সংখ্যা
৩৩ প্ৰবন্ধ
-
শূন্য
শূন্য বা ০ (zero; এটা অংক যিটো হিচাপ নিকাচৰ ক্ষেত্ৰত সকলো স্থানীয় মান পদ্ধতিৰ এক অপৰিহাৰ্য প্ৰতীক। ইয়াৰ বাহিৰে ই এটা সংখ্যাও। দুয়োটা ৰূপতে গণিতত ইয়াৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। শূন্য এটা সংস্কৃত শব্দ।
-
স্বাভাৱিক সংখ্যা
স্বাভাৱিক সংখ্যা (Natural Number) মানুহে প্ৰতিদিনৰ গণনা সংক্ৰান্তিয় কাম কাজ কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক বুজায়। এই সংখ্যা হৈছে মানুহে ব্যৱহাৰ কৰা সবাতোকৈ আদিম সংখ্যা পদ্ধতিবোৰৰ এটা। গণিতত প্ৰাকৃতিক সংখ্যাবোৰ হ'ল ১, ২, ৩ ইত্যাদি।
-
অখণ্ড সংখ্যা
অখণ্ড সংখ্যাৰ আবিষ্কাৰক→SOHAM MONDAL যিণ্ডবোৰ সংখ্যাৰ কোনো ভগ্নাংশ নাথাকে সেইবোৰক "অখণ্ড সংখ্যা" বোলা হয়। যেনে:- ১, -৭, ১৪ ইত্যাদি। ৯.৭৫,, আদি অখণ্ড সংখ্যা নহয়। অখণ্ড সংখ্যাৰ সংখ্যা অসীম।
-
সংখ্যা
সংখ্যা (Number) হ’ল বাস্তৱ জগতৰ (real world) বস্তুবোৰৰ পৰিমাণ প্ৰতিকাত্মক (abstraction) ৰূপত প্ৰকাশ কৰাৰ পদ্ধতি। সংখ্যাবোৰ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা চিহ্নক অংক (digit) বোলা হয়। অংকক সংখ্যাৰূপে প্ৰকাশ কৰা নিয়মক সংখ্যা পদ্ধতি (number system) বোলা হয়।
-
মৌলিক সংখ্যা
মৌলিক সংখ্যা (prime number) হ'ল ১তকৈ ডাঙৰ কিছুমান স্বাভাৱিক সংখ্যা, যাৰ কেৱল দুটা পৃথক উৎপাদক আছে- ১ আৰু সেই সংখ্যাটো নিজেই অৰ্থাৎ মৌলিক সংখ্যা হ’ল একতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা য’ত ১ আৰু নিজক বাদ দি কোনো ধনাত্মক ভাজক নাথাকে।
-
পৰিমেয় সংখ্যা
পৰিমেয় সংখ্যা (Rational numbers) ইয়াক ইংৰাজী Q আখৰটোৰে বুজোৱা হয়। যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q দুটা অখণ্ড সংখ্যা আৰু q-টো কেতিয়াও 0(শূন্য) নহয়, তেনে সংখ্যাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। যেনে: ১/২, ২/৫, ১২/১৩ ইত্যাদি।
-
জটিল সংখ্যা
জটিল সংখ্যা (Complex number) গণিতৰ কিছুমান সমস্যাৰ সমাধানৰ উদ্দেশ্যে গৃহীত এক ধাৰণা। সংখ্যাৰেখাৰ উলম্ব দিশত এক কাল্পনিক মাত্ৰাৰ (dimension) সহায়ত ইয়াক এটা বাস্তৱ সংখ্যা আৰু এটা কাল্পনিক সংখ্যাৰ ভেক্টৰ হিচাবে প্ৰকাশ কৰা হয়। : ⟨i^2 = -1\,⟩
-
অপৰিমেয় সংখ্যা
অপৰিমেয় সংখ্যা (Irrational Number): গণিতত অপৰিমেয় সংখ্যা বোৰ বাস্তৱ সংখ্যা। যিবোৰ সংখ্যাক কোনো অখণ্ড সংখ্যা p আৰু q-ৰ বাবেই p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি,তেনে সংখ্যাক অপৰিমেয় সংখ্যা বোলে। অৰ্থাৎ অপৰিমেয় সংখ্যাক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পৰা নাযায়। কিন্তু এই সমূহক দশমিক সংখ্যাত প্ৰকাশ কৰিব পাৰি।
-
অসীম
গণিতত অসীম (Infinity) শব্দটো প্ৰধানত দুটি অৰ্থত ব্যৱহাৰ কৰা হয়:-
-
ভাৰতীয় সংখ্যা
তলত ভাৰতীয় সংখ্যাবোৰৰ আধুনিক দেৱনাগৰী ৰূপত এখন তালিকা দিয়া হ’ল লগতে উচ্চাৰণ আৰু অনুবাদবোৰো দিয়া হ’ল। ভৌগোলিক অঞ্চল বা যুগৰ ওপৰত নিৰ্ভৰ কৰি দেৱনাগৰী সংখ্যাৰ আকৃতি ভিন্ন হ'ব পাৰে। ইয়াৰ কিছুমান ভিন্নতা পুৰণি সংস্কৃত সাহিত্যতো দেখা যায়। {| | १ || [[চিত্ৰ:Devanagari Numeral 1 v
-
১
১(এক) হ'ল এটা বুজোৱা সংখ্যা বা দুইতকৈ সৰু গোটা সংখ্যা। কোনো বস্তুৰ পৰিমাণ '১' হ'লে, ই বস্তুটো অকলশৰীয়া, সম্পূৰ্ণ বুজায়। । ই আতাইতকৈ সৰু স্বাভাৱিক সংখ্যা। অসমত ১ বুজাবলৈ অসমীয়া ভাষাৰ ১ আৰু আহোম ভাষাৰ 𑜱 বুজোৱা হয়।
-
২
২ হ'ল ১ৰ লগত ১ যোগ কৰি পোৱা গোটা সংখ্যা।
-
৩
৩ ২ৰ পিছৰ আৰু ৪ৰ আগৰ স্বাভাৱিক সংখ্যা। ৩ৰ গুণনীয়ক ১ আৰু ৩, ই এক মৌলিক সংখ্যা।
-
৪
৪ ৩ৰ পিছৰ আৰু ৫ৰ আগৰ স্বাভাৱিক সংখ্যা। এই সংখ্যাৰ গুণনীয়ক ১, ২ আৰু ৪, ই এক যৌগিক সংখ্যা।
-
৫
৫ ৪ৰ পিছৰ আৰু ৬ৰ আগৰ স্বাভাৱিক সংখ্যা। এই সংখ্যাৰ গুণনীয়ক ১ আৰু ৫, ই এক মৌলিক সংখ্যা।
-
৬
৬ ৫ৰ পিছৰ আৰু ৭ৰ আগৰ স্বাভাৱিক সংখ্যা। এই সংখ্যাৰ গুণনীয়ক ১, ২, ৩ আৰু ৬, ই এক যৌগিক সংখ্যা।
-
৭
৭ ৬ৰ পিছৰ আৰু ৮ৰ আগৰ স্বাভাৱিক সংখ্যা। এই সংখ্যাৰ গুণনীয়ক ১ আৰু ৭, ই এক মৌলিক সংখ্যা।
-
৮
৮ ৭ৰ পিছৰ আৰু ৯ৰ আগৰ স্বাভাৱিক সংখ্যা। এই সংখ্যাৰ গুণনীয়ক ১, ২, ৪ আৰু ৮, ই এক যৌগিক সংখ্যা।
-
৯
৯ (ন) ৮ৰ পিছৰ আৰু ১০ৰ আগৰ স্বাভাৱিক সংখ্যা
-
ঋণাত্মক অখণ্ড সংখ্যা
মূল প্ৰবন্ধ: অখণ্ড সংখ্যা'ঋণাত্মক অখণ্ড সংখ্যা হৈছে স্বাভাৱিক সংখ্যা, শূন্য আৰু স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা। এই অখণ্ড সংখ্যা বোৰ মূলত ধনাত্মক বা ঋণাত্মক। গণিতৰ পৃথিৱী খনত ঋণাত্মক সংখ্যা বোৰ একো একোটা বাস্তৱ সংখ্যাই, যাৰ মান শূন্যতাতকৈ কম।
-
টাই-আহোম সংখ্যা পদ্ধতি
টাই-আহোম সংখ্যা পদ্ধতি হৈছে টাই-আহোম ভাষাত ব্যৱহাৰ হোৱা এক দশমিক (decimal) সংখ্যা পদ্ধতি। বুৰঞ্জী আৰু শিলালিপিত এই সংখ্যা পদ্ধতি দেখা যায়। এই সংখ্যা পদ্ধতি অন্যান্য টাই ভাষাসমূহৰ সৈতে সাদৃশ্যপূৰ্ণ আৰু ইয়াৰ মূল উৎস হৈছে বৃহত্তৰ টাই ভাষা পৰিয়াল।
-
ধনাত্মক অখণ্ড সংখ্যা
মূল প্ৰবন্ধ: অখণ্ড সংখ্যা'ধনাত্মক অখণ্ড সংখ্যা(positive integer): অখণ্ড সংখ্যাৰ তালিকাৰ এটা ভাগ হৈছে ধনাত্মক অখণ্ড সংখ্যা। এই সংখ্যাবোৰ একো একোটা বাস্তৱ সংখ্যা। গণিতৰ জগত খনত ধনাত্মক অখণ্ড সংখ্যা বোৰক গাণনিক সংখ্যা বা স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। যাৰ মান শূন্যতকৈ বেছি।
-
যুগ্ম সংখ্যা
যুগ্ম সংখ্যা যুগ্ম সংখ্যা হৈছে এনে কিছুমান বাস্তৱ সংখ্যা যি সমূহক ২ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি। বা, এককৰ স্থানত ০,২,৪,৬,৮ অংক থকা সংখ্যা বোৰকে যুগ্ম সংখ্যা বোলে। উদাহৰণ স্বৰূপে ১২ এটা যুগ্ম সংখ্যা, কিয়নো ১২ ক ২ ৰে হৰণ কৰিলে কোনো ভাগশেষ নাথাকে। ইয়াৰোপৰি ১২ৰ এককৰ স্থানৰ অংকটো হৈছে ২।
-
যৌগিক সংখ্যা
যৌগিক সংখ্যা (Compound Number) যি বিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে। যেনে– ৪, ৬, ৮, ১০, ১২ ইত্যাদি।
-
যোগাত্মক বিপৰীত সংখ্যা
যোগাত্মক বিপৰীত সংখ্যা (additive inverse) যদি যিকোনো দুটা সংখ্যাৰ যোগফল ০(শূন্য) হয়, তেন্তে এটাক আনটো সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। এই সংখ্যা বোৰক বিপৰীত সংখ্যা, বিপৰীত চিহ্ন যুক্ত সংখ্যা বুলিও কোৱা হয়। ইয়াৰ পৰাই ঋণাত্মক সংখ্যাৰ ধাৰণাটোৰ উদ্ভৱ হয়।
-
১৭২৯ (সংখ্যা)
১৭২৯ বা হাৰ্ডি-ৰামানুজন সংখ্যা ১৭২৮ৰ পিছৰ আৰু ১৭৩০ৰ আগৰ স্বাভাৱিক সংখ্যা। ব্ৰিটিছ গণিতজ্ঞ হাৰ্ডি এবাৰ চিকিৎসালয়লৈ ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লগ কৰিবলৈ গ'ল আৰু তেতিয়াই ৰামানুজনে এই সংখ্যাৰ বিশেষত্ব দাঙি ধৰিলে। হাৰ্ডিৰ ভাষাৰে:
-
−১
গণিতত -১ (ঋণাত্মক এক বা বিয়োগ এক) হৈছে ১ ৰ যোগাত্মক বিপৰীত, অৰ্থাৎ যিটো সংখ্যা ১ৰ লগত যোগ কৰিলে যোগাত্মক অভেদ মৌল ০ পোৱা যায়। ই ঋণাত্মক দুই (-২)তকৈ ডাঙৰ ঋণাত্মক অখণ্ডসংখ্যা আৰু ০ তকৈ সৰু।
-
অসমীয়া সংখ্যা পদ্ধতি
অসমীয়া-বঙালী সংখ্যা পদ্ধতি হৈছে অসমীয়া, বঙালী, ছিলঠীয়া, মণিপুৰী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত ব্যৱহাৰ হোৱা সংখ্যা পদ্ধতি। অসমীয়া-বঙালী সংখ্যা পদ্ধতি অসমীয়া আৰু বঙালী ভাষাত বেছিকৈ ব্যৱহাৰ হয়, কিন্তু আন ভাষাত আৰৱী সংখ্যা পদ্ধতি বেছিকৈ ব্যৱহাৰ হয়।
-
গুগ'ল
গুগ'ল ১০১০০ৰ সমান ডাঙৰ সংখ্যা; অৰ্থাৎ ১ৰ পিছত ১০০ শূন্য লগালে পোৱা সংখ্যা। ১০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০০
-
সংখ্যাৰ প্ৰকাৰসমূহৰ তালিকা
সংখ্যাসমূহক সিহঁতৰ ধৰ্ম আৰু প্ৰকাশৰ ধৰণ অনুসৰি বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰি।