অপৰাধ
৫৬ প্ৰবন্ধ
-
ধৰ্ষণ
ধৰ্ষণ বা বলাত্কাৰ (Rape) এক ধৰণৰ যৌন আক্ৰমণ। সাধাৰণতে, এজন ব্যক্তিৰ অনুমতি ব্যতিত তাৰ লগত যৌনসঙ্গম বা অইন কোনো ধৰণৰ যৌন অনুপ্ৰৱেশ ঘটনাক ধৰ্ষণ বুলি কোৱা হয়। ধৰ্ষণ শাৰীৰিক বলপ্ৰয়োগ, অন্যায় ভাবে চাপ প্ৰদানৰ দ্বাৰা অপব্যৱহাৰৰ মাধ্যমত সংঘটিত হ'ব পাৰে।
-
মহিলাৰ বিৰুদ্ধে হিংসা
মহিলাৰ বিৰুদ্ধে হিংসা (Violence against women), যাক লিংগ-আধাৰিত হিংসা আৰু যৌন আধাৰিত হিংসা বুলিও কোৱা হয়। ই হৈছে মুখ্যতঃ একমাত্ৰ মহিলা বা ছোৱালীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক কাৰ্য। এনে ধৰণৰ হিংসাক প্ৰায়ে ঘৃণামূলক অপৰাধৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়।
-
ঘৰুৱা নিৰ্যাতন
গৃহ নিৰ্যাতন বা ঘৰুৱা নিৰ্যাতন হ'ল কোনো নাৰীক নিজৰ গৃহৰ ভিতৰতে পৰিয়ালৰেই অন্য কোনো ব্যক্তিৰ দ্বাৰা শাৰীৰিক বা মানসিকভাৱে নিপীড়ন বা নিৰ্যাতন কৰা কাৰ্য।
-
গৰ্ভপাত
গৰ্ভপাত (Abortion)বা ভ্ৰূণহত্যা হৈছে কোনো ভ্ৰূণ গৰ্ভৰ বাহিৰত জীয়াই থাকিবলৈ সক্ষম হোৱাৰ আগতেই গৰ্ভৰ পৰা অপসাৰণ অথবা মাতৃগৰ্ভৰ পৰা জোৰপূৰ্বক বাহিৰ কৰি দি গৰ্ভধাৰণৰ অবসান ঘটোৱা কাৰ্য। গৰ্ভপাত স্বয়ংক্ৰিয়ভাবেও হ'ব পাৰে, এইক্ষেত্ৰত ইয়াক প্ৰায়েই স্বতঃস্ফূৰ্ত গৰ্ভপাত বোলা হয়।
-
নৰসংহাৰ
নৰসংহাৰ বা গণহত্যা ( Genocide) হৈছে জাতীয়, বৰ্ণগত, ধৰ্মীয় বা নৃগোষ্ঠীয় গোট হিচাপে বিবেচিত লোকক সম্পূৰ্ণ বা আংশিকভাৱে ধ্বংস কৰাৰ ইচ্ছাকৃত কাৰ্য। 'নৰ'ৰ অৰ্থ মানুহ আৰু 'সংহাৰ'ৰ অৰ্থ মৰা। অৰ্থাৎ নৰসংহাৰ হ'ল মানুহ মৰা। ইংৰাজী প্ৰতিশব্দ জেন'ছাইডৰ উৎসও একেই।
-
মহাত্মা গান্ধীৰ হত্যাকাণ্ড
১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত (এতিয়া গান্ধী স্মৃতি) হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য, আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) এজন…
-
ডাইনী হত্যা
ডাইনী হত্যা হৈছে "ডাইনী" নামৰ সমাজৰ কোনো মায়াৱী অথবা যাদুকৰী বিদ্যাৰ অধিকাৰী বুলি বিশ্বাস কৰা লোকৰ সন্ধান কৰা আৰু হত্যা কৰা এক প্ৰথা। ই সমাজত প্ৰচলিত এটি অতি ভয়ংকৰ অন্ধবিশ্বাস। ইয়াৰ লগত নৈতিক আতংক, মুৰ্চ্ছা যোৱা আৰু জনতাৰ শাস্তি আদি জড়িত হৈ আছে।
-
২০২৪ কলকাতা ধৰ্ষণ আৰু হত্যাৰ ঘটনা
২০২৪ চনৰ ৯ আগষ্টত ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী (পি জি টি) চিকিৎসকক মহাবিদ্যালয় চৌহদৰ এটা আলোচনা চক্ৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। পিছত মৰণোত্তৰ পৰীক্ষাত নিশ্চিত হয় যে তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছে।
-
ভাৰতত ধৰ্ষণ
ভাৰতত ধৰ্ষণ (Rape in India) নাৰীৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধৰ চতুৰ্থ স্থানত আছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ২০২১ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে ৩১,৬৭৭টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে, অৰ্থাৎ দৈনিক গড়ে ৮৬টা গোচৰ পঞ্জীয়ন কৰা হৈছে, যিটো ২০২০ চনৰ তুলনাত ২৮,০৪৬টা গোচৰ বৃদ্ধি পাইছে।
-
যৌতুকৰ বাবে মৃত্যু
যৌতুকৰ বাবে মৃত্যু (Dowry death) হৈছে যৌতুক সম্পৰ্কে হোৱা বিবাদৰ বাবে স্বামী আৰু শহুৰৰ ঘৰৰ ব্যক্তিৰ দ্বাৰা নিৰন্তৰ নিৰ্যাতন আৰু অত্যাচাৰৰ দ্বাৰা বিবাহিত মহিলাৰ হত্যা কৰা বা আত্মহত্যাৰ বাবে প্ৰেৰিত কৰা। ইয়াৰ ফলত মহিলাৰ বাসস্থান বা ঘৰ তেওঁলোকৰ বাবে আটাইতকৈ বিপদজনক স্থান হৈ পৰে।
-
লাভ জেহাদ
লাভ জেহাদ হৈছে ভাৰতৰ কিছুমান ঠাইত ইছলাম ধৰ্মীসকলৰ বৃহত্তৰ জনসংখ্যাগত বৃদ্ধিৰ কাৰণে হিন্দু মহিলাক জোৰ-জবৰদস্থিকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ উদ্দেশ্যেৰে মুছলমান পুৰুষে নিকাহ কৰোৱা প্ৰথাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
-
শিশু পৰ্ণগ্ৰাফি
শিশু পৰ্ণগ্ৰাফি (যাক শিশু যৌন উৎপীড়ন সামগ্ৰী বুলিও কোৱা হয় বা শিশু পৰ্ণ; Child pornography) হৈছে বিশেষ প্ৰকাৰৰ পৰ্ণগ্ৰাফ য'ত শিশু যৌন উত্তেজনাৰ বলি হয়। শিশুক প্ৰত্যক্ষ ভাৱে জড়িত কৰাই বা শিশুৰ সৈতে যৌন উৎপীড়নৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰা হ'ব পাৰে (যাক শিশু যৌন উৎপীড়ন ছবি বুলিও কোৱা হয়)।
-
সন্মান ৰক্ষাৰ্থে হত্যা
সন্মান ৰক্ষাৰ্থে হত্যা (Honor killing) হৈছে পৰিয়ালৰ কোনো সদস্যক পৰিয়ালৰ সন্মান হানি কৰাৰ অপৰাধত কৰা হত্যা। বা কোনো সমুদায় বা ধৰ্মৰ নিৰ্ধাৰিত নীতি-নিয়ম উলংঘা কৰাৰ বাবে কৰা হত্যা।
-
কইনা দাহ
কইনা দাহ ( Bride burning) ভাৰতীয় উপমহাদেশত আৰু ইয়াৰ আশে পাশে অৱস্থিত দেশবোৰত প্ৰচলিত ঘৰুৱা হিংসাৰ এক প্ৰকাৰ। যৌতুকৰ বাবে মৃত্যু কইনাৰ অগ্নি সংযোগৰ এক শ্ৰেণী। যৌতুকৰ বাবে মৃত্যুত এগৰাকী যুৱতীক তেওঁৰ স্বামী বা তেওঁৰ পৰিয়ালে তেওঁৰ পৰিয়ালে অতিৰিক্ত যৌতুক পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে হত্যা কৰে।
-
মেৰী ৰিড
মেৰী ৰিড (মৃত্যু ১৭২১ চনৰ এপ্ৰিল মাহত), এগৰাকী ইংৰাজ জলদস্যু আছিল। "জলদস্যুৰ সোণালী যুগ"ৰ সময়ত তেওঁ আৰু এন্নে বনি কেইজনমান মহিলা জলদস্যুৰ ভিতৰত আছিল। ৰিডৰ জন্ম সম্ভৱতঃ ইংলেণ্ডত হৈছিল।
-
মেৰী ৱালকট
১৬৯২-৯৩ চনৰ আৰম্ভণিতে চেলেম ডাইনী বিচাৰত সাক্ষী হিচাপে মাতি অনা "দোষী" ছোৱালীবোৰৰ ভিতৰত অন্যতম আছিল মেৰী ৱালকট (৫ জুলাই, ১৬৭৫ – প্ৰায় ১৭৫২)।
-
সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য
সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য, বা গে'ফ'বিয়া হৈছে বিশেষকৈ সমকামী পুৰুষ, পুং সমকামিতা, বা নিজকে গে' বুলি ধাৰণা কৰা পুৰুষৰ প্ৰতি নিৰ্দেশিত এক প্ৰকাৰৰ হমফ'বিক কুসংস্কাৰ, ঘৃণা, বা পক্ষপাতিত্ব, এই বৈষম্য ফেম্মোফ'বিয়াৰ সৈতেও ওতপ্ৰোতভাৱে সম্পৰ্কিত, যি সমকামী, সমকামী পুৰুষ আৰু নাৰীসুলভ হিচাপে উপস্থাপন কৰা…
-
ৰাজখোৱা হত্যাকাণ্ড
ৰাজখোৱা হত্যাকাণ্ডই ১৯৭০ চনত ধুবুৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডক সূচায়। গোৱালপাৰা জিলাৰ সদ্য অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰ নাথ ৰাজখোৱাই তেওঁৰ চৰকাৰী বাসভৱনত ১৯৭০ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত তেওঁৰ পত্নী আৰু বৰজীয়ৰীক হত্যা কৰি গাঁতত পুতি থয়।
-
অপৰাধ
অপৰাধ (Crime, Misdemeanor, Felony) হ'ল কোনো ব্যক্তিয়ে আইনৰ বিৰুদ্ধে সংঘটিত কৰা কাৰ্য্য। কোনো দেশ বা অঞ্চলত শান্তি -শৃংখলা বজাই ৰাখিবলৈ প্ৰণয়ন কৰা আইন উলংঘা কৰা যিকোনো কামক অপৰাধ বুলি গণ্য কৰা হয়। অপৰাধ গুৰুতৰ আৰু সৰু দুয়োটা হ’ব পাৰে।
-
অভি-নীল হত্যাকাণ্ড
অভি-নীল হত্যাকাণ্ড (2018 Karbi Anglong lynching বা Abhi-Neel Murder Case) ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল। ডকমোকালৈ ফুৰিব যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাসক সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰিছিল।
-
অসমত হত্যাৰ বলি হোৱা সাংবাদিকৰ তালিকা
১৯৮৭ চনৰ পৰা বিশজনতকৈও অধিক সম্পাদক, সাংবাদিক বা সংবাদপত্ৰৰ লগত জড়িত ব্যক্তিক অসমত হত্যা কৰা হৈছে।
-
এলিজাবেথ হাবাৰ্ড
এলিজাবেথ হাবাৰ্ড আছিল এগৰাকী আমেৰিকান মহিলা যি চেলেম ডাইনী বিচাৰৰ প্ৰাথমিক প্ৰৰোচক হিচাপে বেছিকৈ পৰিচিত। ১৬৯২ চনৰ বসন্ত কালত হাবাৰ্ডৰ বয়স আছিল ১৭ বছৰ। বিচাৰ চলি থকা ১৫ মাহত বিশজন লোকক মৃত্যুদণ্ড দিয়া হৈছিল।
-
কইনা ক্ৰয়
কইনা ক্ৰয় (Bride-buying) হৈছে এক প্ৰকাৰৰ সম্পত্তি হিচাপে কইনা ক্ৰয় কৰাৰ উদ্যোগ বা ব্যৱসায়। ই ক্ৰেতাৰ পছন্দত কইনাৰ পুনৰ বিক্ৰী বা পুনৰ ক্ৰয়ৰ সৈতেও জড়িত। চীন, উত্তৰ কোৰিয়া, ভিয়েটনাম আৰু আফ্ৰিকাৰ দৰে বিশ্বৰ কিছু অংশত এই প্ৰথাই দৃঢ় ভাৱে খোপনি পুতি আছে। বিপৰীতে বহুতো দেশত এই প্ৰথা অবৈধ।
-
গোপাল গডছে
গোপাল বিনায়ক গডছে (Gopal Vinayak Godse ১৯৪৮ চনত মহাত্মা গান্ধীক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱা এজন ভাৰতীয় হিন্দুত্ববাদী কৰ্মী।
-
চুছানা শ্বেলডন
চুছানা শ্বেলডন (জন্ম প্ৰায় ১৬৭৪ চনত) চেলেম ডাইনী বিচাৰৰ সময়ত অন্যতম মূল ফৰিয়াদী আছিল। চেলেমৰ ডাইনী বিচাৰৰ সময়ত তাইৰ বয়স আছিল আঠাইশ বছৰ। কথিতভাৱে আক্ৰান্ত ছোৱালীৰ অন্যতম মূল গোট হিচাপে শ্বেলডনে ১৬৯২ চনৰ এপ্ৰিল মাহৰ শেষ সপ্তাহত প্ৰথমবাৰৰ বাবে দুৰ্ভাগ্যৰ দাবী কৰিছিল।
-
ধিং দলবদ্ধ ধৰ্ষণ কাণ্ড
ধিং দলবদ্ধ ধৰ্ষণৰ ঘটনাটোত ২০২৪ চনৰ ২২ আগষ্টত অসমৰ নগাঁও জিলাত অৱস্থিত ধিঙত এগৰাকী ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে সন্ধিয়া প্ৰায় ৭ বজাত টিউচনৰ পৰা ঘৰলৈ উভতি আহি থাকোঁতে ধিং চহৰৰ ওচৰত তিনিজনে তাইক আক্ৰমণ কৰিছিল।
-
নাৰায়ণ দত্তাত্ৰেয় আপ্তে
নাৰায়ণ দত্তাত্ৰেয় আপ্তে (১৯১১ – ১৫ নৱেম্বৰ ১৯৪৯) এজন ভাৰতীয় হত্যাকাৰী আৰু ৰয়েল ইণ্ডিয়ান এয়াৰ ফৰ্চৰ বিষয়া আছিল। মহাত্মা গান্ধীৰ হত্যাৰ পৰিকল্পনা কৰাৰ বাবে তেওঁক ফাঁচি দিয়া হৈছিল।
-
বডী শ্বেমিং
বডী শ্বেমিং বা শৰীৰৰ উপহাস (body shaming) হৈছে কাৰোবাক শাৰীৰিক বৈশিষ্ট্যৰ বাবে অপমান আৰু সমালোচনাৰ বলি সজা কাৰ্য। বডী শ্বেমিঙৰ পৰিসৰ বহল। এই পৰিসৰৰ ভিতৰত চৰ্বিৰ বাবে কৰা উপহাস, পাতল শৰীৰ, সৰু স্তন, উচ্চতা, নোম বা তাৰ অভাৱ, চাল-চুলিৰ ৰং, শৰীৰৰ আকৃতি, পেশীবহুলতা (বা ইয়াৰ অভাৱ), লিংগৰ আকাৰ বা স্তনৰ…
-
যৌন শুদ্ধিকৰণ
যৌন শুদ্ধিকৰণ বা কুচাচা ফুম্বি (Sexual cleansing) কিছুমান আফ্ৰিকান দেশত প্ৰচলিত এক পৰম্পৰা। এই পৰম্পৰা অনুসৰি ছোৱালী বা মহিলা এগৰাকীক তেওঁৰ প্ৰথম ঋতুস্ৰাৱৰ পিছত, বিধৱা হোৱাৰ পিছত, বা গৰ্ভপাত কৰাৰ পিছত তেওঁলোকক পৱিত্ৰ কৰাৰ ৰীতি হিচাপে যৌন সম্ভোগৰ কৰি শুদ্ধিকৰণ কৰা হয়।
-
শেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ড
শেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ড আছিল, বাংলাদেশৰ তেতিয়াৰ ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানক পৰিয়ালসহ কৰা হত্যাকাণ্ড। ১৯৭৫ চনত ১৫ আগষ্টৰ পুৱাতে বাংলাদেশ সেনাবাহিনীৰ এদল বিপথগামী সদস্যই সামৰিক অভ্যুত্থান সংগঠিত কৰে আৰু শেখ মুজিবুৰ ৰহমানক তেওঁৰ ধানমণ্ডি-৩২ ৰ বাসভৱনত হত্যা কৰে।