সঁজুলি
১৬ প্ৰবন্ধ
-
ম’বাইল ফোন
ম’বাইল ফোন বা চেলুলাৰ ফোন বা ভ্ৰাম্যভাষ যন্ত্ৰ হ’ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। ম’বাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ’ল ভ্ৰাম্যভাষ যন্ত্ৰ।
-
অণুবীক্ষণ যন্ত্ৰ
অণুবীক্ষণ যন্ত্ৰ (Microscope) জীৱবিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ যন্ত্ৰ। অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰ হোৱাৰ পিছতহে জীৱদেহ সৃষ্টিকাৰী কোষবোৰৰ বিষয়ে জানিব পৰা গৈছে।
-
ঢেঁকী
ঢেঁকী হৈছে চাউল, মচলা আদি গুৰি কৰিবলৈ ব্যৱহাৰ কৰা এবিধ কাঠৰ আহিলা। অসমত অতীজৰে পৰা ঢেঁকীৰ প্ৰচলন হৈ আহিছে। অসমীয়াৰ লগতে বিভিন্ন অইন বহুতো জাতি জনজাতিৰ লোকেও ঢেঁকী ব্যৱহাৰ কৰা দেখা যায়। অসমৰ বাদেও ইয়াৰ দাঁতি কাষৰীয়া ৰাজ্য পশ্চিম বংগ আৰু বাংলাদেশতো ইয়াৰ ব্যাপক প্ৰচলন দেখা যায়।
-
টেলিফোন
টেলিফোন বা দূৰভাষ (সংক্ষেপে ফোন বুলি কোৱা হয়) হৈছে এটা দূৰসংযোগ যন্ত্ৰ যিয়ে দুজন বা তাতকৈ অধিক ব্যৱহাৰকাৰীক বহু দূৰৈত থাকিলেও সহজে প্ৰত্যক্ষভাৱে শুনিব পৰাকৈ কথোপকথন চলাবলৈ সক্ষম কৰে। টেলিফোনে শব্দক অতি কাৰ্যক্ষমভাৱে ইলেক্ট্ৰনিক সংকেতলৈ ৰূপান্তৰিত কৰে।
-
আমাজন কিণ্ডল
আমাজন কিণ্ডল হৈছে আমাজনৰ দ্বাৰা নিৰ্মিত আৰু ইয়াৰ অনলাইন মাৰ্কেট যোগে বিক্ৰী কৰা এশ্ৰেণী ই-পঠন সঁজুলি। আমাজন কিণ্ডল সঁজুলিটোৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে ই-বুক, বাতৰিকাকত, আলোচনী আৰু আন ডিজিটেল মাধ্যম অনাতাঁৰ ব্যৱস্থাৰে কিণ্ডল ষ্ট'ৰত সন্ধান কৰিব পাৰে, কিনিব পাৰে আৰু ডাউনলোড কৰি পঢ়িব পাৰে।
-
ইস্ত্ৰি
ইস্ত্ৰি (Clothing iron বা flatiron) এবিধ তলিখন চেপেটা ওপৰত হাতল থকা সঁজুলী। এই সজুলীবিধ গৰম কৰি ইয়াৰে পোছাকৰ ভাঁজ নোহোৱা কৰিব পাৰি। সাধাৰণতে লো-ৰে সজা হয় বাবেই লোৰ ইংৰাজী নাম iron-ৰ পৰাই ইয়াকো ইংৰাজীত আইৰণ বুলি কোৱা হয়।
-
কেলকুলেটৰ
এটা ইলেক্ট্ৰনিক কেলকুলেটৰ হৈছে এটা লৈ ফুৰিব পৰা যন্ত্ৰ যাৰ সহায়ত গণনা কৰিব পাৰি সাধাৰণ পাটীগণিতৰ পাৰা জটিল গণিতলৈকে। প্ৰথম আৰ্দ্ধপৰিবাহী ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক কেলকুলেটৰ উদ্ভাৱন কৰা হৈছিল ১৯৬০ চনত। পকেটত লৈ ফুৰিব পৰা কেলকুলেটৰ আৰম্ভ হয় ১৯৭০ চনৰ পৰা।
-
চাট (বাঁহৰ সঁজুলি)
চাট হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ লোকাচাৰত ব্যৱহাৰ হোৱা ত্ৰিশূল সদৃশ বাঁহৰ শলাবিশেষ। ইয়াত কেইবিধমান থলুৱা পাচলি ডোখৰ ডোখৰকৈ বা চকলিয়াই কাটি গুঠি লোৱা হয়। গৰু বিহুৰ দিনা গৰুক গা ধুৱাওঁতে এই পাচলিৰ টুকুৰাবোৰ গৰুৰ গালৈ দলিয়াই গৰুসমূহৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়।
-
দাঁতোন
দাঁতোন বা টুথব্ৰাছ (Toothbrush) হৈছে দাঁত, দাঁতৰ আলু আৰু জিভা পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা এক পৰিচ্ছন্নতা সঁজুলি। আধুনিক টুথব্ৰাছৰ উদ্ভাৱক হ'ল ইংলেণ্ডৰ ক্লাৰ্কনেল্ডৰ উইলিয়াম আড্ডিছ (Willam Addis)। ১৭৮০ চনত তেওঁ গৰুৰ নেজৰ চুলি কাটি টুথব্ৰাছ তৈয়াৰ কৰিছিল। ব্ৰাছৰ নালবোৰো আছিল গৰুৰ তপিনাৰ হাড়ৰ।
-
আকাশ টেবলেট
আকাশ হৈছে ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহঃযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। আকাশ হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী টেবলেট। ইয়াক Ubislate 7+ (বাণিজ্যিক নাম) বুলিও জনা যায়। ই বজাৰত $৬০ত ঊপলভ্য।
-
খুন্দনা
খুন্দনা তামোল খুন্দি খাবৰ বাবে ব্যৱহাৰ কৰা এবিধ সঁজুলি। এই সঁজুলিবিধ অসমত বিশেষভাৱে প্ৰচলিত। বৃদ্ধ বা বয়সস্থ লোকসকলে তামোল-পাণ খুন্দি খাবলৈ এইবিধ সঁজুলিৰ ব্যৱহাৰ কৰে। খুন্দনাৰ অংশ দুটা: খুন্দনা আৰু খুন্দনা মাৰি। ইয়াক সাধাৰণতে কাঠেৰে নিৰ্মাণ কৰা হয়।
-
অসমৰ ধান খেতিৰ সঁজুলিসমূহ
অতীজৰে পৰাই অসমীয়া মানুহে খেতিৰ লগত জড়িত হৈ আহিছে, কৃষি কৰ্মৰ লগত জড়িত কিছু সঁজুলিৰ হ'ল নাঙল আৰু যুঁৱলি, লাহনি, ওখোন আদি।
-
আৰানমুলা কান্নাড়ি
আৰানমুলা কান্নাড়ি (ആറന്മുളക്കണ്ണാടി, মানে Aranmula mirror বা আৰানমুলা দাপোন) হল এক প্ৰকাৰৰ হস্তজাত ধাতৱ দাপোন। এই দাপোন কেৱল ভাৰতৰ কেৰালা ৰাজ্যৰ আৰানমুলা গাৱত তৈয়াৰ কৰা হয়।
-
কাকৈ
কাকৈ হৈছে সাধাৰণতে বিহু নৃত্যশিল্পীসকলে পিন্ধা মহৰ শিং, কাঠ, বাঁহ আদিৰে তৈয়াৰী পৰম্পৰাগত চুলিৰ বেন পিন বা চুলি ফণিয়াবলৈ ব্যৱহাৰ কৰা একপ্ৰকাৰৰ বাঁহৰে নিৰ্মিত ফণি। ইয়াৰ এটা মূৰত সাধাৰণ ফণিৰ দৰে দীঘল শলা সদৃশ দাঁত থাকে যাৰ ফলত চুলিত ইয়াক পিন্ধিব পৰা যায় বা চুলি ফণিয়াব পৰা যায়।
-
ছাতি
ছাতি ( Umbrella) ৰ’দ আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ কাপোৰ, প্লাষ্টিক আদিৰে তৈয়াৰ কৰা এক আহিলা৷ পৃথিৱীৰ সকলো ঠাইতে ছাতি ব্যৱহাৰ কৰা হয়, কাৰণ ই মানুহৰ ’সুবিধাজনক জীৱন যাপন’ৰ বাবে আৱশ্যকীয় সম্পদ৷
-
পাইৰেন' মিটাৰ
পাইৰেন' মিটাৰ (pyranometer) হৈছে সৌৰ বিকিৰণ মাপ কৰা এবিধ সঁজুলি। পাইৰন'মিটাৰ চলাবলৈ ব্যাহিক বিদ্যুৎ শক্তিৰ প্ৰয়োজন নহয়,অৱশ্যে বৰ্তমান হাইব্ৰিড চিষ্টেমত বিদ্যুৎ সংযোগো কৰা যায়। গ্ৰীক ভাষাৰ পাইয়াৰ আৰু এন' শব্দৰ পৰা পাইৰেন' মিটাৰ শব্দটো দিয়া হৈছে,যাৰ অৰ্থ হৈছে ক্ৰমে জুই আৰু আকাশৰ ওপৰত।