বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নাং মাই
নাং মাই হৈছে থাই লোককথাৰ এবিধ ভূত যিয়ে এটা ডাঙৰ গছত বাস কৰে। ই গছত ৰাজপ্ৰাসাদ সাজিছে, কিন্তু কোনেও দেখা নাপায়, আৰু সেই গছজোপা যদি কোনোবাই কাটি পেলায়, তেন্তে গছ কটা মানুহজন অভিশপ্ত হ’ব, বেমাৰ হ’ব, আনকি পাগলও হ’ব।
-
নাই (নাপিত)
নাই যাক ছেইন বুলিও কোৱা হয়, নাপিতৰ বৃত্তিগত এটা জাতি বুজোৱা সাধাৰণ শব্দ। সংস্কৃত শব্দ নাপিত (பிதை)ৰপৰা এই নামটো উদ্ভৱ হোৱা বুলি কোৱা হয়। আধুনিক যুগত উত্তৰ ভাৰতৰ নায়ে নিজকে নাইৰ পৰিৱৰ্তে "ছেইন" বুলি কয়। ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে নাই জাতিক অন্য পিছপৰা শ্ৰেণী হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
-
নাওমি চণ্ডা
নাওমি চণ্ডা (: Naomi Chanda ) উত্তৰ জাম্বিয়াৰ চিনছালিত বাস কৰা জাম্বিয়াৰ এগৰাকী কৃষক আৰু কৃষি প্ৰশিক্ষক। তেওঁ জলবায়ু-স্মাৰ্ট কৃষি কৌশল শিকোৱাৰ বাবে কেম্পেইন ফৰ ফিমেল এডুকেশ্যন (কেমফেড)ৰ সৈতে কাম কৰে আৰু তেওঁৰ সম্প্ৰদায়ৰ পদক্ষেপৰ জৰিয়তে মহিলাৰ শিক্ষা আৰু সৱলীকৰণত সহায় কৰে।
-
নাগালেণ্ডৰ পতাকা
নাগালেণ্ডৰ পতাকা হৈছে নগা লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা পতাকা। বৰ্তমান নগা লোকসকল বাস কৰা কোনো অঞ্চলতে ইয়াৰ চৰকাৰী মৰ্যাদা নাই, কিন্তু সাংস্কৃতিক অনুষ্ঠানসমূহত ইয়াৰ ব্যৱহাৰৰ অনুমতি দিয়া হয়। পতাকাখনৰ ৰং হৈছে আকাশী নীলা (medium sky blue) যিয়ে আকাশক প্ৰতীকিত কৰে।
-
নাজী নিৰ্যাতন শিবিৰ
নাজী নিৰ্যাতন শিবিৰ (Nazi concentration camps) জাৰ্মানীৰ নাজীসকলৰ দ্বাৰা নিৰ্মাণ কৰা এক ধৰণৰ শিবিৰক বুজায় য'ত, লোকসকলক আটক বা আৱদ্ধ কৰি ৰখা হৈছিল। এই শিবিৰত সাধাৰণতে সাংবিধানিক গণতন্ত্ৰত গ্ৰহণযোগ্য গ্ৰেপ্তাৰ আৰু কাৰাদণ্ডৰ আইনী নীতি-নিয়মৰ প্ৰতি লক্ষ্য নৰখাকৈ কঠোৰ পৰিস্থিতিত মানুহক আটক কৰি ৰখা…
-
নাটালিয়া পন্সে ডি লিঅ'ন
নাটালিয়া পন্সে ডি লিঅ'ন (: Natalia Ponce de León; জন্ম: ৮ আগষ্ট, ১৯৮০) বগোটাত জন্মগ্ৰহণ কৰা এগৰাকী কলম্বিয়ান মহিলা। তেওঁ এচিড আক্ৰমনৰ বলি হোৱা এগৰাকী জীৱিত মহিলা। যিয়ে নিজৰ দেশত এচিড আক্ৰমণ কৰা অপৰাধীক লক্ষ্য কৰি আইন প্ৰণয়নৰ বাবে প্ৰচাৰ চলাই সফল হৈছিল।
-
নাটুৱা
নাটুৱা হৈছে অসমত বসবাস কৰা পাতৰ, ভূমিজ, মুণ্ডা, ওৰাং প্ৰভৃতি চাহ জনজাতি লোকৰ মাজত প্ৰচলিত এক নৃত্য। চাহ জনজাতিলোকৰ বিয়াত এই নাচ এক আকৰ্ষণীয় বিষয়। তদুপৰি আন আন সামাজিক উৎসৱতো এই নাচ অনুষ্ঠিত হয়।
-
নাভিত জমাহোৱা আৱৰ্জনা
নাভিত জমাহোৱা আৱৰ্জনা (Navel lint ) হৈছে মানুহৰ নাভিত থকা কোমল আঁহৰ এক অংশ। সাধাৰণতে দিনটোৰ আৰম্ভণি আৰু শেষত মানুহৰ নাভিৰ গহ্বৰত সৰু সৰু আঁহৰ গোট এটা জমা হয়। বহু বছৰ ধৰি মানুহে এনে হোৱাৰ কাৰণ চিন্তা কৰি আহিছে।
-
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (SLHEP) নামেৰে নামকৰণ কৰা সোৱণশিৰি নদীৰ নিম্ন বান্ধটো উত্তৰ-পূব ভাৰতৰ সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণৰ কাম চলি থকা এক মাধ্যাকৰ্ষণিক বান্ধ। এই বান্ধটো সোৱণশিৰি নদীৰ ওপৰেৰে ২.৩ কিলোমিটাৰ (১.৪ মাইল) অৰুণাচল প্ৰদেশত অৱস্থিত।
-
নাৰ্জাৰী
নাৰ্জাৰী, মূলত নাৰজিহাৰী নামেৰে জনা ("'নাৰজিমানে মুলুখিয়া আৰু হাৰী মানে বংশ), হৈছে বড়ো সম্প্ৰদায়ৰ এটা প্ৰধান বংশ বা উপাধি, যি প্ৰধানকৈ উত্তৰ-পূৰ্ব ভাৰতৰ অসম ৰাজ্যত বাস কৰা এটা থলুৱা জাতিগত গোট।
-
নিকাৰাগুয়াত লিংগ সমতা
লেটিন আমেৰিকাত লিংগ সমতাৰ কথা আহিলে অঞ্চলটোৰ আন দেশসমূহৰ ভিতৰত নিকাৰাগুয়াৰ স্থান উচ্চ।লিংগ সমতাৰ সন্দৰ্ভত বিশ্বৰ ৰেংকিঙৰ কথা আহিলে বিশ্ব অৰ্থনৈতিক মঞ্চই ২০১৫ চনত নিকাৰাগুয়াক বাৰ নম্বৰ স্থানত ৰাখিছিল, আনহাতে ২০১৬ চনত ই দশম স্থানত আছিল আৰু ২০১৭ চনত দেশখন ষষ্ঠ স্থানত আছিল।
-
নিধি গয়াল
নিধি গয়াল (: Nidhi Goyal; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অক্ষমতা আৰু লিংগ অধিকাৰ কৰ্মী যিয়ে ৰাষ্ট্ৰসংঘৰ মহিলা কাৰ্যবাহী সঞ্চালকৰ পৰামৰ্শদাতা গোটত নিযুক্তি লাভ কৰিছে।
-
নিমখ ছিটিকি থকা
পশ্চিমীয়া সংস্কৃতিত প্ৰচলিত এটা কুসংস্কাৰ অনুসৰি নিমখ ছিটিকি থকা বা নিমখ ছটিয়াই পেলোৱাক অশুভ সংকেত বুলি ধৰা হয়। কিন্তু নিমখে বিশ্বৰ বহুতো ধৰ্মত বিভিন্ন অৰ্থ বহন কৰিছে।
-
নীনা মালহোত্ৰা
নীনা মালহোত্ৰা:Neena Malhotra ভাৰতীয় বৈদেশিক সেৱাৰ ১৯৯২ ব্যাচৰ এগৰাকী বিষয়া। ২০২০ চনৰ ছেপ্টেম্বৰ পৰা ২০২৪ চনৰ এপ্ৰিললৈকে তেওঁ ইটালী, ৰিপাব্লিক অৱ ছান মেৰিনো, আৰু ৰোমত ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহৰ ভাৰতীয় ৰাষ্ট্ৰদূত আছিল আৰু তেওঁ ৰোমত থাকি কাৰ্যনিৰ্বাহ কৰিছিল।
-
নীলম দেও
নীলম দেও: Neelam Deo; ১৯৭৫ চনৰ ব্যাচৰ ভাৰতীয় বৈদেশিক সেৱাৰ (আই এফ এছ) বিষয়া আছিল। তেওঁ ডেনমাৰ্ক আৰু ক’ট ডি আইভ’ৰত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে ছিয়েৰা লিয়ন, নাইজাৰ আৰু গিনিত সমান্তৰালভাৱে দ্বায়িত্ব পালন কৰিবলৈ স্বীকৃতি লাভ কৰিছিল।
-
নুমিতচানা খোমাডন
নুমিতচানা খোমাডন (Numitsana Khomadon), যাক কাব্যিকভাৱে চানা খোমাডন (Sana Khomadon) বা নোপোক ট্যুৰিং লেইমাচা (Nongpok Touring Leimacha) বুলিও জনা যায়, আছিল মেইতেই পৌৰাণিক কাহিনী, লোককথা আৰু ধৰ্মত উল্লেখ থকা সেই দুজন সূৰ্যৰ ভিতৰত কনিষ্ঠজন, যিয়ে এসময়ত পৃথিৱীখনক একেলগে আলোকিত কৰিছিল।
-
নেপালী টুপী (ঢাকা টুপী)
ঢাকা টুপী (ढाका टोपी ), এক পৰম্পৰাগত নেপালী কাপোৰৰ টুপী যিটো নেপালী ৰাষ্ট্ৰীয় সাজ-পোছাকৰ অংশ, আৰু পাহাড়ী অঞ্চলসমূহৰ উৎসৱত পুৰুষসকলে পিন্ধে।
-
নেপালী লোককথা
নেপালী লোককথা (ইংৰাজী: সৰহ) নেপালী জনসাধাৰণৰ মাজত প্ৰচলিত পৌৰাণিক কাহিনী আৰু পৰম্পৰাগত বিশ্বাসৰ এক বৈচিত্ৰময় গোট।
-
নেপালৰ জাতীয় প্ৰতীক
নেপালৰ জাতীয় প্ৰতীক (नेपालको राष्ट्रिय प्रतीक चिन्ह) নেপাল চৰকাৰ আৰু ইয়াৰ সংস্থাসমূহে ব্যৱহাৰ কৰা প্ৰাথমিক প্ৰতীক। ২০০৮ চনৰ ২৮ মে’ত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা এই প্ৰতীকটোক পিছলৈ ২০২০ চনত সংশোধন কৰি নেপালৰ সংশোধিত ৰাজনৈতিক মানচিত্ৰ অন্তৰ্ভুক্ত কৰা হয়।
-
নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্নসমূহ
নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্ন নেপাল, আনুষ্ঠানিকভাৱে ফেডাৰেল ডেমক্ৰেটিক ৰিপাব্লিক অফ নেপাল, দক্ষিণ এছিয়াত অৱস্থিত এখন স্থলবেষ্টিত সাৰ্বভৌম ৰাষ্ট্ৰ। ইয়াৰ সীমা দুখন দেশৰ দ্বাৰা গঠিত কৰা হৈছে। উত্তৰে চীন আৰু পূব, পশ্চিম আৰু দক্ষিণৰ দিশত ভাৰত অৱস্ নেপাল হিমালয়ৰ সীমাত অৱস্থিত এখন দেশ।
-
নোগি মাৰেস্কে
এই প্ৰবন্ধটোত জাপানৰ সেনাপতি বীৰ নোগিৰ কথা আএই প্ৰবন্ধটোত জাপানৰ সেনাপতি বীৰ নোগিৰ কথা আলোচনা কৰা হৈছে। আজিলৈকে বোনাপাৰ্ট আদি যিবোৰ মহাবীৰৰ বীৰত্বৰ তেজেৰে জগতখন পোহৰাই উঠিছিল সেই আটাইবোৰৰ তুলনাত জাপানৰ সেনাপতি নোগিৰ নাম সদায় চিৰস্মৰণীয় হৈ ৰব। তেওঁ বহুত শক্তিশালী আৰু বলপূৰ্ণ ব্যক্তি আছিল।
-
নোলা ব্লেক
নোলা ব্লেক হৈছে এগৰাকী অষ্ট্ৰেলিয়ান মহিলা যিয়ে ১৯৮৭ চনত থাইলেণ্ডৰ বেংককত ড্ৰাগছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল আৰু তাৰ পিছত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। পিছত তাইৰ শাস্তি আজীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰা হয়।
-
নৌৱাৰী শাৰী
নৌৱাৰী শাৰী বা কাষ্ঠা শাৰী (মাৰাঠী: नऊवारी साड़ी) হৈছে মহাৰাষ্ট্ৰীয় ধোটি পিন্ধা ধৰণৰ সৈতে মিল থকা কোলি শৈলীৰ শাৰী। কাষ্ঠা শব্দটোৱে শাৰীখন পিছফালে টাক কৰাক বুজায়। যিহেতু এই শাৰী সাধাৰণতে ন গজৰ কাপোৰ ব্যৱহাৰ কৰি পিন্ধা হয়, গতিকে ইয়াক নৌৱাৰী বুলিও কোৱা হয়, যাৰ অৰ্থ ন গজ।
-
নৰকৰ দুৱাৰ
নৰকৰ দুৱাৰ (Darvaza gas crater) হ'ল তুৰ্কমেনিস্তানৰ দৰৱাজা চহৰৰ এটি প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ। দীৰ্ঘদিন ধৰি এই প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত জুই অবিৰতভাৱে জ্বলি থকাৰ বাবে ইয়াক নৰকৰ দুৱাৰ বুলি কোৱা হয়। কাৰাকুম মৰুভূমিত অৱস্থিত এই গহ্বৰৰ ব্যাস ৬৯ মিটাৰ (২২৬ ফুট) আৰু গভীৰতা ৩০ মিটাৰ (৯৮ ফুট)।
-
নৱপত্ৰিকা
নৱপত্ৰিকা হʼল বংগ, অসম আৰু ওড়িশাৰ দুৰ্গাপূজাৰ এক বিশিষ্ট অংগ। নৱপত্ৰিকা শব্দটিৰ আক্ষৰিক অৰ্থ হৈছে নবিধ গছৰ পাত। কিন্তু, আচলতে নৱপত্ৰিকা মানে ন প্ৰকাৰৰ পাত নহয়, নবিধ উদ্ভিদহে। > ৰম্ভা কচ্চী হৰিদ্ৰাচ জয়ন্তী বিল্ব দাড়িমৌ। অশোক মানকশ্চৈব ধান্যঞ্চ নৱপত্ৰিকা।
-
প'চাইভ লাভ্ৰা
পবিত্ৰ ডৰ্মিচন প’চাইভ লাভ্ৰা (Holy Dormition Pochaiv Lavra), যাক কেতিয়াবা প’চাইভ মঠ বুলিও কোৱা হয়, ইউক্ৰেইনৰ টাৰ্নোপিল অ’ব্লাষ্টৰ ক্ৰেমেনেটছ ৰায়নৰ প’চাইভ চহৰত অৱস্থিত এখন মঠ আৰু লাভ্ৰা। মঠটো প’চাইভ চহৰৰ প্ৰায় ৬০ মিটাৰ ওখ এটা পাহাৰৰ ওপৰত অৱস্থিত।
-
পটেমকিন চিৰি
পটেমকিন চিৰি, পটেমকিন খোপ (ইউক্ৰেইনীয়ান: Потьомкінські сходи, ৰোমানীকৃত: Potiomkinski skhody; ৰাছিয়ান: Потёмкинская лестница) বা আনুষ্ঠানিকভাৱে প্ৰাইমৰ্চি চিৰি হৈছে ইউক্ৰেইনৰ ওডেছাত অৱস্থিত এটা বিশাল খটখটী বা চিৰি।
-
পপেট
লোকযাদু আৰু যাদুবিদ্যাত পপেট (Poppet) (পপেট, মপেট, বা পপি বুলিও জনা যায়) হৈছে কোনো ব্যক্তিক প্ৰতিনিধিত্ব কৰিবলৈ, সেই ব্যক্তিজনৰ ওপৰত মন্ত্ৰ চলাবলৈ বা যাদুৰ জৰিয়তে সেই ব্যক্তিজনক সহায় কৰিবলৈ নিৰ্মাণ কৰা পুতলা।মাজে মাজে পপেটক চিমনিত সোমাই থকা দেখা যায়।এই পুতলাবোৰক খোদিত শিপা, শস্য বা কুঁহিয়াৰৰ…
-
পলিইথাইলিন
পলিইথিলিন বা পলিথিন (চমুকৈ PE; IUPAC নাম পলিইথিন বা পলি(মিথিলিন)) হৈছে আটাইতকৈ সাধাৰণভাৱে উৎপাদিত প্লাষ্টিক। ইয়াক এটা পলিমাৰ, মূলতঃ পেকেজিংৰ বাবে ব্যৱহাৰ কৰা হয় (প্লাষ্টিকৰ বেগ, প্লাষ্টিক ফিল্ম, জিঅ'মেমব্ৰেন আৰু বটল, কাপ, জাৰ আদি পাত্ৰ সমূহ)।, বছৰি ১০০ মিলিয়নতকৈ অধিক টন পলিইথিলিন ৰেজিন উৎপাদন…
-
পল্লুৰুথী সাহায্য বন্দোবস্ত
পল্লুৰুথী সাহায্য বন্দোবস্তু (পল্লুৰুথী ৰিলীফ চেটেলমেণ্ট') হৈছে কোচিন আৱাৰা আইনৰ (কোচিন ভেগ্ৰেন্সি আইন) অধীনত কেৰালাৰ এৰণাকুলম জিলাত অৱস্থিত এটা পুনৰসংস্থাপন আশ্ৰয়গৃহ, যিটো ১৯৪১ চনত কোচিনৰ মহাৰাজই অঘৰী-মাগনীসকলৰ বাবে আৰম্ভ কৰিছিল।