ট্ৰান্সজেণ্ডাৰ যৌন কৰ্মী হৈছে এজন ট্ৰান্সজেণ্ডাৰ ব্যক্তি যি যৌন উদ্যোগত কাম কৰে বা ধন বা অন্যান্য প্ৰকাৰৰ পৰিশোধৰ বিনিময়ত যৌন সেৱা সম্পাদন কৰে। ১ ট্ৰান্সজেণ্ডাৰ শব্দটোৱে এনে এজন ব্যক্তিক বুজায় যাৰ লৈংগিক পৰিচয় জন্মৰ সময়ত হোৱা লিংগৰ পৰিচয় পৰা পৃথক হয়।২ এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা হৈছে এগৰাকী মহিলা যি জন্মৰ সময়ত পুৰুষ পৰিচয় লৈ জন্ম হৈছিল আৰু এজন ট্ৰান্সজেণ্ডাৰ পুৰুষ হৈছে এজন পুৰুষ যি জন্মৰ সময়ত মহিলা হিচাপে জন্ম হৈছিল।৩
সাধাৰণতে, যৌন কৰ্মীসকল তেওঁলোকৰ বৃত্তিৰ সৈতে সম্পৰ্কিয় গুৰুতৰ স্বাস্থ্য সমস্যাৰ বাবে যথেষ্ট বিপদাশংকাত থকা দেখা যায়, যেনে শাৰীৰিক আৰু যৌন নিৰ্যাতন, ডকাইতি, হত্যা, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সমস্যা, আৰু ড্ৰাগ আৰু সুৰাৰ আসক্তি।৪ যদিও সকলো যৌন কৰ্মীয়ে উক্ত তালিকাভুক্ত সমস্যাবোৰৰ বাবে বিপদাশংকাত ভোগে, কিছুমান অধ্যয়নৰ মতে ৰাস্তা আৰু ৰাজহুৱা স্থানত যৌন-ব্যৱসায়ত লিপ্ত যৌন কৰ্মীসকলৰ এই সমস্যাবোৰৰ সন্মুখীন হোৱাৰ আশংকা অধিক।।৫ ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মীসকলে যৌন উদ্যোগৰ ভিতৰত আৰু বাহিৰত উচ্চ পৰিমাণৰ বৈষম্যৰ সন্মুখীন হয় আৰু তেওঁলোকৰ মাজত এইচ.আই.ভি.ৰ দৰে সংক্ৰমিত হোৱা লোকৰ সংখ্যা আৰু হিংসাত্মক ঘটনা হাৰ উচ্চ দেখা যায়।৬৭ ইয়াৰ উপৰিও, সন্মতিপূৰ্ণ যৌন কৰ্ম আৰু যৌন সৰবৰাহৰ মাজত এক স্পষ্ট পাৰ্থক্য ৰখা প্ৰয়োজন। যৌন সৰবৰাহৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰু ব্যক্তিগত স্বায়ত্তশাসনৰ অভাৱ থাকে।
অৱলোকন
ৰাষ্ট্ৰীয় ট্ৰেন্সজেণ্ডাৰ বৈষম্য জৰীপৰ তথ্য অনুসৰি, প্ৰায় ১৩ শতাংশ ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ে যৌন উদ্যোগত অংশগ্ৰহণ কৰা প্ৰতিবেদন পোৱা গৈছে। ৮ ট্ৰেন্সজেণ্ডাৰ মহিলা আৰু অন্যান্য ট্ৰেন্স-স্ত্ৰীলিঙ্গ ব্যক্তিসকলে ট্ৰেন্স-পুলিঙ্গ লোকৰ তুলনাত যৌন ব্যৱসায়ত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দুগুণ, কিন্তু ট্ৰেন্সজেণ্ডাৰ পুৰুষ আৰু ট্ৰেন্সপুংলিঙ্গ লোক সকলো ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মীৰ প্ৰায় এক চতুৰ্থাংশ।৮ এই পৰিসংখ্যাই প্ৰকাশ কৰে যে পূৰ্বৰকৈ অধিক ট্ৰেন্সজেণ্ডাৰ পুৰুষে যৌন উদ্যোগত অংশগ্ৰহণ কৰে। কিন্তু ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মীসকলৰ বিষয়ে বেছিভাগ লিখনী আৰু আলোচনাই মুখ্যতঃ ট্ৰেন্সজেণ্ডাৰ মহিলাৰ ওপৰতহে গুৰুত্ব দিয়ে। অন্যান্য পৰিসংখ্যা যেনে পৰিয়ালৰ সমৰ্থনৰ অভাৱ, ট্ৰেন্সজেণ্ডাৰ হোৱাৰ বাবে চাকৰি হেৰুওৱা, আৰু যৌন ব্যৱসায়ত অংশগ্ৰহণ কৰা ট্ৰেন্সজেণ্ডাৰ লোকসকলৰ মাজত গৃহহীনতা অধিক দেখা যায়। ৮ ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মীসকলৰ মাজত এইচ.আই.ভি. আৰু অন্যান্য এছ.টি.ডি. হাৰ ট্ৰেন্সজেণ্ডাৰ অ-যৌন কৰ্মীৰ তুলনাত যথেষ্ট বেছি। যৌন উদ্যোগত কাম কৰা সকলৰ ১৫.৩ শতাংশই এইচ.আই.ভি. পজিটিভ বুলি প্ৰতিবেদন কৰিছে, আনহাতে মাত্ৰ ১.২ শতাংশ অ-যৌন কৰ্মীয়ে এইচ.আই.ভি. পজিটিভ বুলি প্ৰতিবেদন কৰিছে। ৮ ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মীসকলৰ মাজত এইচ.আই.ভি.আৰু এছ. টি. ডি.ৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে বিভিন্ন সমাজসেৱা গোট সৃষ্টি কৰা হৈছে। এই গোটবোৰে ট্ৰেন্সজেণ্ডাৰ লোকসকলৰ শিক্ষা, গা ধোৱা সুবিধা, আৰু চাকৰি সংস্থাপন আদি সেৱাৰ ওপৰত গুৰুত্ব দিয়ে।৯
কাৰণ আৰু প্ৰভাৱ
দৰিদ্ৰতা
দৰিদ্ৰতাই যৌন কামৰ কাৰণ আৰু প্ৰভাৱ দুয়োটা হিচাপে কাম কৰে। দৰিদ্ৰতা, দুৰ্বল স্বাস্থ্য, আৰু আইনী আৰু সামাজিক বাধাৰ দৰে বাধাৰ বাবে সামগ্ৰিকভাৱে যৌন কৰ্মীসকল এক দুৰ্বল জনসংখ্যা।১০ ছান ফ্ৰাঞ্চিস্কোত ট্ৰেন্সজেণ্ডাৰ কৃষ্ণাঙ্গ মহিলাৰ পৰা যৌন কামৰ বিষয়ে তথ্য সংগ্ৰহ কৰা এক অধ্যয়নত জনোৱা হৈছে যে কিছুমান ট্ৰেন্সজেণ্ডাৰ মহিলাৰ বাবে যৌন কাম হৈছে জীয়াই থকাৰ এক প্ৰয়োজনীয় উপায়। এই মহিলাসকলৰ বাবে, যৌন কাম হৈছে এনে এখন সমাজত খাদ্য, আশ্ৰয় বা উপাৰ্জন প্ৰাপ্ত কৰাৰ এক উপায় যি তেওঁলোকক আন বহুতো কামৰ পৰা বিৰত ৰাখে।১১
নিবনুৱা
আমেৰিকা যুক্তৰাষ্ট্ৰত, লিংগ পৰিচয় বা অভিব্যক্তিৰ ওপৰত আধাৰিত কৰি ট্ৰেন্সজেণ্ডাৰ শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত কোনো স্পষ্ট আইনী সুৰক্ষা নাই। ১২ আইনী সুৰক্ষাৰ এই অভাৱৰ ফলত ট্ৰেন্সজেণ্ডাৰ শ্ৰমিকসকলৰ নিবনুৱাৰ হাৰ অধিক আৰু দৰিদ্ৰতাৰ অধিক আশংকা থকা দেখা যায়।১৩ ৰাষ্ট্ৰীয় ট্ৰেন্সজেণ্ডাৰ বৈষম্য জৰীপৰ তথ্যৰ মতে ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মীসকলৰ দ্বাৰা প্ৰতিবেদিত নিবনুৱাৰ হাৰ ট্ৰেন্সজেণ্ডাৰ অ-যৌন কৰ্মীৰ তুলনাত দুগুণ বেছি।৮ ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মী জনসংখ্যাৰ মাজত নিবনুৱাৰ এক মুখ্য কাৰণ হৈছে ট্ৰেন্সজেণ্ডাৰ হোৱা আৰু যৌন কামত জড়িত হোৱাৰ জটিল কলঙ্ক, কিয়নো সামাজিক বৈষম্যৰ বাবে এই দুয়োটা জনগোষ্ঠীৰেকম থাকে স্বাস্থ্য সেৱা বা চাকৰিৰ সুযোগ প্ৰাপ্ত কৰাৰ সম্ভাৱনা।১৪
ভাৰতীয় দৃশ্যপট
২০১১ চনৰ লোকপিয়ল অনুসৰি ৪.৮ নিযুত ভাৰতীয়ক ট্ৰেন্সজেণ্ডাৰ হিচাপে চিনাক্ত কৰা হৈছিল। কিন্তু ভাৰতৰ প্ৰায় সকলো মুখ্য চৰকাৰী তথ্য উৎসত এক বাইনাৰী পুৰুষ-মহিলা বিন্যাসত যৌন সম্পৰ্কীয় তথ্য প্ৰদান কৰে।ইয়াত ট্ৰেন্সজেণ্ডাৰ, ইণ্টাৰচেক্স আৰু অন্যান্য অ-বাইনাৰী যৌন পৰিচয় থকা লোকসকল বাদ পৰে। ই সামাজিক সুৰক্ষা লাভালাভ আৰু বেঙ্কিঙৰ দৰে ব্যক্তিগত সেৱাত তেওঁলোকৰ প্ৰৱেশাধিকাৰ সীমিত কৰে। যোৱা ২০২০ চনত, কোভিড-19 মহামাৰীৰ বাবে ভাৰত লকডাউনলৈ যোৱাৰ লগে লগে, চৰকাৰে ঘোষণা কৰিছিল যে প্ৰত্যেক ট্ৰেন্সজেণ্ডাৰ ব্যক্তিয়ে পোনপটীয়া স্থানান্তৰ আৰু ৰেচন যোগান হিচাপে ১৫০০ টকা লাভ কৰিব। আনুমানিক ৪.৮ নিযুত জনসংখ্যা থকা স্বত্বেও, মাত্ৰ ৫,৭১১ জন ট্ৰেন্সজেণ্ডাৰ ব্যক্তিয়ে বেংক স্থানান্তৰ লাভ কৰিছিল আৰু ১,২২৯ জনে ৰেচন যোগান লাভ কৰিছিল।১৫
তথ্যসূত্ৰ
- ↑ Roche, Kirsten; Keith, Corey. (2014-11-26). How stigma affects healthcare access for transgender sex workers. British Journal of Nursing. পৃ. 1147–1152
- ↑ Coleman, E.; Bockting, W.; Botzer, M. (2012). Standards of Care for the Health of Transsexual, Transgender, and Gender-Nonconforming People, Version 7. International Journal of Transgenderism. পৃ. 165
- ↑ Xavier, Jessica M; Bradford, Judy; Heck, Ted. (2007). The Health, Health-Related Needs, and Lifecourse Experiences of Transgender Virginians.. PsycEXTRA Dataset
- ↑ Maher, Lisa; Mooney-Somers, Julie; Phlong, Pisith. (2011-01-01). Selling sex in unsafe spaces: sex work risk environments in Phnom Penh, Cambodia. Harm Reduction Journal. পৃ. 30
- ↑ Valera, R. J.; Sawyer, R. G.; Schiraldi, G. R. (2000). Violence and Post Traumatic Stress Disorder in a Sample of Inner City Street Prostitutes. American Journal of Health Studies. পৃ. 149–155
- ↑ Budhwani, Henna; Hearld, Kristine R.; Milner, Adrienne N. (1 December 2018). Transgender Women's Experiences with Stigma, Trauma, and Attempted Suicide in the Dominican Republic. Suicide and Life-Threatening Behavior. পৃ. 788–796
- ↑ Budhwani, Henna; Turan, Bulent; Hasbun, Julia. (1 May 2017). Association between violence exposure and condom non-use among transgender sex workers in the Dominican Republic: the mediating role of trust. International Journal of STD & AIDS. পৃ. 608–612
- ↑ Fitzgerald, Erin. (2015). Meaningful Work: Transgender Experiences in the Sex Trade. National Center for Transgender Equality
- ↑ Nemoto, Tooru; Operario, Don; Keatley, JoAnne. (2005-03-01). Promoting Health for Transgender Women: Transgender Resources and Neighborhood Space (TRANS) Program in San Francisco. American Journal of Public Health. পৃ. 382–384
- ↑ Rekart, Michael L. (2005). Sex-work harm reduction. The Lancet. পৃ. 2123–2134
- ↑ Sausa, Lydia A.; Keatley, JoAnne; Operario, Don. (2007-08-03). Perceived Risks and Benefits of Sex Work among Transgender Women of Color in San Francisco. Archives of Sexual Behavior. পৃ. 768–777
- ↑ 742-9150, Midwest New Media, LLC – www.midwestnewmedia.com – (513). Gender Identity Discrimination – Workplace Fairness. www.workplacefairness.org
- ↑ (2014-12-10). Transgender Workers at Greater Risk for Unemployment and Poverty
- ↑ Elifson, Kirk. (1993). Male Transvestite Prostitutes and HIV Risk. American Journal of Public Health. পৃ. 260–262
- ↑ Denied Visibility In Official Data, Millions Of Transgender Indians Can't Access Benefits, Services; www.indiaspend.com/gendercheck/denied-visibility
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মী” প্ৰবন্ধৰ সংশোধন ৬৩৪৫৪০ (৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।