শ্লোগান
১৭ প্ৰবন্ধ
-
চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম
আলাইহি-আছ-ছালাম (عليه السلام) হ'ল এটা বাগধাৰা বা দৰুদ বা শ্লোক; যাৰ অৰ্থ হৈছে- তেখেতৰ ওপৰত শান্তি বৰ্ষিত হওক। যিটো ধাৰ্মিক মুছলিমসকলে Jesus/ঈছা (আঃ), Moses/মুছা (আঃ), Abraham/ইব্ৰাহিম (আঃ) সহ অন্যান্য সকলো নবীসকলৰ নামৰ শেষত উচ্চাৰণ কৰি থাকে। ইয়াক সংক্ষেপে আঃ লিখা হয়।
-
মে'ক ইন ইণ্ডিয়া
মেক ইন ইণ্ডিয়া ভাৰত চৰকাৰৰ এক অভিলাষী কাৰ্যক্ৰম আৰু ইয়াৰ জৰিয়তে কোম্পানীসমূহক ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ ভাৰতত নিৰ্মাণ কৰিবলৈ প্ৰেৰিত কৰা হয়। ২০১৪ চনৰ ২৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়া কাৰ্যক্ৰমৰ উদ্বোধন কৰে।
-
জয় ভীম
জয় ভীম ভাৰতৰ ৰাজনীতিবিদ, সমাজ সংস্কাৰক তথা ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী বি আৰ আম্বেদকাৰৰ অনুগামীসকলে ব্যৱহাৰ কৰা শ্লোগান আৰু শুভেচ্ছাবাণী। ইয়াৰদ্বাৰা আম্বেদকাৰৰ প্ৰদত্ত নাম ভীমৰাওক বুজায়।
-
জয় হিন্দ
জয় হিন্দ এটা অভিবাদন আৰু শ্লোগান যাৰ অৰ্থ হৈছে "ভাৰতৰ জয় হওক" বা "ভাৰত জীয়াই থাকক", বা আক্ষৰিক অৰ্থত "ভাৰতৰ [বাবে] বিজয়", যিটো মূলতঃ চেম্পাকৰমন পিল্লাইয়ে উদ্ভাৱন কৰিছিল। ব্ৰিটিছ শাসনৰপৰা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হৈছিল।
-
নাৰী, জীৱন, স্বাধীনতা
নাৰী, জীৱন, স্বাধীনতা হৈছে কুৰ্দি স্বাধীনতা আৰু গণতান্ত্ৰিক কনফেডাৰেলিষ্ট আন্দোলন দুয়োটাতে ব্যৱহৃত এটা জনপ্ৰিয় ৰাজনৈতিক কুৰ্দি শ্লোগান। মাহছা আমিনিৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণত সংঘটিত হোৱা প্ৰতিবাদৰ সময়ত এই শ্লোগানটো এক সমাৱেশৰ চিঞৰত পৰিণত হৈছিল।
-
প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি
"প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি" (ইংৰাজী ভাষাত: From each according to his ability, to each according to his needs, ফঁৰাচী ভাষাত: De chacun selon ses facultés, à chacun selon ses besoins; জাৰ্মান ভাষাত: Jeder nach seinen Fähigkeiten, jedem nach seinen…
-
মই ভাবোঁ, গতিকে মই আছোঁ
ক'গিত' এৰ্গ' চূঁ (Cogito, ergo sum, Je pense, donc je suis), অৰ্থাৎ, মই ভাৱোঁ, গতিকে মই আছোঁ, এই বাক্যশাৰী প্ৰসিদ্ধ ফৰাচী দাৰ্শনিক, গণিতজ্ঞ আৰু বৈজ্ঞানিক ৰ্যনে দেকাৰ্তৰ দ্বাৰা উপস্থাপিত এক বিখ্যাত দাৰ্শণিক উক্তি।
-
য়ে দিল মাংগে মোৰ
য়ে দিল মাংগে মোৰ! ১৯৯৮ চনত অনুজা চৌহানে জে ডব্লিউ টিত পেপচিৰ বাবে উদ্ভাৱন কৰা এটা বিজ্ঞাপনৰ শ্লোগান। ইয়াত হিন্দী আৰু ইংৰাজীৰ সংমিশ্ৰণ ঘটিছে, আক্ষৰিক অৰ্থ এই হৃদয়খনে অধিক বিচাৰে, যিটো পিছলৈ জনপ্ৰিয় শ্লোগানলৈ পৰিণত হৈছিল। ভাৰতত এই শ্লোগান আৰু ইয়াৰ ডেৰাইভেটিভসমূহ একাধিক প্ৰসংগত ব্যৱহাৰ কৰা হৈছে।
-
খেলা হবে
খেলা হবে বাংলাদেশ আৰু ভাৰতৰ বিশেষকৈ পশ্চিম বংগ আৰু অসমত বাংলা ভাষাৰ জনপ্ৰিয় ৰাজনৈতিক শ্লোগান। ইয়াৰ ইংৰাজী অনুবাদ হয় "দ্যা গেম ইজ অন।" এই শ্লোগানটো প্ৰথমে জনপ্ৰিয় কৰিছিল বাংলাদেশী ৰাজনীতিবিদ ছামিম ওছমানে।
-
গাৰ্ল পাৱাৰ
গাৰ্ল পাৱাৰ বা কিশোৰী শক্তি (Girl Power) হৈছে এক শ্লোগান যি নাৰীৰ সৱলীকৰণ, স্বাধীনতা, আত্মবিশ্বাস আৰু শক্তিক উৎসাহিত আৰু উদযাপন কৰে। শ্লোগানটোৰ আৱিষ্কাৰৰ কৃতিত্ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাংক বেণ্ড বিকিনি কিলক দিয়া হয় যিয়ে ১৯৯১ চনত গাৰ্ল পাৱাৰ নামৰ এক সাময়িক পত্ৰিকা প্ৰকাশ কৰিছিল।
-
জয় জোৱান জয় কিষাণ
জয় জৱান জয় কিষাণ আছিল ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ শ্লোগান, যিয়ে ১৯৬৫ চনত প্ৰয়াগৰাজৰ উৰুৱাৰ এখন ৰাজহুৱা সভাত কয়। নেহৰুৰ মৃত্যুৰ পাছত শাস্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ কিছুসময়ৰ পাছতে ভাৰতক পাকিস্তানে আক্ৰমণ কৰে। একে সময়তে দেশত খাদ্য শস্যৰ অভাৱ ঘটিছিল।
-
জাগো গ্ৰাহক জাগো
জাগো গ্ৰাহক জাগো ভাৰতৰ চৰকাৰৰ গ্ৰাহক-মন্ত্ৰ্যালয়ে ২০০৫ চনত আৰম্ভ কৰা এক গ্ৰাহক সজাগতা কাৰ্যসূচী। এই আঁচনিৰ অধীনত গ্ৰাহকৰ অধিকাৰ সন্দৰ্ভত সজাগতা বিয়পাই দিয়াৰ লগতে ব্যৱসায়ীসকলৰ অসৎ কাম-কাজৰ অন্ত পেলাবলৈ বিভিন্ন মাধ্যমত সৃষ্টি কৰা হৈছিল।
-
জিন্দাবাদ
জিন্দাবাদ এটা উৰ্দু আৰু ফৰাচী শব্দ। ব্যক্তি, আদৰ্শ বা ৰাষ্ট্ৰৰ দীৰ্ঘজীৱীতা কামনাৰ ক্ষেত্ৰত শ্ল'গান হিচাবে এই শব্দ ব্যৱহাৰ হয়। ইয়াৰ ব্যৱহাৰ মূলতঃ ৰাজনৈতিক। নামৰ পিছত জিন্দাবাদ ব্যৱহাৰ কৰি সেই নামৰ ব্যক্তি, আদৰ্শ বা ৰাষ্ট্ৰৰ দীৰ্ঘজীৱন কামনা কৰা হয়।
-
লাল চালাম
লাল চালাম (ইং অনুবাদ: "Red Salute") হৈছে দক্ষিণ এছিয়াৰ কমিউনিষ্টসকলে ব্যৱহাৰ কৰা এটা চেলুট, অভিবাদন বা ক’ড শব্দ। এই বাক্যাংশটো হিন্দী-উৰ্দুত লাল অৰ্থাৎ "ৰঙা" আৰু চালাম অৰ্থাৎ "শান্তি"ৰ যৌগৰূপ।
-
সকলো দেশৰ শ্ৰমিক এক হওক!
ৰাজনৈতিক শ্ল'গান সকলো দেশৰ শ্ৰমিক এক হওক! আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক শ্ল'গানসমূহৰ অন্যতম যাক কাৰ্ল মাৰ্ক্স আৰু ফ্ৰিডৰিখ এঙ্গেল্সৰ ১৮৪৮ চনৰ কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰৰ পৰা গ্ৰহণ কৰা হৈছে।
-
সৎশ্ৰী আকাল
সৎশ্ৰী আকাল হৈছে এটা জয়কাৰ ধ্বনি(সাক্ষৰ অৰ্থত "বিজয়ৰ আহ্বান") যিটো এতিয়া শিখসকলে প্ৰায়ে অভিবাদন হিচাপে ব্যৱহাৰ কৰে। ই শিখ ক্লেৰিয়ান কলৰ দ্বিতীয়াৰ্ধ, যিটো দশম শিখ গুৰু গুৰু গোবিন্দ সিঙে দিয়া। সম্পূৰ্ণ আহ্বানটো এনেধৰণৰ, "বোলে ছ’ নিহাল, সৎশ্ৰী আকাল" ("সত্য হৈছে কালজয়ী")।
-
হিন্দুস্তান জিন্দাবাদ
হিন্দুস্তান জিন্দাবাদ (Hindustan Zindabad) হৈছে এটা হিন্দুস্তানী ব্যাকাংশ বা খণ্ড-বাক্য আৰু যুদ্ধকালীন হুংকাৰ (battle cry)৷ ভাৰতৰ প্ৰতি প্ৰদৰ্শন কৰা দেশপ্ৰেমমূলক বক্তব্য আৰু যোগাযোগৰ ক্ষেত্ৰত ভাৰতত এইটো ব্যাকাংশ সততে ব্যৱহৃত হয়৷ ইয়াৰ অৰ্থ হৈছে-ভাৰত দীৰ্ঘায়ু হওক৷ এইটো এটা ৰাষ্ট্ৰীয়তাবাদী…