পূব কামেং জিলা (East Kameng district ) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখনৰ আন্তৰাষ্ট্ৰীয় সীমা তিব্বত স্বায়ত্তশাসিত অঞ্চলত আৰু অন্য অংশ অৰুণাচলৰ জিলা পশ্চিম কামেং, পাপুমপাৰে আৰু কুৰুং কুমেইৰ সীমান্ত স্পৰ্শ কৰিছে৷ এই জিলাৰ সদৰ ঠাই চেপ্পা আৰু জিলাৰখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ৷
ইতিহাস
কামেং নৈৰ আশে পাশে থকা উপত্যকা অঞ্চল বহুবাৰ তিব্বতৰ মন সাম্ৰাজ্য আৰু অসমৰ আহোম সাম্ৰাজ্যৰ অধীনলৈ আহিছিল৷ তাৰোপৰি আকা আৰু নিচি জনজাতিৰ নেতৃত্বয়ো মাজেসময়ে এই অঞ্চল শাসন কৰিছিল৷ ১৯৮০ চনৰ ১ জুনত পূৰ্বৰ কামেং জিলাক বিভক্ত কৰি পূব আৰু পশ্চিম কামেং নামেৰে দুখন জিলা গঠন কৰা হয়৷১
ভৌগোলিক অৱস্থান
পূব কামেং জিলাৰ মুট মাটিকালি ৪,১৩৪ বৰ্গ কিলোমিটাৰ৷২ এই জিলাৰ জলবায়ু উত্তৰৰ তুন্দ্ৰাৰ পৰা দক্ষিণে অসম সীমান্তৰ সেমেকা অৰ্ধক্ৰান্তীয় হ’ব পাৰে৷
অৰ্থনীতি
এই জিলাৰ অধিকাংশ লোকে জুম খেতি কৰি জীৱন-নিৰ্বাহ কৰে৷ হাবি কাটি জনজাতীয় লোকসকলে ধান আৰু গোমধানৰ খেতি কৰে৷ লগতে বহুতো ফল-মূলৰ খেতিও কৰে৷
প্ৰশাসন
পূব কামেং জিলাৰ মহকুমা দুটা: চেপ্পা (Seppa) আৰু চায়াংটাজ’ (Chayangtajo)৷ এই মহকুমা দুটা পুনৰ তেৰটা চাৰ্কোলত বিভক্ত কৰা হৈছে: Chayangtajo, Sawa, Khenewa, Bameng, Lada, Gyawe Purang, Pipu, Seppa, Richukhrong, Pijirang, Pakke-Kessang, Seijosa আৰু Dissing Passo.
জিলাখনত অৰুণাচল প্ৰদেশ বিধান সভাৰ পাঁচটা সমষ্টি আছে: বামেং, চায়াংটাজ’, পূব চেপ্পা, পশ্চিম চেপ্পা আৰু পাকে-কেছাঙো৷ এই গোটেইকেইটা সমষ্টি পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷৩
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি পূব কামেং জিলাৰ জনসংখ্যা ৭৮,৪১৩ জন৷৪ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬২৪৷৪ জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৯ জন৷৪ ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩৭.১৪%।৪ পূব কামেং জিলাৰ লিংগৰ অনুপাত ১০০০ গৰাকী পুৰুষৰ বিপৰীতে ১০১২ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৬২.৪৮%৷৪
এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনজাতিৰ৷ তাৰোপৰি জিলাখনত মিজি (Miji), চুলুং (Sulung) আৰু আকা (Aka) জনজাতিৰ কিছু লোকেও বসবাস কৰে৷
স্বাধীনতা লাভৰ পিচত জিলাখনৰ বহুলোকে সদৰ ঠাই চেপ্পালৈ প্ৰব্ৰজন কৰে৷
ভাষা
এই জিলাৰ আকাসকলে ক’ৰ’ নামৰ এটা তিব্বতীয়-বৰ্মা মূলৰ ভাষা ব্যৱহাৰ কৰে৷৫৬ ২০১০ চনত ভাষাবিদ ডেভিদ হেৰিছন আৰু গণেশ মূৰ্মূৰ এটা দলে এটা প্ৰকল্পৰ বাবে আকা আৰু মিজিসকলৰ ভাষাৰ ওপৰত গৱেষণা কৰি ক’ৰ’ ভাষাক এক স্বকীয় ভাষা বুলি স্বীকৃতি দিয়ে৷৫৭
পৰ্য্যটন
পূব কামেং জিলাৰ কেইবাটাও পৰ্য্যটনৰ আকৰ্ষণ আছে৷ ইয়াৰে এখন হ’ল পাকে ব্ৰাঘ্যপ্ৰকল্প৷ তাৰোপৰি বামেং, চায়াংটাজ’ আৰু পাকে-কেছাঙো হিমালয়ৰ পৰ্য্যটনৰ ক্ষেত্ৰত উল্লেখযোগ্য৷
জৈৱবৈচিত্ৰ্য
১৯৭৭ চনত পূব কামেং জিলাৰ ৮৬২ বৰ্গ কিলোমিটাৰ লৈ পাখুই বন্যপ্ৰাণী অভয়াৰণ্য (Pakhui Wildlife Sanctuary) সৃষ্টি কৰা হয়৷৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
- ↑ Srivastava, Dayawanti et al. (ed.). (2010). India 2010: A Reference Annual. Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), ভাৰত চৰকাৰ. পৃ. 1113. ISBN 978-81-230-1617-7
- ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ Morrison, Dan "'Hidden' Language Found in Remote Indian Tribe" . National Geographic Daily News, 5 October 2010. Retrieved 5 October 2010
- ↑ Schmid, Randolph E. "Researchers find previously undocumented language hidden in small villages in India" . Sync Retrieved on 5 October 2010
- ↑ Ethnologue, "Hruso". (Some sound files)
- ↑ Indian Ministry of Forests and Environment. Protected areas: Arunachal Pradesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূব কামেং জিলা” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৬৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।