ডেম ক্লেয়াৰ বাৰ্টচিংগাৰ, ডি বি ই, ডি এল (:Dame Claire Bertschinger জন্ম ১৯৫৩ ) এগৰাকী এংলো-ছুইছ নাৰ্ছ আৰু উন্নয়নশীল দেশসমূহত দুৰ্দশাগ্ৰস্ত লোকসকলৰ পক্ষত কাম কৰা এগৰাকী মানবাধিকাৰ কৰ্মী। ১৯৮৪ চনত ইথিওপিয়াত কৰা তেওঁৰ মানবিক সেৱাই বেণ্ড এইড গঠনত অনুপ্ৰেৰণা যোগাইছিল আৰু তাৰ পিছত লাইভ এইডক আয়োজন কৰা হৈছিল,, যাক ইতিহাসৰ সৰ্ববৃহৎ সাহায্য কাৰ্যসূচীসমূহৰ এটা বুলি গণ্য কৰা হয়।
১৯৯১ চনত নাৰ্ছিং ক্ষেত্ৰত কৰা অৱদানৰ বাবে বাৰ্টচিংগাৰে ফ্ল'ৰেন্স নাইটিংগেল পদক লাভ কৰে আৰু ২০১০ চনত দ্বিতীয় ৰাণী এলিজাবেথে তেওঁক "নাৰ্চিং আৰু আন্তঃৰাষ্ট্ৰীয় মানৱীয় সাহায্যৰ সেৱা"ৰ বাবে ডেম হিচাপে নিযুক্তি দিয়ে।২০১৩ চনত বিবিচি-১০০ মহিলাৰ তালিকাত তেওঁৰ নাম অন্তভুক্ত হৈছিল।
জীৱনী
বাৰ্টচিংগাৰৰ পিতৃ চুইজাৰলেণ্ডৰ বাসিন্দা আছিল আৰু মাতৃ ব্ৰিটেইনৰ।১তেওঁ ইংলেণ্ডৰ এছেক্স জিলাৰ শ্বিৰিঙ নামৰ গাঁওখনৰ ওচৰত থকা বিচপৰ ষ্টৰ্টফোৰ্ড চহৰৰ নিকটৱৰ্তী অঞ্চলত ডাঙৰ-দীঘল হৈছিল।২
ডিছলেক্সিয়া নামৰ ৰুগৰ কবলত পৰা বাবে ১৪ বছৰ বয়সলৈকে তেওঁ পঢ়িব বা লিখিব পৰা নাছিল।১ ১৯৬০ চনত পিতৃ-মাতৃয়ে এটা টেলিভিছন লৈছিল। টেলিভিছনত বাৰ্টচিংগাই চোৱা প্ৰথম ছবিসমূহৰ ভিতৰত এখন আছিল দ্য ইন অৱ দ্য ছিক্সথ হেপিনেছ।এই চিনেমাত ইংগ্ৰিড বাৰ্গমেনে অভিনয় কৰিছিল। ১৯৩০ দশকত জাপানী আক্রমণৰ সময়ত চীনত কাৰ্যৰত ইংৰাজ মিছনেৰী গ্লেডিছ আইলৱাৰ্ডৰ চৰিত্ৰত বাৰ্গমেনে অভিনয় কৰিছিল। চিনেমাখন চোৱাৰ পিচত সেই চৰিত্ৰত ফুটি উঠা সাহস আৰু মানৱসেৱাই বেৰ্টচিংগাৰক গভীৰভাৱে প্ৰেৰণা যোগায়। চিনেমাখন চাই বাৰ্টচিংগাৰে ভাবিছিল: "মই সেইটো কৰিব পাৰিম। মই সেইটোৱেই কৰিব বিচাৰো।"১ ১৯৯৭ চনত তেওঁ ব্ৰুনেল বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা নৃতত্ত্বত এম এছ চি ডিগ্ৰী লাভ কৰে।১
বাৰ্টচিংগাৰ এগৰাকী বৌদ্ধ ধৰ্মাৱলম্বী আৰু তেওঁ, নিচিৰেন বৌদ্ধ ধৰ্ম পালন কৰে। ১৯৯৪ চনত তেওঁ বিশ্বব্যাপী বৌদ্ধ সংগঠন ছ'কা গাক্কাই ইণ্টাৰনেশ্যনেলৰ সদস্য হয়।৩৪৫
২০০৫ চনত তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ মুভিং মাউণ্টেইনছ প্ৰকাশ পাইছিল। এই গ্ৰন্থখনত তেওঁ নিজৰ বিশ্বজোৰা অভিজ্ঞতা আৰু আধ্যাত্মিক প্ৰেৰণা সম্পৰ্কে বৰ্ণনা কৰিছে, যিয়ে তেওঁক বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।কিতাপখনৰ পৰা পোৱা ৰয়েল্টিৰ এটা অংশ ব্ৰিটিছ দাতব্য সংস্থা দ্য আফ্ৰিকান চিলড্ৰেনছ এডুকেচনেল ট্ৰাষ্টলৈ যায়।৬
কেৰিয়াৰ
ব্ৰিটেইনত নাৰ্ছ হিচাপে প্ৰশিক্ষণ লৈ তাতেই এগৰাকী নাৰ্ছ হিচাপে কাম কৰাৰ পিছত বাৰ্টচিংগাৰে কৰ্ণেল জন ব্লেছফৰ্ড-স্নেল আৰু পানামা, পাপুয়া নিউ গিনি আৰু চুলাৱেছিত চাইন্টিফিক এক্সপ্ল’ৰেচন ছ’চাইটিৰ সৈতে হোৱা অভিযান অপাৰেচন ড্ৰেকৰ মেডিকহৈ কাম কৰিছিল।
এই অভিজ্ঞতাৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ কমিটিৰ (আইচিআৰচি) জৰুৰীকালীন দুৰ্যোগ সাহায্য গোটত যোগদান কৰে, যিটো তেওঁৰ দ্বৈত জাতীয়তাৰ বাবে যুদ্ধৰ স্থানত উপস্থিত থাকিবলৈ অনুমতি দিয়া হয়। ইয়াৰ জৰিয়তে তেওঁ আফগানিস্তান, কেনিয়া, লেবানন, চুডান, ছিয়েৰা লিয়ন, আইভৰি কোষ্ট আৰু লাইবেৰিয়াকে ধৰি এক ডজনৰো অধিক সংঘাত জৰ্জৰ অঞ্চলত কাম কৰিছে। ছুইজাৰলেণ্ডৰ জেনেভাত থকা আইচিআৰচিৰ মুখ্য কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ প্ৰশিক্ষণ বিষয়া হিচাপেও কাম কৰিছিল।
বাৰ্টচিংগাৰ দ্য আফ্ৰিকান চিলড্ৰেনছ এডুকেচনেল ট্ৰাষ্টৰ এম্বেছাদৰ আৰু ট্ৰাষ্টী,৭ পেট্ৰন ফৰ প্ৰমিজ নেপাল,৮ আৰু চেৰিটি এজ ইউ কে’ৰ স্বেচ্ছাসেৱী কৰ্মী।৯
২০১০ চনত বাৰ্টচিংগাৰক নাৰ্ছিং আৰু আন্তঃৰাষ্ট্ৰীয় মানৱীয় সাহায্যৰ সেৱাৰ বাবে দ্বিতীয় ৰাণী এলিজাবেথে ব্ৰিটিছ সাম্ৰাজ্যৰ ডেম কমাণ্ডাৰ হিচাপে সন্মানিত কৰে। ২০১২ চনত বাৰ্টচিংগাৰক হাৰ্টফোৰ্ডশ্বাইৰৰ ডেপুটি লেফটেনেণ্ট নিযুক্তি দিয়া হয়।
২০২৪ চনৰ পৰা তেওঁ লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ ডিপ্লমা ইন ট্ৰপিকেল নাৰ্চিং পাঠ্যক্ৰমৰ সঞ্চালিকা হিচাপে নিজৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।৯ এতিয়া লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ সন্মানীয় সহকাৰী অধ্যাপিকা।
ইথিওপিয়াৰ দুৰ্ভিক্ষ
১৯৮৪ চনত বাৰ্টচিংগাৰে ইথিঅ’পিয়াৰ ভয়ংকৰ দুৰ্ভিক্ষৰ সময়ত ইথিওপিয়াৰ টিগ্ৰে প্ৰদেশৰ ৰাজধানী মেকেলেত অৱস্থিত আইচিআৰচিৰ ফিল্ড নাৰ্ছ হিচাপে কাম কৰি আছিল। তেওঁ এটা পুষ্টি কেন্দ্ৰ চোৱাচিতাৰ দায়িত্বত আছিল, য’ত একেলগে মাত্ৰ ৬০ৰ পৰা ৭০জন নতুন শিশুকহে ৰাখিব পৰা গৈছিল, অথচ হাজাৰ হাজাৰ শিশু খাদ্যৰ বাবে অপেক্ষা কৰি আছিল। এগৰাকী যুৱতী নাৰ্ছ হিচাপে তেওঁ কঠিন সিদ্ধান্ত ল’ব লগা হৈছিল—কোনে জনে খাদ্য পাব আৰু কোনে নাপাব। যিসকল খাদ্যৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকৰ জীয়াই থকাৰ আশা কম আছিল।১০ যেতিয়া এনে জটিল সিদ্ধান্ত ল'বলগীয়া হোৱাৰ যন্ত্ৰণাৰ বিষয়ে সাক্ষাৎকাৰ লোৱা হৈছিল, তেতিয়া তেওঁ কৈছিল "মই নিজকে নাজী কমাণ্ডেণ্টৰ দৰে অনুভৱ কৰিছিলো, কোন জীয়াই থাকিব আৰু কোন মৰিব সেইটো সিদ্ধান্ত লৈছিলো। ঈশ্বৰৰ চৰিত্ৰত অভিনয় কৰিলৈ গৈ জীৱন-মৃত্যুৰ বিষয়ে সিদ্ধান্ত লোৱাৰ অনুভৱে মোক অন্তৰ্দ্বন্দ্ব আৰু হৃদয়ভাঙ্গি পেলাইছিল।"১
যেতিয়া বিবিচি নিউজৰ এটা দলে সাংবাদিক মাইকেল বুয়াৰ্কৰ সৈতে উপস্থিত হৈছিল, তেতিয়া বাৰ্টচিংগাৰে সমস্যাসমূহ উন্মোচন কৰি তেওঁৰ কাহিনী সমূহ কৈছিল।১১১
মাইকেল বুয়াৰ্কৰ প্ৰথম সংবাদ প্ৰতিবেদন, যিখন ২৩ অক্টোবৰ ১৯৮৪ তাৰিখে প্ৰচাৰ হৈছিল আৰু বাৰ্টচিংগাৰৰ কামৰ ওপৰত ভিত্তি কৰিছিল, সেইটো চাই বব গেলডফ অনুপ্ৰাণিত হৈছিল। ইয়াৰ ফলস্বৰূপে তেওঁ বেণ্ড এইড আৰম্ভ কৰে।
ইয়াৰ পিছত ১৯৮৫ চনত লাইভ এইড অনুষ্ঠিত হয়, যিটো সেই সময়লৈকে আটাইতকৈ ডাঙৰ সাহায্য কাৰ্যসূচী আছিল। এই কাৰ্যসূচীয়ে ১৫০ মিলিয়ন পাউণ্ডতকৈ অধিক ধন সংগ্ৰহ কৰিছিল আৰু আফ্ৰিকাত প্ৰায় ২০ লাখ লোকৰ জীৱন ৰক্ষা কৰাৰ অনুমান কৰা হয়।১
২০০৪ চনত ২০ বছৰৰ পিছত বাৰ্টচিংগাৰে বুয়াৰ্কৰ সৈতে পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ ইথিওপিয়ালৈ উভতি গৈছিল।১২১৩ সেই ভ্ৰমণৰ পিছত বাৰ্টচিংগাৰে কৈছিল “যে অভাৱগ্ৰস্ত পৰিৱেশত শিক্ষা হৈছে ভৱিষ্যতৰ চাবিকাঠি। শিক্ষাই নতুন দুৱাৰ মুকলি কৰে আৰু বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু মৌলিক উন্নতি আনে।১৪
তথ্যসূত্ৰ
- ↑ (3 July 2005). Deirdre Fernand meets Claire Bertschinger. The Times
- ↑ (31 December 2009). Band Aid nurse Claire Bertschinger made a Dame in New Year Honours. Herts & Essex Observer
- ↑ Claire Bertschinger – Healthcare and Peace Worker. SGI-UK
- ↑ (6 January 2010). SGI E-Bulletin Issue 15. SGI-UK
- ↑ Heavens, Andrew. (29 January 2005). Journey from famine to the hunger of the soul. The Times
- ↑ Moving Mountains. The African Children's Educational Trust
- ↑ The A-CET governance team. African Children's Educational Trust
- ↑ Promise Nepal: Our Committee & Trustee. Promise Nepal
- ↑ Claire Bertschinger. London School of Hygiene and Tropical Medicine
- ↑ (1 July 2005). The nurse who inspired Live Aid. BBC
- ↑ (24 October 2024). BBC's Michael Buerk calls Liam Payne a 'drugged-up faded boyband singer' on Radio 4
- ↑ (16 December 2003). Ethiopia: A Journey with Michael Buerk. BBC
- ↑ Ethiopia: A Journey with Michael Buerk. ABC Four Corners
- ↑ Dame Claire Bertschinger: charities should not be influenced by the demands of government. Third Sector Digital
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেম ক্লেয়াৰ বাৰ্টচিংগাৰ” প্ৰবন্ধৰ সংশোধন ৫৮২৬৫৫ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।