২৮ ফেব্ৰুৱাৰি, ২০১৫

সম্পৰ্কিত শ্ৰেণী

পৰিৱেশ বিজ্ঞানভূগোল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ষাৰণ্য” প্ৰবন্ধৰ সংশোধন ২৩১১৩৫ (২৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।