বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গৌড় (সম্প্ৰদায়)
গৌড় (গড়া, গাৰ্হ বুলিও বানান কৰা হয়) উপমহাদেশৰ এটা মুছলমান সম্প্ৰদায়। এওঁলোক প্ৰধানকৈ পঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু ৰাজস্থান ৰাজ্যত বাস কৰে।
-
গ্ৰীক-ৰোমান কেশবিন্যাস
প্ৰাচীন কালত গ্ৰীকসকলে তেওঁলোকৰ চুলি (kómē) দীঘলকৈ ৰাখিছিল আৰু এইদৰে হোমাৰে তেওঁলোকক সদায় কাৰেকোমুণ্টচ (karēkomóōntes) অৰ্থাৎ দীঘল চুলিৰ বুলি কৈছিল। গ্ৰীক আৰু ৰোমান উভয়েই নকল চুলি বা উইগ পিন্ধিছিল।
-
গ্ৰুনকেপ্পে
গ্ৰুনকেপ্পে (ইংৰাজী: Grünkappe; অৰ্থাৎ "সেউজীয়া টুপী") এটা ইৰানী লোককথা। আৰ্থাৰ ক্ৰিষ্টেনচেনে সংগ্ৰহ কৰা এই কাহিনীটো এগৰাকী মানৱী কন্যাৰ বিষয়ে, যিয়ে ঘোঁৰাৰ ছাল পিন্ধা এজন যুৱকক বিবাহ কৰায়।
-
গ্ৰেনী
গ্ৰেনী (গ্ৰেনিয়া হিচাপেও লিখা হয়) আইৰিছ্ পৌৰাণিক কাহিনীৰ ফিয়ানা চাইকেলত কৰ্মাক মেক আৰ্টৰ কন্যা। তেওঁ মধ্যযুগৰ আইৰিছ্ গ্ৰন্থ ফিয়ন এণ্ড গ্ৰেনী আৰু ১৭শ শতিকাৰ দ্য পাৰ্ছুইট অৱ ডায়াৰমুইড এণ্ড গ্ৰেইন কাহিনীৰ মুখ্য চৰিত্ৰ।
-
গৰম বতাহৰ বেলুন
বেলুন বুলিলে সাধাৰণতে যিকোনো গেছ ভৰ্তি বেগকে বুজোৱা হয় যদিও এই প্ৰবন্ধটিত বেলুনৰ আকাশীযানৰ কথাহে আলোচনা কৰা হৈছে। বেলুন হৈছে একপ্ৰকাৰৰ বায়ুতকৈ পাতল আকশীযান যি বায়ুৰ প্লাৱিতা বলৰ সহায়ত আকাশত ওপঙি থাকে। তাৰ বাবে কোনোধৰণৰ যন্ত্ৰৰ প্ৰয়োজন নহয়।
-
গৰেনা ফ্ৰী ফায়াৰ
গৰেনা ফ্ৰী ফায়াৰ বা ফ্ৰী ফায়াৰ (Garena Free Fire or Free Fire) ১১১ ডটচ্ ষ্টুডিঅ'য়ে বিকাশ কৰা অনলাইন মোবাইল গেম। গৰেনাই ইয়াক ২০১৭ চনৰ ২০ নৱেম্বৰত প্ৰকাশ কৰে আৰু সেই বৰ্ষৰে ৫ ডিচেম্বৰত এণ্ড্ৰইড আৰু আইঅ'এচ অপাৰেটিং চিষ্টেমৰ বাবে মুকলি কৰি দিয়ে।
-
গৰ্জনমুখৰ চল্লিছ
গৰ্জনমুখৰ চল্লিছ বা ৰোৰিং ফোৰ্টিছ হৈছে দক্ষিণ গোলাৰ্ধত সাধাৰণতে ৪০° আৰু ৫০° দক্ষিণৰ অক্ষাংশৰ মাজত হোৱা এক প্ৰবল পশ্চিমা বতাহ। বিষুৱৰেখাৰপৰা দক্ষিণ মেৰুৰফালে ওপৰলৈ স্থানান্তৰিত হোৱা উষ্ণ বায়ু, পৃথিৱীৰ ঘূৰ্ণন আৰু সেই অক্ষাংশত বতাহক বাধা দিব পৰা ভূ-খণ্ডৰ অভাৱৰ ফলত পূব দিশৰ প্ৰবল বায়ু সোঁতৰ সৃষ্টি…
-
চক
চক কোমল, বগা, ছিদ্ৰযুক্ত, পলসুৱা কাৰ্বনেট শিল। ই খনিজ কেলচাইটৰ দ্বাৰা গঠিত চূণশিল(Limestone)ৰ এটা প্ৰকাৰ আৰু প্ৰথমে সাগৰৰ তলত থিতাপি লোৱা অণুবীক্ষণিক প্লাংকটনৰ সংকোচনৰ ফলত সাগৰৰ তলৰ গভীৰতাত গঠিত হয়।
-
চকী
চকী (Chair) দৈনন্দিন জীৱনত বহিবলৈ ব্যৱহৃত এবিধ আচবাব৷ আউজিবলৈ ব্যৱস্থা থকা এইবিধ আচবাবৰ সৰ্বসাধাৰণতে চাৰিটা খুৰা থাকে যদিও কেতিয়াবা তিনিটা বা বেছি খুৰা থকাও দেখা যায়৷ ইয়াক কাঠ, ধাতু আদি বিভিন্ন পদাৰ্থৰে নিৰ্মাণ কৰা হয়৷ ঠাইভেদে চকী বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয়৷
-
চণ্ডীগড় কেপিটেল কমপ্লেক্স
চণ্ডীগড় কেপিটেল কমপ্লেক্স ( Chandigarh Capitol Complex) হৈছে ভাৰতৰ চণ্ডীগড়ত ছুইজাৰলেণ্ডৰ ফৰাচী স্থপতিবিদ লে কৰ্বিজিয়েৰ আৰু তেওঁৰ সহকৰ্মীসকলে ডিজাইন কৰা এটা চৰকাৰী চৌহদ।
-
চন্দ্ৰৰ পোহৰ
চন্দ্ৰৰ পোহৰ (Moonlight) বা জোনাক বা জ্যোৎস্না হʼল মূলতঃ চন্দ্ৰৰ পৃষ্ঠত বাধা প্ৰাপ্ত হৈ প্ৰতিফলিত হোৱা সূৰ্যৰ পোহৰ। চন্দ্ৰৰ পোহৰৰ অধিকাংশই সূৰ্যৰ পৰা প্ৰতিফলিত হোৱা পোহৰ আৰু সামান্য অংশহে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা পোহৰ।।
-
চমথিং লাইক এ ৱাৰ
চমথিং লাইক এ ৱাৰ (Something Like a War) হ'ল ১৯৯১ চনত দীপা ধনৰাজৰ দ্বাৰা নিৰ্মিত এখন ভাৰতীয় তথ্যচিত্ৰ। ইয়াত ভাৰতৰ পৰিয়াল পৰিকল্পনা কাৰ্যসূচী পৰীক্ষা কৰা হৈছে যিটো ই মূলতঃ প্ৰভাৱিত কৰা লিংগটোৰ ওপৰত আবদ্ধ আছিল: মহিলা।
-
চাকপা লামলাং আমাইপী
চাকপা লামলাং আমাইপী (Chakpa Lamlang Amaipi), যাক চাকপা লামলাং আমাইবী বুলিও জনা যায়, হৈছে খ্ৰীষ্টীয় প্ৰথম শতিকাৰ ধ্ৰুপদী মেইতেই সাহিত্যিক কৰ্ম নুমিত কাপ্পা ("সূৰ্যক গুলীয়াই নমাই অনা")ত উল্লেখ কৰা এগৰাকী পুৰোহিতানী (আমাইপী)।
-
চাটানিভ দুৰ্গ
চাটানিভ দুৰ্গ হৈছে ইউক্ৰেইনৰ খমেলনিটচ্কী অব্লাষ্টৰ অন্তৰ্গত খমেলনিটচ্কী ৰায়মৰ চাটানিভ নামৰ গ্ৰাম্য অঞ্চলত অৱস্থিত এটা সুৰক্ষিত দুৰ্গ। ই ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ এক স্থাপত্য কীৰ্তিচিহ্ন।
-
চাতোৰী(লোককথা)
জাপানী লোককথাত চাতোৰী ( "চেতনা") হৈছে মন-পঢ়া বান্দৰৰ দৰে এক দানৱ ("yōkai"), যি হিডা আৰু মিনো (বৰ্তমান গিফু প্ৰিফেকচাৰ)ৰ পৰ্বতীয়া ঠাইত বাস কৰে বুলি কোৱা হয়।
-
চামোদিভা(লোককথা)
চামোদিভা (বুলগেৰিয়ান:самодива; plural: samodivi, Bulgarian: самодиви) বা চামোভিলা (বুলগেৰিয়ান:самовила; plural: samovili, Bulgarian: самовили) হৈছে দক্ষিণ আৰু পশ্চিম স্লাভিক লোককথাত পোৱা এক প্ৰকাৰ বন পৰী।
-
চাৰা কটাৰ
চাৰা কটাৰ (মৃত্যু ১৭৯২) ১৮ শতিকাৰ মাজভাগত এগৰাকী আইৰিছ মুদ্ৰক আৰু গ্ৰন্থবিক্ৰেতা আছিল।
-
চাৰ্ন'বিল বিপৰ্যয়
তদানীন্তন চোভিয়েট ইউনিয়নৰ অন্তৰ্গত ইউক্ৰেইনৰ প্ৰিপ্য়েট নগৰৰ ওচৰৰ চাৰ্ন'বিল পাৰমাণৱিক শক্তি কেন্দ্ৰত ১৯৮৬ চনৰ ২৬ এপ্ৰিলত হোৱা পাৰমাণৱিক দুৰ্ঘটনাকে চাৰ্ন'বিল বিপৰ্যয় বোলে। RBMK নামৰ এক সাধাৰণ প্ৰকাৰৰ চোভিয়েট পাৰমাণৱিক ৰিয়েক্টৰত এটা সুৰক্ষা পৰীক্ষা কৰোঁতে এই দুৰ্ঘটনা হৈছিল।
-
চিগুৱাপা
চিগুৱাপা (Ciguapa) (উচ্চাৰণ: চি-গ্বা-পা) ডমিনিকান ৰিপাব্লিকৰ লোকগল্পত থকা এক পৌৰাণিক জীৱ। সাধাৰণতে, ইয়াক এগৰাকী মানুহৰ আকৃতিৰ মহিলা ৰূপত বৰ্ণনা কৰা হয়, যাৰ ত্বক মুগা বা গাঢ় নীলা আৰু গোৰাখোপ উল্টা দিশত থাকে। ইয়াৰ দীৰ্ঘ, মসৃণ আৰু উজ্জ্বল চুলিয়ে ইয়াৰ শৰীৰ আৱৰি থাকে।
-
চিতিপটি
চিতিপটি হৈছে মহিলা সকলে মূৰত বা শিৰত পৰিধান কৰা এবিধ অলংকাৰ। ইয়াক বিশেষকৈ বিয়াৰ দিনা আৰু নোৱাই -তোলনী বিয়াৰ দিনা কাইনাক পিন্ধোৱা হয়। ইয়াৰ তিনিটা ভাগ থাকে। মাজৰ ভাগ শিৰৰ সেওঁতাৰে পিন্ধাই দিয়া হয় আৰু কাষৰ হাৰ দুডালে কইনাৰ মুখখন বাওৰে বন্ধাৰ দৰে বান্ধি ৰাখে।
-
চিত্ৰা নাৰায়ণন
চিত্ৰা নাৰায়ণন:Chitra Narayanan; ভাৰতৰ এগৰাকী কূটনীতিবিদ। তেওঁ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু ছখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
চিভিল ইউনিয়ন
চিভিল ইউনিয়ন বা চিভিল পাৰ্টনাৰশ্বিপ হৈছে বিবাহৰ দৰেই আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত ব্যৱস্থা, যিটো মূলতঃ সমলিংগ দম্পতীৰ বাবে আইনত স্বীকৃতি প্ৰদানৰ মাধ্যম হিচাপে সৃষ্টি কৰা হয়। চিভিল ইউনিয়নে একে লিংগৰ বিয়াৰ কিছু বা সকলো অধিকাৰ প্ৰদান কৰে।
-
চিলনীৰ জীয়েকৰ সাধু
চিলনীৰ জীয়েকৰ সাধু অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সংকলিত কৰা অসমীয়া লোককথাৰ সংকলন বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট কৰা হৈছে।
-
চিলাই বেজী
চিলাই বেজী (Sewing needle) হৈছে হাতেৰে চিলাই কৰাৰ বাবে ব্যৱহাৰ কৰা এটা দীঘল চিকুণ সঁজুলি, যাৰ এটা মূৰত জোঙা আগ আৰু চিলাইৰ সূতা ধৰি ৰাখিবলৈ গুৰিৰ ফালে ফুটা (বা চকু) থাকে।
-
চিলিৰ শ্ৰুতিকথা
চিলিৰ শ্ৰুতিকথা (ইংৰাজী: Chilean mythology) বা চিলিৰ পৌৰাণিক কাহিনীত চিলিৰ জনসাধাৰণৰ পৌৰাণিক কাহিনী, বিশ্বাস আৰু লোককথা অন্তৰ্ভুক্ত কৰা হৈছে।
-
চীনা আঠালেতীয়া ভাত
চীনা আঠালতীয়া ভাত (ইংৰাজী: Chinese sticky rice বা নুওমি ফান (চীনা: 糯米飯) হৈছে চীন আৰু টাইৱানৰ এক জনপ্ৰিয় ভাতৰ ব্যঞ্জন। ই সাধাৰণতে এবিধ বিশেষ আঠালতীয়া চাউল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়, য’ত চয়া চছ, অইষ্টাৰ চছ, পিয়াজ পাত, ধনিয়া পাত আৰু অন্যান্য উপাদান অন্তৰ্ভুক্ত কৰিব পাৰি।
-
চীনা কাপোৰ
চীনা কাপোৰৰ ভিতৰত জনগোষ্ঠীৰ হানফু আৰু থলুৱা চীনা সাজ-পোছাকৰ আধুনিক ভিন্নতাও দেখা পোৱা যায়। চীনা সাজ-পোছাবোৰ বংশৰ পৰম্পৰাৰ দ্বাৰা গঢ় লৈ উঠিছে, লগতে বিদেশী প্ৰভাৱও পৰিছে।। চীনা কাপোৰে চীনা সংস্কৃতি আৰু পৰম্পৰাগত সংবেদনশীল ফেশ্বন প্ৰদৰ্শন কৰে আৰু চীনা সভ্যতাৰ সাংস্কৃতিক দিশ গঠন কৰে
-
চীনা সাম্যবাদী বিপ্লৱ
চীনা সাম্যবাদী বিপ্লৱ, যাক গণপ্ৰজাতন্ত্ৰী চীনত মুক্তি যুদ্ধৰ নামেৰেও জনা যায়, চীনা সাম্যবাদী দল আৰু সভাপতি মাও চে টুঙৰ নেতৃত্বত হোৱা সংঘাট যাৰ ফলস্বৰূপে গণপ্ৰজাতন্ত্ৰী চীনৰ গঠন হ'ল ১৯৪৯ চনৰ অক্টোবৰ মাহৰ ১ তাৰিখে।
-
চুগাৰ ডেটিং
চুগাৰ ডেটিং বা চুগাৰিং হৈছে একপ্ৰকাৰৰ ছ্যুড’ৰোমাণ্টিক আন্তঃব্যক্তিগত সম্পৰ্ক য’ত এজন ব্যক্তিয়ে ঘনিষ্ঠতা বা সহচৰ্যৰ বিনিময়ত ধন বা উপহাৰ লাভ কৰে। উপহাৰ প্ৰদানকাৰীজন (যাক চুগাৰ ডেডী বা চুগাৰ মামী বুলি কোৱা হয়) সাধাৰণতে বয়সস্থ আৰু ধনী ব্যক্তি হয়, আনহাতে গ্ৰাহকগৰাকী (যাক চুগাৰ বেবী বুলি কোৱা হয়)…
-
চেংগোল
চেংগোল (செங்கோல், ৰোমানীকৃত: ceṅkōl) হৈছে ২০২৩ চনত ভাৰতৰ নতুন সংসদ ভৱনত স্থাপন কৰা সোণেৰে আবৃত ৰূপৰ ৰাজদণ্ড। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ হাতত স্বাধীনতাৰ প্ৰাকক্ষণত ১৯৪৭ চনৰ ১৪ আগষ্টত শ্ৰী অম্বলাৱন দেশীগৰৰ দুগৰাকী পৱিত্ৰ ব্যক্তিয়ে ক্ষমতা আৰু গুণৰ প্ৰতীক হিচাপে চেংগোলক গতাই…