সময়ৰ একক
১৪ প্ৰবন্ধ
-
বছৰ
বছৰ বুলি ক’লে সাধাৰণতে সূৰ্যৰ কক্ষপথত পৃথিৱীয়ে প্ৰদক্ষিণ কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়। বিভিন্ন সূত্ৰত মতে এই সময় ৩৬৫.২৪ আৰু ৩৬৫.২৬ মাজত সীমাবদ্ধ। অতি সাধাৰণ ভাৱে ক’লে ৩৬৫ দিনৰ পৃথিৱীৰ এই পৰিভ্ৰমণ কালকেই এটা বছৰ বোলা হয়।
-
অধিবৰ্ষ
অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে পঞ্জিকাৰ এটা অতিৰিক্ত দিন যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিন ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড সময়…
-
দিন
দিন (Day) হ’ল সময় নিৰূপণৰ এক একক। সূৰ্য্যৰ সাপেক্ষে পৃথিৱীৰ এটা সম্পূৰ্ণ ঘূৰ্ণনৰ সময়ছোৱাক দিন বোলে। গড়ে ২৪ ঘণ্টা (৮৬,৪০০ ছেকেণ্ড)। দিন এটা পাৰ হৈ যোৱাৰ লগে লগে এটা নিৰ্দিষ্ট স্থানে ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া আৰু ৰাতিৰ অভিজ্ঞতা লাভ কৰে।
-
মাহ
মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।
-
ছেকেণ্ড
ছেকেণ্ড (s) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত সময়ৰ একক। ঘণ্টাক ৬০ ৰে দুবাৰ হৰণ কৰিলে ছেকেণ্ড পোৱা যায়। এছ আইৰ মতে ছেকেণ্ডৰ সংজ্ঞা হৈছে, চিজিয়াম ১৩৩ পৰমাণুৰ নিম্নতম অৱস্থা (ground state)ৰ দুটা hyperfine স্তৰৰ মাজত হোৱা নিৰ্গমণৰ ৯১৯২৬৩১৭৭০ স্পন্দনৰ (period) সময় ("the duration of 9 192 631 770 periods…
-
বুধবাৰ
বুধবাৰ হৈছে সপ্তাহৰ এটা দিন, যিটো মঙ্গলবাৰৰ পিছত আৰু বৃহস্পতিবাৰৰ আগত থাকে। আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি ই সপ্তাহৰ তৃতীয় দিন। ভাৰতীয় পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি এইটো সপ্তাহৰ চতুৰ্থ দিন। বুধ বুলি বুধ গ্ৰহক বুজোৱা হয়, যি দেৱী সোমাৰ পুত্ৰ বুলি ধৰা হয়।
-
শুক্ৰবাৰ
শুক্ৰ বাৰ বা শুকুৰবাৰ হৈছে ভাৰতীয় কেলেণ্ডাৰ অনুসৰি সপ্তাহৰ ষষ্ঠ দিন। বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটোৱেই হ'ল শুক্ৰবাৰ। চৌদি আৰব আৰু ইৰানত, শুক্ৰবাৰ হৈছে সপ্তাহৰ শেষ দিন, আৰু শনিবাৰ হৈছে নতুন কৰ্মদিৱস। ইৰানত, এইটো একমাত্ৰ সাপ্তাহিক বন্ধৰ দিন।
-
দেওবাৰ
দেওবাৰ সপ্তাহৰ এটা দিন। ইয়াৰ স্থান শনিবাৰৰ পিছত আৰু সোমবাৰৰ আগত। ইহুদী ধৰ্মীয় পঞ্জিকা অনুসৰি আৰু কিছুমান খ্ৰীষ্টান সম্প্ৰদায়ৰ মতে ই সপ্তাহৰ প্ৰথম দিন। বেছিভাগ খ্ৰীষ্টানৰ বাবে দেওবাৰক উপাসনা আৰু বিশ্ৰামৰ দিন হিচাপে পালন কৰা হয়। পশ্চিমীয়া বহু দেশত দেওবাৰক সপ্তাহৰ শেষ দিন বুলি গণ্য কৰা হয়।
-
সপ্তাহ
সপ্তাহ হৈছে সময়ৰ এটা একক। সাত দিনে এক সপ্তাহ হয়। উক্ত সাতদিন হ'ল: দেওবাৰ বা ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ বা মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ বা শুকুৰবাৰ শনিবাৰ
-
সোমবাৰ
সোমবাৰ সপ্তাহৰ এটা দিন৷ দেওবাৰৰ পিছৰ আৰু মঙ্গলবাৰৰ আগৰ দিনটো হ'ল সোমবাৰ৷ খ্ৰীষ্টান কেলেণ্ডাৰ অনুসৰি সোমবাৰটো সপ্তাহৰ প্ৰথম দিন৷ অৱশ্যে ভাৰতত সোমবাৰটোক সপ্তাহৰ দ্বিতীয় দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ মতে সোমবাৰটো ভগৱান শিৱৰ প্ৰিয় বাৰ।
-
শনিবাৰ
শনিবাৰ সপ্তাহৰ এটা দিন, যিটো শুক্ৰবাৰৰ পিছত আৰু দেওবাৰৰ আগতে আহে৷ বৈদিক দেৱতা শনিৰ নামেৰে এই বাৰৰ নামকৰণ কৰা হৈছে। আনহাতে থাইলেণ্ডৰ থাই সৌৰ কেলেণ্ডাৰত শনি শব্দটো পালি ভাষাৰ শনি শব্দৰ পৰা লোৱা হৈছে আৰু শনিবাৰৰ প্ৰতীকী ৰং বেঙুনীয়া বুলি নিৰ্দ্ধাৰণ কৰা হৈছে।
-
বৃহস্পতিবাৰ
বৃহস্পতিবাৰ সপ্তাহৰ এটা দিন, যিটো বুধবাৰৰ পিছত আৰু শুক্ৰবাৰৰ আগত হয়। ভাৰতত প্ৰচলিত কেলেণ্ডাৰ অনুসৰি ই সপ্তাহটোৰ পঞ্চম দিন৷ এই বাৰৰ নাম বৃহস্পতি গ্ৰহৰ নামেৰে ৰখা হৈছে।
-
মঙ্গলবাৰ
মঙ্গলবাৰ হৈছে সোমবাৰ আৰু বুধবাৰৰ মাজৰ দিন। আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি, সোমবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন; সেই অনুসৰি মঙ্গলবাৰ হৈছে সপ্তাহৰ দ্বিতীয় দিন। যদিও বহু পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি দেওবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন, সেয়া অনুসৰি মঙ্গলবাৰ হৈছে তৃতীয় দিন।
-
হিন্দু পদ্ধতিত সময়ৰ একক
হিন্দু গ্ৰন্থসমূহত হিন্দু সময়ৰ এককসমূহ মাইক্ৰ’ছেকেণ্ডৰ পৰা ত্ৰিলিয়ন বছৰলৈকে বৰ্ণনা কৰা হৈছে, যাৰ ভিতৰত আছে হিন্দু ব্ৰহ্মাণ্ডবিজ্ঞান সাধাৰণ ঘটনাসমূহৰ পুনৰাবৃত্তি কৰা মহাজাগতিক সময়ৰ চক্ৰ। সময় (কাল) ক চিৰন্তন বুলি বৰ্ণনা কৰা হয়।