যন্ত্ৰ
১৬ প্ৰবন্ধ
-
তাঁতশাল
কপাহ বা কপাহী সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰক তাঁতশাল বোলে। আধুনিক বস্ত্ৰ কাৰখানাত স্বয়ংক্ৰিয় তাঁতশাল ব্যৱহাৰ কৰা হয়। সাধাৰণতে তাঁতশাল নামৰ যন্ত্ৰটোত সূতাটো কুণ্ডলীৰ ৰূপত সুমুৱাই দিয়া হয়। তাঁতশালৰ আকৃতি আৰু ইয়াত ব্যৱহাৰ কৰা কৌশল বেলেগ বেলেগ হ’ব পাৰে।
-
ঘড়ী
ঘড়ী (Clock) ই এনে এটা যন্ত্ৰ যি সময় নিৰ্ধাৰণত সহায় কৰে। বিভিন্ন ধৰণৰ ঘড়ী দেখিবলৈ পোৱা যায়। যেনে হাত ঘড়ী, দেৱাল ঘড়ী ইত্যাদি। সময় বুলিলে সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত আৰু সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা নিৰালস্য প্ৰচেষ্টা সাফল্যমণ্ডিত…
-
এ টি এম
এ টি এমইংৰাজীত সম্পূৰ্ণ নাম automated teller machine,সংক্ষেপে এ টি এম (ATM) বুলি কোৱা আৰু লিখা হয়। এ টি এম হ'ল বেংক বা কোনো বিত্তীয় প্ৰতিষ্ঠানে কম্পিউটাৰ-দূৰসংযোগ ব্যৱস্থাৰ জৰিয়তে কোনো কৰ্মচাৰী নোহোৱাকৈ ৰাজহুৱা স্থানত তেওঁলোকৰ গ্ৰাহকক ধন পৰিশোধ কৰাৰ এটা পদ্ধতি তথা যন্ত্ৰ।
-
নাঙল
নাঙল হৈছে ভাৰতৰ আদিম কৃষি যন্ত্ৰ। ই সাধাৰণত কৃষি কাৰ্যত ব্যৱহাৰ হোৱা এক ধৰণৰ যন্ত্ৰ। বীজ অথবা পুলি ৰোপণৰ বাবে মাটি তৈয়াৰি কৰিবলৈ নাঙল ব্যৱহাৰ কৰা হয়। কৃষি কাৰ্যত ব্যৱহৃত ই অন্যতম পুৰাতন যন্ত্ৰ।
-
ভাপ ইঞ্জিন
ভাপ ইঞ্জিন হৈছে এবিধ তাপ ইঞ্জিন যিয়ে ভাপক কাৰ্যকাৰী তৰল হিচাপে ব্যৱহাৰ কৰি (Working fluid) যান্ত্ৰিক কাৰ্য কৰে। প্ৰায় ২০০০ বছৰৰ আগতেই গৰম পানীৰ ভাপৰ সহায়ত বিভিন্ন গতি সৃষ্টি কৰিছিল যদিও ব্যৱহাৰযোগ্য কোনো সঁজুলি পোৱা নাযায়।
-
অসমৰ কুঁহিয়াৰ শাল
অসমত সৰহীয়া কুঁহিয়াৰৰ খেতিয়কে ঘৰুৱাভাৱে গুৰ প্ৰস্তুত কৰোঁতে কুঁহিয়াৰৰ ৰস চেপিবলৈ পৰম্পৰাগত ভাৱে এই প্ৰৱন্ধত উল্লেখ কৰা কুঁহিয়াৰ শালখন ব্যৱহাৰ কৰে। অৱশ্যে যান্ত্ৰিকীকৰণৰ ফলত এসময়ত উজনি অসমৰ অনেক খেতিয়কে ব্যৱহাৰ কৰা এই শালখনৰ গুৰুত্ব আজিকালি প্ৰায় লোপ পাইছে।
-
এনিগ্মা যন্ত্ৰ
এনিগ্মা যন্ত্ৰ (Enigma machine) হৈছে এক বিশেষ সংকেতসূচক যন্ত্ৰ যিটো কুৰি শতিকাৰ প্ৰথমৰ পৰা মাজভাগলৈ ব্যৱহৃত কৰা হৈছিল। এনিগ্মা যন্ত্ৰৰ সহায়ত বাণিজ্যিক, ৰণনীতিক আৰু সামৰিক যোগাযোগ সুৰক্ষিত ভাৱে কৰা হৈছিল।
-
জামছিদী বেজী
জামছিদী বেজী (Jamshidi needle) হাড়ৰ মজ্জাৰ বায়’প্সি কৰাৰ বাবে ব্যৱহৃত ট্ৰেফিন বেজী, যাৰ দ্বাৰা কলাৰ নলাকাৰ নমুনা, মূল বায়’প্সিৰ নমুনা লোৱা হয়। ই এটা নলী আকাৰৰ বেজী, যাৰ কাটিব পৰা আগটো তীক্ষ্ণ। টেপাৰ এণ্ডে ক্ৰাছ আৰ্টিফেক্টৰ সম্ভাৱনা হ্ৰাস কৰে।
-
এবাকাছ
এবাকাছ (Abacus) বা গাণনিক বাকচ হ'ল পাটিগাণিতিক গণনা সম্পাদনৰ এটা প্ৰাচীন যন্ত্ৰ। ইয়াত এটি কাঠৰ ফ্ৰেমত কিছুমান তাৰ লগোৱা থাকে। তাৰত লগাই ৰখা গুটি উপৰলৈ তললৈ দি গণনা কৰা হয়। ফ্ৰেমত গুটি সমূহ শৃংখলাৰে লগোৱা থাকে গুটি সমূহৰ মাজত এডাল দণ্ড থাকে যি গুটিসমূহক দুইভাগত ভাগ কৰে।
-
কুন্দ
a – bed b – carriage (with cross-slide and toolpost)
-
গেছ টাৰ্বাইন
গেছ টাৰ্বাইন (Gas turbine) হৈছে এক প্ৰকাৰৰ অন্তৰ্দাহী ইঞ্জিন যি চলিবৰ বাবে আৱশ্যক হোৱা শক্তি জ্বলনশীল গেছৰ প্ৰবাহৰ দ্বাৰা লাভ কৰে। ইয়াক দহন টাৰ্বাইন (combustion turbine)-ও বোলা হয়।
-
ছিয়াংফেং উ
ছিয়াংফেং উ (অৰ্থ: 'বতাহৰ ইংগিত দিয়া চৰাই') আছিল প্ৰাচীন চীনত বতাহৰ দিশ সংগ্ৰহ আৰু জুখিবলৈ ব্যৱহাৰ কৰা বতাহৰ জৰীপ যন্ত্ৰ।
-
দমকল
দমকল (Hand pump) হৈছে হাতেৰে চলাই ভূ-গৰ্ভস্থ পানী উলিওৱা এক যন্ত্ৰ; ইয়াৰ সহায়ত মানুহৰ শক্তি আৰু যান্ত্ৰিক সুবিধা ব্যৱহাৰ কৰি তৰল পদাৰ্থ বা বায়ুক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ লৈ যোৱা হয়। বিশ্বৰ প্ৰতিখন দেশতে বিভিন্ন ধৰণৰ ঔদ্যোগিক, সামুদ্ৰিক, জলসিঞ্চন আদিৰ দৰে কামত এইবোৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়।
-
বাষ্প উদ্ভাৱক
বাষ্প উদ্ভাৱক (ইংৰাজী: Boiler) হৈছে পানীৰ পৰা বাষ্প বা ভাপ উদ্ভাৱনৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ বিশেষ সঁজুলি। বাষ্প উদ্ভাৱকক বৃহাদাকাৰ বন্ধ পাত্ৰৰ লগত ৰিজাব পাৰি। ইন্ধনৰ দহন কৰি পানীক বাষ্পলৈ ৰূপান্তৰিত কৰি এই বাষ্প ভাগ প্ৰয়োজনীয় কাম-কাজত ব্যৱহাৰ কৰা হয়।
-
ব্যক্তিগত অংকীয় সহায়ক
ব্যক্তিগত অংকীয় সহায়ক বা পাৰ্চনেল ডিজিটেল এচিষ্টেন্ট (পি ডি এ) বা পাৰ্চনেল ডেটা এচিষ্টেন্ট এটি প্ৰায় বৈজ্ঞানিক গণক যন্ত্ৰৰ আকাৰৰ সৰু ন'টবুক, য'ত দিনলিপিৰ দৰে সকলো তথ্য ৰখা হয়। ভ্ৰম্যমান দূৰভাষৰ ব্যাপক প্ৰসাৰৰ আগতে ই অতি জনপ্ৰিয় আছিল। বৰ্তমান পি ডি এৰ স্থান লৈছে বুধিয়ক দূৰভাষে।
-
ৰুবিকৰ কিউব
ৰুবিকৰ কিউব (Rubik's Cube) হৈছে ঘনাকৃতিৰ এক যান্ত্ৰিক পাজল (puzzle)। ১৯৭৪ চনত হাংগেৰীৰ ভাষ্কৰ্য্য আৰু স্থপতিবিদ্যাৰ অধ্যাপক এৰ্নো ৰুবিকে ইয়াক উদ্ভাৱন কৰে। আদিতে ইয়াক মেজিক কিউব হিচাপে জনা গৈছিল।