অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ট্ৰাইপোফোবিয়া

ট্ৰাইপোফোবিয়া (Trypophobia) হ'ল অনিয়মিত আৰ্হি বা থেপা-থেপিকৈ থকা সৰু সৰু গাত বা ভিণ্ডৰ প্ৰতি থকা দৃষ্টি ঘৃণা। আনুষ্ঠানিকভাৱে মানুহৰ এই আচৰণক মানসিক ব্যাধি হিচাপে স্বীকৃতি দিয়া হোৱা নাই, অৱশ্যে এই পৰিস্থিতিৰ প্ৰতি অতিৰিক্ত ভয় বা আশংকাই দেখা দিলে ইয়াক নিৰ্দিষ্ট ফোবিয়া হিচাপে চিহ্নিত কৰিব পাৰি।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৩ ২৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ট্ৰাইপোফোবিয়া (Trypophobia) হ'ল অনিয়মিত আৰ্হি বা থেপা-থেপিকৈ থকা সৰু সৰু গাত বা ভিণ্ডৰ প্ৰতি থকা দৃষ্টি ঘৃণা।১২ আনুষ্ঠানিকভাৱে মানুহৰ এই আচৰণক মানসিক ব্যাধি হিচাপে স্বীকৃতি দিয়া হোৱা নাই, অৱশ্যে এই পৰিস্থিতিৰ প্ৰতি অতিৰিক্ত ভয় বা আশংকাই দেখা দিলে ইয়াক নিৰ্দিষ্ট ফোবিয়া হিচাপে চিহ্নিত কৰিব পাৰি।১ মানুহে ট্ৰাইপোফোবিক চিত্ৰসমূহৰ প্ৰতি কেৱল ঘৃণা ভাৱ প্ৰকাশ কৰিব পাৰে।১

ট্ৰাইপোফোবিয়াৰ বৈজ্ঞানিক বোধ সীমিত।১ অৱশ্যে কিছু গৱেষণাৰ পৰা এইকথা কোৱা হৈছে যে ট্ৰাইপোফোবিয়া কোনো জৈৱিক বিদ্ৰোহৰ ফল যি নেকি কোনো ট্ৰাইপোফোবিক আকৃতিক বিপদ বা ৰোগৰ সৈতে সংযুক্ত কৰে। অথৱা ইয়াৰ কোনো বিৱৰ্তনমূলক ভিত্তি থাকিব পাৰে। এক্সপোজাৰ থেৰাপী এই ভয়ৰ এক সম্ভাৱ্য চিকিৎসা হ'ব পাৰে।১

এই ট্ৰাইপোফোবিয়া অভিধাটো সামাজিক মাধ্যমত এজন ভুক্তভোগীৰ দ্বাৰা ২০০৫ চনত চৰ্চালৈ আহিছিল।৩সেই সময়ত সামাজিক মাধ্যমত ই এক বহুল চৰ্চিত বিষয় হৈ পৰিছিল।৩

শ্ৰেণী কৰণ

পানী পিঠাৰ ট্ৰাইপোফোবিক গঠন বিন্যাস
পানী পিঠাৰ ট্ৰাইপোফোবিক গঠন বিন্যাসছবি: Lukasz Nowak · CC BY-SA 4.0

ট্ৰাইপোফোবিয়া এক মানসিক ব্যাধি হিচাপে স্বীকৃত নহয়। দ্য আমেৰিকান ছাইকিয়াট্ৰিক এচ'ছিয়েশ্যন এণ্ড ষ্টেটিছটিকেল মেনুৱেলৰ, পঞ্চম সংস্কৰণে(ডিএছএম -৫)ও ইয়াক নিৰ্দিষ্ট ৰোগ বুলি কোৱা নাই, অৱশ্যে ইয়াৰ দ্বাৰা কোনো ব্যক্তি অতি মাত্ৰা ভয়, অবিৰাম আৰু বিশেষ বিপত্তি বা দুৰ্ৱলতাৰ সৈতে যুক্ত হ'লে ই নিৰ্দিষ্ট ফোবিয়াৰ বিস্তৃত শ্ৰেণীৰ অধীনত আহিব পাৰে। ট্ৰাইপোফোবিয়াক নিৰ্দিষ্ট ফোবিয়াৰ দৰে নিৰ্ভুলভাৱে বৰ্ণনা কৰা হ'ব নে নাই সেয়া নিৰ্ভৰ কৰিব ব্যক্তি জনৰ প্ৰতিক্ৰিয়াৰ ওপৰত, অৰ্থাৎ ভয় আৰু ঘৃণাৰ ভিত্তিত। যিহেতু ফোবিয়াৰ সৈতে ভয় জড়িত, ট্ৰাইপোফোবিক চিত্ৰৰ প্ৰতিক্ৰিয়া বেচিভাগ বা একমাত্ৰ ঘৃণাৰ ওপৰত ভিত্তি কৰি উদ্ভৱ হয়। ট্ৰাইপোফোবিয়াক এক বিশেষ ধৰণৰ ফোবিয়া বুলি স্পষ্ট ভাৱে কোৱাটো কঠিন অৰ্থাৎ ই প্ৰশ্নৰ আৱৰ্তত। ১ এক গৱেষণাত ট্ৰাইপোফোবিয়াত ভোগা বেছিভাগ অংশগ্ৰহণকাৰীৰে আচৰণ সমূহ নিৰ্দিষ্ট ফোবিয়াৰ বাবে ডিএছএম-৫ৰ নিৰ্ণয়ক সমূহৰ সৈতে মিলিছিল যদিও তেওঁলোকে এই ধৰণৰ ট্ৰাইপোফোবিক চিত্ৰ সমূহ দেখাৰ সময়ত ভয়ৰ পৰিৱৰ্তে বিতৃষ্ণা বা ঘৃণা অনুভৱ কৰিছিলে; অৰ্থাৎ তেওঁলোকে সংকট বা শাৰীৰিক তথা মানসিক ক্ষতিৰ সন্মুখীন হ'ব লগা হোৱা নাছিল। যি নেকি ডিএছএম-৫ৰ এক প্ৰধান নিৰ্ণয়ক। ১

লক্ষণ

বাহ্যিক কাৰক(১)ৰ প্ৰভাৱত চালৰ তলত থকা পিলি মাংসপেশী(২)ৰ উত্তেজনাৰ বাবে গাৰ নোম(৩) থিয় হৈ পৰে।
বাহ্যিক কাৰক(১)ৰ প্ৰভাৱত চালৰ তলত থকা পিলি মাংসপেশী(২)ৰ উত্তেজনাৰ বাবে গাৰ নোম(৩) থিয় হৈ পৰে।ছবি: AnthonyCaccese · CC BY-SA 4.0

ট্ৰাইপোফোবিয়াৰ প্ৰতিফলন সাধাৰণতে ব্যক্তিৰ স্নায়ুতন্ত্ৰৰ স্বতন্ত্ৰ প্ৰতিক্ৰিয়াৰ মাধমেৰে ঘটে।১ ট্ৰাইপোফোবিক প্ৰতিক্ৰিয়া উদ্ভৱ হোৱাত অনুপ্ৰেৰণা যোগোৱা দৃশ্য সমূহৰ মাজত অহানিকাৰক মাধ্যম যেনেঃ ফল-মূলত প্ৰাকৃতিক ভাৱে থকা ছিদ্ৰ, জলজ উদ্ভিদ যেনে পদুমৰ চকা, বা ইয়াৰ গা-গছ, মেটেকা আদিৰ ঠাৰি অংশত থকা অভ্যন্তৰীণ ছিদ্ৰ, বিভিন্ন ধৰণৰ বুৰবুৰণি আদি।৪ আনহাতে বিপদৰ সৈতে জড়িত মাধ্যম যেনেঃ কোনো পতংগ যেনে বৰল, মৌ, উঁই আদিৰ দ্বাৰা নিৰ্মিত বাঁহ, চাক তথা হাফলু, ৰোগাক্ৰান্ত লোক বা জন্তুৰ দেহত হোৱা ঘাঁ আদিৰ ছিদ্ৰ অন্তৰ্ভুক্ত হৈছে। এই সমূহক আচহুৱা বুলি ধাৰণা কৰা ব্যক্তিয়ে সাধাৰণতে এনে দৃশ্য প্ৰত্যক্ষ কৰিলে কঁপিবলৈ ধৰে, হৃদস্পন্দন বাঢ়ি যায়, ঘামিবলৈ ধৰে বা খজুৱতি অনুভৱ কৰে। অন্যান্য প্ৰত্যক্ষ লক্ষণ সমূহ হৈছে- দেহৰ নোম থিয় হোৱা, গা জিকাৰ খাই উঠা, অসহজ অনুভৱ কৰা, বিভিন্ন ধৰণৰ চাক্ষুষ অসন্তুষ্টি বা ভ্ৰম আদি।১৫

ট্ৰাইপোফোবিয়া ভয়, ঘৃণা বা দুয়োটাৰ প্ৰতিক্ৰিয়াৰ মাধ্যমেৰে প্ৰকট হ'ব পাৰে।১ ট্ৰাইপোফোবিক ব্যক্তিৰ ক্ষেত্ৰত সাধাৰণতে ঘৃণা বা আচহুৱা অনুভৱৰ গাঢ়তা বেছি।১

চিকিৎসা

ট্ৰাইপোফোবিয়াৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই, তথাপি এক্সপোজাৰ থেৰাপি, যি নেকি অন্যান্য ফোবিয়া সমূহৰ চিকিৎসাৰ বাবে ব্যৱহৃত হয়, ট্ৰাইপোফোবিয়াৰ চিকিৎসাৰ বাবেও ই কাৰ্যকৰী হ'ব পাৰে।

ৰোগ বিজ্ঞান

ট্ৰাইপোফোবিয়াৰ পৰিসংখ্যা স্পষ্ট নহয়। উপলব্ধ তথ্যৰ পৰা এই কথা বুজা যায় যে ট্ৰাইপোফোবিক লোক সকলে ট্ৰাইপোফোবিক চিত্ৰ সমূহৰ প্ৰতি ঘৃণা বা আচহুৱা অনুভৱ কৰে আৰু ই এক সাধাৰণ আচৰণ।১ ২০১৩ চনৰ এক সমীক্ষাত ২৮৬জন অংশগ্ৰহণকাৰীৰ এটা নমুনাৰ ১৬% লোকে পদুম ফুলৰ চকাৰ এখন চিত্ৰ দেখি অস্বস্তি বা বিদ্বেষ অনুভৱ কৰিছিল। আনকি ট্ৰাইপোফোবিয়া নথকা লোকেও অন্যান্য সাধাৰণ চিত্ৰৰ তুলনাত এই চিত্ৰখন কিছু অসাধাৰণ বা আচহুৱা অনুভৱ কৰিছিল। মহিলা সকৰ মাজত ট্ৰাইপোফোবিক আচৰণ বেচিকৈ দেখা যায়।১

তথ্যসূত্ৰ

  1. ↑ Martínez-Aguayo, Juan Carlos; Lanfranco, Renzo C.; Arancibia, Marcelo. (2018). Trypophobia: What Do We Know So Far? A Case Report and Comprehensive Review of the Literature. Frontiers in Psychiatry. পৃ. 15
  2. ↑ Le, An T. D.; Cole, Geoff G.; Wilkins, Arnold J. (January 30, 2015). Assessment of trypophobia and an analysis of its visual precipitation. Quarterly Journal of Experimental Psychology. পৃ. 2304–22
  3. ↑ Abbasi, Jennifer. (July 25, 2011). Is Trypophobia a Real Phobia?. Popular Science
  4. ↑ Cole, Geoff G.; Wilkins, Arnold J. (October 2013). Fear of Holes. Psychological Science. পৃ. 1980–1985
  5. ↑ (August 7, 2015). Everything You Should Know About Trypophobia. Healthline

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰাইপোফোবিয়া” প্ৰবন্ধৰ সংশোধন ৩৮৭৮৬১ (১৭ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।