অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

টিয়াছা আধ্যা

টিয়াছা আধ্যা (জন্ম ) এগৰাকী ভাৰতীয় সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানী। তেওঁ মাছ ধৰা মেকুৰী ((Fishing Cat) ৰ ওপৰত গৱেষণা কৰে আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২২ চনৰ ফিউচাৰ ফৰ নেচাৰ বঁটা (2022 Future For Nature award) আৰু নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৫ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

টিয়াছা আধ্যা (জন্ম ) এগৰাকী ভাৰতীয় সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানী।১ তেওঁ মাছ ধৰা মেকুৰী ((Fishing Cat) ৰ ওপৰত গৱেষণা কৰে আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২২ চনৰ ফিউচাৰ ফৰ নেচাৰ বঁটা (2022 Future For Nature award) আৰু নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে।

কৰ্মজীৱন

টিয়াছা আধ্যাই কলিকতা বিশ্ববিদ্যালয়ত প্ৰাণীবিজ্ঞান অধ্যয়ন কৰিছিল আৰু বাংগালোৰৰ অন্তৰ্জাতিক স্বাস্থ্য বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (University of Trans-Disciplinary Health Sciences and Technology)ত গৱেষণা কৰিছিল।১ আধ্যাই আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (International Union for Conservation of Nature,IUCN) ৰ বাবে কাম কৰে। ইয়াৰে 'Species Survival Commission' আয়োগৰ অংশ হিচাপে তেওঁ পশ্চিমবংগত মাছ ধৰা মেকুৰী (Fishing Cat)ৰ পৰ্য্যবেক্ষণ কৰে।২

টিয়াছা আধ্যাই ২০১০ চনত মাছ ধৰা মেকুৰী প্ৰকল্প (Fishing Cat Project)ৰ সহ-প্ৰতিষ্ঠা কৰে৩। মাছ ধৰা মেকুৰীৰ ওপৰত এইটোৱে বৰ্তমানলৈকে আটাইতকৈ দীৰ্ঘদিনীয়া গৱেষণা আৰু সংৰক্ষণ প্ৰকল্প। তাৰোপৰি তেওঁ ‘ন’ দাই নেইবাৰ্ছ (আপোনাৰ চুবুৰীয়াৰ সৈতে চিনাকি হওক’ নামৰ এটা পদক্ষেপ আৰম্ভ কৰে য’ত স্থানীয় লোকসকলক মাছ ধৰা মেকুৰীৰ নিৰীক্ষণ কৰি পৰিৱেশগত তথ্য সংগ্ৰহ কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়।৪ চৰকাৰী সংস্থাসমূহৰ সহযোগত টিয়াছাই ভাৰতৰ চিলিকাত যুটীয়াকৈ টহল আৰু নিৰীক্ষণ কাৰ্যসূচী (joint patrolling and monitoring) আৰম্ভ কৰে যাতে মাছ ধৰা মেকুৰী আৰু ইয়াৰ জলাশয়ৰ বাসস্থানৰ প্ৰতি ভাবুকি কমাব পৰা যায়। টিয়াছাৰ কামৰ ফলত মাছ ধৰা মেকুৰীক চিলিকাৰ চৰকাৰী ৰাষ্ট্ৰদূত হিচাপে স্বীকৃতি দিয়া হয়। তাৰোপৰি তেওঁ ভাৰতৰ পূব উপকূলত ইউৰেছিয়ান উট (Eurasian Otter)ৰ প্ৰথমবাৰৰ বাবে ৰেকৰ্ডিং কৰাত সহায় কৰে।৫

মাছ ধৰা মেকুৰী প্ৰকল্পৰ প্ৰধান সমন্বয়ক আৰু বিজ্ঞানী হিচাপে আধ্যাই ভাৰতত তেওঁৰ দলৰ সৈতে চিলিকা অৱবাহিকাত থকা সংৰক্ষিত অঞ্চলত মাছ ধৰা মেকুৰীৰ ওপৰত গৱেষণা কৰি আহিছে আৰু এই প্ৰজাতিৰ সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। ৬ মাছ ধৰা মেকুৰীৰ সংৰক্ষণ আৰু মানুহ-বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ স্বীকৃতি হিচাপে তেওঁলৈ বিভিন্ন বঁটা আগবঢ়োৱা হৈছে। ৭

টিয়াছা আধ্যাই ইংৰাজী আৰু স্থানীয় ভাষাৰ সংবাদ মাধ্যম, পৰিৱেশ-কবিতা, আৰু বৈজ্ঞানিক পত্ৰিকাত ১০০ৰো অধিক জনপ্ৰিয় আৰু বৈজ্ঞানিক প্ৰবন্ধ লিখিছে। তাৰোপৰি তেওঁ স্থানীয় বন্যপ্ৰাণী আলোচনী এখন সম্পাদনা কৰিছে আৰু মাছ ধৰা মেকুৰীৰ জীয়াই থকাৰ বিষয়ে নিৰ্মিত ছবি মাচবাঘা (Machbagha)ৰ নিৰ্মাণতো অৱদান আগবঢ়াইছিল।৮

বঁটা আৰু সন্মান

  • বন্যজীৱ সেৱা বঁটা (Wildlife Service Award), ২০১৬
  • বন্যজীৱ সংৰক্ষণ নেটৱৰ্কৰ জলপানি (Wildlife Conservation Network),২০১৮ ৯
  • নাৰী শক্তি পুৰস্কাৰ
  • ফিউচাৰ ফৰ নেচাৰ বঁটা (2022 Future For Nature award), ২০২২ ১১০

তথ্যসূত্ৰ

  1. ↑ Mitra, Debraj. (20 March 2022). Kolkata girl bags Future For Nature Award, 2022 for conservation. Telegraph India
  2. ↑ Thakur, Joydeep. (28 January 2022). Fishing cats: Is Bengal doing enough to protect its state animal?. Hindustan Times
  3. ↑ (5 June 2020). 8 young Indian environmentalists who are impacting our world. She The People
  4. ↑ futurefornature.org/ffn_winner/tiasa-adhya/
  5. ↑ futurefornature.org/ffn_winner/tiasa-adhya/
  6. ↑ wildnet.org/meet-2018-wcn-scholar-tiasa-adhya/
  7. ↑ futurefornature.org/ffn_winner/tiasa-adhya/
  8. ↑ wildnet.org/meet-2018-wcn-scholar-tiasa-adhya/
  9. ↑ wildnet.org/meet-2018-wcn-scholar-tiasa-adhya/
  10. ↑ Adhya, Tiasa. (6 May 2020). The Govt is Trying to Make it Easier for Industries to Avoid Environmental Accountability. The Wire

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিয়াছা আধ্যা” প্ৰবন্ধৰ সংশোধন ৪৭২৩৮৮ (৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।