উপাধি
৩২ প্ৰবন্ধ
-
চাওফা
চাওফা (𑜋𑜰𑜫;𑜇า.Tsāo phâa; চীনা:召法;ছান:ၸဝ်ႈၾႃႉ,অৰ্থ: স্বৰ্গদেউ, স্বৰ্গৰ ৰজা) হ'ল আহোম ৰাজ্য, শান ৰাজ্য, দাঈ ৰাজ্য, থাই ৰাজ্য আৰু খামটিসকলৰ টাইবংশানুক্ৰমিক টাইশাসকসকলক সূচাই ব্যৱহাৰ কৰা ৰাজকীয় উপাধি। কেৱল টাই বংশৰ মানুহেহে এই উপাধি লাভ কৰে। অসমীয়া ভাষাত ইয়াক স্বৰ্গদেউ বুলিও কোৱা হয়।
-
বৰফুকন
ফু-কন -লৌঙ বা বৰফুকন (Borphukan, আহোম ভাষা:𑜇𑜥 𑜀𑜨𑜃𑜫 𑜎𑜤𑜂𑜫) আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। এই পদটো আহোম চাওফা চুচেংফাই সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও কলিয়াবৰৰ পশ্চিম অঞ্চল বৰফুকন-এ নিয়ন্ত্ৰণ কৰিছিল। বৰফুকনৰ মুখ্য কাৰ্য্যালয় কলিয়াবৰত আছিল।
-
বৰবৰুৱা
বৰবৰুৱা বা ফুকেলু'ঙ (Borbarua, আহোম ভাষা: 𑜇𑜥 𑜀𑜦𑜧 𑜏𑜤𑜂𑜫) হৈছে আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। স্বৰ্গদেও প্ৰতাপসিংহই বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল আৰু মোমাই তামুলীক প্ৰথম এই পদবী দিছিল।
-
বুঢ়াগোহাঞি
বুঢ়াগোহাঞি বা চাও ফ্ৰং মূ'ঙ (আহোম ভাষা:𑜋𑜧𑜨 𑜇𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫) হৈছে আহোম ৰাজতন্ত্ৰৰ প্ৰধান পৰামৰ্শদাতা বিষয়া বা ডাঙৰীয়া। বুঢ়াগোহাঁইজনক সাতঘৰীয়া আহোম বংশৰ পৰা চাওফাই নিৰ্বাচন কৰিছিল। চুকাফাৰ দিনৰে পৰাই বৰগোহাঞিৰ লগতে বুঢ়াগোহাঞিৰ পদবীটোৰ প্ৰচলন আছিল।
-
আল্লামা
আল্লামা (Allamah, আৰবী: عَلَّامة, উৰ্দু আৰু علامه) হ'ল ইছলামিক চিন্তা কৰা ব্যক্তি, দৰ্শনৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ পণ্ডিতসলৰ নামৰ সৈতে ব্যৱহৃত সন্মানজনক উপাধি। ইছলাম ধৰ্মৰ ফিকহ আৰু দৰ্শনৰ পণ্ডিতসকলক এই উপাধি প্ৰদান কৰা হয়।
-
হজৰত
হজৰত (Ḥaḍrah, حضرة; বা Hazret বা Hazrat) হ'ল সম্মানসূচক আৰবী উপাধি। ইয়াৰ শাব্দিক অৰ্থ "উপস্থিত"। উচ্চ মৰ্যদা ব্যক্তিসকলৰ ক্ষেত্ৰত ব্যৱহৃত পশ্চিমা সম্মানসূচক উপাধি যেনেকৈ "Your Honour" (বিচাৰসকলৰ বাবে), "His Majesty" (ৰাজকীয় ব্যক্তিৰ বাবে) বা "His Holiness" (ধৰ্মীয় ব্যক্তিৰ বাবে) নামৰ উপাধিৰ সৈতে…
-
ফুকন
ফুকন বা ফু-কন (আহোম ভাষা: 𑜇𑜥:𑜀𑜨𑜃𑜫:, Phu Kan) আছিল আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী। ফুকনৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে ব্যৱহাৰ কৰে, এয়া মূলতঃ আহোম জনগোষ্ঠী বা আহোম সৈন্যবাহিনীত কাম কৰা চুতীয়া, কলিতা, ব্ৰাহ্মণ আদি সম্প্ৰদায়ৰ বংশধৰ সকলে প্ৰয়োগ কৰে।
-
বৰগোহাঞি
বৰগোহাঞি বা চাও থাও লৌঙ (ইংৰাজী ভাষা:Chao Thao Lung or Borgohain, আহোম ভাষা: 𑜌𑜧𑜨 𑜉𑜢𑜤𑜂𑜫 𑜏𑜤𑜂𑜫) আহোম সাম্ৰাজ্যৰ দ্বিতীয়জন পৰামৰ্শদাতা ৰাজমন্ত্ৰী। তেওঁক আহোম চাওফাই চাওফা হ’বৰ অযোগ্য সাতঘৰীয়া ফৈদৰ আহোম পৰিয়ালৰ পৰা নিৰ্বাচিত কৰিছিল। অন্যজন পৰামৰ্শদাতা ৰাজমন্ত্ৰী আছিল বুঢ়াগোহাঞি।
-
বৰপাত্ৰগোহাঞি
বৰপাত্ৰগোহাঞি বা ছাও চেং-লুঙ (𑜌𑜧𑜨 𑜏𑜢𑜤𑜂𑜫 𑜏𑜤𑜂𑜫) আহোম ৰাজতন্ত্ৰৰ তিনিজন প্ৰধান পৰামৰ্শদাতাৰ তৃতীয়জন। দিহিঙীয়া ৰজা চুহুংমুংৰ দিনত নগাচাংত ডাঙৰ-দীঘল হোৱা কোঁৱৰ কনচেংৰ বাবে বৰপাত্ৰগোহাঁইৰ পদবীটো সৃষ্টি কৰা হৈছিল। কনচেংৰ পিতৃ স্বৰ্গদেৱ চুপিম্ফাৰ নক্টে খুনবাও (নগা দেকাৰজা) কাৰঙ্গপাৰৰে মিত্ৰতা আছিল।
-
ৰাজকুমাৰী
ৰাজকুমাৰী হৈছে কোনো ৰাজত্বকালীন ৰজাৰ পৰিয়ালৰ মহিলা সদস্য বা কোনো ৰাজ্যৰ কোনো মহিলা শাসকে ব্যৱহাৰ কৰা উপাধি। পুৰুষ বুজোৱা সমাৰ্থক শব্দ এজন ৰাজকুমাৰ (লেটিন ভাষাৰ princeps, অৰ্থাৎ প্ৰধান নাগৰিক)। বেছিভাগ সময়তে এই শব্দটো ৰাজকুমাৰৰ পত্নীৰ বাবে, বা ৰজাৰ কন্যাৰ বাবে ব্যৱহাৰ কৰা হৈছে।
-
মহাৰাণা
মহাৰাণা ("মহান ৰাণা") এক ভাৰতীয় ৰাজকীয় উপাধি ৰাণাৰ এক ভিন্নতা। মহাৰাণাই 'মহাৰাজ' বা 'উচ্চ ৰজা'ক বুজায়, যিটো "মহাৰাজ" শব্দৰ সৈতে মিল আছে। এই শব্দটো সংস্কৃত “মহাৰাণক’’ উপাধিৰ পৰা উদ্ভৱ হৈছে।
-
হাফিজ (কোৰআন)
হাফিজ (; حافظ, pl. ḥuffāẓ حُفَّاظ, f. ḥāfiẓa حافظة), আক্ষৰিক অৰ্থ "ৰক্ষক", প্ৰসংগ অনুসৰি, মুছলমানসকলে কোৰআন সম্পূৰ্ণৰূপে মুখস্থ কৰা ব্যক্তিৰ বাবে ব্যৱহাৰ কৰা এটা শব্দ। "হাফিজা" হৈছে নাৰীৰ সমতুল্য বা স্ত্ৰী লিংগ। এজন হাফিজক বিভিন্ন উপাধিৰে সমুদায়ৰ মানুহে সন্মান কৰে।
-
হাজৰিকা
হাজৰিকা বা ৰুৰিঙ (Hazarika) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।
-
পাঠক
পাঠক (Pathak) হৈছে ব্ৰাহ্মণৰ এটা সম্প্ৰদায়। পাঠকসকলে ভাৰতৰ ন্যায়াধীশ আৰু উপ-ৰাষ্ট্ৰপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। পাঠক শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে পঢ়ুৱৈ অথবা যি জানিবলৈ বা জ্ঞান লাভ কৰিবলৈ উৎসুক।
-
শইকীয়া
শইকীয়া (Saikia) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।
-
চাওদাং
চাওডাং(𑜋𑜰𑜫 𑜓𑜂𑜫 অৰ্থ: শাস্তি বিহা বিষয়া,Tsāo-Dāng) হৈছে টাই-আহোম সকলৰ এটা ফৈদ যি ৰাজধানী নগৰৰ ৰক্ষণা বেক্ষণ আৰু দোষীক শাস্তি দিয়া কামত নিয়োজিত আছিল। বৰ কাকত মহুং পুথি অনুসৰী চাওদাং ফৈদ অসমৰ ৰাজধানী গড়গাওৰ ৰক্ষণাবেক্ষণত নিয়োজিত আছিল। এই ফৈদ চাওফাৰ অতি বিশ্বাসী ফৈদ আছিল।
-
চিৰিং ফুকন
চিৰিং ফুকন বা ফু-কন চি-ৰিং (আহোম: 𑜇𑜤 𑜀𑜨𑜃𑜫 𑜏𑜢 𑜍𑜢𑜂𑜫; Chiring Phukan) হৈছে মধ্যযুগীয় অসমৰ আহোম ৰাজ্যৰ এজন বিষয়া। তেওঁ আছিল আহোমসকলৰ পূজা-সেৱাৰ কাৰ্য কৰোঁতা খেলৰ আৰু দেওধাইসকলৰ গৰাকী।
-
পাদশাহ বেগম
পাদশাহ বেগম আছিল মোগল সাম্ৰাজ্যৰ সম্ৰাজ্ঞী পত্নীক প্ৰদান কৰা এক উচ্চমানৰ সাম্ৰাজ্যবাদী উপাধি আৰু ইয়াক মোগল হাৰেম বা জেনানাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাধি বুলি গণ্য কৰা হৈছিল। এই উপাধিটো ইংৰাজীত "empress" ৰ সমতুল্য হ'ব পাৰে, কিন্তু মোগল প্ৰসংগত অনুমাণিকভাৱেহে।
-
শ্ৰী
শ্ৰী (/ʃriː/; সংস্কৃত: श्री, ) হৈছে উজ্জ্বলতা, ধন-সম্পত্তি আৰু সমৃদ্ধি বুজাবলৈ ব্যৱহাৰ কৰা সংস্কৃত শব্দ, যিটো মূলতঃ সন্মানীয় হিচাপে ব্যৱহাৰ কৰা হয়। এই শব্দটো দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ ভাষা যেনে হিন্দীত, আৰু ফিলিপাইনছৰ ভাষাৰ মাজতো বহুলভাৱে ব্যৱহাৰ কৰা হয়।
-
ৰাণী
ৰাণী বা ৰাজকুমাৰী পত্নী সাধাৰণতে সাৰ্বভৌম ৰাজকুমাৰৰ পত্নীক দিয়া চৰকাৰী উপাধি বা অনানুষ্ঠানিক উপাধি। ৰাণীৰ অধিক সাধাৰণ আন পদবী ব্যৱহাৰ নকৰিলে ৰজাৰ পত্নীৰ বাবে এই উপাধি ব্যৱহাৰ কৰিব পাৰি। অধিক অনানুষ্ঠানিকভাৱে ইয়াক যিকোনো মহিলাৰ পাৰিবাৰিক অৱস্থাৰ বৰ্ণনা কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি।
-
অমাত্য
অমাত্য শব্দটো সংস্কৃত মূলৰ এক নিৰ্ভেজাল উপাধি। এই নামটোৰ উৎপত্তি সংস্কৃত অমাত্য (अमात्य)ৰ পৰা হৈছে, যাৰ অৰ্থ হৈছে কাউন্সিলাৰ বা মন্ত্ৰী।
-
এডিন
এডিন হৈছে বছনিয়ান পুৰুষৰ প্ৰদত্ত নাম। বাল্কনত পূৰ্বৰ যুগোশ্লাভিয়া ৰাষ্ট্ৰসমূহৰ বছনিয়াকসকলৰ মাজত এডিন জনপ্ৰিয়। এই নামটো হয় ইডেন নামৰ সংশোধন, যাৰ অৰ্থ হৈছে "আনন্দ"; নহয় আদীন নামৰ পৰিৱৰ্তন, যিটো আৰবী শব্দ دين (দিন)ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে বিশ্বাস।এই অঞ্চলত এগৰাকী মহিলা সমতুল্যও আছে: এডিনা…
-
চাওলুং
চাওলুং(আহোম ভাষা:𑜋𑜧𑜨 𑜏𑜤𑜂𑜫) হ’ল আহোম চাওফা সকলক উদ্দেশ্যি ব্যৱহাৰ কৰা এটা উপাধি। আহোম ভাষাত ইয়াৰ অৰ্থ হল মহান দেৱতা, চাও= দেৱতা, লুং= মহান।
-
বৰা (উপাধি)
বৰা (Bora) হৈছে চুতীয়া ৰাজ্য আৰু পাছলৈ আহোম ৰাজ্যৰ এক পাইক কৰ্মচাৰী।। বৰা বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।
-
লেডী
লেডী (Lady) ভদ্ৰ আচৰণ কৰা মহিলাক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ।[1] এসময়ত কেৱল উচ্চ সামাজিক শ্ৰেণী বা মৰ্যাদাৰ মহিলাক বুজাবলৈহে এই শব্দ ব্যৱহাৰ কৰা হৈছিল, প্ৰভুৰ সমকক্ষ মহিলা, এতিয়া ইয়াৰ দ্বাৰা যিকোনো প্ৰাপ্তবয়স্ক মহিলাক বুজাব পাৰি, কিয়নো ভদ্ৰলোক শব্দ পুৰুষৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
-
গগৈ
গগৈ (ইংৰাজী ভাষা:Gogoi, 𑜕𑜥𑜕𑜩𑜨Gu-Goi) হৈছে টাই-আহোমসকলৰ এটা বংশ বিভাজন তথা বৰ্তমানৰ এটা আহোম উপাধি। চুখ্ৰুংফাই টাই-আহোম বংশ স্পষ্ট কৰিবলৈ সাতঘৰীয়া টাই-আহোমক গগৈ আৰু গোহাঁই বুলি ভাগ কৰিছিল। গগৈ শব্দটো গোগৈ (𑜕𑜥𑜕𑜩𑜨 Gu-Goi) টাই-আহোম ভাষাৰ "আহোম বুৰঞ্জী"ত উল্লেখ কৰা হৈছে।
-
গোস্বামী
গোস্বামী (Goswami) এক ভাৰতীয় উপাধি।
-
ঘোষ (উপাধি)
ঘোষ হৈছে বাংলাদেশৰ ঢাকা, যশোৰ আৰু ভাৰতৰ পশ্চিমবংগৰ দক্ষিণ আৰু বিহাৰৰ বাঙালী হিন্দু সম্প্ৰদায়ৰ মাজত পোৱা এক উপাধি। ইয়াৰ বাহিৰেও ঘোষ উপাধি ক্ষত্ৰীয় কোচসকলৰ মাজতো দেখিবলৈ পোৱা যায়, এওঁলোকক সাধাৰণতে পশ্চিমবংগ ৰাজ্যৰ উত্তৰবংগ আৰু বাংলাদেশৰ ৰংপুৰ, দিনাজপুৰ আৰু অসমৰ কিছু অংশত পোৱা যায়।
-
মহন্ত (উপাধি)
মহন্ত (Mahanta) এক ভাৰতীয় অতি উচ্চ উপাধি যি অতিজৰে ব্ৰহ্ম কায়স্থ আৰু ব্ৰাহ্মণ শ্ৰেণীৰ লোকেহে কেৱল ব্যৱহাৰ কৰিছিল। এই উপাধি অসমৰ ব্ৰহ্মকায়স্থ তথা ব্ৰাহ্মণ কুলে প্ৰধানকৈ লিখে কিন্তু কিছু বৰকলিতা লোকেও পিছত ব্যৱহাৰ কৰে কিন্তু তেওঁলোকৰ লগত ব্ৰাহ্মণ আৰু ব্ৰহ্মকায়স্থ কুলৰ বিবাহ নহয় যি ব্ৰহ্মকায়স্থ…
-
লুখুৰাখন
আহোম ৰাজ্যত এটা বিশেষ শ্ৰেণীৰ লোকক ‘লুখুৰাখন‘ উপাধিৰে অভিহিত কৰা হৈছিল। আহোমসকলৰ শাসনকালত মৃত ব্যক্তিক মৈদাম দিয়াৰ যি প্ৰথা আছিল সেই প্ৰথাত লুখুৰাখনসকলৰ বিশেষ ভূমিকা আছিল।