অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পশ্চিম ছিয়াং জিলা

পশ্চিম ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই আল' (পূৰ্বৰ আলং)৷ জিলাখনত ব্যৱহৃত মূল ভাষাসমূহ হৈছে আদি আৰু গাল’৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী আদি, মেম্বা আৰু খাম্বা জনজাতিৰ৷

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

পশ্চিম ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই আল' (পূৰ্বৰ আলং)৷ জিলাখনত ব্যৱহৃত মূল ভাষাসমূহ হৈছে আদি আৰু গাল’৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী আদি, মেম্বা আৰু খাম্বা জনজাতিৰ৷

ইতিহাস

১৯৮৯ চনত পশ্চিম ছিয়াং জিলাৰ একাংশৰে পূব ছিয়াং জিলা গঠন হয়৷১ ১৯৯৯ চনৰ পৰা এই অংশ উজনি ছিয়াং জিলাৰ অন্তৰ্ভুক্ত হয়৷১ এই জিলা ঐতিহাসিকভাৱে চুতীয়া ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল৷

ভৌগোলিক অৱস্থান

পশ্চিম ছিয়াং জিলাৰ সদৰ ঠাই হৈছে আল (Aalo, পূৰ্বৰ আলং)৷ এই জিলাৰ মুঠ মাটিকালি ৮৩২৫ বৰ্গ কিলোমিটাৰ৷২

প্ৰশাসনিক বিভাগ

পশ্চিম ছিয়াং জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ সাতটা সমষ্টি আছে- লিৰ’ম্বা (Liromoba), লিকাবালি (Likabali), বাচাৰ (Basar), পশ্চিম আলং (Along West), পূব আলং (Along East), ৰুমগং (Rumgong), আৰু মেচুকা (Mechuka)৷ ইয়াৰে প্ৰথম ছখন অঞ্চল পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু মেচুকা পূব অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্গত৷৩

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ছিয়াং জিলাৰ মুঠ জনসংখ্যা ১১২,২৭২ জন৷৪ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১২৷৪ জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১৩ জন৷৪ ২০০১-২০১১ দশকত এই জিলাৰ জনবসতি বৃদ্ধিৰ হাৰ আছিল ৮.০৪%৷ পশ্চিম ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৬ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৬৭.৬২%৷৪

পশ্চিম ছিয়াং জিলাৰ সংখ্যগৰিষ্ঠ লোক আদি (Adi), মেম্বা (Memba) আৰু খাম্বা (Khamba) জনজাতিৰ৷

ভাষা

এই জিলাত ব্যৱহৃত ভাষাসমূহৰ ভিতৰত মূল ভাষা হৈছে চীন-তিব্বতীয় মূলৰ আদি ভাষা৫ আৰু গাল' ভাষা (Galo)৷৬

জৈৱবৈচিত্ৰ্য

এই জিলা জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত সমৃদ্ধ৷ এই জিলাত অৰণ্যত বহুতো আপুৰগীয়া জীৱ-জন্তু যেনে মিচমি টাকিন (Mishmi takin), বৰফৰ বাঘ (Snow leopard), ৰঙা পাণ্ডা (Red panda), সুগন্ধি পহু (Musk deer), ব্লাইথছ ট্ৰ’গ’পান (Blyth's Tragopan) আদি দেখা পোৱা যায়৷৭ তাৰোপৰি ইয়াত এই জিলাৰ অৰণ্যত এবিধ নতুন কেৰ্কেটুৱা প্ৰজাতি আৱিস্কাৰ হৈছে যাক Mechuka Giant Flying Squirrel (Petaurista mechukaensis) হিচাপে নামকৰণ কৰা হয়৷৮

১৯৯১ চনত এই জিলাৰ ৫৫ বৰ্গ কিমি আগুৰি কানে বন্যপ্ৰাণী অভয়াৰণ্য (Kane Wildlife Sanctuary) গঠন কৰা হয়৷৯

তথ্যসূত্ৰ

  1. ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
  2. ↑ Srivastava, Dayawanti et al. (ed.). (2010). India 2010: A Reference Annual. Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), ভাৰত চৰকাৰ. পৃ. 1113. ISBN 978-81-230-1617-7
  3. ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
  4. ↑ (2011). District Census 2011. Census2011.co.in
  5. ↑ M. Paul Lewis. (2009). Adi: A language of India. Ethnologue: Languages of the World. SIL International
  6. ↑ M. Paul Lewis. (2009). Galo: A language of India. Ethnologue: Languages of the World. SIL International
  7. ↑ Choudhury, Anwaruddin (2008) Survey of mammals and birds in Dihang-Dibang biosphere reserve, Arunachal Pradesh. Final report to Ministry of Environment & Forests, Government of India. The Rhino Foundation for nature in NE India, Guwahati, India. 70pp
  8. ↑ Choudhury,Anwaruddin (2007).A new flying squirrel of the genus Petaurista Link from Arunachal Pradesh in north-east India. The Newsletter and Journal of the RhinoFoundation for nat. in NE India 7: 26–34, plates
  9. ↑ Indian Ministry of Forests and Environment. Protected areas: Arunachal Pradesh

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম ছিয়াং জিলা” প্ৰবন্ধৰ সংশোধন ৩৮১৬৯৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।