অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ডৌপি

ডৌপি, যাক "ত্ৰিমুখী সুস্বাদু ডৌপি" (三鲜豆皮, sānxiān dòupí) বুলিও কোৱা হয়, হৈছে চীনৰ হুবেই প্ৰদেশৰ উহান চহৰৰ এবিধ পৰম্পৰাগত ৰাতিপুৱাৰ আহাৰ (ব্ৰেকফাষ্ট)। ইয়াক প্ৰায়ে পথৰ খাদ্য (ষ্ট্ৰীট ফুড) হিচাপে বিক্ৰী কৰা হয়।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ
প্লেটত পৰিৱেশন কৰা ডৌপিৰ এটা অংশ
প্লেটত পৰিৱেশন কৰা ডৌপিৰ এটা অংশছবি: ZhengZhou · CC BY-SA 4.0

ডৌপি, যাক "ত্ৰিমুখী সুস্বাদু ডৌপি" (三鲜豆皮, sānxiān dòupí) বুলিও কোৱা হয়১, হৈছে চীনৰ হুবেই প্ৰদেশৰ উহান চহৰৰ এবিধ পৰম্পৰাগত ৰাতিপুৱাৰ আহাৰ (ব্ৰেকফাষ্ট)। ইয়াক প্ৰায়ে পথৰ খাদ্য (ষ্ট্ৰীট ফুড) হিচাপে বিক্ৰী কৰা হয়।২

উৎপত্তি

এই খাদ্যবিধৰ নামটো ইয়াৰ বাহিৰৰ তৰপটোৰ পৰা আহিছে, যিটো মগু মাহৰ গুৰি, কণী, গাখীৰ আৰু ময়দাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়।

এই ব্যঞ্জনবিধ ১৯৩১ চনত এজন স্থানীয় ৰান্ধনীয়ে উদ্ভাৱন কৰিছিল, যিয়ে ডৌপি ৰন্ধাৰ পৰম্পৰাগত শৈলীটোক অধিক উন্নত কৰি তুলিছিল৩ আৰু পিছলৈ 'লাওটংচেং' নামৰ এখন বিখ্যাত ৰেষ্টুৰেণ্ট খুলিছিল।

আৰম্ভণিতে মানুহে বিভিন্ন উৎসৱ-পাৰ্বনত উৎসৱৰ আহাৰ হিচাপে ডৌপি তৈয়াৰ কৰিছিল। তেওঁলোকে মগু মাহৰ সৈতে চাউল মিহলাই এটা পেষ্ট বা লেপন প্ৰস্তুত কৰি লৈছিল। তাৰ পিছত সেই পেষ্টটো এখন পাতল পেনকেক বা "বীন স্কিন" (মাহৰ ছাল)ৰ দৰে মেলি দি তাৰ ভিতৰত বৰা চাউল আৰু টুকুৰা কৰা মাংস ভৰাই মেৰিয়াই লৈছিল। শেষত ইয়াক তেলত ভজা হৈছিল। বহু বছৰৰ পিছত, ডৌপি উহানিচসকলৰ এক সাধাৰণ ৰাতিপুৱাৰ আহাৰত পৰিণত হয়।৪

প্ৰকাৰ

পৰম্পৰাগত ডৌকিত কেঁচা মাংস, কণী আৰু মিছামাছৰ পূৰ দিয়া থাকে। ইয়াৰ উপৰিও আন এক প্ৰকাৰে ডৌপি প্ৰস্তুত কৰা হয়, য’ত কেঁচা মাংস, সতেজ কাঠফুলা (মাছৰুম) আৰু বাঁহৰ গাজ (বাঁহৰ খৰিচা) ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত দিবলগীয়া উপাদানসমূহ আগতীয়াকৈ সৰু সৰু টুকুৰা কৰি কাটি, বিভিন্ন মছলাৰ সৈতে পাত্ৰত ৰান্ধি প্ৰস্তুত কৰি লোৱা হয়।৪

তথ্যসূত্ৰ

  1. ↑ Tri-delicacy doupi. en.hubei.gov.cn
  2. ↑ What is Doupi? Traditional Dish From Wuhan. ://tasteatlas.com
  3. ↑ 武汉名吃 三鲜豆皮. www.chinataiwan.org
  4. ↑ 实拍武汉三鲜豆皮制作过程,越看越想吃-手机凤凰网. ://ifeng.com

সম্পৰ্কিত শ্ৰেণী

চীনা ৰন্ধনপ্ৰণালী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডৌপি” প্ৰবন্ধৰ সংশোধন ৬৩৫৪১৩ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।