ইৰান
৬৫ প্ৰবন্ধ
-
ফাৰ্চী ভাষা
ফাৰ্চী ভাষা বা পাৰ্ছিয়ান ভাষা হৈছে এটা পশ্চিমীয় ইৰাণীয় ভাষা যিটো ইণ্ডো ইউৰোপীয়ান ভাষাসমূহৰ ইণ্ডো ইৰাণীয়ান বিভাগৰ ইৰাণীয়ান শাখা। এই ভাষাটো ইৰান, আফগানিস্তান আৰু তাজিকিস্তানত ক্ৰমে ইৰাণীয়ান ফাৰ্চী, ডাৰি ফাৰ্চী (১৯৫৮ চনৰ পৰা চৰকাৰীভাৱে ডাৰি) আৰু তাজিক ফাৰ্চী (ছোভিয়েটৰ সময়ৰ পৰা কেৱল তাজিক)…
-
তেহৰাণ
তেহৰাণ হৈছে ইৰাণ আৰু তেহৰাণ প্ৰদেশৰ ৰাজধানী। নগৰৰ জনসংখ্যা প্ৰায় ৯ নিযুত আৰু বৃহৎ মহানগৰীয় এলেকাত প্ৰায় ১৬ নিযুত, তেহৰান হৈছে ইৰানৰ সৰ্ববৃহৎ মহানগৰ আৰু নগৰীয় এলেকা, পশ্চিম এছিয়াৰ দ্বিতীয় বৃহৎ মহানগৰ, আৰু মধ্য পূৱ তৃতীয় বৃহৎ মহানগৰীয় এলেকা।
-
ইৰানৰ ইতিহাস
ইৰাণৰ ইতিহাস সাধাৰণতে বৃহত্তৰ ইৰাণৰ ইতিহাস, যাক আগতে পাৰস্য বুলি জনাজাত আছিল। বৃহত্তৰ ইৰাণ পশ্চিমে আনাতোলিয়া, বছফৰাছ আৰু মিচৰ, পূবে প্ৰাচীন ভাৰত আৰু ছাৰ দৰিয়া, উত্তৰত পাৰস্য উপসাগৰ আৰু দক্ষিণে ওমান উপসাগৰলৈকে বিস্তৃত।
-
নৌৰুজ
নৌৰুজ (ইৰাণী ফাৰ্চী: نوروز নোৰুজ; আক্ষৰিক অৰ্থত "নতুন দিন") হৈছে ইৰাণী নৱবৰ্ষৰ নাম, যাক পাৰ্চী নৱবৰ্ষ বুলিও কোৱা হয়, যিটো প্ৰধানকৈ বিশ্বজুৰি ইৰাণীসকলে উদযাপন কৰে। ই মূলতঃ প্ৰকৃতিৰ উদযাপন, প্ৰকৃতিৰ উত্থান, ফুল, সতেজতা, সেউজীয়া আৰু উচ্ছলতাৰ এক দৰ্শনীয় দৃশ্য প্ৰদান কৰে।
-
অট্টোমান আৰু ছাফাভিদ সাম্ৰাজ্যৰ মাজত থকা কুটনৈতিক সম্পৰ্ক
অট্টোমান আৰু ছাফাভিদ সাম্ৰাজ্যৰ মাজত থকা কূটনৈতিক সম্পৰ্ক ষোড়শ শতিকাৰ আৰম্ভণিতে ইৰাণ (পাৰস্য)ত ছাফাৱী সাম্ৰাজ্য প্ৰতিষ্ঠাৰপৰাই অট্টোমান-ছাফাৱী সম্পৰ্কৰ ইতিহাস আৰম্ভ হৈছিল। প্ৰাৰম্ভিক অট্টোমান-ছাফাৱী বা ছাফাভিদ সংঘাত ১৫১৪ চনত চালদিৰাণৰ যুদ্ধত শিখৰত উপনীত হয় আৰু সীমান্তৰ সংঘৰ্ষ এশ বছৰ ধৰি চলি থাকে।
-
আখালৰ চুক্তি
আখাল সন্ধি বা চুক্তি (Treaty of Akhal) ক আখাল-খোৰাছান সীমান্ত চুক্তি নামেৰেও জনাজাত। এই চুক্তি ১৮৮১ চনৰ ২১ ছেপ্টেম্বৰত কাজাৰ ইৰাণ আৰু সাম্ৰাজ্যবাদী দেশ ৰাছিয়াৰ মাজত স্বাক্ষৰিত এখন সন্ধি আছিল।
-
আজাদী টাৱাৰ
আজাদী টাৱাৰ (Azadi Tower) হ'ল ইৰানৰ ৰাজধানী চহৰ তেহৰানত অৱস্থিত এটা স্মৃতিসৌধ। ইয়াক স্থানীয়ভাৱে বৰ্জ-ই আজাদি বা ফ্ৰিডম টাৱাৰনামেৰে জনা যায়। ইয়াৰ পুৰণি নাম, শ্বাহ্যাদ টাৱাৰ পৰিচিত। এই স্মৃতিসৌধটো তেহৰানৰ অন্যতম প্ৰধান কীৰ্তীচিহ্ন বুলিব পাৰি।
-
আবাদন সংকট
আবাদান সংকট (Abadan Crisis) (ইৰাণ তেল সংকট) ১৯৫১ চনৰপৰা ১৯৫৪ চনলৈকে চলিছিল, যেতিয়া ইৰাণে বিপি নিয়ন্ত্ৰিত এংলো-ইৰানিয়ান তেল কোম্পানী (AIOC) ৰ ইৰাণী সম্পত্তি ৰাষ্ট্ৰীয়কৰণ কৰিছিল আৰু বিদেশী কোম্পানীসমূহক ইৰানৰ আবাদন চহৰৰ তেল শোধনাগাৰৰপৰা বহিষ্কাৰ কৰিছিল।
-
আলভাণ্ড
আলভাণ্ড (Alvand) হৈছে পশ্চিম ইৰাণৰ জাগ্ৰ'ছ পৰ্বতমালাৰ এটা উপশ্ৰণী। এই পৰ্বতমালা হামাদান প্ৰদেশৰ হামাদান চহৰৰপৰা ১০ কিলোমিটাৰ দক্ষিণে অৱস্থিত। ইয়াৰ শিখৰৰ উচ্চতা হৈছে 3580 মিটাৰ.
-
আলাদিন টাৱাৰ
আলাদিন টাৱাৰ (Aladdin Tower) , যাক আলাডল টাৱাৰ বুলিও কোৱা হয় আৰু ইয়াক গুণবাদ-ই আলা আল-দিন অৰ্থাৎ আলাদিনৰ গম্বুজ বুলিও কোৱা হয়, এয়া আলাদিনৰ সমাধিস্থল। ইৰাণৰ তেহৰাণ প্ৰদেশৰ বাৰামিনৰ মাজ-মজিয়াত অৱস্থিত। ১৯৩২ চনত ইলখানিদ যুগত এই টাৱাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল।
-
আৰাশ
আৰাশ দ্য আৰ্চাৰ (ফাৰ্চী: آرش کمانگیر) হৈছে ইৰানী পৌৰাণিক কাহিনী আৰু ঐতিহাসিক পৰম্পৰাৰ এজন বীৰ ধনুৰ্ধৰ চৰিত্ৰ। ইৰানী লোককথা অনুসৰি ইৰান আৰু টুৰানৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰাশে নিক্ষেপ কৰা এটা কাঁড়ৰদ্বাৰা, যিটো কাঁড় নিক্ষেপ কৰিবলৈ তেওঁ নিজৰ জীৱন ত্যাগ কৰিছিল।
-
আৰ্গো ফেক্টৰী
আৰ্গো ফেক্টৰী (Argo Factory)ইৰাণৰ তেহৰাণত অৱস্থিত এটা সমসাময়িক কলা সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ, যিটো পূৰ্বৰ ৱাইন কাৰখানাত অৱস্থিত। আৰ্গো ফেক্টৰী পেজমেন ফাউণ্ডেশ্যন ছাইটৰ এটা অংশ।
-
আৰ্দাশিৰ প্ৰাসাদ
আৰ্দাশিৰ প্ৰাসাদ (Palace of Ardashir) (পাৰ্চী: آتشکده, আক্ষৰিক অৰ্থত 'অগ্নি মন্দিৰ') নামেৰেও জনাজাত। এই মহল পৰ্বতৰ ঢালত অৱস্থিত এটা প্ৰাসাদ, যাৰ ওপৰত কালেহ ডখতাৰ অৱস্থিত।
-
ইছলামিক বিপ্লৱী আদালত (ইৰান)
ইছলামিক বিপ্লৱী আদালত (Islamic Revolutionary Court) হ'ল ইৰাণৰ ইছলামিক গণৰাজ্যৰ এক বিশেষ আদালতৰ ব্যৱস্থা। ইয়াত ৰাষ্ট্ৰই "বিপ্লৱৰ বিৰুদ্ধে অপৰাধ" বা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি সংজ্ঞায়িত কৰা গোচৰসমূহ চম্ভালিব পাৰে।
-
ইৰান জৰ্জিয়াৰ সম্পৰ্ক
ইৰাণ বা পূৰ্বৰ পাৰস্য আৰু জৰ্জিয়াৰ মাজৰ সম্পৰ্ক হাজাৰ হাজাৰ বছৰ আগৰ যদিও ২০ শতিকাত, ১৯৯২ চনৰ ১৫ মে'ত দুয়োখন দেশৰ মাজত আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হৈছিল। তেহৰাণত থকা জৰ্জিয়াৰ দূতাবাসে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ইৰাণৰ দূতাবাস টিবিলিচিত।
-
ইৰান-পাকিস্তান গেছ পাইপলাইন
ইৰাণ–পাকিস্তান গেছ পাইপলাইন (Iran–Pakistan gas pipeline) ক ‘শান্তি পাইপলাইন’ বা ‘আই পি গেছ’ বুলিও কোৱা হয়, ইৰাণৰপৰা পাকিস্তানলৈ প্ৰাকৃতিক গেছ পৰিবহণৰ লক্ষ্যৰে ২,৭৭৫ কিলোমিটাৰ (১,৭২৪ মাইল) দৈৰ্ঘ্যৰ নিৰ্মাণ চলি থকা পাইপলাইন।
-
ইৰানত অপৰাধ
ইৰাণত অপৰাধ (Crime in Iran)বুলি কলে বিভিন্ন ৰূপত বিদ্যমান থকা অপৰাধক বুজায়। এইবিলাকৰ ভিতৰত তলত দিয়া ধৰণৰ হ'ব পাৰে: হত্যা, অপহৰণ, চুৰি, জালিয়াতি, ধন সৰবৰাহ, ড্ৰাগছ সৰবৰাহ, নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়, মদৰ সৰবৰাহ, তেল সৰবৰাহ, কৰ ফাঁকি, সন্ত্ৰাসবাদ, সমকামিতা, গাইডেন্স পেট্ৰ'ল, ৰমজানৰ সময়ত খোৱা-বোৱা…
-
ইৰানত ধৰ্মনিৰপেক্ষতা
ইৰানত ধৰ্মনিৰপেক্ষতা (Secularism in Iran) ১৯২৫ চনত ৰেজা শ্বাহ পাহলৱীৰ ৰাজ অভিষেকৰ পিছতেই ইৰাণত ধৰ্মনিৰপেক্ষতা ৰাষ্ট্ৰ নীতি হিচাপে প্ৰতিষ্ঠা হয়। তেওঁ ধৰ্মীয় বিশ্বাসৰ কোনো ৰাজহুৱা প্ৰদৰ্শন বা প্ৰকাশ নিষিদ্ধ কৰিছিল।
-
ইৰানত হিন্দু ধৰ্ম
ইৰাণৰ হিন্দু ধৰ্ম (Hinduism in Iran) হৈছে এটা সংখ্যালঘিষ্ঠ ধৰ্ম। ২০১৫ চনলৈকে ইৰাণত ৩৯,২০০ জন হিন্দু বাস কৰিছিল।[ আৰ্য সমাজে দুটা হিন্দু মন্দিৰ নিৰ্মাণ কৰিছিল, এটা বান্দৰ আব্বাছত আৰু এটা জাহেদানত, দুয়োটা মন্দিৰ ১৯ শতিকাৰ শেষৰফালে ভাৰতীয় বণিকৰদ্বাৰা পুঁজিৰে নিৰ্মাণ কৰা হৈছিল।
-
ইৰানৰ ক্ৰীড়া
ইৰানত ক্ৰীড়া ইৰাণৰ বহু খেল পৰম্পৰাগত আৰু আধুনিক দুয়োটা। উদাহৰণস্বৰূপে, ১৯৭৪ চনত পশ্চিম এছিয়াৰ প্ৰথমখন চহৰ আছিল তেহৰাণ যিয়ে এছিয়ান গেমছ আয়োজন কৰিছিল আৰু আজিও আন্তঃৰাষ্ট্ৰীয় বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন আৰু অংশগ্ৰহণ অব্যাহত আছে।
-
ইৰানৰ গণমাধ্যম
ইৰাণৰ গণমাধ্যম (Mass media in Iran) ব্যক্তিগত আৰু ৰাজহুৱা দুয়োটা মালিকানাধীন যদিও সকলো চেনেল চেঞ্চৰশ্বিপৰ অধীনত। ২০১৬ চনত ইৰাণৰ ১৭৮খন বাতৰি কাকত, ৮৩খন আলোচনী, ১৫,০০০খন তথ্য ছাইট আৰু ২০ লাখ ব্লগ আছিল।
-
ইৰানৰ জলবায়ু পৰিবৰ্তন
ইৰানৰ জলবায়ু পৰিৱৰ্তনয়ে পৰিৱেশত বিশেষ প্ৰভাৱ পেলাইছে। মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা (MENA) অঞ্চলৰ জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ সংবেদনশীল দেশসমূহৰ ভিতৰত ইৰাণ অন্যতম।
-
ইৰানৰ তৈল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ
ইৰাণৰ তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ (nationalization of the Iranian oil industry) ইৰানৰ সংসদ (মজলিছ)ৰ আন্দোলনৰ ফল আছিল। এই আন্দোলনৰ লক্ষ্য আছিল ইৰাণৰ তেল উদ্যোগৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰা, যিটো উদ্যোগ পূৰ্বে ব্যক্তিগত কোম্পানীয়ে পৰিচালনা কৰিছিল আৰু বহুলাংশে বিদেশী শক্তিৰ নিয়ন্ত্ৰণত আছিল।
-
ইৰানৰ পানী মাফিয়া
ইৰানৰ পানী মাফিয়া (Water Mafia in Iran) (পাৰ্চী ভাষাত مافیای آب) শব্দটো চৰকাৰী বিষয়া, ঠিকাদাৰ আৰু নিৰাপত্তা সংস্থাৰ অনানুষ্ঠানিক, শক্তিশালী আৰু দুৰ্নীতিগ্ৰস্ত নেটৱৰ্কক বুজাবলৈ ব্যৱহাৰ কৰা হয় যিয়ে ইৰাণৰ জলসম্পদ নিয়ন্ত্ৰণ কৰি নিজৰ ব্যক্তিগত আৰু ৰাজনৈতিক স্বাৰ্থৰ সেৱা কৰে।
-
ইৰানৰ পৰা মানৱ মূলধনৰ বহিঃপ্ৰবাহ
ইৰাণৰপৰা মানৱ মূলধনৰ বহিঃপ্ৰৱাহ ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছৰেপৰা ইৰানৰপৰা মানৱ পুঁজিৰ বহিঃপ্ৰৱাহ এক উল্লেখযোগ্য পৰিঘটনা। ১৯৯০ চনৰ আৰম্ভণিতে প্ৰতি বছৰে ১ লাখ ৫০ হাজাৰতকৈ অধিক ইৰাণীয়ে ইছলামিক গণৰাজ্য এৰি থৈ যায় আৰু সেই সময়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰা সকলো ইৰাণীৰ অনুমাণিক ২৫ শতাংশই বিদেশত…
-
ইৰানৰ পৰিবেশৰ সমস্যা
ইৰানৰ পৰিবেশৰ সমস্যা ইৰাণ হ'ল বিশ্বৰ অন্যতম বৃহৎ আৰু ঘন জনবসতিপূৰ্ণ দেশ, ইয়াৰ আয়তন প্ৰায় ১৭ লাখ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৯ কোটি ১৫ লাখ। ১৯৬৬ চনৰপৰা ইৰাণত জনসংখ্যাৰ অপৰিসীম বৃদ্ধি হৈছে, প্ৰথম অৱস্থাত ২৫,৭৮১,০৯০ জন লোকৰ সংখ্যা আৰু ২০১০ চনত মুঠ জনসংখ্যা ৭৫,৩৩০,০০০ হৈছিল।
-
ইৰানৰ পৰ্যটন
ইৰাণৰ পৰ্যটন দেশখনৰ অৰ্থনীতিৰ এটা প্ৰধান খণ্ড, ই ২০২৩ চনত ৰাষ্ট্ৰীয় জিডিপিৰ প্ৰায় ৩% অৰিহণা যোগাইছিল। ২০২৪ চনত ৭০ লাখতকৈ অধিক পৰ্যটকে দেশখন ভ্ৰমণ কৰিছিল।
-
ইৰানৰ বন্যপ্ৰাণী
ইৰানৰ বন্যপ্ৰাণী (wildlife of Iran) য়ে ইয়াত থকা উদ্ভিদ আৰু প্ৰাণী উভয়কে সামৰি লয়। ইৰাণৰ অন্যতম বিখ্যাত প্ৰাণী হৈছে সংকটজনকভাৱে বিপন্ন এছিয়াটিক চিতা। ইয়াৰ বৈজ্ঞানিক নাম হ'ল Acinonyx jubatus venaticus,এই এছিয়াটিক চিতা আজি কেৱল ইৰাণতে জীয়াই আছে।
-
ইৰানৰ ভিছা নীতি
ইৰানৰ ভিছা নীতি ইৰাণলৈ অহা বেছিভাগ পৰ্য্যটকে ভিছা ৰেহাই পোৱা দেশ বা ই-ভিছাৰ বাবে যোগ্য নোহোৱা দেশৰ নাগৰিকৰ বাহিৰে ইৰানলৈ অহাৰ আগতে ইলেক্ট্ৰনিক ভিছা (ই-ভিছা) ল’ব লাগিব; এনে ক্ষেত্ৰত তেওঁলোকে বিশ্বজুৰি ইৰাণৰ যিকোনো কূটনৈতিক মিছনৰপৰা আগতীয়াকৈ ভিছা ল’ব লাগিব।
-
এলনাজ নৌৰুজি
এলনাজ নৌৰুজি ( Elnaaz Norouzi); জন্ম: ৯ জুলাই ১৯৯২) এগৰাকী ইৰানীমূলীয় জাৰ্মান অভিনেত্ৰী।