ৰূপসী বিমানবন্দৰ অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এটা বিমানবন্দৰ। বিমানবন্দৰটো ধুবুৰী চহৰৰ পৰা প্ৰায় ২৩ কিঃমিঃ দূৰত্বত অৱস্থিত। এই বিমানবন্দৰটোত এটা একক অন্তঃদেশীয় টাৰ্মিনেল (domestic terminal) আছে। বিমানবন্দৰটোৰ ব্যস্ততম সময়ত যাত্ৰী পৰিচালনাৰ সক্ষমতা কম। বৰ্তমানে ইয়াৰ পৰা গুৱাহাটী আৰু কলিকতালৈ যাত্ৰীবাহী বিমান চলাচল কৰে।১
ইতিহাস

সেনাবাহিনীক অস্ত্ৰ, জনশক্তি আৰু গোলাবাৰুদ সৰবৰাহৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰূপসী উৰণপথটো ব্ৰিটিছসকলৰ দ্বাৰা নিৰ্মিত হৈছিল। এইটো চীন বাৰ্মা ইণ্ডিয়া থিয়েটাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বিমান বাহিনী দশম বিমানবাহিনী ব্যৱহাৰ কৰিছিল। আঞ্চলিক বিমান সংস্থা বায়ুদূত ১৯৮০-ৰ দশকত বিমানবন্দৰত পৰিসেৱা পৰিচালনা কৰিছিল কিন্তু পৰিসেৱাসমূহ প্ৰত্যাহাৰ কৰি লয় আৰু ১৯৮৪ চনত বিমানবন্দৰটো বন্ধ কৰি দিয়ে। ইয়াৰ পাছত, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় নাগৰিক বিমান পৰিবহণ মন্ত্ৰলায় তথা উত্তৰ পূব কাউন্সিল (এনইচি)-ৰ যৌথ উদ্যোগত আৰু বিমানবন্দৰটোক পুনঃনিৰ্মাণত প্ৰচেষ্টা চলিছিল, কিন্তু সেয়া ব্যৰ্থ হয়।২
২০১৮-ৰ মে' মাহত, ট্ৰানজিটকৰ উড়ান প্ৰকল্পৰ দ্বিতীয় ৰাউণ্ডৰ অধিনত ৰূপসীৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান পৰিচালনা কৰাৰ চুক্তি দিয়া হৈছিল।৩ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানান্দ সোণোৱালে ২২ ফেব্ৰুৱাৰী ২০১৯-ত পৰিকল্পৰ ভিত্তিত আধাৰশিলা স্থাপন কৰিছিল।৪ আনুমানিক ৭০ কোটি টকা ব্যয় কৰা হৈছে বিমানবন্দৰৰ এটিআৰ-৭২ ধৰণৰ বিমানৰ পৰিচালনাৰ বাবে, ৩,৫০০ বৰ্গমিটাৰ টাৰ্মিনাল ভৱন সহ অৱগাঁথনি ২০১৯ চনৰ অক্টোবৰৰ মাজত তৈয়াৰ কৰা হৈছিল। এএআই আৰু আইএএফ মৰ্চাভাৱে চিভিল আৰু সামৰিক উভয় কামত বিমানবন্দৰটো তৈয়াৰ কৰিব। বিমান বাহিনী বিমানযুদ্ধৰ বিমান চালনা সক্ষম কৰিবলৈ উৰণপথ দহ হেজাৰ ফুট বঢ়োৱাৰ সম্ভাব্যতাও মূল্যায়ন কৰিছে।
বিমানবন্দৰটো সমুদ্ৰ স্তৰৰ পৰা ১৩১ ফুট ইয়াৰ উচ্চতা আৰু ৪৪৭ acres ইয়াৰ আয়তন। ইয়াত এটা পকা উৰণপথ নিৰ্ধাৰণ কৰা হৈছে ০৫/২৩।
সা-সুবিধা
ৰূপসী বিমানবন্দৰৰ পৃষ্ঠকালি ৪৪৭ একৰ (১৮১ হেক্টৰ)। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ১৩১ ফুট (৪০ মিটাৰ)। বিমানবন্দৰটোত ৬০০০ ফুট (১৮২৯ মিটাৰ) দীঘল আৰু ১৫০ ফুট (৪৬ মিটাৰ) বহল এটা ০৫/২৩ ধৰণৰ পকী উৰণপথ আছে।৫
এয়াৰলাইনছ আৰু গন্তব্যস্থল
তথ্যসূত্ৰ
- ↑ Rupsi Airport in Assam gets regular flight undaer RCS-UDAN
- ↑ (27 January 2012). Centre nod to reopen Rupshi Airport. The Telegraph (Calcutta)
- ↑ (14 May 2018). Trujet to connect West, East under phase two of Udan. The Hindu Business Line
- ↑ (22 February 2019). Sonowal lays foundation for revival of World War II era Rupsi airport. The Shillong Times
- ↑ Rupsi Airport at Airports Authority of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপসী বিমানবন্দৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯০৫২ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।