বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চেংডে মাউণ্টেন ৰিজৰ্ট
চেংডে মাউণ্টেন ৰিজৰ্ট ( Chengde Mountain Resort) হৈছে চীনৰ ৰাজধানী বেইজিঙৰ পৰা প্ৰায় ২২৫ কিলোমিটাৰ (১৪০ মাইল) উত্তৰ-পূবে উত্তৰ চীনৰ উত্তৰ-পূব হেবেই প্ৰদেশৰ চেংডেৰ শ্বুয়াংকিয়াও জিলাত অৱস্থিত সাম্ৰাজ্যিক প্ৰাসাদ আৰু বাগিচাৰ এটা বৃহৎ জটিল।
-
চেউটা
চেউটা আফ্ৰিকাৰ উত্তৰ উপকূলৰ এখন স্পেনীয় স্বায়ত্তশাসিত চহৰ। মৰক্কোৰ সীমাৰেখাৰে আবৃত, এইখন ভূমধ্য সাগৰ আৰু আটলাণ্টিক মহাসাগৰৰ মাজৰ সীমাৰেখাত অৱস্থিত। ই আফ্ৰিকাৰ কেইবাটাও স্পেনিছ অঞ্চলৰ ভিতৰত এটা। মেলিলা আৰু কেনাৰী দ্বীপপুঞ্জৰ সৈতে, কেৱল কেইটামান অঞ্চলৰ ভিতৰত এটা য'ত স্থায়ীভাৱে অসামৰিক লোক বাস কৰে।
-
চৈকা
চৈকা (ভিন ভিন ভাষাত উচ্চাৰণ, ইউক্ৰেইনীয়: чайка, chayka, হাংগেৰিয়ান: csajka, পোলিশ: czajka, চাৰ্বিয়ান: шајка / šajka, স্লোভেন: šajka বা plitka) মাস্তুল আৰু পাল থকা গেলিৰ দৰে এখন কাঠৰ নাও। ইয়াক ষোড়শ শতিকাৰপৰা পূব ইউৰোপত আদিভাগত আধুনিক যুদ্ধ আৰু মাল পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
-
চোৰ্টকিভ দুৰ্গ
চোৰ্টকিভ দুৰ্গ ( Chortkiv Castle) ১৭শ শতিকাৰ আৰম্ভণিতে চেৰেট নদীৰ বাওঁপাৰত ইটা আৰু শিলেৰে নিৰ্মাণ কৰা এটা দুৰ্গ। ইয়াৰ আগতে ১৬শ শতিকাৰ মাজভাগত সেই ঠাইতে এটা কাঠৰ দুৰ্গ আছিল। দুৰ্গটো ভিহনাংকা অঞ্চলত নিৰ্মাণ কৰা হৈছিল। বৰ্তমান ই ইউক্ৰেইনৰ চোৰ্টকিভ চহৰত অৱস্থিত।
-
ছাং থং
ছাং থং, সোণালী শংখৰ খোলাৰ ৰাজকুমাৰ বা ফ্ৰা চাং থং হৈছে পান্নাছা জাতকৰ পৰা অনুপ্ৰাণিত দক্ষিণ-পূব এছিয়াৰ লোককথা, যিটো থাইলেণ্ডত কোৱা প্ৰাচীন কাহিনীৰ প্ৰামাণিক সংকলন।
-
ছাউপড়ী
ছাউপড়ী (Chhaupadi) নেপালৰ এক প্ৰকাৰৰ ঋতুস্ৰাৱৰ লগত জড়িত প্ৰথা বা আচাৰ। এই প্ৰথা অনুসৰি মহিলা আৰু কিশোৰীসকলৰ ঋতুস্ৰাৱৰ সময়ত স্বাভাৱিক পাৰিবাৰিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাত বাধা দিয়া হয়। কিয়নো ঋতুমতী মহিলাক "অশুদ্ধ" বুলি গণ্য কৰা হয়। ছাউপড়ী মুখ্যতঃ নেপালৰ পশ্চিম অংশত প্ৰচলিত।
-
ছাতি
ছাতি ( Umbrella) ৰ’দ আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ কাপোৰ, প্লাষ্টিক আদিৰে তৈয়াৰ কৰা এক আহিলা৷ পৃথিৱীৰ সকলো ঠাইতে ছাতি ব্যৱহাৰ কৰা হয়, কাৰণ ই মানুহৰ ’সুবিধাজনক জীৱন যাপন’ৰ বাবে আৱশ্যকীয় সম্পদ৷
-
ছানস্ক্ৰীণ
ছানস্ক্ৰীণ, বা ছানব্লক বা ছান ক্ৰীম হৈছে ছালৰ বাবে ৰ'দৰ পৰা সুৰক্ষা দিয়া ছালত ঘহা সামগ্ৰী যিয়ে ৰ’দৰ পুৰণি আৰু অতি গুৰুত্বপূৰ্ণভাৱে ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। ছানস্ক্ৰীণ লোচন, স্প্ৰে', জেল, ফেন, টুকুৰা (Stick), পাউদাৰ আৰু অন্যান্য ছালত ঘহিব পৰা সামগ্ৰীৰ ৰূপত পোৱা যায়।
-
ছাফিয়া হুছেইনী টুংগাৰ টুডু
ছাফিয়া হুছেইনী টুংগাৰ টুডু (: Safiya Hussaini Tungar Tudu, জন্ম ১৯৬৭) ২০০২ চনত ব্যভিচাৰৰ অপৰাধত মৃত্যুদণ্ড পোৱা নাইজেৰিয়ান মহিলা। শিলগুটিৰে আঘাত কৰাৰ শাস্তি লাভ কৰিছিল যদিও ২০০২ চনৰ মাৰ্চ মাহত পুনৰ বিচাৰৰ অন্তত সকলো অভিযোগৰ পৰা মুক্ত হৈছিল।
-
ছাব্ৰিনা বাটলাৰ
ছাব্ৰিনা বাটলাৰ (জন্ম ১৯৭১) হৈছে মিচিচিপিৰ এগৰাকী মহিলা যিয়ে কিশোৰী অৱস্থাত নিজৰ ৯ মহীয়া পুত্ৰৰ হত্যা আৰু শিশু নিৰ্যাতনৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছতো পুনৰ বিচাৰত অৱশেষত দোষমুক্ত হয়।
-
ছাভুৰ-মোহিলা
ছাভুৰ-মোহিলা ( Savur-Mohyla), ৰাছিয়ান বানান অনুসৰি ছাউৰ-মোগিলা (Саур-Могила) নামেৰেও লিখা হয়। ই ইউক্ৰেইনৰ ডনেস্ক অঞ্চলৰ স্নিঝনে চহৰৰ ওচৰত থকা ডনেটছ পৰ্বতমালাৰ এটা কৌশলগত উচ্চভূমি। ২৭৭.৯ মিটাৰ ওখ এই পাহাৰটো ১৯৬৩ চনত নিৰ্মাণ কৰা বৃহৎ স্মাৰক সমষ্টিৰ বাবে অধিক পৰিচিত।
-
ছিয়ান উইলিয়ামছ
ছিয়ান উইলিয়ামছ (: Sian Williams,জন্ম ২৩ অক্টোবৰ ১৯৯০); এগৰাকী ৱেলছৰ ৰাগবি ইউনিয়ন খেলুৱৈ। যিয়ে ৱৰ্চেষ্টাৰ/নিউপ’ৰ্ট গ্ৱেণ্ট ড্ৰেগনছ ক্লাবৰ লগতে ৱেলছৰ মহিলা ৰাষ্ট্ৰীয় ৰাগবী ইউনিয়ন দলৰ হৈ পিছৰ শাৰীত খেলে।
-
ছী-উল্ফ (ৰোমৰ শ্ৰুতিকথা)
ছী-উল্ফ (ইংৰাজী: She-Wolf, লেটিন ভাষাত লুপা (lupa)) ৰোমৰ প্ৰাচীন শ্ৰুতিকথাত বৰ্ণিত এজনী মাইকী ইটালীয়ান কুকুৰনেছীয়া বাঘ৷ আলবা লংগাৰ ৰজা আমুলিয়াছৰ আদেশ অনুসৰি যমজ সন্তান ৰোমুলাছ আৰু ৰেমুছক বনত এৰি দিয়াৰ পিছত ছী-উল্ফে তেওঁলোকক স্তনপান কৰাইছিল আৰু আশ্ৰয় দিছিল।
-
ছুয়াংগী
ছুয়াংগী বা ছুয়াংগি পূব ইণ্ডোনেছিয়াৰ বহু অঞ্চলৰ লোককথাৰ এক দুষ্ট আত্মা।
-
ছেইণ্ট এলিজাবেথ দুৰ্গ
ছেইণ্ট এলিজাবেথ দুৰ্গ (Fortress of St. Elizabeth, Фортеця Святої Єлисавети) ক্ৰোপিভনিত্স্কি চহৰত অৱস্থিত এখন প্ৰাক্তন মাটিৰ দুৰ্গ। স্থানীয়ভাৱে ইয়াক "মাটিৰ দুৰ্গ" বুলিও কোৱা হয়। দুৰ্গটো ছয়টা চূড়াযুক্ত তৰাৰ আকৃতিৰ আছিল। ই মধ্য ইউক্ৰেইনত অৱস্থিত আৰু চহৰখনৰ মুখ্য প্ৰতীকৰূপে পৰিগণিত হৈছে।
-
ছেণ্ডব্লাষ্টিং
ছেণ্ডব্লাষ্টিং (Sandblasting)বা এব্ৰেচিভ ব্লাষ্টিং হৈছে ঘৰ্ষণকাৰী পদাৰ্থৰ ধাৰা এটাক উচ্চ চাপত পৃষ্ঠৰ ওপৰত বলপূৰ্বকভাৱে ঠেলি দি ৰুক্ষ পৃষ্ঠ মসৃণ কৰা, মসৃণ পৃষ্ঠ ৰুক্ষ কৰা, পৃষ্ঠৰ আকৃতি দিয়া বা পৃষ্ঠৰ দূষক আঁতৰোৱা কাৰ্য্য।
-
জ'ল'চিভ দুৰ্গ
জ'ল'চিভ দুৰ্গ (Zolochivs'kyi zamok) আছিল গেলিচিয়াৰ (বৰ্তমান ইউক্ৰেইনৰ লভিভ ওব্লাষ্টৰ অন্তৰ্ভুক্ত) জ'ল'চিভৰ (Złoczów) দক্ষিণ-পূব অংশত অৱস্থিত দুখন সৰু নদীৰ সংযোগস্থলৰ এটা পাহাৰৰ ওপৰত গঢ়ি উঠা চ’বিয়েস্কি অভিজাত পৰিয়ালৰ এক বাসভৱন।
-
জন হেনৰি
জন হেনৰি আমেৰিকান লোককথাৰ এজন নায়ক। তেওঁ আফ্ৰিকান আমেৰিকান আছিল, আৰু কিংবদন্তি অনুযায়ী, হাতৰীৰে ষ্টীল শিলত সোমোৱাৰ কাম কৰিছিল, যাতে ৰে'লপথ নিৰ্মাণৰ বাবে বিৰ্ফোৰণ কৰিব পৰা যায়। জন হেনৰিৰ কাহিনী ব্লুজ সংগীতৰ শৈলীত সাধাৰণতে আগবঢ়োৱা হয়।
-
জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী
"জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী" (দেৱনাগৰী লিপিত: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी;; উচ্চাৰিত: d͡zʌnʌni d͡zʌnmʌbʱumist͡sʌ swʌrɡadʌpi ɡʌrijʌsi) ৰামায়ণৰ এটি সংস্কৃত শ্লোকৰ এশাৰী। ই নেপাল চৰকাৰৰ মূলমন্ত্ৰও।
-
জন্মাষ্টমীৰ কৃত্য
শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শাস্ত্ৰীয়ভাৱে উদযাপিত হোৱাৰ বাহিৰেও নাটকীয় সমলযুক্ত বিভিন্ন আচৰণৰ সৈতেও পালন কৰা দেখা যায়। কোনো কোনো নামঘৰ বা গোসাঁই ঘৰত বিশেষকৈ লাউপাৰাৰ শ্ৰীশ্ৰীশ্যামৰায়।গোসাঁই ঘৰত ভকত-ভকতনীসকলে শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালনৰ উদ্দেশ্যে ৰং-বিৰঙৰ কাপোৰেৰে শিশু কৃষ্ণৰ এটি পুতলা নিৰ্মাণ কৰে।
-
জয় জোৱান জয় কিষাণ
জয় জৱান জয় কিষাণ আছিল ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ শ্লোগান, যিয়ে ১৯৬৫ চনত প্ৰয়াগৰাজৰ উৰুৱাৰ এখন ৰাজহুৱা সভাত কয়। নেহৰুৰ মৃত্যুৰ পাছত শাস্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ কিছুসময়ৰ পাছতে ভাৰতক পাকিস্তানে আক্ৰমণ কৰে। একে সময়তে দেশত খাদ্য শস্যৰ অভাৱ ঘটিছিল।
-
জলদস্যুৰূপে মহিলা
যদিও ইতিহাসত জলদস্যুৰ অধিকাংশই পুৰুষ, মহিলা জলদস্যুৰ প্ৰায় এশটামান জনা-শুনা উদাহৰণ আছে আৰু ইয়াৰে প্ৰায় চল্লিশজন “জলদস্যুৰ সোণালী যুগ’’ত সক্ৰিয় আছিল। কিছুমান মহিলা জলদস্যু কেপ্তেইন আৰু কিছুমানে এটা অঞ্চলৰ সমগ্ৰ জলদস্যুগিৰিৰ নেতৃত্ব বহন কৰি আহিছে।
-
জাগো গ্ৰাহক জাগো
জাগো গ্ৰাহক জাগো ভাৰতৰ চৰকাৰৰ গ্ৰাহক-মন্ত্ৰ্যালয়ে ২০০৫ চনত আৰম্ভ কৰা এক গ্ৰাহক সজাগতা কাৰ্যসূচী। এই আঁচনিৰ অধীনত গ্ৰাহকৰ অধিকাৰ সন্দৰ্ভত সজাগতা বিয়পাই দিয়াৰ লগতে ব্যৱসায়ীসকলৰ অসৎ কাম-কাজৰ অন্ত পেলাবলৈ বিভিন্ন মাধ্যমত সৃষ্টি কৰা হৈছিল।
-
জাপানী কাপোৰ
জাপানত সাধাৰণতে দুইপ্ৰকাৰৰ কাপোৰ পিন্ধা হয়: জাপানৰ পৰম্পৰাগত কাপোৰ ৱাফুকু (和服, wafuku) আৰু পশ্চিমীয়া কাপোৰ (洋服, yōfuku)। জাতীয় সাজ কিমোনো হৈছে ৱাফুকু(和服, wafuku) আৰু জাপানৰ পৰম্পৰাগত সাজ-পোছাক হিচাপে স্বীকৃতি নোপোৱা বাকী সকলো ধৰণৰ পশ্চিমীয়া কাপোৰক ইৱফুকু (洋服, yōfuku) বুলি ধৰা হয়।
-
জাপানী ড্ৰেগন
জাপানী ড্ৰেগন(Japanese Dragon) হৈছে জাপানী পৌৰাণিক কাহিনী আৰু লোককথাৰ বৈচিত্ৰ্যময় কিংবদন্তি জীৱ। জাপানী ড্ৰেগনৰ জনশ্ৰুতিসমূহে থলুৱা কিংবদন্তিক চীন, কোৰিয়া আৰু ভাৰত উপমহাদেশৰ ড্ৰেগন-সম্বন্ধীয় ড্ৰেগনৰ কাহিনীৰ সৈতে একত্ৰিত কৰে।
-
জাপোৰোজিয়ান কছাক
জাপোৰোজিয়ান কছাক বা জাপোৰিজিয়ান কছাক, যাক জাপোৰোজিয়ান কছাক বাহিনী বা জাপোৰোজিয়ান হোষ্ট বুলিও জনা যায়,এয়া হৈছে কছাকসকলৰ এটা জনগোষ্ঠীয়-সামৰিক সংগঠন আছিল। তেওঁলোকে দ্নিপ্ৰ'ৰ জলপ্ৰপাতৰ সিপাৰে, অৰ্থাৎ জলপ্ৰপাতৰ নিম্নপ্ৰৱাহ অঞ্চলত বাস কৰা এটা ইতিহাস প্ৰসিদ্ধ সামৰিক সংগঠন।
-
জামাতিয়া সম্প্ৰদায়
জামাতিয়া সম্প্ৰদায় ত্ৰিপুৰা ৰাজ্যৰ উপ-জনজাতি সমুহৰ ভিতৰত তৃতীয় বৃহৎ উপ জনজাতি। জামাতিয়া শব্দৰ মুল জামাত শব্দৰ অৰ্থ হল সংগ্ৰহ। পিছত তেওঁলোকে জামাতক জামাতিয়া লৈ নামাকৰণ কৰে। জামাতিয়া সম্প্ৰদায়ৰ লোক এতিয়াও নিজৰ সম্প্ৰদায়ৰ নিয়ম অনুসৰি একত্ৰিত হৈ থাকে।
-
জাম্বলয়া
জাম্বলয়া হৈছে আমেৰিকাৰ লুইজিয়ানা ৰাজ্যত বিকশিত হোৱা এক টেঙা চাউলৰ খাদ্য। এই খাদ্য মূলতঃ মাংস আৰু সাগৰীয় খাদ্যৰ লগত চাউল আৰু মছলাৰ সৈতে মিহলি কৰা শাক-পাচলিৰে গঠিত। এই খাদ্যত আফ্ৰিকা, স্পেইন আৰু ফৰাচীৰ মিশ্ৰিত প্ৰভাৱ দেখা যায়।
-
জাৰ্মান শ্বেফাৰ্ড
জাৰ্মান শ্বেফাৰ্ড (German Shepherd) হৈছে জাৰ্মানীত উৎপন্ন হোৱা মধ্যমৰ পৰা ডাঙৰ আকাৰৰ কৰ্মৰত কুকুৰৰ এটা প্ৰজাতি। এফ চি আইৰ মতে, প্ৰজাতিটোৰ ইংৰাজী ভাষাৰ নাম জাৰ্মান শ্বেফৰ্ড।
-
জিএছপি
জিএছপিএছপি অৰ্থাৎ গণ সুৰক্ষা পাৰ্টি। কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱা নৱকুমাৰ শৰণীয়াই২০১৯ চনত দলটো গঠন কৰিছিল। তেওঁৰ প্ৰধান বিষয়বস্তু আছিল বিটিচিত অবড়োৰ ওপৰত হোৱা অন্যায় বন্ধ কৰি তেওঁলোকক সুৰক্ষা প্ৰদান কৰা। কিন্তু বিটিচি বিটিআৰলৈ ৰূপান্তৰ হোৱাত জিএছপিৰ গুৰুত্ব কমি আহে।