ডুব্ন’ দুৰ্গ (Dubno Castle, ইউক্ৰেনিয়ান: Дубенський замок, ৰোমান: Dubens'kyi zamok; প’লিছ: Zamek w Dubnie) হৈছে ইউক্ৰেইনৰ এটা প্ৰাচীন দুৰ্গ।১ ১৪৯২ শকত ৰাজকুমাৰ কনষ্টাণ্টি অষ্ট্ৰ’স্কিয়ে ভলহিনিয়াৰ প্ৰাচীন ৰুথেনিয়ান দুৰ্গ, ডুব্ন’ৰ ওচৰতে ইকুৱা নদীৰ ওপৰেৰে দেখা পোৱাকৈ ডুব্ন’ দুৰ্গ প্ৰতিষ্ঠা কৰিছিল।২
লিথুৱানিয়াৰ শাসনকালত, ১৬শ শতিকাৰ আৰম্ভণিতে অষ্ট্ৰ’স্কি দুৰ্গটো শিলেৰে পুনৰ নিৰ্মাণ কৰা হৈছিল। চহৰখন তেতিয়া লিথুৱানিয়াৰ গ্ৰেণ্ড ডাচিৰ অন্তৰ্ভুক্ত আছিল। দুৰ্গটোত এটা গীৰ্জা, দুমহলীয়া এটা ৰাজপ্ৰসাদ আৰু সুশৃংখলাবদ্ধতাৰে সজোৱা তেসত্তৰটা কামানৰ এটা চিত্তাকৰ্ষক সমষ্টি আছিল। অষ্ট্ৰ’স্কি পৰিয়ালৰ ৰাজকোষটোও ইয়াতে সংৰক্ষিত কৰা হৈছিল। এই বিপুল সম্পদৰ বাবেই লুটপাটত অভ্যস্ত ক্ৰিমিয়েন তাতাৰসকলে কেইবাবাৰো দুৰ্গটো আক্ৰমণ কৰিছিল; ১৫৭৭ চনত তেওঁলোক অন্ততঃ দুবাৰ ইয়ালৈ আহিছিল।
অষ্ট্ৰ’স্কি পৰিয়ালৰ শেষৰজন সদস্য ৰাজকুমাৰ য়ানুচ অষ্ট্ৰ’স্কিয়ে ১৭শ শতিকাৰ আৰম্ভণিতে দুৰ্গটোৰ ব্যাপক সংস্কাৰৰ উদ্যোগ লয়। তেওঁ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইটালীয় শৈলী ব্যৱহাৰ কৰি ডুব্ন’ক অঞ্চলটোৰ সবাতোকৈ উন্নত দুৰ্গসমূহৰ ভিতৰত অন্যতম ৰূপে প্ৰতিষ্ঠা কৰিছিল। ৰাজকুমাৰ য়ানুচৰ ৰাজপ্ৰসাদটো আজিও ডুব্ন’ত জিলিকি আছে।
খমেলনিতস্কি বিদ্ৰোহৰ সময়ত ডুব্ন’ দুৰ্গৰ ওচৰৰ অঞ্চলটো পোলেণ্ডৰ সৈন্য আৰু কচাকসকলৰ মাজত হোৱা তীব্ৰতৰ যুদ্ধৰ অন্যতম ক্ষেত্ৰ আছিল। নিকোলাই গ’গ’লে তেওঁৰ উপন্যাসিকা Taras Bulbaত (১৮৩৫) এই যুদ্ধৰ কিছু বৰ্ণনা কৰিছে। অষ্ট্ৰ’ৰ উত্তৰাধিকাৰৰ অংশ ৰূপে দুৰ্গটো পোলেণ্ডৰ ৰাজকুমাৰ ব্লাডিস্লাভ ডমিনিক জাচ্লাভস্কিৰ (Władysław Dominik Zasławski) হাতলৈ যায় আৰু ১৬৬০ চনত ই ৰাছিয়ানসকলৰ অৱৰোধ প্ৰতিহত কৰিবলৈ সক্ষম হয়।
১৮শ শতিকাত ডুব্ন’ দুৰ্গই বহুখিনি সামৰিক গুৰুত্ব হেৰুৱায়। দুৰ্গৰ কিছু প্ৰতিৰক্ষা ব্যৱস্থাৰ ঠাইত দুমহলীয়া এক আয়তাকাৰ ৰাজপ্ৰসাদ গঢ় লৈ উঠিল। ৰাজকুমাৰ ষ্টানিস্লাভ লুব’মিৰস্কিয়ে ১৭৮০ শকত স্থপতিবিদ হেনৰিক ইট্টাৰ আৰু ডমেনিক’ মাৰলিনিক এই প্ৰাসাদটো সজাৰ দায়িত্ব দিয়ে। অৱশ্যে প্ৰথম বিশ্বযুদ্ধত ৰাজপ্ৰসাদটোৰ আভ্যন্তৰীণ সজ্জা আৰু বিন্যাস ধ্বংস পায়।৩
১৮৭১ শকত লুব’মিৰস্কি পৰিয়ালে তেওঁলোকৰ বাসভৱনটো ৰাজকুমাৰী ব’ৰিয়াটিনস্কিক বিক্ৰী কৰাৰ পিছত দুৰ্গটো পুনৰ্নিমাণৰ তথা পুনৰ উদ্ধাৰৰ এক নতুন পৰ্যায় আৰম্ভ হয়। ইয়াত সীমান্ত প্ৰতিৰক্ষা বাহিনীৰ এটা উল্লেখযোগ্য সামৰিক ছাউনী আছিল। ১৯২০ৰ দশকত পুৰণি সুদৃঢ় আউটপ’ষ্ট বা সেনা বেৰেকটো (barbican) এটা কাৰাগাৰলৈ ৰূপান্তৰ কৰা হয়, য’ত এনকেভিডিয়ে (NKVD) ১৯৪১ চনত ৫৫০ জন ৰাজনৈতিক বন্দীক ফাঁচী দিছিল।
তথ্যসূত্ৰ
- Памятники градостроительства и архитектуры Украинской ССР. В 4-х томах. Гл. редкол.: Н. Л. Жариков. -К.: Будівельник, 1983–1986. Том 3, с. 301.
তথ্যসূত্ৰ
- ↑ (2020). Dubno is a prince capital of Volyhn. en.rivne.travel
- ↑ Дубенська міська рада. dubno-adm.gov.ua
- ↑ Dubno. Imternate Encyclopedia of Ukraine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডুব্ন’ দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬২৯৩৩২ (২০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।