বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জুজু
জুজু (ZooZoo) হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ছিজন ২ (আই পি এল)ৰ পৰা ভোডাফোন ইণ্ডিয়াই প্ৰচাৰ কৰা বিজ্ঞাপনৰ চৰিত্ৰ। জুজুছ হৈছে বেলুনযুক্ত শৰীৰ আৰু কণীৰ দৰে আকৃতিৰ মূৰ থকা বগা ৰঙৰ এক কাল্পনিক জীৱ যিবোৰক ভোডাফোনৰ বিভিন্ন মূল্য সংযোজিত সেৱাৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হয়।
-
জুট্টি
জুতি বা জুট্টি (Jutti) উত্তৰ ভাৰত, পাকিস্তান, আৰু চুবুৰীয়া অঞ্চলত জুট্টি এক প্ৰকাৰৰ জোতা। পৰম্পৰাগতভাৱে প্ৰকৃত সোণ আৰু ৰূপৰ সূতাৰে এম্ব্ৰয়ডাৰী কৰা চামৰাৰে তৈয়াৰী। ই ৪০০ বছৰতকৈও অধিক পূৰ্বতে উপমহাদেশৰ ৰজাঘৰৰ পৰা অনুপ্ৰাণিত হৈছিল।
-
জুপ্ৰিনা (কেশসজ্জা)
জুপ্ৰিনা যাক পোলিছ হাফশ্বেভেন মূৰ বুলিও জনা যায়, ই পোলেণ্ডৰ আভিজাত্যৰ পৰম্পৰাগত চুলি কটা (szlachta), মূলতঃ সাৰ্মাটিজমৰ সৈতে জড়িত, কিন্তু মধ্যযুগতো পোলেণ্ডৰ লোকসকলে একেই ধৰণে চুলি ৰাখিছিল। ইয়াৰ বৈশিষ্ট্য হৈছে কাণৰ ওপৰত আৰু ডিঙিত একে উচ্চতাত চুলি কটা, মূৰৰ ওপৰত দীঘল চুলি।
-
জেক-অ'-লেণ্টাৰ্ণ
জেক-অ'-লেণ্টাৰ্ণ (jack-o'-lantern) হৈছে পাচলিত খোদিত একপ্ৰকাৰৰ বন্তি, সাধাৰণতে ৰঙালাউ বা শিপাযুক্ত পাচলি যেনে ৰুটবাগা বা চালগোমৰ পৰা তৈয়াৰ কৰা হয়। জেক-অ’-লেণ্টাৰ্ণ হেল’ৱিন উৎসৱৰ সৈতে জড়িত।
-
জেন জি
জেন জি (Gen Z) বা জেনেৰেচন জি হৈছে সাধাৰণতে ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্ম হোৱা প্ৰজন্ম। মিলেনিয়েল প্ৰজন্মৰ পিছত আৰু জেনেৰেচন আলফাৰ আগত অহা প্ৰজন্মক জেন জি বুলি ধৰা হয়। জেন জিৰ অধিকাংশ লোক জেন এক্স আৰু মিলেনিয়েল প্ৰজন্মৰ সন্তান।
-
জোখ-মাপৰ হিচাপ
২ টা = ১ যোৰ ৪ টা = ১ গণ্ডা / অঁৰা ২০ গণ্ডা / অঁৰা = ১ পোণ ৫ গণ্ডা = ১ কুৰি ৪ কুৰি = ১ পোণ ১৬ পোণ = ১ কাওণ ২ খিলা = ১ যোৰ / হলা ২০ খিলা = ১ মুঠা / গুচি ২০ মুঠা / গুচি = ১ টা / ১ গোট ৪ টা = ১ অঁৰা / গণ্ডা ১৬ আঁৰা = ১ পোণ ২০ আঁৰা = ১ শ ২০ শ = ১ হাজাৰ ১ মিনিট = ৬০ ছেকেণ্ড ১ ঘণ্টা = ৬০ মিনিট = ৩৬০…
-
জোচে এণ্টনিঅ' কাষ্ট
১৯৬৬ চনৰ ১৮ জানুৱাৰীত চেণ্টিয়াগোত জন্মগ্ৰহণ কৰা জোচে এণ্টনিঅ’ কাষ্ট ৰিষ্ট (স্পেনীছ: José Antonio Kast Rist) জাৰ্মান বংশৰ চিলিৰ অধিবক্তা আৰু ৰাজনীতিবিদ যিয়ে দেশখনৰ ৰক্ষণশীল সোঁপন্থীৰ অন্যতম বিশিষ্ট ব্যক্তিত্বত পৰিণত হৈছে।
-
জ্বাৰাঝ দুৰ্গ
জ্বাৰাঝ দুৰ্গ ( Zbarazh Castle) জ্বাৰাঝত অৱস্থিত এটা সুৰক্ষিত প্ৰতিৰক্ষা দুৰ্গ। এই দুৰ্গটো পোলেণ্ড–লিথুৱানিয়া সংঘৰাজ্যৰ সময়ত নিৰ্মাণ কৰা হৈছিল। ই পশ্চিম ইউক্ৰেইনৰ টাৰ্নোপিল প্ৰদেশৰ জামকোভা পাহাৰৰ শিখৰসমূহৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে আৰু চহৰখনৰ কেন্দ্ৰীয় চৌহদৰ কাষত অৱস্থিত।
-
টাইকো ব্ৰাহে ডেচ
টাইকো ব্ৰাহে ডেচ (ইংৰাজী: Tycho Brahe days; ডেনিছ: Tycho Brahes-dage) হ’ল স্কাণ্ডিনেভিয়াৰ লোককথাত বৰ্ণিত কিছুমান বিশেষ দিন যাক অত্যন্ত অমঙ্গলীয় বুলি গণ্য কৰা হয়। বিশেষকৈ যাদুকৰী কাম-কাজ, গুৰুত্বপূৰ্ণ ব্যৱসায়িক লেনদেন আৰু ব্যক্তিগত অনুষ্ঠানৰ বাবে এই দিনবোৰ অশুভ বুলি বিশ্বাস কৰা হয়।
-
টাইপ ফাইভ ডায়েবেটিছ
পুষ্টিহীনতা সম্পৰ্কীয় ডায়েবেটিছ মেলিটাছ (MRDM), যাক টাইপ ৫ ডায়েবেটিছ আৰু পূৰ্বতে টাইপ জে ডায়েবেটিছ বুলিও কোৱা হৈছিল, হৈছে একপ্ৰকাৰৰ ডায়েবেটিছ মেলিটাছ যাৰ বৈশিষ্ট্য হৈছে শৰীৰত ইনচুলিন উৎপাদন হ্ৰাস পোৱা (টাইপ ১ ডায়েবেটিছৰ দৰেই)।
-
টাইৰানোছৰাছ
টাইৰানোছৰাছ Tyrannosaurus(/tɪˌrænəˈsɔːrəs, taɪ-/)[a] হৈছে বৃহৎ থেৰ'পড ডাইনোছৰৰ এটা প্ৰজাতি। টাইৰানোছৰাছ ৰেক্স (লেটিন ভাষাত ৰেক্সৰ অৰ্থ 'ৰজা') প্ৰজাতিটোক চুটিকৈ টি. ৰেক্স বুলি কোৱা হয় আৰু ই থেৰ'পডক প্ৰতিনিদ্ধিত্ব কৰা সকলৰ মাজত অন্যতম শ্ৰেষ্ঠ।
-
টাউহুইৰেং আহানপা
টাউহুইৰেং আহানপা (Tauhuireng Ahanpa), যাক টাইহুইৰেন আহানপা (Taihuiren Ahanpa) বুলিও লিখা হয়, আছিল মেইতেই পৌৰাণিক কাহিনী, লোককথা আৰু ধৰ্মত উল্লেখ থকা সেই দুজন সূৰ্য ভাতৃৰ ভিতৰত জ্যেষ্ঠজন, যিয়ে এসময়ত পৃথিৱীখনক একেলগে আলোকিত কৰিছিল।
-
টিয়াছা আধ্যা
টিয়াছা আধ্যা (জন্ম ) এগৰাকী ভাৰতীয় সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানী। তেওঁ মাছ ধৰা মেকুৰী ((Fishing Cat) ৰ ওপৰত গৱেষণা কৰে আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২২ চনৰ ফিউচাৰ ফৰ নেচাৰ বঁটা (2022 Future For Nature award) আৰু নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে।
-
টেৰেবোভ্লিয়া দুৰ্গ
টেৰেবোভ্লিয়া দুৰ্গ (ইংৰাজী: Terebovlia Castle) হৈছে পশ্চিম ইউক্ৰেইনৰ টেৰেবোভ্লিয়া চহৰত অৱস্থিত ১৭ শতিকাৰ এটা ধ্বংসপ্ৰাপ্ত দুৰ্গ। এই ধ্বংসাৱশেষসমূহ গ্নীজনী কেনিয়নৰ কাষত, চেৰেট নদীৰ মুখৰ ওচৰত অৱস্থিত।
-
ট্ৰাইপোফোবিয়া
ট্ৰাইপোফোবিয়া (Trypophobia) হ'ল অনিয়মিত আৰ্হি বা থেপা-থেপিকৈ থকা সৰু সৰু গাত বা ভিণ্ডৰ প্ৰতি থকা দৃষ্টি ঘৃণা। আনুষ্ঠানিকভাৱে মানুহৰ এই আচৰণক মানসিক ব্যাধি হিচাপে স্বীকৃতি দিয়া হোৱা নাই, অৱশ্যে এই পৰিস্থিতিৰ প্ৰতি অতিৰিক্ত ভয় বা আশংকাই দেখা দিলে ইয়াক নিৰ্দিষ্ট ফোবিয়া হিচাপে চিহ্নিত কৰিব পাৰি।
-
ট্ৰাছিং বেজী
ট্ৰাছিং বেজী হৈছে ২০ ছেমি দীঘল আৰু ৩ মিমি ব্যাসৰ এটা বেজী, যিটো পোহনীয়া চৰাইৰ মাংস যেনে হাঁহ, কুকুৰা আৰু টাৰ্কিৰ মাংস ৰান্ধিবলৈ মাংস চিলাবলৈ ব্যবহাৰ কৰা হয়৷ এইটো এইকাৰণেই কৰা হয়, যাতে মাংসখিনি ভালকৈ ধৰি সেকিব পৰা যায় আৰু ইয়াৰ আকাৰ ঠিকে থাকে৷ ট্ৰাছিং বেজীৰে পৰম্পৰাগত পোহনীয়া হাঁহ, কুকুৰা বা…
-
ট্ৰিপিলিয়া
ট্ৰিপিলিয়া (ইউক্ৰেইনীয়: Трипiлля) হৈছে মধ্য ইউক্ৰেইনৰ কিইভ অব্লাষ্টৰ অবুকিভ ৰায়ন জিলাৰ এখন গাঁও, য’ত ২,৮০০ জন বাসিন্দা আছে (১ জানুৱাৰী ২০০৫ চনৰ হিচাপত)। ই ইউক্ৰেইনৰ অন্যতম পৌৰসভা (হমাডা) ইউক্ৰেইনকা আৰবান হমাডাৰ অন্তৰ্গত।
-
ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মী
ট্ৰান্সজেণ্ডাৰ যৌন কৰ্মী হৈছে এজন ট্ৰান্সজেণ্ডাৰ ব্যক্তি যি যৌন উদ্যোগত কাম কৰে বা ধন বা অন্যান্য প্ৰকাৰৰ পৰিশোধৰ বিনিময়ত যৌন সেৱা সম্পাদন কৰে। ট্ৰান্সজেণ্ডাৰ শব্দটোৱে এনে এজন ব্যক্তিক বুজায় যাৰ লৈংগিক পৰিচয় জন্মৰ সময়ত হোৱা লিংগৰ পৰিচয় পৰা পৃথক হয়।
-
টৰ্চ লাইট
টৰ্চ লাইট (flashlight) (আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা) বা টৰ্চ (যুক্তৰাজ্য, অষ্ট্ৰেলিয়া) হৈছে এক পোৰ্টেবল হাতেৰে ধৰা বৈদ্যুতিক লেম্প। পূৰ্বতে, পোহৰৰ উৎস টো সাধাৰণতে এটা ক্ষুদ্ৰ উদ্দীপিত লাইট বাল্ব আছিল, কিন্তু এইবোৰ ২০০০ দশকৰ মাজভাগৰ পৰা পোহৰ নিৰ্গত কৰা ডায়ডৰ (এল.ই.ডি.) দ্বাৰা স্থানচ্যুত হৈছে।
-
ডা হে ডিং
ডা হে ডিং বা ডা হে ফাংডিং (Da He ding; চীনা: 大禾方鼎; পিনয়ন: Dà Hé fāngdǐng) হৈছে শ্বান বংশৰ শেষৰফালৰ (অনুমাণিক ১৬০০–১০৪৬ খ্ৰীষ্টপূৰ্ব) এক প্ৰাচীন চীনা ব্ৰঞ্জৰ আয়তাকাৰ ঝনঝন বা টুংটাং শব্দ কৰা পাত্ৰ। ১৯৫৯ চনত হুনানৰ নিংছিয়াঙৰ টানহেলিত উদ্ধাৰ হোৱা এই পাত্ৰটি হুনান সংগ্ৰহালয়ত প্ৰদৰ্শিত কৰা হৈছে।
-
ডাইনী বল
ডাইনী বল হ’ল কাঁচৰ ফুটা গোলক। ঐতিহাসিকভাৱে ১৭ আৰু ১৮ শতিকাৰ ইংলেণ্ডত দুষ্ট আত্মা, ডাইনী, দুষ্ট মন্ত্ৰ, দুৰ্ভাগ্য আৰু বেয়া আত্মাক দূৰ কৰিবলৈ কুটিৰৰ খিৰিকীত ডাইনী বল ওলোমাই থোৱা হৈছিল।
-
ডাগমাৰ ওভাৰবাই
ডাগমাৰ জোহানে আমালি অভাৰবাই ( ২৩ এপ্ৰিল ১৮৮৭ – ৬ মে' ১৯২৯) এগৰাকী ডেনিছ ছিৰিয়েল কিলাৰ আছিল। ১৯১৩ চনৰ পৰা ১৯২০ চনলৈকে সাত বছৰৰ সময়ছোৱাত নিজৰ এটা শিশুকে ধৰি ৯ৰ পৰা ২৫টা শিশুক হত্যা কৰিছিল।
-
ডান্স বাৰ
ডান্স বাৰ হৈছে ভাৰতৰ মহিলা সকলে নৃত্য কৰা বাৰবোৰক অৰ্থাৎ পানীয় বা জলপান পৰিৱেশন কৰা সৰু ৰেস্তোৰাঁ বুজাবলৈ ব্যৱহৃত এক শব্দ। ডান্স বাৰসমূহত তুলনামূলকভাৱে আবৃত সাজ পৰিধান কৰা মহিলাসকলে নৃত্যৰত ৰূপত নগদ ধনৰ বিনিময়ত পুৰুষ পৃষ্ঠপোষকৰ বাবে পানীয় আৰু অন্যান্য জলপান পৰিৱেশন কৰা এক প্ৰাপ্তবয়স্কসকলৰ…
-
ডায়েনা পুণ্ডোলে
ডায়েনা পুণ্ডোলে (: Diana Pundole; জন্ম: ১৫ আগষ্ট ১৯৯৩) মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী ভাৰতীয় ৰেচিং চালক। ভাৰতীয় মটৰ ক্ৰীড়াৰ ইতিহাসত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা য'ত লেডী ৰেচিং চালকসকলে পুৰুষ চালকৰ সৈতে সমানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
-
ডুব্ন’ দুৰ্গ
ডুব্ন’ দুৰ্গ (Dubno Castle, ইউক্ৰেনিয়ান: Дубенський замок, ৰোমান: Dubens'kyi zamok; প’লিছ: Zamek w Dubnie) হৈছে ইউক্ৰেইনৰ এটা প্ৰাচীন দুৰ্গ। ১৪৯২ শকত ৰাজকুমাৰ কনষ্টাণ্টি অষ্ট্ৰ’স্কিয়ে ভলহিনিয়াৰ প্ৰাচীন ৰুথেনিয়ান দুৰ্গ, ডুব্ন’ৰ ওচৰতে ইকুৱা নদীৰ ওপৰেৰে দেখা পোৱাকৈ ডুব্ন’ দুৰ্গ প্ৰতিষ্ঠা কৰিছিল।
-
ডেম ক্লেয়াৰ বাৰ্টচিংগাৰ
ডেম ক্লেয়াৰ বাৰ্টচিংগাৰ, ডি বি ই, ডি এল (:Dame Claire Bertschinger জন্ম ১৯৫৩ ) এগৰাকী এংলো-ছুইছ নাৰ্ছ আৰু উন্নয়নশীল দেশসমূহত দুৰ্দশাগ্ৰস্ত লোকসকলৰ পক্ষত কাম কৰা এগৰাকী মানবাধিকাৰ কৰ্মী।
-
ডেমন কেট
ডেমন কেট (ডি.চি. বুলিও কোৱা হয়) আমেৰিকাৰ লোককথাত এটা ভূত মেকুৰী যিয়ে আমেৰিকাৰ ৰাজধানী চহৰ ৱাশ্বিংটন ডি.চি.ৰ চৰকাৰী ভৱনসমূহত ঘূৰি ফুৰা বুলি কোৱা হয়। ই হোৱাইট হাউছ আৰু আমেৰিকাৰ কেপিটেলত খেদি ফুৰা বুলি অভিযোগ উঠিছে।
-
ডেল্টা মেঘৱাল ধৰ্ষণ কাণ্ড
২০১৬ চনৰ ২৯ মাৰ্চত ভাৰতৰ ৰাজস্থান ৰাজ্যৰ বিকানেৰ জিলাৰ নোখাৰ কলেজত মৃত অৱস্থাত উদ্ধাৰ হয় ডেল্টা মেঘৱাল নামৰ ১৭ বছৰীয়া দলিত কিশোৰীক। জৈন আদৰ্শ শিক্ষক প্ৰশিক্ষণ ইনষ্টিটিউট ফৰ গাৰ্লছৰ পানীৰ টেংকিত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ, ্ তেওঁ তাৰে ছাত্ৰী আছিল।
-
ডৌপি
ডৌপি, যাক "ত্ৰিমুখী সুস্বাদু ডৌপি" (三鲜豆皮, sānxiān dòupí) বুলিও কোৱা হয়, হৈছে চীনৰ হুবেই প্ৰদেশৰ উহান চহৰৰ এবিধ পৰম্পৰাগত ৰাতিপুৱাৰ আহাৰ (ব্ৰেকফাষ্ট)। ইয়াক প্ৰায়ে পথৰ খাদ্য (ষ্ট্ৰীট ফুড) হিচাপে বিক্ৰী কৰা হয়।
-
ড্ৰ'বিটস্কি য়াৰ
ড্ৰ’বিটস্কি য়াৰ (ইউক্ৰেইনীয়ান: Дробицький Яр, ইংৰাজী: Drobytsky Yar) হৈছে ইউক্ৰেইনৰ খাৰ্কিভ চহৰত অৱস্থিত এটা গিৰিখাত বা দ’ খাৱৈ। ইউক্ৰেইনত হ’ল’ক’ষ্ট (Holocaust) বা ইহুদী নিধণযজ্ঞৰ সময়ত এই স্থানত নাজীসকলে ভয়াবহ গণহত্যাকাণ্ড সংঘটিত কৰিছিল।