মাকুম (IPA: mɑːkəm) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ। 'মাকুম' শব্দটো চীনা শব্দৰ পৰা উৎপত্তি হোৱা যাৰ অৰ্থ "meeting point। " প্ৰকৃততে এই অঞ্চলতে অসমৰ তিনিখন প্ৰধান চহৰ তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা লগ হোৱাৰ বাবে ইয়াৰ নাম মাকুম হৈ পৰে। আন এটা জনশ্ৰুতি অনুসৰি মাকুম এখন ইতিহাস প্ৰসিদ্ধ ঠাই। মাকুম হ'ল টাই খামটি শব্দ।" মা" মানে আহা আৰু "কুম" মানে কথা পাতো। মৰান জনগোষ্ঠীৰ সৈতে যুদ্ধ লাগি বাগৰি পৰাস্ত হোৱা খামটি - চিংফৌ জনগোষ্ঠীয়ে মৰাণৰ সৈতে চুক্তি কৰিবলৈ আলোচনা কৰিছিল। সেয়ে ঠাইখনৰ নাম মাকুম হয়। তদুপৰি এই মাকুমতে ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ মিলিত হৈছে। ইয়াতে অৱস্থিত মাকুম ৰে'লৱে ষ্টেচন ভাৰতীয়া ৰেলৰ আটাইতকৈ পূবত অৱস্থিত ষ্টেচন।১
মাকুম ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
ভৌগোলিক অৱস্থান
মাকুম ভৌগোলিকভাৱে অৱস্থিত। এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১২২ মিটাৰ (৪০০ ফুট)। এই টাউনখন তিনিচুকীয়াৰ পৰা ৭ কিমি পূবে অৱস্থিত। এই অঞ্চলটো দাঁতিকাষৰীয়া সৰু-বৰ ঠাইসমূহৰ সৈতে ঘাইপথ আৰু ৰে'লপথেৰে সংযোজিত হৈ আছে।
জন গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি, মাকুমৰ মুঠ জনসংখ্যা ১৬,৯২৩ জন।২ ইয়াৰে ৮,৭৭০জন পুৰুষ আৰু ৮,১৫৩ গৰাকী মহিলা। মাকুমৰ গড় সাক্ষৰতাৰ হাৰ ৭৯.২৫%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৮৪.১৬% আৰু ৭৪.০৪%। মাকুমৰ জনসংখ্যাৰ ১১.৫৩% ছয় বছৰ বয়সৰ অনুৰ্ধৰ।
অৰ্থনীতি
মাকুম এখন উদ্যোগিক নগৰ। ইয়াত কেইবাটাও ডাঙৰ প্লাইউডৰ কাৰখানা আছিল যদিও বৰ্তমান প্ৰায়ভাগেই বন্ধ হৈ আছে। তদুপৰি মাকুমত ভালেসংখ্যক চাহ কাৰখানা আছে। অন্যান্য উদ্যোগসমূহ হ'ল, আটা, মম ইত্যাদি। মাকুম নগৰৰ আশে পাশে ভালসংখ্যক চাহ বাগান আছে। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠিছে। যাৰফলত স্থানীয় ৰাইজক এনে ব্যৱসায়িক প্ৰতিষ্ঠানে প্ৰয়োজনীয় চাহিদা পূৰণ কৰে। অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ তুলনাত মাকুমত কিতাপৰ প্ৰতিষ্ঠান বা দোকান কম। ২০০৮ চনত প্ৰতিষ্ঠিত মাকুমৰ "বৰুৱা বুক ষ্টল" ত উপলদ্ধ বিভিন্ন ধৰণৰ কিতাপে অঞ্চলটোৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান তথা শিক্ষা অনুৰাগীৰ কিতাপৰ চাহিদা পূৰণ কৰে।
মাকুমত থকা বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ শাখাকেইটা হ'ল ক্ৰমে কানাড়া বেংক,ষ্টেট বেংক অৱ ইণ্ডিয়া, পাঞ্জাব নেচনেল বেংক আৰু অসম গ্ৰামীণ বিকাশ বেংক।
শিক্ষা
মাকুমত ভালসংখ্যক চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান আছে। মাকুমৰ গোপাল কৃষ্ণ বালিকা বিদ্যালয় খন হ'ল আটাইতকৈ পুৰণি বিদ্যালয়। উল্লেখযোগ্য বিদ্যালয় সমূহ হ'ল-
বিদ্যালয়-
- Ganga Bishan Chowkhani উচ্চতৰ মাধ্যমিক বিদ্যালয়(চৰকাৰী)
- গোপালকৃষ্ণ বালিকা বিদ্যালয়(চৰকাৰী)
- ৰে'লৱে বিদ্যালয়(চৰকাৰী)
- মাকুম হিন্দী বিদ্যালয় (চৰকাৰী)
- জাতীয় বিদ্যালয়(বেচৰকাৰী)
- শংকৰদেৱ শিশু নিকেতন (বেচৰকাৰী)
- মাকুম মহাবিদ্যালয় ( বেচৰকাৰী খণ্ড)
অন্যান্য-
- বনৰক্ষীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান (Forest's guards training school)
- তিনিচুকীয়া পলিটেকনিক
- তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
চাইনা টাউন
মাকুম অঞ্চলটোত এসময়ত ১৮৩০ৰ দশকত চীনৰ পৰা অহা বহু লোকে বাস কৰিছিল। ১৯৬২ চনত চীন আৰু ভাৰতৰ যুদ্ধৰ সময়ত এই চাইনা টাউন বন্ধ কৰি দিয়া হয়। বৰ্তমান এই চাইনা টাউন (বৰ্তমানৰ চীনাপট্টি) ত স্থানীয় লোকে বসবাস কৰে যদিও বহুতো চীনা আৰ্হিৰ ঘৰ দেখিবলৈ পোৱা যায়। এই চীনা লোকসকলৰ অতীত আৰু বৰ্তমানক লৈ অসমীয়া লেখিকা ৰীতা চৌধুৰীয়ে 'মাকাম' নামৰ এখন গ্ৰন্থ ৰচনা কৰিছে।৩ মাকুমৰ পুৰণি আৰক্ষী থানা খন চীনা সকলৰ এসময়ত ক্লাব ঘৰ আছিল আৰু বৰ্তমানৰ মাকুমৰ হিন্দী স্কুলখন এসময়ত চীনা সকলৰ স্কুল আছিল।
তথ্যসূত্ৰ
- ↑ TI Trade. (2010-06-17). The Assam Tribune Online. Assamtribune.com
- ↑ Makum Population Census 2011 - 2020. Census 2011
- ↑ India’s shame. The Telegraph - Calcutta (Kolkata)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাকুম” প্ৰবন্ধৰ সংশোধন ৫২৪৭৭৮ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।