ডান্স বাৰ হৈছে ভাৰতৰ মহিলা সকলে নৃত্য কৰা বাৰবোৰক অৰ্থাৎ পানীয় বা জলপান পৰিৱেশন কৰা সৰু ৰেস্তোৰাঁ বুজাবলৈ ব্যৱহৃত এক শব্দ। ডান্স বাৰসমূহত তুলনামূলকভাৱে আবৃত সাজ পৰিধান কৰা মহিলাসকলে নৃত্যৰত ৰূপত নগদ ধনৰ বিনিময়ত পুৰুষ পৃষ্ঠপোষকৰ বাবে পানীয় আৰু অন্যান্য জলপান পৰিৱেশন কৰা এক প্ৰাপ্তবয়স্কসকলৰ মনোৰঞ্জন। আৰম্ভণিতে ডান্স বাৰ কেৱল মহাৰাষ্ট্ৰত সীমাবদ্ধ আছিল। কিন্তু পিছলৈ সমগ্ৰ দেশত বিশেষকৈ নগৰবোৰলৈ বিয়পি পৰিছিল। ডান্স বাৰবোৰ হৈছে বিচৰা অনুভৱৰ প্ৰয়োজনীয়তা পূৰণ কৰা কল্পনাৰ এক প্ৰেমমূলক পৃথিৱী।১
২০০৫ চনৰ আগষ্ট মাহত মহাৰাষ্ট্ৰ ৰাজ্যত ডান্স বাৰ নিষিদ্ধ কৰা হৈছিল।২ ৰাজ্য চৰকাৰৰ এই নিষিদ্ধকৰণৰ বিৰুদ্ধে বোম্বেৰ উচ্চ ন্যায়ালয়ৰত গোচৰ তৰা হৈছিল আৰু প্ৰথমবাৰৰ বাবে বোম্বে উচ্চ ন্যায়ালয়ে ২০০৬ চনৰ ১২ এপ্ৰিলত চৰকাৰৰ নিষিদ্ধকৰণ আইন বাতিল কৰিছিল। ২০১৩ চনৰ জুলাইত উচ্চতম ন্যায়ালয়ে বোম্বে উচ্চ ন্যায়ালয়ৰ এই ৰায় বজাই ৰাখিছিল।৩ মহাৰাষ্ট্ৰ চৰকাৰে ২০১৪ চনত অধ্যাদেশৰ দ্বাৰা পুনৰ ডান্স বাৰ নিষিদ্ধ কৰিছিল কিন্তু এইটোও ২০১৫ চনৰ অক্টোবৰত উচ্চতম ন্যায়ালয়ে "অসাংবিধানিক" বুলি বিচাৰি পাইছিল। ইয়াৰ ফলত মুম্বাইৰ ডান্স বাৰসমূহ পুনৰ খুলিবলৈ অনুমতি দিয়া হৈছিল।৪
ইতিহাস
১৯৮০ৰ দশকৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ খালাপুৰত প্ৰথমখন ডান্স বাৰ খোলা হৈছিল।৫ পুনে জিলাৰ হোটেল কপিলা ইণ্টাৰনেচনেল প্ৰথম ডান্স বাৰ আছিল।৬
বিৱৰণ
সাজ-পাৰ
ভাৰতত ডান্স বাৰসমূহত কৰা নৃত্য প্ৰাচ্য আৰু পাশ্চাত্য পৃথিৱীৰ কিছু অংশত কামুক নৃত্য আৰু নাইটক্লাব নৃত্যৰ পৰা স্পষ্টভাৱে পৃথক। এক প্ৰকাৰে ই মনোৰঞ্জন হিচাপে পৰিৱেশন কৰা বেলিডান্সিংৰ সৈতে অধিক সদৃশ। বাৰ গাৰ্ল বুলি জনাজাত নৃত্যশিল্পীসকলে সমগ্ৰ প্ৰদৰ্শনত যথেষ্ট আবৃত সাজ পিন্ধে।৭ তেওঁলোকৰ সাজপাৰত বেছি ভাগতে বুকুৰ অংশ ঢকা কিন্তু পেটৰ অংশ, পিঠি আৰু খালী বাহু প্ৰদৰ্শন কৰা ব্লাউজৰ পয়োভৰ দেখা যায়। সেয়েহে বাৰ নৃত্যৰ কামোদ্দীপক দিশটো বেছিভাগ পৰামৰ্শৰ জৰিয়তে প্ৰাপ্ত কৰা হয়। মহাৰাষ্ট্ৰত বাৰ নৃত্যশিল্পীৰ পোছাক প্ৰায়ে পাৰম্পৰিক ভাৰতীয় সাজ যেনে শাৰী বা লেহেঙ্গা-চোলি পিন্ধা দেখা যায়। আনহাতে আন কিছুমান ঠাই যেনে বেংগালুৰুত পশ্চিমীয়া পোছাকৰ ব্যৱহাৰ বেছি। ডান্স বাৰৰ নৃত্যবোৰ প্ৰায়ে মুজ্ৰা সৈতে তুলনা কৰা হয়। মুজ্ৰা পৰম্পৰাগতভাৱে মোগল যুগত তৱাইফে শাস্ত্ৰীয় ভাৰতীয় সংগীতৰ সৈতে নৃত্য কৰি পৰিৱেশন কৰিছিল।৮৯
নৃত্যশিল্পী সকলৰ নিয়মাৱলী
আপাত দৃষ্টিত ডান্স বাৰ সমূহ ক্ষতিকাৰক নহয়, কিন্তু সেই নিৰ্দিষ্ট স্থানত কৰা নৃত্য, য'ত সুৰা পৰিৱেশন কৰা হয় আৰু গ্ৰাহকসকলে মদ্যপান কৰি বহি থকা পৰিবেশৰ বাবে হয়। তাৰ পিছত গোটেই পৰিৱেশটো পুৰুষৰ বাবে ছোৱালীক জোকাবলৈ বা ছোৱালীক পতিতাবৃত্তিৰ বাবে জোৰ কৰাৰ বাবে অনুকূল হৈ পৰে।
— — মুম্বাইৰ উপ আৰক্ষী আয়ুক্ত, ২০০৬৮
বাৰ গাৰ্ল বুলি পৰিচিত বাৰৰ কৰ্তব্যৰত নৃত্যশিল্পী সকলে বলীউড১০ আৰু ইণ্ডিপপ গীতত ডান্স বাৰৰ বহাৰ ব্যৱস্থাৰ কেন্দ্ৰীয় কেন্দ্ৰবিন্দুত ৰঙীন ভাৱে জ্বলি লাইটেৰে সজ্জিত মঞ্চত নৃত্য কৰে। ১১ পৃষ্ঠপোষকসকলে কোঠাটোৰ দেৱালৰ বিপৰীতে শাৰী পাতি থকা চকীত বহি থাকে। ডান্স বাৰৰ নৃত্যত কোনো ধৰণৰ বিশেষ অংগী-ভংগী যুক্ত সাধাৰণ বলীউড নৃত্য দেখা নাযায়।১২ বেছিভাগ সময়ত বাৰ গাৰ্লসকলে সংগীতৰ সৈতে লাহে লাহে হালি-জালি নিজৰ শক্তি সংৰক্ষণ কৰে। তেওঁলোকে এজন পৃষ্ঠপোষক বিচাৰি তেওঁক আকৰ্ষণ কৰিব বিচাৰে বা পৃষ্ঠপোষকৰ দ্বাৰা আহ্বান কৰাৰ পিছত তেওঁলোকৰ নৃত্য আৰম্ভ কৰে। তাৰ পিছত তেওঁলোকে পৃষ্ঠপোষকৰ সন্মুখত নৃত্য কৰে, ক্ষণস্থায়ী চকুৰ সম্পৰ্ক স্থাপন কৰে, ইংগিত দিয়ে, বা সাধাৰণতে তেওঁলোকৰ লক্ষ্যপৃষ্ঠপোষকক "বিশেষ অনুভৱ" কৰায়। কিন্তু দুয়োজনৰ মাজত কোনো শাৰীৰিক সম্পৰ্কৰ অনুমতি নাই।১১ বাৰ নৃত্যশিল্পীসকলে প্ৰায়ে নৃত্যৰ মঞ্চৰ সীমাৰ ভিতৰত থাকে। পুৰুষ ৱেইটাৰসকলে পৃষ্ঠপোষক আৰু নৃত্যশিল্পীসকলৰ ওপৰত ঘূৰি থাকে যি ইজনে সিজনৰ অতি ওচৰলৈ যায়। দুয়োৰে মাজত লেনদেন তদাৰক কৰাৰ লগতে ধনৰ বিনিময়ত যৌন সম্পৰ্কৰ লেনদেন প্ৰতিহত কৰিবলৈ সাধাৰণতে এনে ব্যৱস্থা থাকে। পৃষ্ঠপোষকসকলে কেতিয়াবা বাৰ ছোৱালীসকলক নোটৰ ছটিয়াই পুৰস্কৃত কৰে আৰু ইয়াৰ ফলত সাধাৰণতে অধিক এক নাটকীয় নৃত্যৰ সৃষ্টি হয়।১২
আয়
ডান্স বাৰত পৃষ্ঠপোষকসকলে তেওঁৰ অনুকূল নৃত্যশিল্পীক নৃত্যৰত অৱস্থাত গালৈ নোট ছটিয়াই দিয়ে। তেওঁ হয় নামমাত্ৰ মূল্যৰ নগদ ধন (১০ বা ২০ টকাৰ নোট) হস্তান্তৰ কৰি বা 'আঁচোৰ মৰা' বুলি জনা জাত এক কাৰ্যৰ জৰিয়তে এনে কৰে। আঁচোৰ মৰা প্ৰক্ৰিয়াত তেওঁ তেওঁৰ পছন্দৰ নৃত্যশিল্পীৰ ওপৰত নোটৰ এফালে ধৰি ৰাখে আৰু নৃত্যশিল্পীৰ দেহৰ ওপৰত নোট ঘঁহি দিয়ে। কিছুমান ক্ষেত্ৰত তেওঁ আনকি নৃত্যশিল্পীগৰাকীক টকাৰ মালাও দিয়ে। উদাৰ, ধনী আৰু সম্ভৱতঃ নিচাগ্ৰস্ত পৃষ্ঠপোষকসকলৰ বাবে বহুতো বাৰ ডান্সাৰে এনেদৰে ৰাতি শ শ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। দিনটোৰ শেষত প্ৰতিজনী ছোৱালীৰ উপাৰ্জন গণনা কৰা হয় আৰু ডান্স বাৰ আৰু ছোৱালীবোৰৰ মাজত কিছু পূৰ্বনিৰ্ধাৰিত অনুপাতত বিভক্ত কৰা হয়। ডান্স বাৰবোৰে সুৰা আৰু জলপান বিক্ৰীৰ জৰিয়তেও টকা উপাৰ্জন কৰে। বেছিভাগ মহিলাই মাহে ১০,০০০ টকা উপাৰ্জন কৰে। ই সমগ্ৰ ভাৰত আনকি নেপাল আৰু বাংলাদেশৰ দৰে দূৰৰ মহিলাসকলক আকৰ্ষিত কৰিছে। যিহেতু মুম্বাইৰ ৰেড লাইট জিলাত কাম কৰাতকৈ ডান্স বাৰবোৰক জীৱিকা নিৰ্বাহৰ এক সুৰক্ষিত উপায় হিচাপে গণ্য কৰা হয়।৭
বাৰ গাৰ্লসকলৰ উপাৰ্জন তেওঁৰ জনপ্ৰিয়তা আৰু স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে।১৩ হিন্দুস্তান টাইমছে প্ৰকাশ কৰিছে যে কম জনপ্ৰিয় ছোৱালীবোৰক তেওঁলোকৰ ওপৰত ছটিয়াই দিয়া নোটৰ দিয়া পৰিমাণৰ ৬০% দিয়া হৈছিল। ইযত লগতে প্ৰকাশিত হৈছিল যে জনপ্ৰিয় ছোৱালীবোৰে মাহিলী দৰমহা ১,০০,০০০-৩,০০,০০০ টকা লাভ কৰিছিল। আনহাতে বাৰ গৰাকীয়ে তেওঁলোকৰ ওপৰত ছটিয়াই দিয়া সকলো ধন নিজে ৰাখিছিল।১৩
আৰ্থ-সামাজিক দিশসমূহ
সাধাৰণতে মাজনিশা ডান্স বাৰ বন্ধ কৰা হৈছিল। কিন্তু ২০০০ চনত মহাৰাষ্ট্ৰ চৰকাৰে নিয়মসলনি কৰি তেওঁলোকক নিশা ১:৩০ বজালৈকে খোলা থবলৈ অনুমতি দিছিল। অৱশ্যে ২০০৫ চনত মুম্বাইৰ মেৰিন ড্ৰাইভত যদিও আৰক্ষী থানাৰ ভিতৰত এজন আৰক্ষী কনিষ্টবলে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ পিছত ইয়াক নিশা ১২:৩০ বজালৈ সলনি কৰা হৈছিল।১৪১৫ ডান্স বাৰসমূহ নিশা ২ বজাৰ ভিতৰত শেষ হোৱাৰ পিছত বাৰ মালিকসকলে বাৰ ডান্স গাৰ্লসকলক ঘৰলৈ সুৰক্ষা প্ৰদান কৰে আৰু সুৰক্ষিত পৰিবহণ প্ৰদান কৰে। ডান্স বাৰৰ বহুতো নৃত্যশিল্পী বিবাহিত আৰু সন্তানৰ মাতৃ। তেওঁলোকৰ গ্ৰাহকসকল সমাজৰ সকলো স্তৰৰ, ইয়াৰ ভিতৰত আছে মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, কৰ্পোৰেট কৰ্মী আৰু আনকি স্কুলীয়া ছাত্ৰ যি বাৰত সোমাবলৈ উৎকোচ দিয়ে।১৬
আৰক্ষী আৰু স্থানীয় ঠগসকলেও ডান্স বাৰৰ পৰা নিয়মীয়া হাফতাৰ পৰা টকা উপাৰ্জন কৰে। ১৭ ডান্স বাৰবোৰে অপৰাধীসকলৰ বাবে এক সভাস্থলী হিচাপে কাম কৰে। ইয়াৰ ফলত তেওঁলোক আৰক্ষীৰ দ্বাৰা চোৰাংচোৱা সংগ্ৰহৰ কেন্দ্ৰ হৈ পৰে।১৮
ৰাজনৈতিক ভাগ্য আৰু নৈতিকতাবাদী জনসাধাৰণৰ সৈতে অনুগ্ৰহ আগবঢ়োৱাৰ বাবে ডান্স বাৰসমূহ বন্ধ কৰাৰ বাবে আৰু লগতে ডান্স বাৰৰ যৌন অৰ্থনীতিত গভীৰভাৱে সোমাই থকা ডান্স বাৰ মালিক আৰু কৰ্তৃপক্ষৰ মাজত উৎকোচৰ ব্যৱস্থা ভংগ হোৱাৰ বাবে আইন প্ৰণয়ন কৰা হৈছে আৰু আদালতত গোচৰ ৰুজু কৰা হৈছে।১৯
মহাৰাষ্ট্ৰৰ বাহিৰত ডান্স বাৰসমূহ
ভাৰতৰ আন প্ৰান্তত ডান্স বাৰ বিদ্যমান, যদিও সেইবোৰ অবৈধ। ২০০৬ চনৰ ৪ জুনত দিল্লী আৰক্ষীৰ অপৰাধ শাখাই মথুৰা ৰোডৰ হোটেল ৰাজদূতৰ এল ডোৰাডো ডান্স বাৰ ভাঙি পেলায়।২০ ইয়াৰ লগতে অশ্লীলতাৰ পৰা আৰম্ভ কৰি অনৈতিক সৰবৰাহ আৰু প্ৰৰোচনালৈকে ১৩ গৰাকী ডান্স বাৰ গাৰ্ল আৰু এগৰাকী হোটেলৰ মালিকক গ্ৰেপ্তাৰ কৰে। ছোৱালীবোৰৰ বয়স ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত আছিল আৰু নিম্ন-মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছিল। তেওঁলোকৰ চাৰিগৰাকী দিল্লীৰ, দুগৰাকীকৈ বিহাৰ, নয়ডা আৰু পঞ্জাৱৰ আৰু এগৰাকী কলকাতা আৰু এলাহাবাদৰ আছিল। ছোৱালীবোৰে আগতে মুম্বাই ডান্স বাৰত নিযুক্তি লাভ কৰিছিল। কিন্তু সেই প্ৰতিষ্ঠানবোৰ নিষিদ্ধ কৰাৰ পিছত দিল্লীলৈ স্থানান্তৰিত হৈছিল।২১
বিতৰ্ক
মহাৰাষ্ট্ৰ ৰাজ্যত ২০০৫ চনৰ আগষ্ট মাহত মহাৰাষ্ট্ৰ আৰক্ষী (সংশোধনী) আইন, ২০০৫ গৃহীত হোৱাৰ সৈতে ডান্স বাৰ নিষিদ্ধ কৰা হৈছিল। পৰৱৰ্তী সময়ত চৰকাৰে ডান্স বাৰ বন্ধ কৰে। অৱশ্যে ২০১১ চনৰ শেষৰ ফালৰ লৈকে মুম্বাই আৰু ইয়াৰ উপকণ্ঠত গোপনে ই বিকশিত হৈ আছিল।২ মাত্ৰ মুম্বাইতে ৭০০ ডান্স বাৰ আছিল। ২০০৫ চনৰ এপ্ৰিলত ইয়াৰ সংখ্যা শীৰ্ষত আছিল যেতিয়া ইয়াক নিষিদ্ধ কৰা হৈছিল। যদিও আনুষ্ঠানিকভাৱে মাত্ৰ ৩০৭টা ডান্স বাৰ বিদ্যমান আছিল আৰু বাকীবোৰ অবৈধ আছিল। আনহাতে ৰাজ্যখনৰ বাকী অংশৰ পৰিসংখ্যা অনুসৰি মুঠ ৬৫০ ডান্স বাৰ আছিল। ইয়াত সৰ্বাধিক ১,৫০,০০০ লোকক নিযুক্ত আছিল যাৰ ভিতৰত আছিল ৭৫,০০০ বাৰ গাৰ্ল আছিল।৭২২ এই বাৰবোৰে পতিতাবৃত্তিৰ ক্ষেত্ৰত কাম কৰিছিল। নিষেধাজ্ঞা বলবৎ কৰাৰ পিছত নাইট ক্লাবৰ নৃত্যশিল্পীসকলৰ বাবে কোনো পুনৰ্সংস্থাপন কাৰ্যসূচী আৰম্ভ কৰা হোৱা নাছিল। বহুতে ডুবাই আৰু মধ্য প্ৰাচ্যৰ অন্যান্য দেশলৈ গুচি গৈছিল আৰু আন কিছুমানে নতুন দিল্লী, চেন্নাই আৰু হায়দৰাবাদলৈ গৈছিল।২৩৮
২০০৬ চনৰ ১২ এপ্ৰিলত বোম্বে উচ্চ ন্যায়ালয়ে প্ৰথমে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে আৰু ২০১৩ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ এই ৰায় বজাই ৰাখে।৩ দ্য হিন্দুত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ২০১৩ চনৰ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ বাৰত নিযুক্ত মহিলাৰ সংখ্যা আছিল প্ৰায় ২০,০০০। তেওঁলোকৰ বেছিভাগেই অৰ্কেষ্ট্ৰা বাৰত ৱেট্ৰেছ বা গায়িকা আছিল।২৪
মহাৰাষ্ট্ৰ চৰকাৰে ২০১৪ চনত এক অধ্যাদেশৰ দ্বাৰা পুনৰ ডান্স বাৰ নিষিদ্ধ কৰিছিল। কিন্তু এইটোও উচ্চতম ন্যায়ালয়ে ২০১৫ চনৰ অক্টোবৰত "অসাংবিধানিক" বুলি ৰায় দিয়ে আৰু মুম্বাইৰ ডান্স বাৰ পুনৰ খুলিবলৈ অনুমতি দিয়া হৈছিল।৪ ২০০৪ চনৰ ২৫ ফেব্ৰুৱাৰীত এই অভিযানৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে ২১ বছৰৰ তলৰ লোকসকলক ডান্স বাৰ, ডিস্কো' আৰু পাবত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰি এক জাননী জাৰি কৰে। আইন উলংঘা কৰা বাৰবোৰে জৰিমনা আৰু অনুজ্ঞাপত্ৰ বাতিল কৰাৰ সম্ভাৱ্য সন্মুখীন হ'ব। বোম্বে নিষিদ্ধকৰণ আইনৰ অধীনত এই নিষেধাজ্ঞা ২০০৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছিল।২৫
জনপ্ৰিয় সংস্কৃতিত
ডান্স বাৰ কেইবাখনো চলচ্চিত্ৰৰ বিষয়বস্তু হৈ আহিছে। ডান্স বাৰবোৰো নিয়মীয়াকৈ বলীউডৰ চলচ্চিত্ৰৰ আইটেম গীতত প্ৰদৰ্শিত কৰা হয়।২৬
- ২০০১ চনৰ এখন চলচ্চিত্ৰ 'চান্দনী বাৰ'ত তবুৱে বাৰ ডান্সাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।২৭
- দীপিকা পাডুকনে ২০১৪ চনৰ চলচ্চিত্ৰ 'হেপ্পী নিউ ইয়েৰ'ত নিষেধাজ্ঞাৰ সময়ত মহাৰাষ্ট্ৰৰ এগৰাকী কামৰ সন্ধানত বাৰ নৃত্যশিল্পী 'মোহিনী'ৰ চৰিত্ৰত অভিনয় কৰিছিল।২৮
তথ্যসূত্ৰ
- ↑ Rashmi Uday Singh, 2003, Mumbai by Night, Page 183
- ↑ (22 February 2011). Bars may lose licence for flouting dance ban. The Times of India
- ↑ Mumbai dance bars: India Supreme Court overturns ban. BBC News
- ↑ (15 October 2015). India Supreme Court allows Mumbai dance bars to reopen. BBC
- ↑ Quaid Najmi. (16 July 2013). Dance bars were the zing in Mumbai's night life. Dnaindia.com
- ↑ Sandip Dighe. (17 July 2013). Pune dist may have 10 dance bars this time. Daily News and Analysis
- ↑ (14 April 2005). Dance bars outlawed in Mumbai. The Scotsman
- ↑ Watson, Paul. (26 March 2006). Prostitution beckons India's former bar girls. San Francisco Chronicle
- ↑ (1 November 2005). It's time for mujra re for bar girls. The Times of India
- ↑ (12 April 2006). Court strikes down dance bar ban. BBC News
- ↑ (16 July 2005). Dance bars and bar girls of Mumbai. Dancewithshadows.com
- ↑ Mumbai no bar, Morality bar bar. Express India
- ↑ Archived copy
- ↑ The price Mumbai paid in 8 years since the dance bar. Indian Express
- ↑ Six years on, Marine Drive rape case hearing soon. Times of India
- ↑ Ranabir Samaddar (2016). Ideas and Frameworks of Governing India, p. 294
- ↑ Syed Firdaus Ashraf. (25 February 2004). Vote at 18, but enter dance bars only at 21. Us.rediff.com
- ↑ Gadgil, Makarand. Maharashtra ban on dance bars unconstitutional, rules apex court
- ↑ Mary Evans, Clare Hemmings, Marsha Henry (2014). The Sage Handbook of Feminist Theory
- ↑ (5 June 2006). 13 dance bar girls arrested. দ্য হিন্দু
- ↑ (5 June 2006). Police swoop on S Delhi 'dance bar'. The Times of India. TNN
- ↑ (13 April 2005). Mumbai's dance bars banned too. The Times of India
- ↑ (2 October 2011). Bar girls: Banned in Mumbai, trafficked to Dubai. DNA (newspaper)
- ↑ Rajput, Rashmi. (7 September 2013). Dancers restive as Mumbai bars remain closed. The Hindu
- ↑ (26 February 2004). Vote at 18, but enter dance bars only at 21. Rediff.com
- ↑ Vikrant Kishore, Amit Sarwal, Parichay Patra (2016). Salaam Bollywood: Representations and interpretations
- ↑ Shweta Punj, 2013, Why I Failed: Lessons from Leaders
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডান্স বাৰ” প্ৰবন্ধৰ সংশোধন ৫৭৪২৯০ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।