সামগ্ৰী
৩৪ প্ৰবন্ধ
-
কিতাপ
এক ভৌতিক বস্তু ৰূপে, লিখিত বা মুদ্ৰিত পৃষ্ঠাৰ সংগ্ৰহক কিতাপ বা গ্ৰন্থ (Book) বোলা হয়। এখন কিতাপ সাধাৰণতে আয়তাকাৰ পৃষ্ঠাৰ সংগ্ৰহ যি কাগজ, সাঁচিপাত, পাপাইৰাচ, চৰ্মপত্ৰ বা ভোজপত্ৰৰে নিৰ্মাণ কৰা হয় আৰু ইয়াক এফালে (সোঁফালে বা বাওঁফালে) বন্ধোৱা হয় বা চিলোৱা হয় বা আন মাধ্যমেৰে এক প্ৰকাৰৰে…
-
কণ্ডম
কণ্ডম (Condom) হৈছে নুফুলোৱা বেলুনৰ দৰে এক বিশেষ নমনীয় সামগ্ৰী। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা গৰ্ভধাৰণ ৰোধ বা যৌনৰোগ আদিৰ সংক্ৰমণ ৰোধ কৰা হয়। কণ্ডম সাধাৰণতে পুৰুষ মহিলা উভয়ৰ বাবে উপলব্ধ পুৰুষৰ কণ্ডম, পুৰুষৰ উত্থিত পুৰুষাংগত পৰিধান কৰা হয়। ৰতিঃস্খলনৰ পিছত কণ্ডমে যৌনসংগীৰ শৰীৰত বীৰ্য প্ৰৱেশত বাধা দিয়ে।
-
প্লাষ্টিক
প্লাষ্টিক বহুযোগী যৌগৰে গঠিত 'পদাৰ্থ'ৰ বাবে ব্যৱহাৰ কৰা এটা সামগ্ৰিক পৰিভাষা। গুণৱত্তা সলনি কৰিবলৈ বা খৰচ কমাবলৈ আন পদাৰ্থ যোগ দিয়া হ'ব পাৰে। টোকা ১: প্লাষ্টিক শব্দটোৱে খেলিমেলিৰ সৃষ্টি কৰিব পাৰে বাবে ব্যৱহাৰৰ বাবে অনুমোদিত নহয়। তাতকৈ 'পলিমাৰ' (বহুযোগী যৌগ) শব্দটোহে অনুমোদিত।
-
কলপাত
কলপাত হৈছে কলগছৰ পাত। অসমত কলপাতক কলাপাত বুলিও কোৱা হয়। এজোপা কলগছে ইয়াৰ জীৱন কালত প্ৰায় ৪০খিলা পৰ্যন্ত পাত মেলে। পাতবোৰ যথেষ্ট দীঘলীয়া আৰু বহল। লগতে ই নমনীয় আৰু পানীত নিভিজে বাবে ইয়াৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। ৰন্ধন কাৰ্য, বস্তু বন্ধা, খাদ্য ৰখা, বস্তু ঢকা ইত্যাদি কামত কলপাতৰ ব্যৱহাৰ হয়।
-
বাৰুদ
বাৰুদ বা গানপাউদাৰ (Gunpowder) হৈছে ৰাসায়নিক বিস্ফোৰক। ইয়াক ছালফাৰ (S), এঙ্গাৰ (C) আৰু যখাৰ (পটাছিয়াম নাইট্ৰেট, KNO3)-ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ছালফাৰ আৰু এঙ্গাৰে ইন্ধন বা প্ৰজ্বালক হিচাপে কাম কৰে, আনহাতে যখাৰে জাৰক ৰূপে কাম কৰে।
-
মুকুতা
মুকুতা (Pearl) এবিধ মূল্যবান ৰত্ন। অতীজত ৰজা, মহাৰজাসকলে মুকুতাৰ মালা পিন্ধিছিল, তৰোৱাল, ৰাজমুকুট আদিত লগাই লৈছিল। এই মূল্যবান ৰত্নবিধৰ উৎপত্তি কিন্তু সাগৰীয় শামুকৰ দেহতহে। মুকুতাৰ ৰঙ সাধাৰণতে শামুক বাস কৰা পানীৰ তাপ, গভীৰতা আৰু পানীৰ নিমখীয়া গুনৰ ওপৰত নিৰ্ভৰ কৰে।
-
কহিনুৰ
কহিনুৰ এক বিখ্যাত, ঐতিহাসিক হীৰা। বৰ্তমান ২১.১২ গ্ৰাম (১০৫ কেৰেট) ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা হিচাপে স্বীকৃতি লাভ কৰিছিল। কহিনুৰক প্ৰথমে কʼত পোৱা গৈছিল,সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহাসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায়।
-
হেঙুল আৰু হাইতাল
হেঙুল আৰু হাইতাল অসমত অতীজৰে পৰা ব্যৱহৃত দুবিধ প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ। অসমীয়া সংস্কৃতিৰ লগত হেঙুল আৰু হাইতাল বিশেষভাৱে জড়িত। হেঙুলৰ ৰং ৰঙা আৰু হাইতালৰ ৰং হালধীয়া। সাধাৰণতে খনিৰ পৰা বিশেষ উপায়েৰে শোধিত কৰি হেঙুল হাইতাল ব্যৱহাৰ কৰা হয়। সত্ৰীয়া সংস্কৃতিত এই দুয়ো ৰঞ্জকৰ গুৰুত্ব অপৰিসীম।
-
চেনিটেৰী পেড
চেনিটেৰী নেপকিন, চেনিটেৰী টাৱেল, চেনিটেৰী পেড, মাহেকীয়াৰ পেড, বা পেড মহিলাই অন্তৰ্বাসৰ তলত পৰিধান কৰা এক শোষক সামগ্ৰী। মাহেকীয়া ঋতুস্ৰাৱ, সন্তান জন্মৰ পাছৰ স্ৰাৱ, স্ত্ৰীৰোগৰ অস্ত্ৰোপচাৰৰ পাছত, গৰ্ভপাতৰ পাছত বা যোনিৰ পৰা ওলোৱা তেজ শোষণ কৰিবলগীয়া যিকোনো পৰিস্থিতিত ইয়াক ব্যৱহাৰ কৰা হয়।
-
বিজুলী বাতি
বিজুলী বাতি বা বৈদ্যুতিক বাল্ব হৈছে এক পোহৰৰ উৎস য'ত ফিলামেণ্টৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ যোৱাৰ ফলত গৰম হৈ পোহৰৰ সৃষ্টি কৰে। গৰম ফিলামেণ্টডাল জ্বলি যোৱাৰ পৰা বচাবলৈ বায়ু শূন্য বা সম্ভ্ৰান্ত গেছেৰে পৰিপূ্ৰ্ণ কাঁচ বা কোৱাটৰ্জেৰে তৈয়াৰী পাত্ৰৰ ভিতৰত ৰখা হয়।
-
পীৰা
পীৰাৰ ( Peera) অসমীয়া সমাজব্যৱস্থাত অতীজৰে পৰাই বহুল ব্যৱহাৰ দেখিবলৈ পোৱা যায়। ইয়াক বহা আসন হিচাপে ব্যৱহাৰ কৰা হয়। এচলা গোটা কাঠৰ পৰাই কাটি-চাঁচি, অথবা চাৰিটা খুৰা লগাই পীৰা সজোৱা হয়। সেই পীৰাৰে আধুনিক সংস্কৰণ হৈছে- টুল (stool)।
-
ফেৱিক'ল
ফেৱিক'ল হৈছে ভাৰতীয় কোম্পানী পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেদৰ দ্বাৰা উৎপাদিত আঠাৰ এটা ব্ৰেণ্ড।
-
বৰমালা
বৰমালা বা জয়মালা (Varmala) ভাৰতীয় উপমহাদেশৰ বিশেষকৈ হিন্দু সংস্কৃতিৰ জনপ্ৰিয় বিবাহ অনুষ্ঠানৰ প্ৰতীক বিবাহৰ মালা। আঞ্চলিক পৰম্পৰা অনুসৰি বৰমালা ফুল আৰু বিভিন্ন সামগ্ৰীৰে তৈয়াৰ কৰা হয়।
-
গ্ৰন্থচিহ্ন
গ্ৰন্থচিহ্ন বা বুকমাৰ্ক (Bookmark) হৈছে গ্ৰন্থ এখনৰ পৃষ্ঠা চিহ্নিত কৰিবলৈ ব্যৱহাৰ কৰা চামৰা, কাৰ্ড বা আন সামগ্ৰীৰ পটি। পঢ়ুৱৈৰ পঢ়ন-প্ৰগতিৰ হিচাপ ৰাখিবৰ বাবে আৰু এৰি থৈ যোৱা পৃষ্ঠাটো কম সময়ৰ ভিতৰতে বিচাৰি চাবৰ বাবে গ্ৰন্থচিহ্ন ব্যৱহৃত হয়।
-
নীলাভিলাক্কু
নীলাভিলাক্কু বা কুথুভিলাক্কু (Nilavilakku) দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুত প্ৰচলিত পাৰম্পৰিক ঐতিহ্যবাহী চাকি বা প্ৰদীপ। ইয়াক কেৰালাত নীলাভিলাক্কু আৰু তামিলনাডুত কুথুভিলাক্কু বুলি কোৱা হয়। পৰম্পৰাগত চাকিবিধ প্ৰতিটো শুভ অনুষ্ঠানৰ আৰম্ভণিত জ্বলোৱা হয়।
-
শীতল পাটি
শীতল পাটি (Shital Pati) ধাৰি সদৃশ মজিয়াত পাৰি বহা আসন। পাটি বেত (Schumannianthus dichotomus) নামৰ এবিধ গুল্মজাতীয় উদ্ভিদৰ বাকলিৰে এই পাটি তৈয়াৰ কৰা হয়। হস্তশিল্প হিচাপে ইয়াৰ যথেষ্ট আদৰ। চহৰত ইয়াক ঘৰ সজোৱা সামগ্ৰী আৰু গাঁৱত বহা আসন বা বিছনা চাদৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়।
-
হুণ্ডি
হুণ্ডি হৈছে ভাৰতীয় মন্দিৰত ভক্তৰ পৰা নগদ ধন সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা দানৰ বাকচ বা দানপাত্ৰ। ২০১৬ চনত উচ্চ মূল্যৰ ভাৰতীয় বেংকনোটৰ বিমুদ্ৰাকৰণৰ সময়ত বন্ধ কৰা ৫০০ আৰু ১০০০ টকীয়া নোটসমূহ হুণ্ডিত লুকুৱাই ৰখা হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ পাইছিল, য’ত নিৰীক্ষণ ইমান কঠোৰ নহয়।
-
কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰ
কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰক তামিলনাডুৰ কইম্বাটুৰত নিৰ্মিত তিতা খাদ্য বটা যন্ত্ৰক বুজায়। ২০০৫–০৬ চনত ভাৰত চৰকাৰে ইয়াক ভৌগোলিক ইংগিত হিচাপে স্বীকৃতি দিছে। ২০১৫ চনৰ হিচাপত কইম্বাটুৰত ৭০০ৰো অধিক ৱেট গ্ৰাইণ্ডাৰ নিৰ্মাতা আছে আৰু ভাৰতত প্ৰতি এক লাখ উৎপাদনৰ বিপৰীতে ইয়াৰ মাহেকীয়া উৎপাদন ৭৫,০০০ ইউনিট।
-
কাৰ্বন পেপাৰ
কাৰ্বন পেপাৰ বা কাৰ্বনিক পেপাৰৰ (Carbon paper) আৱিষ্কাৰ হৈছিল কোনো লিখনিৰ প্ৰতিলিপি বাৰে বাৰে কৰি থাকিব লগা হোৱাটো কিছু অসুবিধাজনক অৱস্থাৰ পৰা হাত সাৰিবলৈ কৰা চিন্তাৰ ফলতেই। বৰ্তমান অৱশ্যে মানুহে কাৰ্বন পেপাৰক চমুৱাই কেৱল কাৰ্বন বুলিয়েই কয়।
-
চক
চক কোমল, বগা, ছিদ্ৰযুক্ত, পলসুৱা কাৰ্বনেট শিল। ই খনিজ কেলচাইটৰ দ্বাৰা গঠিত চূণশিল(Limestone)ৰ এটা প্ৰকাৰ আৰু প্ৰথমে সাগৰৰ তলত থিতাপি লোৱা অণুবীক্ষণিক প্লাংকটনৰ সংকোচনৰ ফলত সাগৰৰ তলৰ গভীৰতাত গঠিত হয়।
-
চিলাই বেজী
চিলাই বেজী (Sewing needle) হৈছে হাতেৰে চিলাই কৰাৰ বাবে ব্যৱহাৰ কৰা এটা দীঘল চিকুণ সঁজুলি, যাৰ এটা মূৰত জোঙা আগ আৰু চিলাইৰ সূতা ধৰি ৰাখিবলৈ গুৰিৰ ফালে ফুটা (বা চকু) থাকে।
-
জাজিম
জাজিমক জেলিম বা জাজিম-বাফি বুলিও লিখা হয়, ই হৈছে ইৰাণৰ বেছিভাগ গাঁও আৰু গ্ৰাম্য অঞ্চলত সৃষ্টি আৰু ব্যৱহাৰ কৰা ৰঙীন প্ৰাকৃতিক আঁহৰদ্বাৰা তৈয়াৰী হাতেৰে নিৰ্মিত, সমতল বোৱা বস্ত্ৰ। জাজিম আজাৰবাইজান, তুৰস্ক, ভাৰত আদি ঠাইত পোৱা যায়।
-
জুট্টি
জুতি বা জুট্টি (Jutti) উত্তৰ ভাৰত, পাকিস্তান, আৰু চুবুৰীয়া অঞ্চলত জুট্টি এক প্ৰকাৰৰ জোতা। পৰম্পৰাগতভাৱে প্ৰকৃত সোণ আৰু ৰূপৰ সূতাৰে এম্ব্ৰয়ডাৰী কৰা চামৰাৰে তৈয়াৰী। ই ৪০০ বছৰতকৈও অধিক পূৰ্বতে উপমহাদেশৰ ৰজাঘৰৰ পৰা অনুপ্ৰাণিত হৈছিল।
-
টিছু পেপাৰ
টিছু পেপাৰ বা কেৱল টিছু লঘু কাগজ বা লঘু ক্ৰেপ পেপাৰ। কাগজৰ মেচিনত পুনঃব্যৱহৃত কাগজৰ পাল্পৰ পৰা টিছু তৈয়াৰ কৰিব পাৰি। টিছু পেপাৰৰ ব্যৱহাৰ অতি বহুমুখী, আৰু এই উদ্দেশ্যসমূহৰ বাবে বিভিন্ন ধৰণৰ টিছু তৈয়াৰ কৰা হয়, যিবোৰ হ’ল, স্বাস্থ্যসন্মত টিছু পেপাৰ, মুখৰ টিছু, পেপাৰ টাৱেল আৰু অন্যান্য (কেতিয়াবা…
-
ট্ৰাছিং বেজী
ট্ৰাছিং বেজী হৈছে ২০ ছেমি দীঘল আৰু ৩ মিমি ব্যাসৰ এটা বেজী, যিটো পোহনীয়া চৰাইৰ মাংস যেনে হাঁহ, কুকুৰা আৰু টাৰ্কিৰ মাংস ৰান্ধিবলৈ মাংস চিলাবলৈ ব্যবহাৰ কৰা হয়৷ এইটো এইকাৰণেই কৰা হয়, যাতে মাংসখিনি ভালকৈ ধৰি সেকিব পৰা যায় আৰু ইয়াৰ আকাৰ ঠিকে থাকে৷ ট্ৰাছিং বেজীৰে পৰম্পৰাগত পোহনীয়া হাঁহ, কুকুৰা বা…
-
দোৱাত
দোৱাত বা সহজকৈ বুজিবলৈ চিয়াঁহীৰ বটল হৈছে প্ৰায়ে কাঁচ, চীনামাটি, ৰূপ, পিতল বা পিউটাৰৰপৰা তৈয়াৰী সৰু জাৰ বা পাত্ৰ, যিটো লিখি থকা ব্যক্তিজনৰ ব্যৱহাৰৰ বাবে সুবিধাজনক ঠাইত চিয়াঁহী ৰখাৰ বাবে ব্যৱহাৰ কৰা হয়।
-
পেঞ্চিল
পেঞ্চিল (pencil) হৈছে এটা সুৰক্ষামূলক আৱৰণৰ কেন্দ্ৰ অংশত কঠিন ৰঞ্জক পদাৰ্থ থকা লিখা বা অংকন সঁজুলি। পেঞ্চিলে ভৌতিক ঘৰ্ষণৰ দ্বাৰা চিন সৃষ্টি কৰে। ব্যৱহাৰৰ সময়ত হাতৰ হেঁচাত কেন্দ্ৰ অংশৰ কঠিন ৰঞ্জক পদাৰ্থৰ এক পাতল আৱৰণ কাগজ বা অন্যকোনো পৃষ্ঠত আঠা লাগি ধৰে।
-
ভেনিছিয়ান ব্লাইণ্ড
ভেনিছিয়ান ব্লাইণ্ড(Venetian Blind) এবিধ পৰ্দা৷ আজিকালি বিভিন্ন আধুনিক কাৰ্যালয়,ভৱন আদিত পাতল ধাতু,ভিনাইল বা প্লাষ্টিকৰ দীঘল আৰু পাতল কিছুমান পাট বা আচ্ছাদনেৰে নিৰ্মিত এবিধ পৰ্দা দেখা যায়৷ এই পৰ্দাবিধৰ নাম ভেনিছিয়ান ব্লাইণ্ড৷
-
ভেলক্ৰ'
ভেলক্ৰ (velcro) শব্দটো দুটা ফৰাচী শব্দ "Velours" (অৰ্থ - ভেলভেট) আৰু "Crocne" (অৰ্থ - ধৰি ৰখা) পৰা আহিছে। ১৯৪১ চনত ছুইছ অভিযন্তা জৰ্জ ডি মেষ্ট্ৰালে (George de Mestral) এই পদ্ধতি আবিষ্কাৰ কৰিছিল আৰু ১৯৫৫চনত তেওঁ ভেলক্ৰৰ পেটেণ্ট কৰিছিল।
-
মহীশূৰ চন্দন তেল
মহীশূৰ চন্দন তেল ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ জিলাৰ চান্টালুম এলবাম জাতৰ চন্দন কাঠৰ পৰা আহৰণ কৰা ট্ৰেডমাৰ্কযুক্ত সুগন্ধি তেল।