সময়
২৪ প্ৰবন্ধ
-
বছৰ
বছৰ বুলি ক’লে সাধাৰণতে সূৰ্যৰ কক্ষপথত পৃথিৱীয়ে প্ৰদক্ষিণ কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়। বিভিন্ন সূত্ৰত মতে এই সময় ৩৬৫.২৪ আৰু ৩৬৫.২৬ মাজত সীমাবদ্ধ। অতি সাধাৰণ ভাৱে ক’লে ৩৬৫ দিনৰ পৃথিৱীৰ এই পৰিভ্ৰমণ কালকেই এটা বছৰ বোলা হয়।
-
অধিবৰ্ষ
অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে পঞ্জিকাৰ এটা অতিৰিক্ত দিন যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিন ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড সময়…
-
দিন
দিন (Day) হ’ল সময় নিৰূপণৰ এক একক। সূৰ্য্যৰ সাপেক্ষে পৃথিৱীৰ এটা সম্পূৰ্ণ ঘূৰ্ণনৰ সময়ছোৱাক দিন বোলে। গড়ে ২৪ ঘণ্টা (৮৬,৪০০ ছেকেণ্ড)। দিন এটা পাৰ হৈ যোৱাৰ লগে লগে এটা নিৰ্দিষ্ট স্থানে ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া আৰু ৰাতিৰ অভিজ্ঞতা লাভ কৰে।
-
সময়
সময় হৈছে পদাৰ্থবিজ্ঞানৰ এক মৌলিক একক, বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি (duration) বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো ৰাশি(quantity)ৰ পৰিৱৰ্তনৰ হাৰ, যেনে পদাৰ্থৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণালীৰ এক অংশ।
-
ভাৰতীয় মান সময়
ভাৰতীয় মান সময় (IST) হৈছে সমূহ ভাৰতৰ বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰীনউইছৰ লগত ইয়াৰ সময় পাৰ্থক্য গ্ৰীনউইছ মান সময়+০৫:৩০। ভাৰতে দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ নকৰে। ১৯৬২ আৰু ১৯৬৫ চনত যুদ্ধৰ সময়ত অৱশ্যে কিছু সময়ৰ বাবে দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ কৰিছিল।
-
মাহ
মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।
-
বুধবাৰ
বুধবাৰ হৈছে সপ্তাহৰ এটা দিন, যিটো মঙ্গলবাৰৰ পিছত আৰু বৃহস্পতিবাৰৰ আগত থাকে। আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি ই সপ্তাহৰ তৃতীয় দিন। ভাৰতীয় পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি এইটো সপ্তাহৰ চতুৰ্থ দিন। বুধ বুলি বুধ গ্ৰহক বুজোৱা হয়, যি দেৱী সোমাৰ পুত্ৰ বুলি ধৰা হয়।
-
শুক্ৰবাৰ
শুক্ৰ বাৰ বা শুকুৰবাৰ হৈছে ভাৰতীয় কেলেণ্ডাৰ অনুসৰি সপ্তাহৰ ষষ্ঠ দিন। বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটোৱেই হ'ল শুক্ৰবাৰ। চৌদি আৰব আৰু ইৰানত, শুক্ৰবাৰ হৈছে সপ্তাহৰ শেষ দিন, আৰু শনিবাৰ হৈছে নতুন কৰ্মদিৱস। ইৰানত, এইটো একমাত্ৰ সাপ্তাহিক বন্ধৰ দিন।
-
দিনপঞ্জী
কেলেণ্ডাৰ হৈছে সময়চক্ৰৰ হিচাব ৰখাৰ বাবে ব্যৱহৃত এক পদ্ধতি। এনে পদ্ধতিত সময়ক সাধাৰণতে দিন, সপ্তাহ, মাহ, আৰু বছৰত ভাগ কৰা হয়। প্ৰতিতো দিনক দিয়া নামক তাৰিখ বুলি জনা যায়।
-
দেওবাৰ
দেওবাৰ সপ্তাহৰ এটা দিন। ইয়াৰ স্থান শনিবাৰৰ পিছত আৰু সোমবাৰৰ আগত। ইহুদী ধৰ্মীয় পঞ্জিকা অনুসৰি আৰু কিছুমান খ্ৰীষ্টান সম্প্ৰদায়ৰ মতে ই সপ্তাহৰ প্ৰথম দিন। বেছিভাগ খ্ৰীষ্টানৰ বাবে দেওবাৰক উপাসনা আৰু বিশ্ৰামৰ দিন হিচাপে পালন কৰা হয়। পশ্চিমীয়া বহু দেশত দেওবাৰক সপ্তাহৰ শেষ দিন বুলি গণ্য কৰা হয়।
-
সপ্তাহ
সপ্তাহ হৈছে সময়ৰ এটা একক। সাত দিনে এক সপ্তাহ হয়। উক্ত সাতদিন হ'ল: দেওবাৰ বা ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ বা মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ বা শুকুৰবাৰ শনিবাৰ
-
সোমবাৰ
সোমবাৰ সপ্তাহৰ এটা দিন৷ দেওবাৰৰ পিছৰ আৰু মঙ্গলবাৰৰ আগৰ দিনটো হ'ল সোমবাৰ৷ খ্ৰীষ্টান কেলেণ্ডাৰ অনুসৰি সোমবাৰটো সপ্তাহৰ প্ৰথম দিন৷ অৱশ্যে ভাৰতত সোমবাৰটোক সপ্তাহৰ দ্বিতীয় দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ মতে সোমবাৰটো ভগৱান শিৱৰ প্ৰিয় বাৰ।
-
সময় অঞ্চল
সময় অঞ্চল (Time zone) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নিৰ্দিষ্ট এলেকা য'ত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই 'মান সময়' মানি চলা হয়। পৃথিবীৰ আহ্নিক গতিৰ ফলত পৃথিবীৰ ভিন ভিন স্থানত দিনটোৰ একেচোৱা সময়তে সংশ্লিষ্ট স্থানসমূহৰ ঘড়ীবোৰে সেইচোৱা সময়ৰ উপযুক্ত সময়ৰ মান সূচাব পাৰে তাৰ বাবে ভিন ভিন…
-
শনিবাৰ
শনিবাৰ সপ্তাহৰ এটা দিন, যিটো শুক্ৰবাৰৰ পিছত আৰু দেওবাৰৰ আগতে আহে৷ বৈদিক দেৱতা শনিৰ নামেৰে এই বাৰৰ নামকৰণ কৰা হৈছে। আনহাতে থাইলেণ্ডৰ থাই সৌৰ কেলেণ্ডাৰত শনি শব্দটো পালি ভাষাৰ শনি শব্দৰ পৰা লোৱা হৈছে আৰু শনিবাৰৰ প্ৰতীকী ৰং বেঙুনীয়া বুলি নিৰ্দ্ধাৰণ কৰা হৈছে।
-
ঘড়ী
ঘড়ী (Clock) ই এনে এটা যন্ত্ৰ যি সময় নিৰ্ধাৰণত সহায় কৰে। বিভিন্ন ধৰণৰ ঘড়ী দেখিবলৈ পোৱা যায়। যেনে হাত ঘড়ী, দেৱাল ঘড়ী ইত্যাদি। সময় বুলিলে সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত আৰু সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা নিৰালস্য প্ৰচেষ্টা সাফল্যমণ্ডিত…
-
বৃহস্পতিবাৰ
বৃহস্পতিবাৰ সপ্তাহৰ এটা দিন, যিটো বুধবাৰৰ পিছত আৰু শুক্ৰবাৰৰ আগত হয়। ভাৰতত প্ৰচলিত কেলেণ্ডাৰ অনুসৰি ই সপ্তাহটোৰ পঞ্চম দিন৷ এই বাৰৰ নাম বৃহস্পতি গ্ৰহৰ নামেৰে ৰখা হৈছে।
-
সাধাৰণ যুগ
সাধাৰণ যুগ (CE) আৰু সাধাৰণ যুগৰ আগৰ (BCE) হৈছে গ্ৰেগোৰিয়ান বা জুলিয়ান কেলেণ্ডাৰৰ বছৰ গণনাৰ পদ্ধতি, যি সম্পূৰ্ণৰূপে এনো ডোমিনি (AD) আৰু বিফোৰ ক্ৰাইষ্ট (BC) পদ্ধতিৰ সৈতে একে। “2026 CE” আৰু “AD 2026” দুয়োটাই সমানভাৱে বৰ্তমান বছৰক বুজায়।
-
দিবালোক সংৰক্ষণ সময়
দিবালোক সংৰক্ষণ সময় বা ডেলাইট চেভিং টাইম (daylight saving time), সংক্ষেপে ডিএসটি (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘণ্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূৰ্যোদয় আৰু সূৰ্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূৰ্যৰ পোহৰ পোৱাৰ সুবিধা হয়।
-
মঙ্গলবাৰ
মঙ্গলবাৰ হৈছে সোমবাৰ আৰু বুধবাৰৰ মাজৰ দিন। আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি, সোমবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন; সেই অনুসৰি মঙ্গলবাৰ হৈছে সপ্তাহৰ দ্বিতীয় দিন। যদিও বহু পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি দেওবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন, সেয়া অনুসৰি মঙ্গলবাৰ হৈছে তৃতীয় দিন।
-
কল্প (সময়)
হিন্দু আৰু বৌদ্ধ ব্ৰহ্মাণ্ডবিজ্ঞানত সাধাৰণতে কোনো জগত বা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু বিনোদনৰ মাজৰ এক দীঘলীয়া সময়ক কল্প বোলা হৈছে।
-
ব্ৰহ্মমুহূৰ্ত
ব্ৰহ্মমুহূৰ্ত (ब्रह्ममुहूर्त, অৰ্থাৎ 'ব্ৰহ্মাৰ সময়') বিশেষ ৪৮ মিনিটৰ সময়ছোৱা, যি সময় সূৰ্য উদয়ৰ এঘণ্টা ৩৬ মিনিট আগতে আৰম্ভ হয়, আৰু সূৰ্য উদয়ৰ ৪৮ মিনিট আগতে শেষ হয়।
-
সময়ৰ মানকসমূহ
সময়ৰ মানক বুলিলে সময় জুখিবলৈ আৰু বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা বহুমান্য পদ্ধতি সমূহকে বুজা যায়। এনে মানকসমূহ মানুহে পৰম্পৰাগতভাবে, বা সৰ্বসন্মতিক্ৰমে, বা চৰকাৰী বা আইনগত ভাবে বা বৈজ্ঞানিক প্ৰয়োজনত গ্ৰহণ কৰা বা উদ্ভাৱিত হ'ব পাৰে।
-
আলফা প্ৰজন্ম
আলফা প্ৰজন্ম (Generation Alpha; সংক্ষিপ্তত জেন আলফা) হৈছে জেড প্ৰজন্ম আৰু পৰৱৰ্তী বিটাৰ মাজৰ জনগাঁথনিগত গোট। গৱেষক আৰু জনপ্ৰিয় সংবাদ মাধ্যমে সাধাৰণতে ২০১০ চনক এই প্ৰজন্মৰ আৰম্ভণিৰ জন্ম বৰ্ষ আৰু ২০২০ চনৰ মাজভাগক শেষৰটো জন্ম বৰ্ষ হিচাপে চিনাক্ত কৰিলেও এই পৰিসৰসমূহ সঠিকভাৱে সংজ্ঞায়িত কৰা হোৱা নাই…
-
হিন্দু পদ্ধতিত সময়ৰ একক
হিন্দু গ্ৰন্থসমূহত হিন্দু সময়ৰ এককসমূহ মাইক্ৰ’ছেকেণ্ডৰ পৰা ত্ৰিলিয়ন বছৰলৈকে বৰ্ণনা কৰা হৈছে, যাৰ ভিতৰত আছে হিন্দু ব্ৰহ্মাণ্ডবিজ্ঞান সাধাৰণ ঘটনাসমূহৰ পুনৰাবৃত্তি কৰা মহাজাগতিক সময়ৰ চক্ৰ। সময় (কাল) ক চিৰন্তন বুলি বৰ্ণনা কৰা হয়।