বিশ্ব ঐতিহ্য ক্ষেত্ৰ
৪৮ প্ৰবন্ধ
-
বিশ্ব ঐতিহ্য ক্ষেত্ৰ
বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে ইউনেস্কোৰ দ্বাৰা স্বীকৃত আৰু প্ৰণীত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত লিপিবদ্ধ হোৱা বিশেষ ধৰণৰ কিছুমান স্থান। এই স্থানবোৰ বন, পাহাৰ, হ্ৰদ, মৰুভূমি, স্মৃতিস্তম্ভ, দালান, প্ৰসাদ বা চহৰ আদি হব পাৰে।
-
এংকৰ ৱাট
এংকৰ ৱাট (Angkor Wat) বা আক্ষৰিক অৰ্থত "মন্দিৰৰ নগৰ") হৈছে কম্বোডিয়াত অৱস্থিত এক ধৰ্মীয় স্থাপত্য আৰু ই মাটিকালিৰ জোখেৰে পৃথিৱীৰ সৰ্ববৃহৎ মন্দিৰ চৌহদ। ইয়াৰ মুঠ মাটিকালি ৪০২ একৰ (১.৬২৬ বৰ্গ কি:মি:)।
-
ছিল্ক ৰোড
ছিল্ক ৰোড (丝绸之路) খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ১৮ শতিকালৈকে এছিয়াৰ উপমহাদেশীয় অঞ্চল সমূহৰ পূব আৰু পশ্চিম দিশক সংযোগ কৰা বাণিজ্য পথৰ এক নেটৱৰ্ক আছিল আৰু বৰ্তমানো এই পথৰ অস্তিত্ব বৰ্তী আছে।
-
দ্ৰৌপদী ৰথ
দ্ৰৌপদী ৰথ ভাৰতৰ তামিলনাডু ৰাজ্যৰ কাঞ্চীপুৰম জিলাৰ বংগ উপসাগৰৰ কৰ’মেণ্ডেল উপকূলৰ মহাবলীপুৰম, পূৰ্বতে মমল্লপুৰম নামেৰে জনাজাত পঞ্চৰাথাছ কমপ্লেক্সত থকা এটা কীৰ্তিচিহ্ন। ই একক শিলৰ পৰা নিৰ্মিত ভাৰতীয় শিল কটা স্থাপত্যৰ উদাহৰণ।
-
পঞ্চৰথ
পঞ্চৰথ (পাঁচ ৰথ বা পাণ্ডৱ ৰথ বা আইন্থনাই কোভিল বুলিও কোৱা হয়) ভাৰতৰ তামিলনাডু ৰাজ্যৰ চেংগালপট্টু জিলাৰ বংগ উপসাগৰৰ ক'ৰ'মেণ্ডেল উপকূলৰ মহাবলীপুৰমত অৱস্থিত এটা কীৰ্তিচিহ্ন সংকলন। একক ভাৰতীয় শিল কটা স্থাপত্যৰ নিদৰ্শন হৈছে পঞ্চৰথ।
-
অৰ্জুন ৰথ
অৰ্জুন ৰথ ভাৰতৰ তামিলনাডুৰ কাঞ্চীপুৰম জিলাৰ বংগ উপসাগৰৰ কৰ’মেণ্ডেল উপকূলৰ মহাবলীপুৰমত পল্লৱ যুগৰ এক কীৰ্তিচিহ্ন। সপ্তম শতিকাৰ এইখন প্ৰাচীন দ্ৰাবিড় স্থাপত্য আৰু পল্লৱ ৰাজ্যৰ প্ৰথম মহেন্দ্ৰবৰ্মান আৰু তেওঁৰ পুত্ৰ প্ৰথম নৰসিংহবৰ্মান (৬৩০–৬৮০ খ্ৰীষ্টাব্দ)ৰ ৰাজত্বকালৰ সপ্তম শতিকাৰ শেষৰ ফালৰ একক ভাৰতীয়…
-
গংগাৰ অৱতৰণ
গংগাৰ অৱতৰণ স্থানীয়ভাৱে অৰ্জুনৰ তপস্যা নামেৰে জনাজাত, ভাৰতৰ তামিলনাডু ৰাজ্যৰ চেংগলপট্টু জিলাৰ বংগ উপসাগৰৰ ক'ৰ'মণ্ডেল উপকূলৰ মমল্লপুৰমত থকা এটা কীৰ্তিচিহ্ন। ৯৬ বাই ৪৩ ফুট (২৯ মিটাৰ × ১৩ মিটাৰ) জোখৰ ই দুটা একক শিলৰ ওপৰত খোদিত কৰা এক বিশাল মুকলি আকাশৰ শিলৰ ৰিলিফ।
-
তক্ষশিলা
তক্ষশীলা (Taxila) পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ ৰাৱালপিণ্ডি জিলাত অৱস্থিত এখন চহৰ। তক্ষশীলা এখন গুৰুত্বপূৰ্ণ প্ৰত্নতাত্বিক স্থান। পাকিস্তানৰ ৰাজধানী ইছলামাবাদ আৰু পাঞ্জাবৰ ৰাৱলপিণ্ডি অঞ্চলৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ (২০ মাইল) উত্তৰ পশ্চিম দিশত অৱস্থিত। এই ঠাই গ্ৰাণ্ড ট্ৰাঙ্ক ৰ'ডৰ নিকটবৰ্তী।
-
ধৰ্মৰাজ ৰথ
ধৰ্মৰাজ ৰথ ভাৰতৰ তামিলনাডু ৰাজ্যৰ কাঞ্চিপুৰম জিলাৰ বংগ উপসাগৰৰ ক’ৰ’মেণ্ডেল উপকূলৰ মহাবলীপুৰমত পঞ্চৰথৰ কমপ্লেক্সত অৱস্থিত এক স্মৃতিসৌধ। এই মনোলিথটো ভাৰতীয় শিল কাটি লোৱা স্থাপত্যৰ উদাহৰণ।
-
মত্তনচেৰী প্ৰসাদ
মত্তনচেৰী প্ৰসাদ বা মত্তনচেৰী পেলেচ হৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ কোচিৰ মটানচেৰীত অৱস্থিত, যাক ডাচ পেলেচ নামেৰে জনাজাত এটা ৰাজপ্ৰসাদ। য'ত কোচিৰ ৰজাৰ প্ৰতিকৃতি আৰু প্ৰদৰ্শনী অংকন কৰা কেৰেলাৰ ভিন্ন শিল্পকৰ্ম আছে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আংশিক তালিকাত এই ৰাজপ্ৰসাদ অন্তৰ্ভুক্ত কৰা হৈছিল।
-
লুম্বিনী
লুম্বিনী (लुम्बिनी, আক্ষৰিক ভাৱে ‘মৰম লগা’) নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপংদেহি জিলাৰ এখন নগৰ আৰু বৌদ্ধ তীৰ্থস্থান। বৌদ্ধ পৰম্পৰা অনুসৰি এই স্থানতে খ্ৰীষ্টপূৰ্ব ৫৬৬ৰ আশে-পাশে ৰাণী মায়াদেৱীৰ গৰ্ভত সিদ্ধাৰ্থ গৌতমৰ জন্ম হৈছিল।
-
খাজুৰাহো স্মাৰকসমূহ
খাজুৰাহো স্মাৰকসমূহ ভাৰতৰ মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ হিন্দু আৰু দিগম্বৰা জৈন মন্দিৰৰ এটা দল। জিলা সদৰ ছটাৰপুৰ চহৰৰ পৰা প্ৰায় ৪৬ কিলোমিটাৰ (২৮.৬ মাইল), গোৱালিয়াৰৰ পৰা ২৮৩ কিলোমিটাৰ (১৭৭ মাইল), ঝান্সীৰ পৰা ১৭৫ কিলোমিটাৰ (১০৯ মাইল) দক্ষিণ-পূবে, খাজৱাৰ পৰা ১০ কিলোমিটাৰ (৬.২ মাইল) আৰু ৰাজনগৰৰ পৰা ৯…
-
ফতেহপুৰ ছিক্ৰী
ফতেহপুৰ ছিক্ৰী ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাৰ এখন চহৰ। আগ্ৰাৰ জিলা সদৰৰ পৰা ৩৫.৭ কিলোমিটাৰ (২২.২ মাইল) দূৰত্বত অৱস্থিত। ফতেহপুৰ ছিক্ৰী ১৫৭১ চনত সম্ৰাট আকবৰে মোগল সাম্ৰাজ্যৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু ১৫৭১ চনৰ পৰা ১৫৮৫ চনলৈকে এই ভূমিকা পালন কৰিছিল, যেতিয়া পঞ্জাৱত চলোৱা অভিযানৰ বাবে আকবৰে…
-
বম্বে উচ্চ ন্যায়ালয়
বম্বে উচ্চ ন্যায়ালয় হৈছে ভাৰতৰ মহাৰাষ্ট্ৰ আৰু গোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ উচ্চ ন্যায়ালয়। ই প্ৰধানকৈ মুম্বাইত অৱস্থিত (বম্বে বুলিও জনা যায়), আৰু ভাৰতৰ অন্যতম পুৰণি উচ্চ ন্যায়ালয়।
-
বৃহৎ প্ৰবাল প্ৰাচীৰ
বৃহৎ প্ৰবাল প্ৰাচীৰ (Great Barrier Reef) হৈছে ২,৯০০ গাইগুটিয়া প্ৰবাল প্ৰাচীৰ আৰু ৯০০ দ্বীপেৰে গঠিত বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীৰৰ শৃংখল। এই শৃংখলটোৰ কালি প্ৰায় 344400 বৰ্গ কি.মি.। এই সাগৰ অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ প্ৰবাল সাগৰ (Coral Sea)-ত অৱস্থিত। বৃহৎ প্ৰবাল প্ৰাচীৰ মহাকাশৰ পৰাও দেখা পোৱা যায়।
-
ভীম ৰথ
ভীম ৰথ ভাৰতৰ তামিলনাডু ৰাজ্যৰ কাঞ্চীপুৰম জিলাৰ বংগ উপসাগৰৰ কৰ’মেণ্ডেল উপকূলৰ মহাবলীপুৰমত পঞ্চৰাথাছ কমপ্লেক্সত অৱস্থিত এক কীৰ্তিচিহ্ন। ই একক ভাৰতীয় শিল কাটি স্থাপত্যৰ উদাহৰণ।
-
ছেইণ্ট পিটাৰ্ছ বেছিলিকা
ছেণ্ট পিটাৰছ বেছিলিকা (St. Peter's Basilica) হ'ল ভেটিকান চিটিৰ আটাইতকৈ প্ৰখ্যাত গিৰ্জা। ৰোম মহানগৰীৰ ভিতৰতে ভেটিকান হ'ল এখন ক্ষুদ্ৰ স্বাধীন ৰাষ্ট্ৰ। ৰোমান কেথলিকসকলৰ প্ৰধান ধৰ্মগুৰু পোপে ইয়াত বাস কৰে আৰু তেৱেঁই ভেটিকানৰ প্ৰশাসনৰো মুৰবী।
-
দেশ অনুসৰি বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰৰ তালিকা
২০১২ চনলৈকে, সৰ্বমুঠ ৯৬২ খন এই বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ ১৫৭খন দেশব্যপী ("state parties") আছে। এই ৯৬২খন ক্ষেত্ৰৰ ভিতৰত, ৭৪৫খন "সাংষ্কৃতিক", ১৮৮খন "প্ৰাকৃতিক" বাকী ২৯খন মিশ্ৰ সম্পদ।
-
নকুল সহদেৱ ৰথ
নকুল সহদেৱ ৰথ ভাৰতৰ তামিলনাডু ৰাজ্যৰ কাঞ্চীপুৰম জিলাৰ বংগ উপসাগৰৰ ক’ৰ’মেণ্ডেল উপকূলৰ মহাবলীপুৰমত পঞ্চৰথ কমপ্লেক্সত অৱস্থিত এক কীৰ্তিচিহ্ন। ই একক ভাৰতীয় শিল কাটি স্থাপত্যৰ উদাহৰণ।
-
নটৰ-ডেমৰ কেথেড্ৰেল
নটৰ-ডামৰ কেথেড্ৰেল (Notre Dame de Paris) ফ্ৰান্সৰ ৰাজধানী পেৰিছত অৱস্থিত৷ স্থাপত্য শৈলীৰ উৎকৃষ্ট নিদৰ্শন বুলি ধৰা হয়৷ ১৯৯১ চনত ইউনেস্কৱে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰে৷ এই কেথেড্ৰেল পেৰিছৰ দ্ৰষ্টব্য স্থানবোৰৰ অন্যতম৷
-
পম্পেই
পম্পেই (/pɒmˈpeɪ(i)/ I; লেটিন ভাষাত: [pɔmˈpei̯.iː]) এখন প্ৰাচীন চহৰ আছিল যিখন বৰ্তমানৰ ইটালীৰ কেম্পেনিয়া অঞ্চলৰ নেপলছৰ ওচৰৰ পম্পেই পৌৰসভাত অৱস্থিত। ৭৯ খ্ৰীষ্টাব্দত মাউণ্ট ভেছুভিয়াছৰ উদগীৰণৰ ফলত হাৰকুলেনিয়াম, ষ্টেবিয়া আৰু ইয়াৰ আশে-পাশে থকা বহুতো ভিলাৰ লগতে পম্পেই চহৰখন ৪ৰ পৰা ৬ মিটাৰ (১৩ৰ পৰা…
-
প্ৰতাপগড়
প্ৰতাপগড় হৈছে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ সতৰা জিলাত অৱস্থিত এটা পাহাৰীয়া দুৰ্গ। মহাবলেশ্বৰ পাহাৰীয়া ষ্টেচনৰ পৰা ২৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই দুৰ্গটো। দুৰ্গটো এতিয়া পৰ্যটনস্থলী হৈ পৰিছে।
-
মেহৰগড়
মেহৰগড় ( Mehrgarh) পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্ছি সমভূমিত অৱস্থিত নৱপ্ৰস্তৰ যুগৰ (৭০০০-২৫০০/২০০০ খ্ৰীষ্টপূৰ্ব) এক আবাসিক ক্ষেত্ৰ। সিন্ধু নদীৰ উপত্যকা অঞ্চলৰ পশ্চিম অংশ আৰু বৰ্তমানৰ পাকিস্তানৰ ব’লান পাছৰ কাষতেই মেহৰগড় অৱস্থিত।
-
ৰায়গড় দুৰ্গ
ৰায়গড় দুৰ্গ ভাৰতৰ মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মহাদ চহৰত অৱস্থিত এটা পাহাৰীয়া দুৰ্গ। ই ডেকান মালভূমিৰ অন্যতম শক্তিশালী দুৰ্গ আৰু ঐতিহাসিকভাৱে ইয়াক ৰাইৰী বা ৰেইৰী দুৰ্গ বুলি কোৱা হৈছিল।
-
আমেৰ দুৰ্গ
আমেৰ দুৰ্গ বা আম্বৰ দুৰ্গ ভাৰতৰ ৰাজস্থানৰ আমেৰত অৱস্থিত এটা দুৰ্গ। আমেৰ হৈছে ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ১১ কিলোমিটাৰ (৬.৮ মাইল) দূৰত্বত অৱস্থিত ৪ বৰ্গ কিলোমিটাৰ (১.৫ বৰ্গমাইল)। পাহাৰৰ ওপৰত অৱস্থিত এইখন জয়পুৰৰ এক প্ৰধান পৰ্যটনস্থলী। আমেৰ দুৰ্গ কলাত্মক শৈলীৰ উপাদানৰ বাবে জনাজাত।
-
আৰ্দাশিৰ প্ৰাসাদ
আৰ্দাশিৰ প্ৰাসাদ (Palace of Ardashir) (পাৰ্চী: آتشکده, আক্ষৰিক অৰ্থত 'অগ্নি মন্দিৰ') নামেৰেও জনাজাত। এই মহল পৰ্বতৰ ঢালত অৱস্থিত এটা প্ৰাসাদ, যাৰ ওপৰত কালেহ ডখতাৰ অৱস্থিত।
-
ঐতিহাসিক চহৰ আহমদাবাদ
ঐতিহাসিক চহৰ আহমদাবাদ বা পুৰণি আহমেদাবাদ ভাৰতৰ এখন দেৱালযুক্ত চহৰ, ১৪১১ চনত গুজৰাট চুলতানীৰ প্ৰথম আহমদ শ্বাহে প্ৰতিষ্ঠা কৰিছিল। ই ছয় শতিকাজুৰি গুজৰাট ৰাজ্যৰ ৰাজধানী হিচাপে কাম কৰি পিছলৈ গুজৰাটৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু বাণিজ্যিক কেন্দ্ৰত পৰিণত হয়।
-
কুৱেইট টাৱাৰ
কুৱেইট টাৱাৰ ( Kuwait Towers) হৈছে কুৱেইট চহৰৰ তিনিটা পাতল টাৱাৰৰ এটা গোট, যিবোৰ পাৰ্চী উপসাগৰত প্ৰৱেশ কৰা এটা প্ৰমণ্টৰীত থিয় হৈ আছে। ৩৪টা টাৱাৰ (পানীৰ বাবে ৩৩টা আৰু সঁজুলিৰ বাবে এটা) থকা বৃহত্তৰ কুৱেইট ৱাটাৰ টাৱাৰ গোটৰ ষষ্ঠ আৰু অন্তিমটো আছিল, আৰু আন পাঁচটা গোটৰ পৰা যথেষ্ট পৃথক শৈলীত নিৰ্মাণ কৰা…
-
খাণ্ডেৰী দ্বীপ
খাণ্ডেৰী ভাৰতৰ মহাৰাষ্ট্ৰৰ উপকূলৰ কাষত মুম্বাইৰ দক্ষিণে অৱস্থিত এটা দুৰ্গ থকা দ্বীপ।
-
গনবাদ-ই কাবুছ (মিনাৰ)
গনবাদ-ই কাবুছ বা গনবাদ-ই কাবুছ মিনাৰ (Gonbad-e Qabus (tower)) (পাৰ্চী ভাষাত: برج گنبد قابوس ) ইৰাণৰ গনবাদ-ই কাবুছ চহৰৰ এটা কীৰ্তিচিহ্ন। ২০১২ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত সন্নিৱিষ্ট কৰা হৈছিল। ইয়াত জিৰিদ শাসক কাবুছ (ৰ. ৯৭৮–১০১২)ৰ সমাধিস্থল। তেওঁৰ জীৱনকালত ১০০৬/৭ চনত নিৰ্মাণ কৰা হৈছিল।