ট্ৰিপিলিয়া (ইউক্ৰেইনীয়: Трипiлля) হৈছে মধ্য ইউক্ৰেইনৰ কিইভ অব্লাষ্টৰ অবুকিভ ৰায়ন জিলাৰ এখন গাঁও, য’ত ২,৮০০ জন বাসিন্দা আছে (১ জানুৱাৰী ২০০৫ চনৰ হিচাপত)। ই ইউক্ৰেইনৰ অন্যতম পৌৰসভা (হমাডা) ইউক্ৰেইনকা আৰবান হমাডাৰ অন্তৰ্গত।১ ট্ৰিপিলিয়া, নীপৰ নদীৰ কাষত, কিইভৰপৰা প্ৰায় ৮০ কিল’মিটাৰ (২৫ মাইল) দক্ষিণত অৱস্থিত।
ইতিহাস
ট্ৰিপিলিয়াৰ ওচৰতে পুৰাতত্ত্ববিদ ভিকেন্টি কভ্’ইয়াই কুকুটেনি-ট্ৰিপিলিয়ান সংস্কৃতিৰ এক বিস্তৃত নৱপ্ৰস্তৰকালীন (Neolithic) স্থান আৱিষ্কাৰ কৰিছিল। এই কুকুটেনি-ট্ৰিপিলিয়ান হৈছে পূব ইউৰোপৰ নৱপ্ৰস্তৰ-তাম্ৰযুগীয় (Neolithic–Chalcolithic) সংস্কৃতিৰ এক অন্যতম ভাগ।২কভ্’ইয়াই ১৮৯৭ চনত প্ৰত্নতাত্ত্বিকসকলৰ একাদশ কংগ্ৰেছত তেওঁৰ গৱেষণাৰ ফলাফল দাঙি ধৰিছিল আৰু ইয়াকে এই সংস্কৃতিৰ আৱিষ্কাৰৰ আনুষ্ঠানিক তাৰিখ বুলি গণ্য কৰা হয়।৩
ইউক্ৰেনীয় ভাষাত ট্ৰিপিলিয়া শব্দৰ অৰ্থ হৈছে; তিনিখন পথাৰ। ১০৯৩ চনত ষ্টুগ্না নদীৰ যুদ্ধৰ প্ৰসংগত কিইভৰ বুৰঞ্জীবিদসকলে এই ঠাইৰ বিষয়ে প্ৰথম উল্লেখ কৰিছিল। দ্বাদশ ৰ্শতাব্দীত ট্ৰিপিলিয়া এটা দুৰ্গ আছিল, যি ষ্টেপিৰ (ঘাঁহৰ পথাৰ) পৰা কিইভলৈ যোৱা পথসমূহ ৰক্ষা কৰিছিল। ইয়াৰ শাসকসকলৰ ভিতৰত এগৰাকী অন্যতম শাসক আছিল ম্ষ্টিস্লাভ মষ্টিস্লাভিচ। পৰৱৰ্তী শতিকাবোৰত চহৰখনৰ গুৰুত্ব আৰু প্ৰভাৱ হ্ৰাস পাবলৈ ধৰে। ১৯১৯ চনত ইয়াত ট্ৰিপিলিয়া কাণ্ড (Trypillia Incident) সংঘটিত হৈছিল, য’ত ডেনিলো টেৰ্পিলোৰ অধীনত এটি ইউক্ৰেইনীয় বাহিনীয়ে বলছেভিকৰ দল এটাক পৰাস্ত কৰিছিল।
গ্ৰন্থপঞ্জী
- Videiko M. Yu. Trypillia Civilization in Prehistory of Europe . কিইভ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়, কিইভ, ২০০৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Украинская городская громада. Gromada.info
- ↑ Mantu, Cornelia-Magda. (2000). Cucuteni–Tripolye cultural complex: relations and synchronisms with other contemporaneous cultures from the Black Sea area. Studia Antiqua et Archaeologica. Iaşi University. পৃ. 267
- ↑ Taranec, Natalie. The Trypilska Kultura - The Spiritual Birthplace of Ukraine?. The Trypillian Civilization Society
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰিপিলিয়া” প্ৰবন্ধৰ সংশোধন ৬২৮৭৭৮ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।